পৃষ্ঠা:ৰত্নমণি.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯
চতুৰ্থ অধ্যায়।

মণিয়ে তাৰ স্বামীৰ সৌভাগ্য বৃদ্ধি কৰে। এবং দোষযুক্ত বৈদুৰ্য্যে স্বীয় প্ৰভুৰ অমঙ্গল সংঘটন কৰে। এতেকে বিশেষৰূপে পৰীক্ষা কৰি মণি ধাৰণ কৰিব। গিৰি কাচ্‌, শিশুপাল, কাচ্‌ আৰু স্ফটিক এই চাৰি বিধ দ্ৰব্য বৈদুৰ্য্যমণিৰ বিজাতীয়। কাচেৰে কোন ৰূপ লেখন নহয়, শিশুপাল অতি লঘু, গিৰি কাচ্‌ দীপ্তি হীন এবং স্ফটিক সমধিক উজ্জ্বল। এই সকল গুণ দৃষ্টে গিৰি কাচাদি নিৰ্ণয় কৰিব। যেনেকৈ মহাগুণশালী ইন্দ্ৰ নীলমণিৰ পৰিমাণানুসাৰে মূল্য নিৰূপিত হইছে, সেই দৰেই মাষদ্বয় পৰিমিত বৈদুৰ্যমণিৰ মূল্য নিৰূপিত হুব। যেনেকৈ এক জাতীয় আৰু সমান গুণ সম্পন্ন মণি প্ৰকাৰ ভেদে অনেক আছে, সেইৰূপ বিজাতীয় মণিও অনেক প্ৰকাৰ হই থাকে। সিহঁতৰ নামানুসাৰে মূল্য স্থীৰীকৃত হয়। মণিশাস্ত্ৰ বিশাৰদ মনুষো এইৰূপে সূক্ষ্ম বিচাৰকৈ বৈদুৰ্য্যমণিৰ জাতি আৰু বিজাতীয় নিৰূপণ কৰিব। যিবিলাক মণি লঘু আৰু মৃদু সেই বিলাক বিজাতীয় বুলি স্থিৰ কৰিব। সবিশেষ পৰীক্ষাৰে মণিৰ দোষগুণ বিবেচনা কৰি তদনুসাৰে মূল্য নিৰ্ণয় কৰিব। যি মণিত যিৰূপ দোষগুণ লক্ষিত হয়, সেইৰূপে সেই মণিৰ মূল্যৰ তাৰতম্য হই থাকে। ৰত্নশাস্ত্ৰ পাৰদৰ্শী পণ্ডিতে কিছু দিন মণিৰ পৰীক্ষা কৰি দেখিব। যদি মণিৰ পূৰ্বাৱস্থা আৰু বৰ্ত্তমান ভাৱৰ কোন বৈলক্ষণ্য দৃষ্ট নহয়, তেনে হলে সেই মণিৰ মূল্য ছ গুণ হুই থাকে। আকৰোৎপন্ন মণিৰ যি মূল্য উক্ত হল, সমুদ্ৰ তীৰ সন্নিধানত্‌ সেইৰূপ মূল্য হই থাকে, পৃথিবীৰ সকলো ঠাইতে তেনে মূল্যৰ ব্যৱস্থা ন হয়। বোল মহাৰে এক সুবৰ্ণ হয়, তাৰ সপ্তম ভাগেৰে বৈদুৰ্যৰ পৰিমান কৰিব। চাৰি