পৃষ্ঠা:ৰত্নমণি.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
ৰত্ন মণি।

তৈলাদি স্নেহ দ্ৰব্যেৰে মাৰ্জন কৰিলে প্ৰদীপ্ত এবং ঘৰ্ষণ কৰিলে দীপ্তিহীন হয়, যি মণি তলে ওপৰে দুই আঙ্গুলি দি ধৰিলে দাঁতিফাল (পাৰ্শ্বদেশ) কৃষ্ণবৰ্ণ হয়, যি মণি প্ৰাপ্ত মাত্ৰ উৰ্দ্ধে ক্ষেপণ কৰিলে সৰ্ব্ব বৰ্ণ বিশিষ্টতা পায়, যি যি মণি এক জাতীয় তুল্য পৰিমাণ এবং গধুৰেও সমান, পণ্ডিত সকলে সেই মণি পাই তাৰ আকৰ জাত দোষ গুণ বিবেচনাকৈ পৰীক্ষা কৰিব। মণিত সন্দেহ না ভাগিলে তৎ জাতীয় অন্য মণি আনি আকে তাকে (পৰম্পৰ) ঘৰ্ষন কৰিব। ৰজ্ৰ কিম্বা কুৰু বিন্দ মণিত অন্য মণিৰে লেখণ হয়, কিন্তু পদ্মরাগ আৰু ইন্দ্ৰনীল মণিত আন মণিৰে লেখণ ন হয়। এক জাতীয় মণি সকলোৱেই সমান, কেতিয়াও সিহঁতৰ একো বৈজাত্য দৃষ্টি ন হয়, তথাপি পৃথক পৃথক নাম কৰিবলৈ সিহঁতৰ প্ৰকাৰ ভেদ কথিত আছে। গুণ সম্পন্ন মণিৰ লগত গুণ হীন আৰু বিজাতীয় মণি ধাৰণ ন কৰিব। বিদ্বান ব্যক্তিয়ে কি কেতিয়া বাও মণিৰাজ কৌস্তুভৰ লগত আন কোন বিজাতীয় আৰু বিগুণ মণি ধাৰণ কৰি থাকে? যেনেকৈ এক চণ্ডাল সংসৰ্গত অনেক ব্ৰাহ্মণ পতিত হয়, তেনেকৈ এটা বিজাতীয় আৰু বিগুণ মণিয়ে অনেক উৎকৃষ্ট মণিৰ গৌৰব বিনাশ কৰে। যি মানুহে পদ্মৰাগ মণি ধাৰণ কৰে, সি যদি অনেক শত্ৰুৰ মাঝতো থাকে বা কোন শঙ্কটতো পৰে, তথাপি তাক কোনৰূপ বিপদে স্পৰ্শ কৰিব নোৱাৰে। যি ব্যক্তীৱে যত্নপূৰ্ব্বক সুলক্ষণান্বিত সমুজ্বল পৰাগ মণি যত্নপূৰ্ব্বক ধাৰণ কৰে, দোষ আৰু উপসৰ্গ প্ৰভৱ উপদ্ৰৱে তাৰ কোন বাধা জন্মাব নোৱাৰে। যেনেকৈ চাউলেৰে যুখিগ ধুৰৰ দৰে হীৰাৰ পৰি মূল্য নিৰ্ণয় কৰিব