পৃষ্ঠা:ৰত্নমণি.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
চতুৰ্থ অধ্যায়।

বৰ্ণে বিভক্ত। ৰুধিৰবৰ্ণ, চন্দ্ৰপ্ৰভ, মধুসম বৰ্ণ বিশিষ্ট, ঈয- ত্তাম্ৰবৰ্ণ, পীতাভ, অগ্নিৰ ন্যায় সমুজ্জ্বল, নীনবৰ্ণ আরু শ্বেতবৰ্ণ। এই মণি যদি পরুষ ভিন্ন অথবা বিদ্ধ হয় তেনে হলে ইয়াৰ দীপ্তি না থাকে। যি কৰ্কেতণ মণি স্নিগ্ধ, স্বচ্ছ, সমান বৰ্ণ, ঈষত পীতাভ, গুরু বিচিত্ৰ এবং ত্ৰাস, ব্ৰণ আরু ব্যাল প্ৰভৃতি মণি দোষ বিহীন, সেই কৰ্কেতন মণি প্ৰশস্ত আরু পবিত্ৰ। কৰ্কেতন মণি সুবৰ্ণ পাত্ৰেৰে বেষ্টিত কৰি অগ্নিত প্ৰতপ্ত কৰিলে তাৰ ঔজ্জ্বল্য বৃদ্ধি পায়। এই মণি ধাৰণ কৰিলে ৰোগ বিনাশ হয়, কলি দোষ শান্তি হয়, আয়ুঃ বৃদ্ধি হয়, কুল ৰক্ষা হয় এবং সৰ্ব্ব প্ৰকাৰ সুখ সম্পত্তি বৃদ্ধি পায়। এনেকুৱা বহুগুণ সমন্বিত কৰ্কেতন মণি ধাৰণ কৰি যি বিলাকে শৰীৰ অলঙ্কৃত কৰে, সি বিলাকে ধৰণী তলত সৰ্ব্ব জনৰ পূজ্য হই ধন ধান্যাদি বহু ৰত্নশালী হয়, এবং বন্ধু বান্ধৱেৰে পৰিবৃত হই নিত্যোৎসৱ আরু সন্তুষ্টচিত্তে কাল অতিবাহিত কৰে। আন কতো মণি আছে, সিহঁতো কৰ্কেতন মণিৰ সদৃশ; কিন্তু সেই বিলাকৰ বৰণ কৰ্কেতনৰ নিচিনা সমুজ্জ্বল নহয়, পৰন্তু সেই সকল মণি দীপ্তি, পুষ্টি, আরু বৰ্ণ বিহীন এবং মলীন আরু বিরূপ। পৰীক্ষিত কৰ্কেতন মণি মধ্যাহ্ন কালীন সূৰ্যেৰ ন্যায় সমুজ্জ্বল। মণি শাস্ত্ৰ পাৰদৰ্শী পণ্ডিতে উত্তম কৰ্কেতন মণিৰ মাহাত্মা দেখি পৰিমাণ কৰি মূল্য নিিরূপিত কৰিব।

ভীষ্মক মণি।

হিমালয় পৰ্বতৰ উত্তৰ প্ৰদেশত সুৰাৰি বলে অসুৰৰ বীৰ্য্য পতিত হইছিল, এই জন্য সেই স্থানত ভীষ্মক নামক উত্তম