মহামণিৰ আকৰ হল। সেই আকৰত শঙ্খ আৰু শ্বেত পদ্মৰ নিচিনা শুক্লবৰ্ণ এবং তৰুণাদিত্যৰ ন্যায় প্ৰভা সম্পন্ন ভীষ্মক মণি প্ৰাদুৰ্ভূত হবলৈ ধৰিলে। যি মানুহে সুবৰ্ণাদিৰে সম্বন্ধ কৰি বিশুদ্ধ ভীষ্মক মণিক শ্ৰদ্ধাৰে সইতে কণ্ঠত ধাৰণ কৰে সি সৰ্ব্ব সম্পত্তি লাভ কৰে, আরু তাক দেখি হাবিত পকা (বনৰিয়া) দ্বীপি, বৃক, ৰসভ, হস্তী, সিংহ, ব্যাঘ্ৰ প্ৰভৃতি হিংস্ৰ জন্তুগণ তৎক্ষণাৎ পলায়ন কৰে। ভীষ্মক মণিক আঙ্গুলীৰ ৰত্নৰূপে ধাৰণ কৰিলে তাৰ কোনৰূপ হিংস্ৰ জন্তুৰ ভয় না থাকে। আৰু এই মণি হাতত ধাৰণ কৰি পিতৃতৰ্পণ কৰিলে স্পিৎ লোকৰ বহু বাৰ্ষিকী তৃপ্তি হই থাকে, এবং এই মণি ধাৰণৰ বলত সৰ্ব্ব প্ৰকাৰ ভৌতিক উপদ্ৰৱ শাস্তি হয়, সৰ্প। প্ৰভৃতি অণ্ডজ জন্তু এবং ইন্দুৰ আৰু বৃশ্চিক বিষ নিবাৰণ হই থাকে, সলিল, তস্কৰ, শত্ৰু প্ৰভৃতিৰ ভয়ও বিদূৰিত হয়। যি ভীষ্মক মণি শেৱালী আৰু মেঘৰ নিচিনা বৰ্ণ সমন্বিত, পৰুষ পীতবৰ্ণ, প্ৰভাহীণ, মলিন অথবা বিবৰ্ণ, সেই ভীষ্মক প্ৰাজ্ঞ ব্যক্তীয়ে দূৰৰে পৰা পৰিবৰ্জন কৰিব। পণ্ডিৎগণে দেশ কাল ভেদে এই সকল মণিৰ মূল্য নিৰূপন কৰিব। আকৰ দূৰ- বৰ্তী স্থানত মূল্যৰ আধিক্য এবং নিকটস্থ দেশত অল্পতা হই থাকে।
পুণ্য পৰ্ব্বত, পবিত্ৰ নদী প্ৰভৃতি উত্তৰ দিগ্বৰ্ত্তী বিখ্যাত প্ৰদেশত, সৰ্পগণ দানৱাধিপতি বলে। অসুৰৰ নখ সকল স্থাপন কৰিছিল। যি যি ঠাইত দানৱাধীশৰ নখ পতিত