সমললৈ যাওক

পৃষ্ঠা:ৰত্নমণি.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
সপ্তম অধ্যায়।

দেহ আৰু জগতৰ কৰ্ম্মাদি ৰূপ ৰস ভোগ কৰি সেই বীজাঙ্কুৰ বদ্ধিত হই কালত ফলবান হয়। মৌৰ বাহলৈ যেনেকৈ বিবিধ মিষ্টৰস বিলাকে গতি কৰে, নাৰিকল ইত্যাদি বৃক্ষফল বিলাকৰ ভিতৰলৈ প্ৰিথিবীৰ সুৰস বিলাকে যেনেকৈ গতিকৰে, সেই দৰে সাধক পুৰুষৰ ওচৰলৈকো জগতৰ সুভ বিলাকে গতি কৰি থাকে। এই কাৰণেই কোৱা গৈছে; যি যাক ধীয়াই সি তাক পাই, অৰ্থাৎ যি যালৈ একান্ত ইচ্ছা কৰি সাধনা কৰিব সি তাক অবশ্যে পাব, এইয়ে যোগৰ মুখ্য যুক্তি।

স্বৰ্ণোৎপত্তিৰ যুক্তি।

 অগ্নিয়েই সোণৰ বীজ; যিহেতুক অগ্নি সকলো বস্তুৰে পাক আৰু পৰিশুদ্ধ কাৰি, এবং ৰস গ্ৰাহি। যি যি বস্তুৰ ৰস. একত্ৰ মিহলি হলে পৰস্পৰ ৰূপান্তৰ হুব পাৰে, বা তাৰ পৰা সুবৰ্ণাদি আন আন ধাতু উৎপন্ন হুব পাৰে, অগ্নি দ্বাৰা সেয়ে সম্পাদিত হয়, এই কাৰণেই অগ্নিক সোণৰ জনক বুলিব পাৰি। উক্ত প্ৰকাৰে ক্ৰিয়া বা দ্ৰব্য সংযোগত তাম্ৰাদি ধাতুৰে সোণ প্ৰস্তুত হোৱাও একো অসম্ভৱ জনক নহয়। কিন্তু এই কাৰ্য্য সাধু লোক ভিন্ন অন্যৰ দ্বাৰায় সিদ্ধিহোৱাৰ প্ৰমাণ প্ৰায় পোৱা নাযায়। অগ্নি যেনে পবিত্ৰ, সাধু লোক সকলো তেনে পবিত্ৰ, এনেকুৱা সাধক বা শুচি মানুহৰ উদ্যোগতে অগ্নিৰ সাহায্যত অন্য ধাতু (তাম্ৰাদি) সোণ হুব পাৰে সম্ভৱ। শ্ৰীখ্ৰীষ্টৰ ইচ্ছাত এডুখৰি পিঠা যেনেকৈ বহুলোকৰ ক্ষুধা নিবাৰক আৰু তৃপ্তি সাধক হইছিল, দেবী দ্ৰোপদীৰ সিদ্ধ শাক কণাৰ দ্বাৰায় যেনেকৈ বহু সংখক ছাত্ৰে সহিতে দুৰ্ব্বাসা