পৃষ্ঠা:ৰত্নমণি.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
ষষ্ঠ অধ্যায়।

লোকে এই মণি নেদেখে। শৃগাল কোল, আমল কোল, বা গুঞ্জা ফল প্ৰমান চাৰি বিধ মুক্তা; প্ৰথম বিধ ব্ৰাহ্মণ, দ্বিতীয় বিধ ক্ষত্ৰিয়, তৃতীয় বিধ, বৈশ্য, চতুৰ্থ বিধ শূদ্ৰ। সৰ্পৰ মুড়ত এই মণিৰ জন্ম হয়। ই—স্থান বিশেষে অতি সমুজ্জ্বল হয়। ইয়াৰ কান্তি তীক্ষ্ণ অস্ত্ৰৰ ধাৰৰ নিচিনা। ইয়াক যি প্ৰাপ্ত হয় তাৰ মহতী শ্ৰী আৰু ধন ৰত্নাদি লাভ হয়। ইয়াৰ ধাৰণত মানব মহা প্ৰভান্বিত এবং পুন্যৱান হয়, আৰু তেজস্বি হয়। ৰত্ন ৰাজ্য এবং দুষ্প্ৰাপ্য মহা সম্পত্তিও লাভ কৰে। যি যুক্তা নীল আভাযুক্ত সি অনুত্তম। যাৰ ভঁড়ালত সৰ্প মুক্তা থাকে তাক সৰ্প ৰাক্ষসে হিংসা কৰিব নোৱাৰে, তাৰ শৰীৰতো কোন ৰোগ নজন্মে। আৰু আন কোন উৎপাতেও তাৰ একো অনিষ্ট কৰিব নোৱাৰে।

ভেকাদিজাত মুক্তা।

 ক্কচিৎ ক্কচিৎ ভেকাদিতো মুক্তা মণিৰ জন্ম হয় সি সৰ্প মুক্তাৰে নিচিনা।

⸻⸻