২৩। পিঞ্জৰ, ২৪। দ্ৰবিন, ২৫। গৈৰিক, ২৬। ৰুক্ম, ২৭। চাম্পেয়, ২৮। ভৰু, ২৯। চন্দ্ৰ, ৩০। অভ্ৰক, ৩১। অগ্নিবীজ, ৩২। লোহবৰ, ৩৩। উৰ্দ্ধসাৰুক, ৩০। স্পৰ্শমণি, ৩৫। প্ৰভৱ, ৩৬। মুখ্যধাতু, ৩৭। উজ্জ্বল, ৩৮। কল্যান, ৩৯। মনোহৰ, ৪০। অগ্নিবীৰ্য্য, ৪১। অগ্নি, ৪২। ভাস্কৰ, ৪৩। পিঞ্জাল, ৪৪। অপিঞ্জৰ, ৪৫। তেজ, ৪৬। দীপ্ত, ৪৭। অগ্নিভ, ৪৮। দীপ্তক, ৪৯। মঙ্গল্য, ৫০। সৌঞ্জক, ৫১। ভৃঙ্গাৰ, ৫২। জাঘৱ ৫৩। আগ্নেয়, ৫৪। নিষ্ক, ৫৫। অগ্নিসিখ, ৫৬। অয়, ৫৭। পেশ, ৫৮। কৃশন, ৫৯। লোহ, ৬০। অমৃত, ৬১। মৰুৎ, ৬২। দত্ৰ, ৬৩। ৰেতঃ, ৬৪। অকুপ্য, ৬৫। ৰজত, ৬৮। ধন, ৬৭। সোণ ৬৮। সোণা। এই বিলাক কে সোণৰ নাম বুলি জানিব পৰা গৈছে।
শুদ্ধ সুবৰ্ণৰ উৎপত্তি।
অগ্নিৰ ৰেত সেই সুবৰ্ণ। পূৰ্ব্বকালত মৰীচ্যাদি সপ্ত ঋষিৰ আশ্ৰমত সিবিলাকৰ পত্নী বিলাকৰ ৰূপ লাৱণ্যাদি দেখি অগ্নি দেৱৰ ৰেতঙ্খলন হই প্ৰিথিবীত পৰিছিল, সেয়ে সুবৰ্ণ ৰূপে পৰিনত হল, এইয়ে শুদ্ধ সুবৰ্ণ। পাৰদ্যদি দ্ৰব্য সংযোগত কৃত্ৰিম সুবৰ্ণও উৎপত্তি হয়, কিন্তু সি বিশুদ্ধ সুবৰ্ণ নহয়। ভাগৱতে কোন জাম্বুৰসেৰেও হিমালয়ৰ ওপৰত্ সোণ হয় বুলিকয়।
কৃত্ৰিম সোণ প্ৰস্তুত।
হালধিয়া ধুতৰাৰ ফুল আৰু সীহ প্ৰত্যেক ৮ টকাকৈ লই আকনাদি আৰু লাঙ্গলীয়াৰ ৰসদি মৰ্দ্দন কৰি বিধি পূৰ্ব্বক অগ্নিত দগ্ধ কৰিলে সোণ হুব।