পৃষ্ঠা:ৰত্নমণি.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
রত্ন মণি।

যুক্ত হীৰা ইচ্ছা কৰিলে ৰাজাই ধাৰণ কৰিব পাৰে, কিন্তু অন্য বৰ্ণৰ তাত্‌ অধিকাৰ নাই। ইয়াৰ তাৎপৰ্য্য এই যে, ৰাজ তেজে সকলো বৰ্ণৰ তেজকে নিষ্প্ৰভ বা হৰণ কৰে; এই কাৰণে এই বিলাক উগ্ৰ তেজা মণি ৰাজাৰেই ধাৰণ যোগ্য। যি ৰাজাই বিদ্যুতৰ নিচিনা সমুজ্বল আৰু সুলক্ষনান্বিত হীৰা ধাৰণ কৰে তেঁও স্বীয় প্ৰতাপেৰে শত্ৰু বিলাকক দমন কৰি আৰু সামন্তগণক বশবৰ্ত্তী কৰি সসাগৰা ধৰা ভোগ কৰিব পাৰে।

ধাৰণৰ অযোগ্য হীৰা।

  হীৰাৰ মাত্ৰা বিভাগানুসাৰে ধাৰণৰ ব্যৱস্থা হুব নোৱাৰে, কেৱল তাৰ দোষ গুণৰ বিচাৰানুসাৰেহে ধাৰণৰ কল্পনা হুব পাৰে। গুণসম্পন্ন হীৰাই সৰ্ব্ব সম্পত প্ৰদান কৰে, আৰু দুষ্ট হীৰা দুঃখৰ কাৰণ হয়। যি হীৰাৰ পূৰ্ব্বাপৰ ভাগ বৃত্তাকাৰ আৰু নানা বৰ্ণ বিশিষ্ট সি ইন্দ্ৰৰো ক্লেশকৰ হয়; এতেকে ইয়াক কোণেও ধাৰণ নকৰিব। যি হীৰাৰ কেৱল একটী মাত্ৰ শৃঙ্গ আছে আৰু সেই শৃঙ্গ যদি বিদলিত বা বিশীৰ্ণ দৃষ্ট হয়ি; সেই হীৰা গুণ সম্পন্ন হলেও সি মঙ্গলাৰ্থী পুৰুষৰ ধাৰণ যোগ্য নহয়। যি হীৰাৰ শৃঙ্গ স্ফুটিত, অগ্নি দগ্ধ বা মাঝত মলিন কি ফুট (বিন্দু) দেখা যায় সেই হীৰা ধাৰণত ইন্দ্ৰৰো শ্ৰীভ্ৰষ্ট হই থাকে। যি হীৰাৰ একদেশ ৰক্তবৰ্ণ বা ৰক্তবৰ্ণেৰে চিত্ৰিত সেই হীৰা ধাৰণ কৰিলে ইচ্ছামৃত্যু ব্যক্তিৰো জীৱন বিনষ্ট হয়। ছ-চুকিয়া, আঠ চু-কিয়া, বাৰে চুকিয়া ছয় পাৰ্শ্ব, আঠ পাৰ্শ্ব, ছ-ধাৰ, আঠ ধাৰ, বাৰ ধাৰ, উত্তুঙ্গ সমতীক্ষ্ণ, সমানাগ্ৰ প্ৰভৃতি নানা প্ৰকাৰ হীৰা আছে, কোৱা বিলা-