পৃষ্ঠা:ৰত্নমণি.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
ৰত্নমণি।

জাত মুক্তাৰো বীজহল। সেই দন্তাৱলী স্বৰ্গভ্ৰষ্ট নক্ষত্ৰ মালাৰ ন্যায় সমুদ্ৰৰ বিচিত্ৰ বৰ্ণ জলত পতিত হইছিল, তাতে মণি তুল্য প্ৰভাৰাশি বিশিষ্ট সমুদ্ৰৰ জলত সম্পূৰ্ণ চন্দ্ৰৰ কিৰণ জালৰ নিচিনাকৈ পূৰ্ব্বে যিসকল মণি জ্বলি আছিল; সেই সকলোৱে সহিতে এই দন্তাৱলী শুক্তি প্ৰভৱ মণিৰ কাৰণ হল। সমুদ্ৰৰ যি ভাগৰ জলত সেই মুক্তামণি আৰু ৰত্নাদিৰ কাৰণী ভূত বলো অসুৰৰ দন্তাৱলী পতিত হইছিল সেই ভাগস্থ জল শুক্তিৰ মাঝত প্ৰবেশ কৰি মুক্তাৰ বীজ স্বৰূপ হল। শুক্তি কোন জল জন্তু অৰ্থাৎ শামুক বিশেষ।

আকৰ।

 সিংহল, পাৰলোক, সৌৰাষ্ট্ৰ, তাম্ৰপৰ্ণ, পৰাশৰ, কৌবেৰ, পাণ্ড্য, হাটক (হেম, বিৰাট), এই অষ্ট দেশেই মুক্তাৰ আকৰ। এই সকল দেশৰ নিকটস্থ নদীত্ মুক্তা উৎপন্ন হয়। পুণ্ড, বৰ্দ্ধন, পাৰসীক, পাতাল লোক, আৰু সিংহল, এই সকল ঠাইত যি মুক্তা উৎপন্ন হয় সি প্ৰমাণ, আকৃতি, গুণ, প্ৰভাৱে অন্যান্য শুক্তিজ্ঞাত মুক্তাৎকৈ নিকৃষ্ট নহয়। মুক্তাৰ আকৰ জাত দোষ গুণৰ বিচাৰ কৰিবৰ আবশ্যক নাই; কেৱল তাৰৰূপ আৰু প্ৰমান কেহে যত্নৰ সইতে ভালকৈ চাব লাগে। মুক্তাৰ আকৰ লই দোষগুণৰ কোন ব্যৱস্থানাই; সকলো আকৰতে সকলে। প্ৰকাৰ মুক্তা জন্মি থাকে।

স্থান ভেদে মুক্তাৰ প্ৰকাৰ।

 মেঘজ মুক্তা-জল বিম্বুৰ ন্যায়। শুক্তিজাত মুক্তা-শীৰ্ণ আৰু নিৰ্ম্মল। সিংহলোদ্ভৱ মুক্তা-মধ্যনুক্ষ্ম, স্থুল, বিন্দু প্ৰমান, সুস্নিগ্ধ