পৃষ্ঠা:ৰত্নমণি.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হীৰাৰ জন্মস্থান।

  পৃথিবীৰ যিযি প্ৰদেশত ইন্দ্ৰ বিজয়ী বলো অসুৰৰ অস্থিকণা পতিত হইছিল সেই সকল স্থানতে বিবিধ বৰ্ণ হীৰাৰ উৎপত্তি হয়। হিমালয়, মাতঙ্গ, সুৰাষ্ট্ৰ, পুণ্ড, কলিঙ্গ, কোশল, বেন্বাতট, শৌবীৰ দেশ, এই অষ্ট স্থানেই হীৰাৰ আকৰ।

মতান্তৰে জন্মস্থান।

  আধুনিক পণ্ডিত সকলে কয় যে, ভাৰতবৰ্ষ, ব্ৰাজিল, বোণিয়ো দ্বীপ ভিন্ন অন্য দেশত হীৰাৰ আকৰ নাই, ভাৰতবৰ্ষৰ ভিতৰত গোলকুণ্ডা, বিজয় পুৰ, বুণ্ডেল খণ্ড আৰু কৃষ্ণা নদীৰ উপকুল এই বিলাক ঠাইতে অধিক পৰিমাণে হীৰা পোৱা যায়।

হীৰাৰ নাম।

  নানা পুথিত্‌, ৰত্ন, হীৰা, বজ্ৰ, এই এই নাম পৰ্য্যায়ত তত্তৎ নাম বহু প্ৰকাৰ দেখিবলৈ পোৱা যায়, তাৰ মাজৰে ইন্দ্ৰ বজ্ৰ পৰ্য্যায়ক এড়িদি অন্য খিনি নাম ইয়াত লেখা হল, সি এই, — হীৰা, হীৰক, বজ্ৰ, চন্দ্ৰ, মণিবৰ, সুচি মুখ, দধ্যস্থি, বজ্ৰক, ৰত্ন মুখ্য; বৰাৰক, বিরাটজ, ৰাজপট্ট, ৰাজাবৰ্ত্ত, ইন্দ্ৰায়ুধ, ভিদুৰ, কুলিশ, পবি, অভেদ্য, অশিৰ, ৰত্ন, দৃঢ়, ভাৰ্গক, যট কোন, বহুবাৰ, শতকোটী।

বৰ্ণ।

  হিম গিৰিজাত হীৰা ঈষত তাম্ৰবৰ্ণ, বেন্বাতটীয় হীৰা শশিপ্ৰভ, শোবিৰীয় হীৰা নীল পদ্ম আরু মেঘবৎ আভা সম্পন্ন,