পৃষ্ঠা:ৰত্নমণি.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
ষষ্ঠ অধ্যায়।

অতিলোহিত বৰ্ণ হয় তেন্তে সেই বিদ্ৰুম মণি সৰ্ব্ব প্ৰধান হয়। যি বিদ্ৰুম প্ৰসন্ন, কোমলস্পৰ্শ, স্নিগ্ধ, আৰু প্ৰগাঢ় ৰক্তবৰ্ণ, শুঙ্গ, দৃঢ়, ঘন, বৃত্ত, সম, গুৰু, শিৰাহীন, তাৰ ধাৰণত শুভ এবং ধন ধান্যাদি লাভ হই থাকে, এবং শত্ৰু বিনাশ হয়।

বিদ্ৰুমৰ প্ৰাকৃতিক এবং দৈশিক দোষ।

 গৌৰ, জলাক্ৰান্ত, বক্ৰ, সূক্ষ্ম, সকোটৰ, কৃষ্ণ, ৰুক্ষ্ম, লঘু, শ্বেত, এই বিলাক প্ৰবাল অশুভ দায়ক। এই প্ৰবাল সদা বৰ্জ্জনীয়। পৰন্তু কাক পদবত্‌ বিন্দু এবং ৰেখাযুক্ত বজ্ৰ যেনেকৈ দোষী, পোৱালো তেনেকুৱা হলে দোষী হয়। ৰেখা, যশ-লক্ষ্মী নাশক। আবৰ্ত্ত, কুলনাশক। পট্টল-ৰোগজনক। বিন্দু—ধন নাশক। ত্ৰাস—ত্ৰাস জনক। নিলিকা-মৃতুকাৰিনী। হিমাদ্ৰি জাত পোৱালৰ তেজ অতি নিষ্ঠুৰ। তৎলিপ্ত নিম্বকল্ক অতি মধুৰ, তাৰ ধাৰণত বিষৰোগ সাম্য হয়।

পোৱালৰ আকৃতি আৰু জাতি।

 প্ৰবাল ৰক্তবৰ্ণ, বৰ্ত্তুলাকাৰ। জাতি ভেদে ই-চাৰিপ্ৰকাৰ হয়, যথা—প্ৰথম বিধ বিপ্ৰজাতি; ই অৰুণ, “ৰঙ্গা” শহা বৰণিয়া, কোমল, স্নিগ্ধ, সুখ বেধ্য, এবং মনোৰম। দ্বিতীয়, ক্ষত্ৰিয় জাতি; ই-সিন্দুৰ এবং জৱা-বন্ধুক-দাড়িম্ব কুসুম প্ৰভ, কঠিন, দুৰ্ব্বেধ্য, আৰু অস্নিগ্ধ। তৃতীয় বশ্য জাতি; ই-পলাসপুষ্প আৰু পাটল সদৃশ স্নিগ্ধ, বৰ্ণাঢ্য, মন্দ কান্তিভ। চতুৰ্থ, শূদ্ৰজাতি; ৰক্তোৎপল দলাকাৰ, কঠিন, অচিৰ দ্যুতি, বায়ু বেধ্য।