পৃষ্ঠা:ৰত্নমণি.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
ৰত্নমণি।

লঘু। বায়বী মৃদু, স্থুল। গাগনী কোমল, লঘু। আপ্যা স্নিগ্ধ, ভৃশ, শুক্ল। এই মুক্তা মহৎ ব্যক্তিৰ উপভোগ্য, অতি শোভন। ই-স্থান বিশেষত হে জন্মে, সকলো ঠাইতে নহয়। কোনোৱে বহুপুণ্যৰ ফলেৰে এই মুক্তা লাভ কৰিলে বেদমন্ত্ৰেৰে তাক ৰক্ষা কৰিব লাগে। ইয়াক ধাৰণ কৰিলে ব্যাধি নাশ হয়। ইয়াৰ ভিতৰত হৰিচ্ছেত মুক্তা অনুত্তম।

গজমুক্ত।

  গজমুক্তা হাতিৰ মুডত জন্মে। যি বিলাক হাতি বিশুদ্ধ বংশজাত আৰু প্ৰধান তাৰে কুম্ভ দেশত এই মক্তা উৎপন্ন হয়। এই মুক্তা ঈষত পীতবৰ্ণ, এবং আভা বিহীন, বৃত্তাকাৰ। মৌক্তিক হস্তী জাতি ভেদে চাৰিবিধ : তাতে চাৰি বিধ্‌ মুক্তাৰ জন্ম হয়। পীত, শুক্ল-ব্ৰাহ্মণ। পীত, ৰক্ত-ক্ষত্ৰিয়। পীত, শ্যাম- বৈশ্য। পীত, নীল-শূদ্ৰ। কম্বোজ হস্তীৰ কু্ম্ভ সম্ভূত মুক্তা ধাত্ৰী ফল নিভ গধুৰ। হস্তী জাতীয় মুক্তাৰ ছায়াঁ অতি পিঞ্জৰ বৰ্ণা এবং তাৰ কীৰণ নন্দ। যি মুক্তাৰ বৰ্ণ পাটল, নি অনৃত্তম মুক্তা।

মেঘ জাত মূক্তা।

  ধাৰা ধ (মেঘ) জাত মুক্তা জল বিন্দুৰ লগত জন্মে। ইয়াৰ আকাৰ কুকুৰা কণিৰ নিচিনা ঘুৰনিয়া। ই-মনুষ্যৰ অতি দুৰ্লভ, ইয়াক দেৱতা সকলে আকাশৰে পৰা হৰণ কৰে। এই মুক্তা দেৱ যোগ্য, অমানুষিক, নিবিড়, গুৰু, ঘনজ, ভানু সঙ্কাশ। ইয়াৰ প্ৰভাৰে দিগ্‌ বিদিগ পোহৰ হই থাকে, অতিকষ্টে হে তালৈ চোৱা যাব পাৰে। হুতাশন, শশি, নক্ষত্ৰ, সকলোবিলাকৰ পোহৰ আঁতৰ কৰি ই-প্ৰকাশ পায়। যেনেকৈ