সমললৈ যাওক

পৃষ্ঠা:ৰত্নমণি.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
সপ্তম অধ্যায়।

সাহ বাহিৰ কৰি তাৰ ভিতৰত সেই পাৰা ভৰাব, তাৰ মাঝত কলিয়া তুলসী আৰু ঘৃতকুমাৰি দি পূ্ৰ্ব্বৰ দৰে লেও দিব। পাছত সাত প্ৰহৰলৈকে গোবৰ খুটীৰ জ্বাল দিব, তাতে পাৰা শুভ্ৰবৰ্ণ ভস্মহুব। এই প্ৰক্ৰিয়াৰ পূৰ্ব্বে ধনদাৰ পূজা আৰু মন্ত্ৰ জপ কৰিব, নকৰিলে ভস্ম বিবৰ্ণ হুই যাব। এই পাৰা ভস্মেৰেই তাম্‌ সোণ হুব পাৰে। ইয়াৰ এক গুঞ্জা পৰিমান ভক্ষন কৰিলে লোক নানা ৰোগৰ পৰা বিমুক্ত হুব পাৰে, গনেশৰ নিচিনা পূজনীয় এবং মহা শক্তিমান আৰু ধনৱান হুব পাৰে। কিন্তু পৰোপ কাৰাৰ্থে নকৰি নিজৰ সুখাভিলাসেৰে কৰিলে এই ভস্মে ফল নিদিয়ে।

সোণ কৰিবৰ অন্য উপায়।

 আওট খোৱা তামত তাৰ আধা পাৰা দি তাতে বিৰজা কাঠৰ ৰস, বাহকৰ ৰস, আৰু সিজুৰ ৰস দিব, ইয়াকে কৰিলে সোণ হব। এই প্ৰক্ৰিয়াৰ আদিতে দই হাজাৰ ধনদা মন্ত্ৰ জপ, তাৰ পূজা এবং হোম কৰিব, তেন্তে কাৰ্য্য সফল হুব।

সোণ কৰিবৰ আৰু উপায়।

 এটা ভাল শিলৰ বাটীত বেল পাত থব, তাৰ ওপৰত আৰু এটা শিলৰ বাটী ঢাকোন দি দুঘণ্টা কাল ভালকৈ ঢাকি ৰাখিব। পাছত সেই বেল পাত চেপিলে ৰস ওলাব। এই দৰে আদ পোৱা ৰস উলিয়াই এটা পাত্ৰত ৰাখিব। পাছত পুৰণি তাম ৶০ অনা অগ্নিত পুড়ি তপত থাকোতেই বৃষ গোময়ৰ মাঝত ৰাখিব। পাছে সেই গোময়ৰ পৰা উলিয়াই সেই ৶০ পোৱা বেল পাতৰ ৰসত পেলাই দিব। এনেকৈ এক বিংশতি