পৃষ্ঠা:ৰত্নমণি.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
ৰত্নমণি।

গৌৰ বৰ্ণক কেঁচা সোণৰ তুলনাৰে প্ৰশংসা কৰে। এই সোণ প্ৰথমে ৰস যুক্ত থাকে, আউটিলেও আঘাত নসহে, ভাগে। পাছত লৱনাদি পাচক বস্তু মিহলাই দুই একবাৰ জ্বাল দিলে ৰস পাক প্ৰাপ্ত হয়, তেতিয়া উক্ত সোণ সৰ্ব্ব কম্মোপযোগী হয়।

কেঁচা সোণৰ গুণ।

 কেঁচা সোণৰ গুণ আনত্‌কৈ কিছু বেলেগ আছেনে নাই তাক একো; জানিব পৰা নাই; কিন্তু দেশীয় অনেক মানুহে ঔষধৰ আবশ্যকতাত তাক বিচাৰে। ঘৰত কেঁচা সোণ থাকিলে এড়ি মুগা বাঢ়েবুলি কোনো কোনোৱে কয়।

শুদ্ধ সুবৰ্ণৰ লক্ষণ।

 যি সোণ্‌ পোড়ালে ৰক্তবৰ্ণ, কাটিলে শ্বেতবৰ্ণ, আৰু নিষেকত কুঙ্কুমৰ নিচিনা দেখা যায়, যি সোণ স্নিগ্ধ, বোমল, নিৰ্ম্মল, তাম্ৰ বৰ্জ্জিত আৰু গধুৰ, সেয়ে উৎকৃষ্ট সোণ।

অধম সোণৰ লক্ষণ।

 যি সোণ শ্বেত, কঠিন, ৰুক্ষ, বিবৰ্ণ, লঘু, সমল, আৰু যাত খাদ থাকে এবং যাক কাটিলে বা পোড়ালে বা ঘঁহিলে, বগা হয়, বা পিটিলে ভাগিযায়, সি নৰম (অধম) সোণ। এই সোণ পৰিত্যাগৰ যোগ্য।

বিবিধ অধম সোণৰ লক্ষণাদি।

 অধম সোণ কেইবা বিধো দেখিবলৈ পোৱা যায়; এক শুদ্ধ সুবৰ্ণয়ে অন্যান্য ধাতু ভাঁজ খাই অধমত্ব প্ৰাপ্ত হয়। যাত্‌ ৰূপ মিহলি হয় সি পৰিমাণে বগা, যাত্‌ তাম মিহলি হয় সি ৰঙ্গা, যাত পিত্তল মি হলি হয় সি হালধিয়া। দোষমুক্ত ৰূপ