পৃষ্ঠা:ৰত্নমণি.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
ৰত্ন মণি।

দবেই ধাতু বিলাকে দ্ৰব্য আরু ক্ৰিয়া সংযোগত ৰূপান্তৰ আরু জাত্যান্তৰত্ব প্ৰাপ্ত হয়; যথা ৰাঙ্গে-রূপ তামে-সোন, ইত্যাদি। প্ৰকৃতিদেবীৰ গৰ্ভত সকলো গুণেই আছে, তাৰ ভিতৰত একে আৰ হোৱা একো বিচিত্ৰ ন হয়। দেশ কাল কম্মাদিৰ তাৰতম্যয়ে যাৱতীয় বিষয় সৃষ্টি স্থিতি লয়ৰ কাৰণ।

⸻⸻

তৃতীয় অধ্যায়।

হীৰাৰ বিবৰণ

হীৰাৰ মহাৰত্ন।

  “ৰত্ন” নামৰ ভিতৰত যত বিলাক বস্তু আছে, তাৰ মাঝত হীৰায়ে সকলোৎকৈ প্ৰধান! পুৰান ভাগৱতে সত্ৰাজিতে সুৰ্য্যৰ পঘা পোৱা বুলি অসীম গুণসম্পন্ন সূৰ্য্য সদৃশ তেজধৰ শমান্ত নামে যি মহামণিৰ কথা কৈছে সি হীৰা মাত্ৰ। কহিনুৰ নামে সি এটা মণি শ্ৰীশ্ৰীমতী ভাৰতেশ্বৰীৰ মুকুটত আছে যাৰ মূল্য সাৰ্দ্ধ তিন কোটী টকাতকৈও অধিক সিও হীৰা, এবং পৰ্টুগালৰ ৰজাৰ ঘৰত থকা এখান পাথৰ যাৰ মূল্য ছয়কোটী বুলি কয় সিও সেই হীৰা। হীৰা মহাৰত্ন; কোনো কোনোৱে এই হীৰাক সূৰ্য্য কলা বুলিও কল্পনা কৰে। বৰ্তমান অব্দৰ আঠ জৈষ্টৰ সহচৰ নামক সংবাদ পত্ৰত, দেখা পোৱা গৈছে; পাৰিশৰ এজন ৰাসায়নিক পণ্ডিতে কৈছে যে হীৰাৰ সূৰ্য্য কিৰণ ধাৰণৰ ক্ষমতা আছে।