বব্ৰুবাহ পৰ্ব্ব

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]

বব্ৰুবাহ পৰ্ব্ব

 

[ হৰিহৰ বিপ্ৰ বিৰচিত ]

 

সম্পাদক—
শ্ৰীহৰিনাৰায়ণ দত্তবৰুৱা সাহিত্যৰত্ন
নলবাৰীঃ অসম

[  ]

প্ৰকাশক :
শ্ৰীমুনীন্দ্ৰনাৰায়ণ দত্তবৰুৱা এম, এ,
দত্তবৰুৱা এণ্ড কোং
নলবাৰী : অসম


● ●



প্ৰথম প্ৰকাশ
১৯৫৭
মূল্য—দেড় টকা



● ●


ছপাওঁতা
শ্ৰীযোগেশচন্দ্ৰ গোস্বামী
উমাপ্ৰেছ : নলবাৰী।

[  ]

ভুমিকা

 প্ৰাচীন কামৰূপ ৰাজ্যত চতুৰ্দশ শতিকাত দুৰ্লভনাৰায়ণ নামৰ এজন বিদ্যোৎসাহী ৰজা আছিল। তেওঁৰ দিনতেই চণ্ডীবৰ আদি সাত ঘৰ কায়স্থ ভূঞা আৰু নৰোত্তম আদি সাত ঘৰ ব্ৰাহ্মণ এই দেশলৈ আহিছিল।

 দুৰ্লভনাৰায়ণৰ ৰাজসভাত কেইবাজনো, ডাঙৰ পণ্ডিত আছিল— তাৰ ভিতৰত কবিৰত্ন সৰস্বতী, হেম-সৰস্বতী আৰু হৰিহৰ বিপ্ৰ প্ৰধান।

 কায়স্থ কবি ৰত্নসৰস্বতীয়ে জয়দ্ৰথ বধ, হেমসৰস্বতীয়ে প্ৰহলাদ- চৰিত আৰু হৰিহৰ বিপ্ৰই অশ্বমেধ পৰ্ব লিখে। বক্ৰবাহ পৰ্ব—অশ্বমেধ পৰ্বৰ ভিতৰৰ। বিপ্ৰকবিয়ে এই কাব্যৰ ভিতৰত এইদৰে নিজৰ চিনাকি দিছে :-

জয় জয় নৃপবৰ  দুৰ্লভনাৰায়ণ ৰাজা
 কামাখ্যা গোসানী দেন্ত বৰ।
সপুত্ৰ বান্ধৱে নিতে  সবান্ধৱে মনোনীত
 জীৱস্তোক সহস্ৰ বৎসৰ॥
তাহান ৰাজ্যত যত  সৰ্বজন মনোনীত
 অশ্বমেধ পদমধ্যে সাৰ।
বিপ্ৰ হৰিহৰ কবি  হৰিৰ চৰণ সেৱি
 পদবন্ধে কৰিলো প্ৰচাৰ॥ ২০৯

[  ]   এই কাব্যৰ বব্ৰুবাহৰ ৰাজগৃহৰ দেৱালয়ত অঁকা চিত্ৰবোৰৰ

এইদৰে বৰ্ণনা কৰিছে—

চিত্ৰকৰে প্ৰৱন্ধে লেখিলা বহুকাম।
পৃথিবী প্ৰৱন্ধে ৰাজা নাহিকে উপাম॥
ইন্দ্ৰ প্ৰতিমুখ্যে দেৱগণ সমুদায়।
স্বৰ্গ মৰ্ত্ত্য পাতাল লেখিলা সবে ঠাই॥
জানকী দ্ৰৌপদী মুখ্যে যত দিব্য নাৰী।
চিত্ৰাঙ্গদা উলুপী লেখিলা ভাল কৰি।
গাছ মাছ তৃণ লতা যত সংসাৰত।
সবাকে লেখিয়া আছে চৌপাশে বাৰত।
হস্তী ঘোৰা গণ্ডাৰত লেখি মহিষত।
মনুয্যৰ কান্ধে দোলা চৰি উপৰত।
সিংহ বাঘ মৃগ নাগ বৰাহ ভালুক।
বিড়ালী কটলা ভেড়া বিড়লী জম্বুক॥
আন সব যত জন্তু আছে সংসাৰত।
সবাকে লেখিয়া আছে চৌপাশে বাৰত॥
হংস পাৰ কাক বক আৰো ফেঁচা পক্ষী।
কৈৰা মৈৰা কুকুৰা বটকে আছে লেখি॥
সাৰঙ্গ কুপেতা ভেৰী কুৰুৱা দেৱম’ৰা।
পানীকাক ৰঘুগুৰা মাছৰোকা কনোৱা।
ভদ্ৰকালী কোৱা কোণ্ডা ডাউক তিতিৰী।
ওপেছী শালিকী টুনি কনোৱামুছৰী॥
দেৰচৰাই ধৰচৰাই শগুন টোকোৰা।
বজ্ৰদণ্ড পুণ্ডৰিকা গোবৰখোছৰা॥

[ ১৩ ]

গঙ্গাচিলা ফাকুচিলা ভাবেই কপিলা।
কোৰোঞ্চ কুৰুৱা পেঞ্চা ফেঁহোলোকা চিলা॥
ইসবক আদি কৰি লেখি আছে তয়।
আউৰ নকহিলো পদ বাহুল্যক ভয়॥ ২৭-৩৩

বব্ৰুবাহ আৰু অৰ্জ্জুনৰ বাক-বিতণ্ডা,যেন ⸺(অৰ্জ্জুনে বব্ৰুবাহক কৈছে)⸺

কোনোবা বেশ্যাৰ পুত্ৰ কোনে জানে তোক।
নিচিনি নজানি কেনে বাপ বোল মোক
অগেসে মনুষ্যে লৱে ভয়ভক্ষ কৰি।
ছাগ বুলি বাঘৰ লাঞ্জত দেই জৰী॥
ভয়তে মনুষ্যে নেৰে পাচে নেৰে বাঘে।
তোৰ মোৰ পটন্তৰ ভৈল সেহি ভাগে॥ ৭৫-৭৬

অৰ্জ্জুন আৰু বব্ৰুবাহৰ যুদ্ধ আৰম্ভ :⸺

দুয়ো বলে বলত তৰুণ সুকুমাৰ।
দুয়ো বলে যুদ্ধে ঘোৰ ৰণে অনিৰ্ব্বাৰ॥
দুয়ো ৰূপৱন্ত বলৱন্ত গুণৱন্ত।
দুয়োক দুই ছিদ্ৰ চাই প্ৰৱন্ধে ফুৰন্ত॥
দুহান্তৰ ভঙ্গ দুই চাহন্ত প্ৰৱন্ধে।
অন্যো অন্যে ছিদ্ৰক চাহন্ত দুই দণ্ডে॥
হেনমতে যুদ্ধত আছন্ত দুয়ো বলী।
অনন্তৰে দুইকো দুই ধৰি আঙ্কোৱালি॥
গাৱে বল আছে মানে আজোবেক দিল।
শ্ৰুতি এৰি দুয়ো বীৰ ভূমিত পৰিল॥

[ ১৪ ]

দুয়ো মহা ছোট লভিলন্ত একেলগে।
বব্ৰুবাহ নৃপতিৰ উঠিলন্ত আগে॥
যেন বাজু পাতি মেৰু শিখৰ খসিল।
সেহিমতে দুয়ো বীৰ ভূমিত পৰিল॥
সেহি সময়তে ৰথে চৰিলা নৃপতি।
দেখে কামদেৱ ভৈল মৃতক সঙ্গতি॥
এবে যেবে তাক মাৰো অধম পামৰ।
এহি বুলি পাণ্ডৱী সেনাক দিলা ধাৰ॥
ৰথী ৰথ সাৰথি নৃপতি অদভুত।
আন বীৰগণ তথা মাৰিলা বহুত॥ ১৪০-১৪৪

অৰ্জুনৰ খেদ

দেৱাসুৰ মনুষ্যক সবাকো জিনিলো ৰণে
  তেবেসে বোলাইলো সব্যসাচী।
হস্তী গুচি মাখি ভৈলো গো-খোজত ভল গৈলো
  কচুত ভাঙ্গিল যেন কাছি॥
ভীষ্ম কৰ্ণ জয়দ্ৰথ বৃহৎসেন গুৰু দ্ৰোণ
  লীলায়ে পেশিলো যমপথ।
কোনোবা পাপৰ ফলে বব্ৰুবাহ নৃপতিত
  সবে চুৰ তৈল গৰ্ব্ব যত॥ ২০৮

বৃষকেতুৰ ভাৰ্য্যাৰ বীৰেচিত বাণী অৰ্জ্জুনৰ আগত উক্তি :—

একগুটি ভাৰ্য্যা মোৰ সৰ্ব্বাঙ্গ সুন্দৰী।
যাত্ৰাকালে আমাক বুলিলা হেন কৰি॥
ক্ষত্ৰিয় জাতিৰ যশ ৰণেসে শোভন।
ৰণভঙ্গে পলাইলে নিন্দিবে সৰ্ব্বজন॥

[ ১৫ ]

সত্যভামা ৰুক্মিণী উত্তৰা মোৰ সখী।
সবে মোক হাসিবেক ৰণভঙ্গ'দেখি॥
যেনে তেনে ৰণমাজে সাধিয়োক জয়।
বিশেষত তোমাৰ সহায় ধনঞ্জয়॥
এবে যে তোমাক একেশ্বৰে যাওঁ এৰি।
কোন সতে মোৰ মুখ চাহিব সুন্দৰী॥
খানিতেক খুড়া মোক থাকিয়োক চাই।
সমৰত মোহোৰ দেখিয়ো মুনিৰাই॥
সামৰাজে সাজি আছে মণিপুৰেশ্বৰ।
থাকিয়োক পুড়া তুমি যুজো একেশ্বৰ॥
মিত্ৰৰ নিমিত্তে যদি এৰয় পৰাণ।
তাসম্বাৰ শুনি আছে স্বৰ্গলোকে স্থান॥
স্বামী দেৱ গুৰুজন মিত্ৰৰ নিমিত্তে।
যিবা জনে উচিত কাৰ্য্যত প্ৰাণ এৰে॥
তাসম্বাৰ স্থান শুনো সপত স্বৰ্গত।
ইসব জানিয়া কেনে পলাইবো বণত ॥২১৩-২১৭

বব্ৰুবাহৰ শৰৰ প্ৰভাৱ :-

বব্ৰুবাহ ৰাজা অৰ্ধচন্দ্ৰ শৰ লৈলা।।
জাজ্বল্য সমান বাহ্ৰ বহ্নি যেন সম।
প্ৰজা সংহাৰিতে যেন আসি ভৈল যম॥
ইন্দ্ৰ প্ৰতিমুখ্যে দেৱগণ সমুদায়।
শৰ দেখি কাম্পে সবে স্থিৰ নুহি কায়॥

[ ১৬ ]

পিতৃলোক কাম্পয়ে যতেক গ্ৰহগণ।
স্বৰ্গলোকো কাম্পে দেখি অৰ্জ্জুন মৰণ॥
সকলো পৰ্ব্বত কাম্পে শিখৰে নগৰে।
খৰ বায়ু বহে ঘনে ঘনে বজ্ৰ পৰে॥
ঘেমসবে বৰিষে ৰুধিৰ অসংখ্যাত।
ভয় হুয়া বসুমতী মেলি দিলা ফাট॥
নদ নদী সাগৰ পৰ্ব্বত জল স্থল।
অৰ্জ্জুনৰ মৃত্যু দেখি কৰে টলবল॥ ৩১৬-৩১৯

বব্ৰুবাহৰ কৃষ্ণত শৰণ :-

মাধৱক দেখি পাচে কৰিলা প্ৰণাম।
পিতৃবধী পাপী বব্ৰুবাহ মোৰ নাম॥
তোমাৰ চৰণে মোক কৰিয়োক দায়া।
চক্ৰ হানি কাটা মোক স্বস্থ হৌক কায়া॥
ৰাহুৰ শিৰক প্ৰভু কাটিলা যিমত।
মোহোৰ গলকো কাটিয়োক সেহিমত॥
তযু সুদৰ্শন চক্ৰে ছেদা মোৰ গল।
তেবেসে পাতকৰাশি হৈবেক সফল॥
ইষ্ট বন্ধু জন যাৰ নাই মাৱ বাপ।
সিয়ো যদি কৰয় দুৰ্ঘোৰ হেন পাপ॥ ৫৩৮-৫৪০

 কাব্যখনিৰ ওপৰত উল্লেখ কৰা কথাখিনি মাত্ৰ তুলি দিয়া হল। কাব্য-পিপাসুসকলে এই প্ৰাচীন কাব্যখনি পাঠ কৰিলে সন্তোষ পাম।

নলবাৰী,
১৭ ডিচেম্বৰ, ১৯৫৭
নিবেদক⸺
শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱা
 

[  ]

সূচীপত্ৰ

 বিষয় পৃষ্ঠা—
১৷ অশ্বমেধ যজ্ঞৰ ঘোৰা মণিপুৰ প্ৰবেশ
২। অৰ্জ্জুনৰ মণিপুৰ-ঐশ্বৰ্য্য দৰ্শন
৩। বব্ৰুবাহনৰ আদেশত যজ্ঞৰ ঘোৰা আৱদ্ধ
৪। ৰাজগৃহৰ বৰ্ণনা
৫৷ ঘোৰাৰ কপালৰ পত্ৰ পঢ়ি বব্ৰুবাহনৰ দুখ প্ৰকাশ•••
৬৷ যজ্ঞৰ ঘোৰা সসম্মানে অৰ্জ্জুনক ফিৰাই দিবলৈ সুবুদ্ধিৰ
 আদেশ ১০
৭। সুবুদ্ধিৰ বাক্যত বব্ৰুবাহন অৰ্জ্জুনৰ ওচৰলৈ যাবলৈ
 প্ৰস্তুত ১১
৮। বব্ৰুবাহনৰ যজ্ঞৰ ঘোৰা অৰ্জ্জুনৰ ওচৰত নিবেদন
 আৰু ক্ষমা ভিক্ষা ১৪
৯। অৰ্জ্জুনৰ তিৰস্কাৰ ১৬
১০। অৰ্জ্জৃনৰ সৈতে যুদ্ধ কৰিবলৈ বব্ৰুবাহনৰ দৃঢ় সঙ্কল্প ১৮
১১। বব্ৰুবাহনৰ অনুশাল্বৰ সৈতে যুদ্ধ ২৩
১২। প্ৰদ্যুন্বৰ সৈতে যুদ্ধ ২৫
১৩৷ হংসধ্বজৰ সৈতে যুদ্ধ ৩৩
১৪। সুবেগৰ সৈতে যুদ্ধ ৩৫
১৫। যুদ্ধত পৰাজয় দেখি অৰ্জ্জুনৰ চিন্তা ৩৮
১৬। অৰ্জ্জুনৰ বিমঙ্গল দৰ্শন ৩৯
[ ১০ ]
 বিষয়— পৃষ্ঠা—

১৭। যুদ্ধৰ সংবাদ যুধিষ্ঠিৰক জনাবলৈ অৰ্জ্জুনৰ আদেশ
১৮। যুদ্ধ এৰি উভতি যাবলৈ বৃষকেতুৰ অনিচ্ছা
১৯। বৃষকেতুৰ সৈতে যুদ্ধ
২৩। বৃষকেতুৰ পতন আৰু অৰ্জ্জুনৰ বিষাদ
২১। অৰ্জ্জুনৰ বিষাদ দেখি বব্ৰুবাহনৰ তিৰস্কাৰ আৰু
 যুদ্ধলৈ আহ্বান
২২। অৰ্জ্জুনৰ সৈতে বব্ৰুবাহনৰ যুদ্ধ
২৩। বব্ৰুবাহনৰ শৰত অৰ্জ্জুনৰ শিৰচ্ছেদ
২৪। বব্ৰুবাহনৰ জয়ত নগৰত আনন্দ প্ৰকাশ
২৫। অৰ্জ্জুনৰ মৃত্যু-বাৰ্তা শুনি চিত্ৰাঙ্গদা-উলুপীৰ শোক
২৬। বব্ৰুবাহনৰ মাতৃদ্বয়ক সান্ত্বনা দান
২৭। চিত্ৰাঙ্গদাৰ বব্ৰুবাহনক তিৰস্কাৰ
২৮। চিত্ৰাঙ্গদা আৰু উলুপীৰ স্বামীৰ মৃত্যুপৰীক্ষা
২৯। বব্ৰুবাহনৰ সকৰুণ ভাৱে মাতৃৰ আগত পিতৃবধৰ
 কাৰণ বৰ্ণনা
৩০। উলুপীৰ পাতালত থকা সঞ্জীৱনী মণিৰ সম্ভেদ দান
৩১। সঞ্জীৱনী মণি আনিবলৈ বব্ৰুবাহনৰ প্ৰতিজ্ঞা
৩২। উলুপীৰ আদেশত সঞ্জীৱনী মণি আনিবলৈ পুণ্ডৰীক
 নাগৰ পাতালপুৰলৈ গমন
৩৩। পুণ্ডৰীকৰ নাগৰাজ অনন্তৰ ওচৰত সঞ্জীৱনী মণি প্ৰাৰ্থনা
৩৪। পুত্ৰৰ হাতত অৰ্জ্জুনৰ মৃত্যুৰ কাৰণ বৰ্ণনা
৩৫। সঞ্জীৱনী মণি দিবলৈ নাগসকলৰ লগত অনন্তৰ
 আলোচনা আৰু ধৃতৰাষ্ট্ৰ নাগৰ বাধা

৪০
৪৪

৫৪

৫৭
৫৮
৬৩
৬৬
৬৯
৭০
৭২
৭২


৭৭
৭৯
৮১

৮৩
৮৪
৮৭

৮৯

[ ১১ ]
 বিষয়— পৃষ্ঠা—

৩৬। সঞ্জীৱনী মণি নাপাই নাগৰ সৈতে বব্ৰুবাহনৰ যুদ্ধ
৩৭। যুদ্ধত নাগসকলৰ পৰাজয় আৰু সঞ্জীৱনী মণি দান
৩৮। ধৃতৰাষ্ট্ৰ নাগৰ পুত্ৰদ্বয়ৰ লগত আলোচনা
৩৯। ধৃতৰাষ্ট্ৰ-পুত্ৰ কুবুদ্ধিৰ অৰ্জ্জুনৰ মুণ্ড অপহৰণ
৪০। কুন্তীৰ অমঙ্গল স্বপ্নদৰ্শন আৰু শ্ৰীকৃষ্ণৰ আগত প্ৰকাশ•••
৪১। শ্ৰীকৃষ্ণৰ ভীম, কুন্তী, দৈৱকী আৰু যশোদাক লগত
 লৈ অৰ্জ্জুনৰ অন্বেষণ
৪২। মণিপুৰ ৰণভূমিত অৰ্জ্জুনৰ মৃতদেহ পাই শ্ৰীকৃষ্ণ
 আদিৰ শোক
৪৩। কামদেৱৰ দ্বাৰা কুন্তী-ভীম আদিৰ লগত বব্ৰুবাহনৰ
 পৰিচয়
৪৪। শ্ৰীকৃষ্ণক প্ৰণাম কৰি বত্ৰুবাহনৰ প্ৰাৰ্থনা
৪৫। অৰ্জ্জুনক জীয়াবৰ কাৰণে শ্ৰীকৃষ্ণৰ ওচৰত নাগৰাজ
 অনন্তৰ অনুৰোধ
৪৬। শ্ৰীকৃষ্ণৰ শাপত ধৃতৰাষ্ট্ৰ নাগৰ পুত্ৰদ্বয়ৰ মৃত্যু আৰু
 অৰ্জ্জুনৰ হৃতমুণ্ড প্ৰাপ্তি
৪৭। সঞ্জীৱনী মণিৰ স্পৰ্শত বৃষকেতু, অৰ্জ্জুন আৰু আন
 আন বীৰসকলৰ জীৱনলাভ
৪৮। বব্ৰুবাহনৰ শ্ৰীকৃষ্ণ আদি সকলোকে ৰাজধানীলৈ
 নি সৎকাৰ আৰু সকলোৰে ওচৰত ক্ষমা ভিক্ষা
৪৯। পিতৃবধ হেতু কষ্টব্ৰত ধৰি প্ৰাণত্যাগ কৰিবলৈ
 বব্ৰুবাহনৰ ইচ্ছা প্ৰকাশ
৫০। যজ্ঞৰ ঘোৰা মেলি দি যজ্ঞৰ কাম সমাধা কৰিবলৈ
 শ্ৰীকৃষ্ণৰ আদেশ

৯২
৯৭
৯৯
১০১
১০২

১০৩

১০৪

১০৫
১০৬

১০৮

১০৯

১১০

১১১

১১৩

১১৫

[ ১২ ]
বিষয়—   পিঠি—
৫১। কুন্তী, ভীম আদিৰ ওচৰত বব্ৰুবাহনৰ ক্ষমা ভিক্ষা ১১৬
৫২। বব্ৰুবাহনৰ অনন্ত নাগক কৃতজ্ঞতা জ্ঞাপন আৰু
নাগসকলৰ সৈতে অনন্তৰ পাতাললৈ গমন
১১৭
৫৩। বব্ৰুবাহনক লগত লৈ শ্ৰীকৃষ্ণ আদি বীৰসকলৰ
হস্তিনালৈ প্ৰস্থান
১১৮

⸻*⸻

[ ১৭ ]

শ্ৰীশ্ৰীকৃষ্ণায় নমঃ

বব্ৰুবাহ পৰ্ব্ব

অশ্বমেধ যজ্ঞৰ ঘোৰা মণিপুৰ প্ৰবেশ

পদ

জয় জয় কৃষ্ণ প্ৰভু দৈৱকীনন্দন।
ব্ৰহ্মা হৰে চিন্তে যাৰ অৰুণ চৰণ।
জয়তি পাণ্ডৱগণ হৰিৰ সেৱক।
অশ্বমেধ যজ্ঞ কৰি তুষিলা দেৱক॥১
গোত্ৰহত্যা পাতকত ভাৰণ কাৰণ।
অশ্বমেধ যজ্ঞ আৰম্ভিলা পাণ্ডুগণ॥
অনন্তৰে কুন্তীসুত বীৰ ধনঞ্জয়।
ঘোৰাৰ লগত সাজি সসৈন্যে চলয়॥২
মণিপুৰ নগৰত প্ৰবেশিলা পাচে।
তাত অধিপতি অৰ্জ্জুনৰ পুত্ৰ আছে॥
শুনিয়োক মণিপুৰ নগৰৰ জয়।
সঁচা ব্যতিৰেকে প্ৰজা মিছা নোবোলয় ॥৩
স্বামীসেৱা বিনে নাৰী নিচিন্তয় আন।।
ব্ৰাহ্মণৰ আন নাহি পঢ়ন পৌঢ়ান॥

[ ১৮ ]

মণিপুৰ নগৰত যত নাৰী নৰ।
হৰি চৰণত সদা ভক্তিতত্ত্ব পব॥৪
ৰাজাৰ প্ৰজাৰ সদা আন কথা নাই।
হৰিকথা চৰ্চ্চি থাকে হৰিক ধিয়াই॥
হৰিক স্মৰণে বব্ৰুবাহ নৰেশ্বৰ।
জিনিলন্ত ৰাজাগণ চাৰিও দিশৰ॥৫
হেন নাহি ৰাজা নখাটয় মণিপুৰে।
আছোক নৃপতি কাজ মনে থাকে দূৰে॥
শুনিয়োক ৰাজা নখাটয় কেন কৰি।
সহস্ৰ সংখ্যাত সুৱৰ্ণক আনে ভৰি॥৬
আনো যত ধন দেই লেখা নাই তাৰ।
বাৎসৰিক কৰ লৱে সকল প্ৰজাৰ॥
সুখে যেবে লৱে তাক দুখে নেই ধৰি।
সুবুদ্ধি নামত তাত পাচে অধিকাৰী॥৭
ধন জন লৈয়া তাক কৰে লণ্ড ভণ্ড।
গজ বাজী প্ৰজাসবে অপৰাধী দণ্ড॥
সেই ধনে জনে বব্ৰুবাহ হৈলা ৰাজা।
সুৱৰ্ণৰ গড় তাৰ সৰ্ব্ব সুখী প্ৰজা॥৮
দীঘল ডাঙ্গৰ সুৱৰ্ণৰ গড়চয়।
আছোক মনুষ্য দেৱতাৰো লাগে ভয়॥
তাতে শাৰী গড় খাই সাগৰ সঙ্কাশ।
আছোক লঙ্ঘিবে দেৱতাৰো লাগে ত্ৰাস॥৯

[ ১৯ ]

উছল পাছল জল মৎস্যৰ প্ৰভাৱ।
সৰ্ব্বদায়ে খলকে নখণ্ডে আন ভাৱ।
গড়ৰ ভিতৰে আছে অসংখ্যাত ঘৰ।
নাহি চিন্তা চৰ্চ্চা একো নাৰী পুৰুষৰ॥১০
আন কিছু নাহি মাত্ৰ পিন্ধনত বাজে।
মহাসুখে বঞ্চে প্ৰজা মণিপুৰ মাজে॥
সেহি নগৰত পাচে প্ৰবেশিলা হয়।
হংসধ্বজ নৃপতিত পুছিলা বিনয়॥১১

অৰ্জ্জুনৰ মণিপুৰ-ঐশ্বৰ্য্য দৰ্শন

অৰ্জ্জুন বদতি হংসধ্বজ নৃপবৰ।
সমস্তে সুৱৰ্ণময় কাহাৰ নগৰ॥
কিবা থান ৰাজাৰ কহিয়ো কিবা নাম।
কোথাত বা পাইলেক সুৱৰ্ণ এতমান॥১২
যৈসানি কৰিলা ৰাজসূয় ধৰ্ম্মৰাজে।
বিস্তৰ ফুৰিলো দিগ্‌বিজয়ৰ কাজে॥
সিকালতো নেদেখিলো এখান নগৰ।
পৃথিবীতে স্বৰ্গসুখ ভুঞ্জে কোন নৰ॥১৩
হংসধ্বজ বদতি শুনিয়ো পাণ্ডুসুত।
স্বৰূপ হওঁ কথা যেহেন যুগুত॥
বব্ৰুবাহ নামে ৰাজা জগততে সাৰ।
মণিপুৰ নগৰৰ প্ৰভাৱ ডাঙ্গৰ॥১৪

[ ২০ ]

আছোক বাজাৰ কথা শুনা সুবুদ্ধিৰ।
গহীন গম্ভীৰ ধীৰ গুণব মন্দিৰ॥
পৰম প্ৰভাৱ কথা জগততে সহে।
যথাবৃত কথাহবে নৃপতিত কহে॥১৫
তাৰ যেবে কটকে তোমাৰ ধৰে হয়।
মেলাইবেক লাগি তেবে হৈবেক সংশয়॥
দাৰুণ দুৰ্ব্বাৰ বীৰগোট ভয়ঙ্কৰ।
আমি কেনমতে তাক কৰিবো সমৰ॥১৬
হেন জানি আপুনি থাকিয়ো সাৱধানে।
চল ৰূপে কটক থৈয়োক থানে থানে॥
আপোনাক ৰাখিয়া দূতত পুছা কথা।
আৰো শুনা বিপৰীত যেন ভৈলা তথা॥১৭
হেন কথা মাতে যেবে আছন্ত অৰ্জ্জুন।
উপৰত বেঢ়ি বেঢ়ি বনাৱে শগুণ॥
অৰ্জ্জুনৰ মৃত্যু হেন দেখিয়া নিশ্চয়।
বিপৰীত দেখি সৰ্ব্বজনে ভৈল ভয়॥১৮

বব্ৰুবাহনৰ আদেশত যজ্ঞৰ ঘোৰা আৱদ্ধ

জৈমিনি বদতি শুনিয়োক জন্মেজয়।
মণিপুৰ নগৰত প্ৰবেশিলা হয়॥
বব্ৰুবাহ ৰাজা আছে সিংহাসনে বসি।
লৱৰন্তে কোটোৱালে জনাইলন্ত আসি॥ ১৯

[ ২১ ]

প্ৰণামিয়া বোলে বব্ৰুবাহ নৰেশ্বৰে।
নাজানো কাহাৰ ঘোৰা পশিল নগৰে॥
চল চল কৰে ঘোৰা সবে শুক্লবৰ্ণ।
লাঞ্জগাছ হালধীয়া কৃষ্ণ দুই কৰ্ণ॥২০
সুৱৰ্ণৰ পত্ৰখান আছে কপালত।
ঘণ্টা ঘুগুৰা বাজে সকলো গাৱত॥
ৰাজা বোলে ঝান্ট কৰি চল কটোৱাল।
বিলম্ব নকৰি শীঘ্ৰে ঘোৰা ধৰি আন॥২১
বীৰগণ আছে মানে সবে যাউক সাজি।
আল জাল এৰি এতিক্ষণে ধৰা বাজী॥
ৰাজাৰ বচনে সাজ ভৈলা তেতিক্ষণে।
ৰাজাক উপাসি বেঢ়ি আছে প্ৰজাগণে॥২২
এক এক ৰাজা দেৱৰাজ সমসৰ।
তেহে সবে বেঢ়ি আছে ৰাজাৰ ওচৰ॥
শাৰী শাৰী জানু পাবি আছে সেৱা কৰি।
বিচিত্ৰ বসন গাৱে পৰিধান কৰি॥২৩
বস্ত্ৰ অলঙ্কাৰ সবে চন্দনে ভূষিত।
হেনমতে ৰাজাগণ আছয় তহিত॥

ৰাজগৃহৰ বৰ্ণনা

সুৱৰ্ণৰ ভিত্তিগোট অতি উচ্চতৰ।
থানে থানে লগাই আছে হীৰা সুৱৰ্ণৰ॥২৪

[ ২২ ]

সুৱৰ্ণ মাবলী দিলা ৰূপৰ ৰুৱলী।
ৰূপৰ সৰসা দিলা সুৱৰ্ণৰ শলি॥
শুদ্ধ সুৱৰ্ণৰ দিলা পটনক পাৰি।
পিতলৰ জেঠী তাতে দিলা শাৰী শাৰী॥২৫
এহিমতে কৰিলেক গৃহৰ আৰম্ভ।
সুৱৰ্ণৰ পত্ৰ তাতে অযুতেক স্তম্ভ॥
অনেক ৰত্নৰ গৃহ কৰে জাতিস্কাৰ।
শাৰী শাৰী প্ৰকাশয় সবে নগৰৰ॥২৬
চিত্ৰকৰে প্ৰৱন্ধে লেখিলা বহুকাম।
পৃথিবী প্ৰৱন্ধে ৰাজা নাহিকে উপাম॥
ইন্দ্ৰ প্ৰতিমুখ্যে দেৱগণ সমুদায়।
স্বৰ্গ মৰ্ত্ত্য পাতাল দেখিলা সবে ঠাই॥২৭
জানকী দ্ৰৌপদী মুখ্যে যত দিব্য নাৰী।
চিত্ৰাঙ্গদা উলুপী লেখিলা ভাল কৰি॥
গাছ মাছ তৃণ লতা যত সংসাৰত।
সবাকে লিখিয়া আছে চৌপাশে বেৰত॥২৮
হস্তী ঘোৰা গণ্ডাৰত লেখি মহিষত।
মনুষ্যৰ কান্ধে দোলা চৰি উপৰত॥
সিংহ বাঘ মৃগ নাগ বৰাহ ভালুক।
বিড়ালী কটলা ভেৰা বিড়লী জম্বুক॥২৯
আন সব যত জন্তু আছে সংসাৰত।
সবাকে লেখিয়া আছে চৌপাশে বাৰত॥

[ ২৩ ]

হংস পাৰ কাক বক আৰো ফেঁচা পক্ষী।
কৈৰা মৈৰা কুকুৰা বটকে আছে লেখি॥৩০
সাঙ্গ কুপেতা ভেৰী কুৰুৱা দেৱম’ৰা।
পানীকাক ৰঘুগুৰা মাছৰোকা কনোৱা॥
ভদ্ৰকালী কোৱাকোণ্ডা ডাউক তিতিৰী।
গুপেছী শালিকী টুনি কনোৱামুছৰী॥৩১
দেৱ চৰাই ধৰা চৰাই শগুণ টোকোৰা।
বজ্ৰদণ্ড পুণ্ডৰিকা গোবৰ খোছৰা॥
গঙ্গাচিলা ফাকুচিলা ভাৰেই কপিলা।
কোৰোঞ্চ কুৰুৱা পেঞ্চা ফেঁহোলোকা চিলা॥ ৩২
ইসবক আদি কৰি লেখি আছে তয়।
আউৰ নকহিলো পদ বাহুল্যক ভয়॥
হেনয় বিচিত্ৰ থানে আছয় নৃপতি।
ঘোৰা লৈয়া কটোৱালে মিলিলা তহিতি॥৩৩
প্ৰণামিয়া বোলে প্ৰভু দিয়োক নিৰ্ভয়।
তোমাৰ আদেশে আমি আনি আছো হয়॥
ৰাজা বোলে মোহোৰ আগক লাগি আন।
কপালৰ নমায়ো সুৱৰ্ণ পত্ৰখান॥৩৪

ঘোৰাৰ কপালৰ পত্ৰ পঢ়ি বব্ৰুবাহনৰ দুখ প্ৰকাশ

পত্ৰখান দিলা নিয়া পণ্ডিতৰ হাতে।
চাহিয়া কহিয়ো মোত যিবা আছে তাতে॥

[ ২৪ ]

পণ্ডিতে বোলয় শুনিয়োক সৰ্ব্বজন।
যুধিষ্ঠিৰ মহাৰাজা পাণ্ডুৰ নন্দন॥৩৫
অশ্বমেধ যজ্ঞহেতু মেলি দিলা হয়।
ঘোৰা লগে ৰক্ষা দিলা ভ্ৰাতৃ ধনঞ্জয়॥
যাহাৰ শকতি আছে ঘোৰাক ধৰোক।
নুহি সামৰাজে আসি যজ্ঞত বৰোক॥৩৬
পত্ৰ শুনি ৰাজাৰ অশেষ মন কষ্ট।
এবেসে জানিলো সামৰাজে ভৈলো নষ্ট॥
যুধিষ্ঠিৰ ৰাজা মোৰ হন্ত জ্যেষ্ঠ পিতৃ।
তাহান যজ্ঞত মই কৰিলো বিগুতি॥৩৭
পূৰ্ব্বাপৰ নাজানিয়া ঘোৰা ধৰি আনি।
আপোনাৰ যজ্ঞ নষ্ট কৰিলো আপুনি॥
দেৱৰ পিতৃৰ আশা খণ্ডাইলো সবাৰ।
হেন কি অধৰ্ম্মী ৰাজা আছে মোত পৰ॥৩৮
চিত্ৰাঙ্গদা মাৱে মোত কহিলা বুজাই।
পাণ্ডুৰ তনয় পিতৃ হন্ত ধনঞ্জয়॥
যেনমতে মোৰ পিতৃ হন্ত ধনঞ্জয়।
সিসব কথাত মোত কহিলা বুজাই॥৩৯
কন্যাকালে আছে মাতৃ পিতৃৰ ভৱনে।
নৃত্য গীত কৰি থাকে সবে কন্যাগণে॥
একদিনা গীত গান্তে তাল ভৈল ভঙ্গ।
হেন দেখি বাপৰ মনত বৰ খঙ্গ॥৪০

[ ২৫ ]

যেবে স্বৰূপত মই তোৰ হওঁ বাপ।
আজি তোক দিওঁ নিদাৰুণ চণ্ড শাপ॥
নিৰ্জ্জান গহন বন বুলিয়া যাহাক।
গৰু হুয়া পাপিষ্ঠী তহিতে পৰি থাক॥৪১
বাপৰ শুনিয়া হেন নৈৰাশ বচন।
অশেষ মিনতি কৰি কৰিলা ক্ৰন্দন॥
স্বভাৱে চঞ্চলা নাৰী আৰু শিশুমতি।
হেন কি শাপক মোক দিবাক যুগুতি॥৪২
পূৰ্ব্বকালে কত মই কৰিলোহো পাপ।
সিকাৰণে পিতৃ হুই দিলা ঘোৰ শাপ॥
এৰাইবাক শক্তি নাহি কৰিয়োক ক্ষমা।
নুহি মোক দিয়া তেবে শাপৰ যে সীমা॥৪৩
কতোবেলি গুণি পাচে মাতিলেক বাপে।
গদ গদ কৰি পাচে হৃদয় সন্তাপে॥
খঙ্গ নামে চণ্ডালক সহিতে নাপাৰি।
জীৱক শাপিলো মই কিনে মন্দকাৰী॥৪৪
একোকালে অন্যথা নুহিকে মোৰ বাক।
নিৰ্জ্জন গহন বনে গৰু হুয়া থাক॥
তীৰ্থযাত্ৰাকালে অৰ্জ্জুনক লাগ পাইবি।
পূৰ্ব্বৰ স্বৰূপ হুয়া শাপক এৰাইবি॥৪৫
সেহি অনুক্ৰমে অৰ্জ্জুনক লাগ পাইলা।
পূৰ্ব্বৰ স্বৰূপ হুয়া শাপক এৰাইলা॥

[ ২৬ ]

সেহি ধৰি অৰ্জ্জুনৰ তীৰ্থ ভৈল ভঙ্গ।
দৈবযোগে তথা হন্তে ভৈলেক প্ৰসঙ্গ॥৪৬
অৰ্জ্জুনৰ হন্তে মোৰ জনম ভৈলন্ত।
কতোকাল ধনঞ্জয় তথা আছিলন্ত॥
মোক এৰি গৈলা পাচে সেহি বনমাজে।
যি থানত আছন্ত কেশৱ ধৰ্ম্মৰাজে॥৪৭
কৃষ্ণত ভকতি যাতো ভৈলা শিশু ধৰি।
সিকাৰণে পাইলো অকণ্টকা বসুন্ধৰী।।
সিসব বচন মোৰ মনত আছয়।
নজানি ধৰিলো পিতৃ অৰ্জ্জুনৰ হয়॥৪৮

যজ্ঞৰ ঘোৰা সসম্মানে অৰ্জুনক ফিৰাই দিবলৈ সুবুদ্ধিৰ আদেশ

সুবুদ্ধি যে সেনাপতি বুদ্ধি গুৰুতৰ।
শোক সাগৰত মোক নাৱে পাৰ কৰ॥
সুবুদ্ধি বোলন্ত ৰাজা এৰা অসন্তোষ।
বাপৰ ঘোৰাক ধৰি কৰি আছা দোষ॥৪৯
যেনেতেনে পুত্ৰেসে ৰাখিবে লাগে হয়।
শুনি কোপ নকৰিব বীৰ ধনঞ্জয়॥
গজ বাজী প্ৰজা যত যত ধন ধান্য।
বাপৰ চৰণে দান দিয়া কৰি মান্য॥৫০
আগবাঢ়ি দিয়োক তাহাৰ নিজ হয়।
দেখি কোপ নকৰিব বীৰ ধনঞ্জয়॥

[ ২৭ ]

ব্ৰাহ্মণৰ প্ৰমুখ্যে যত যত নৰনাৰী।
বহুবিধ বস্ত্ৰ অলঙ্কাৰে কাচি পাৰি॥৫১
নাচনে গায়নে যাউক বাদ্যভণ্ডে সাজি।
মান্য কৰি বাপৰ চৰণে দিয়া বাজী॥
তেবেসে সমস্ত পাপ হৈব উপশাম।
গুচোক দুৰ্গতি ডাকি বোলা ৰাম ৰাম॥৫২

সুবুদ্ধিৰ বাক্যত বব্ৰুবাহন অৰ্জ্জুনৰ ওচৰলৈ যাবলৈ প্ৰস্তুত

দুলড়ী

জৈমিনি বদতি  শুনা নৰপতি
 পাচে যি কৰিলা ৰাজা।
সুবুদ্ধি বচনে সাৰ কৰি মনে
 তেখনে সাজাইলা প্ৰজা॥
গজ বাজী প্ৰজা  ভালমতে সাজা
 সুৱৰ্ণ মণ্ডিত গাৱে।
দণ্ড ছত্ৰ ধৰি পতাকা উচাই
 সবে যাউক ভাৱে ভাৱে॥৫৩
অগৰু চন্দন কস্তুৰী কুঙ্কুম
 ধূপ দীপ ধৰি ধৰি।

[ ২৮ ]

কন্যাগণ যাউক সুমঙ্গল গাউক
 পিতৃক প্ৰশংসা কৰি॥
শকটে শকটে সুৱৰ্ণ লয়োক
 ৰত্ন লৈয়া ভাৰে ভাৰে।
হীৰা মণি মুক্তা মাণিক পোৱাল
 সিয়ো যাউক ভাৰে ভাৰে॥৫৪
আনো ধন ধান্য  সাঙ্গি সাঙ্গি যাউক
 বস্ত্ৰ যাউক জাপে জাপে।
মোৰ ধনচয় আজিসে সাম্ফল
 যজ্ঞত বিলাৱে বাপে॥
ঢাক ঢোল ভেৰী টুপেছি খুমুছি
 ডগৰো মাৰোক আনি।
নানা বাদ্য ভণ্ডে সুমঙ্গল গাউক
 টোকাৰি মাৰোক টানি॥৫৫
বীণ কৰতাল ঝাজৰ ডম্বৰু
 আনো বাদ্য ভণ্ড যত।
পিতৃ আগে যাইবো  জন্ম সাফলিবো
 সবেয়ো যাউক লগত॥
সুবুদ্ধি প্ৰমুখ্যে যত পাত্ৰ মিত্ৰ
 গজ বাজী চলি যায়।
বস্ত্ৰ অলঙ্কাৰে সাজি জাতিস্কাৰে
 উৎসৱৰ ঠাই নাই॥৫৬

[ ২৯ ]

যিবা কিছু কিছু খুজি লুৰি পাইলা
 ৰামে যেন লঙ্কা যান্ত।
গজ বাজী প্ৰজা ভালমতে সাজা
 কাষতে নুশুনি মাত॥
সৰ্ব্বাঙ্গে সুন্দৰ মণিপুৰেশ্বৰ
 আৰো অলঙ্কাৰাধিক।
যত গুণচয় সকলে আছয়
 উপমা কহিবো কিক ॥৫৭
যেন শিশুমুখে কৃত্য বাণী শুনি
 মনত মিলে উৎসুক।
নানা ৰসে কৃত্য মুখে লৱে আনি
 স্বাদে মধু বুলি যাক॥
যদি গঙ্গা পানী  ঘাটে তুলি আনি
 তাকে বুলি গঙ্গাজল।
ভাৰতৰ কথা পদ নিবন্ধিলো
 জন্মৰ হৌক সাফল॥৫৮

[ ৩০ ]

বব্ৰুবাহনৰ যজ্ঞৰ ঘোৰা অৰ্জ্জুনৰ ওচৰত
নিবেদন আৰু ক্ষমা ভিক্ষা

পদ

সেহি মণিপুৰ নগৰৰ সমীপত।
বেহু পাতি ধনঞ্জয় উঠিয়া ৰথত॥
হৰিত কামদেৱ সেনা অধিপতি।
যুৱনাশ্ব ৰাজা আছে সপুত্ৰ সহিতি॥ ৪৫৯
অনুশাল্ব নীলকেতু নৃপতি তহিতি।
হৰিবংশী কৃতবৰ্ম্মা সাত্যকী সহিতি॥
কৰ্ণৰ তনয় শুভনয় বৃষকেতু।
তেহো সাজি পাৰি আছে সমৰৰ হেতু॥৬০
আনোসব বীৰগণ আছে সেহি স্থানে।
ৰথে চৰি আছে অৰ্জ্জুনৰ বিদ্যমানে।
আন যত বীৰগণ আছয় তহিত।
সেহি থানে বব্ৰুবাহ অৰ্জ্জুনৰ সুত॥৬১
হস্তীস্কন্ধে যান্ত চিত্ৰাঙ্গদাৰ তনয়।
বিদূৰতে আকলিলা বীৰ ধনঞ্জয়॥
হস্তীস্কন্ধে নামি ৰাজা ভৈলা ভূমিপাৱ।
কৰযোৰ কৰি ৰাজা চালিলন্ত গাৱ॥৬২
কতো আগবাঢ়ি যান্ত নমস্কাৰ কৰি।
পুনৰপি যান্ত ৰাজা কৃতাঞ্জলি কৰি॥
পুনৰ্ব্বাৰ নমস্কাৰ কৰি দণ্ডৱতে।
যত ধন নিলা তাক দিলন্ত আগতে॥৬৩

[ ৩১ ]

সেহি থানে যত যত গৈলা কন্যালোক।
পুষ্প ফল ধৰি বোলে জয়ৰাশি হৌক॥
তাত পাচে বব্ৰুবাহ কটকে সহিতে।
অৰ্জ্জুনৰ আগতে পৰিলা দণ্ডৱতে॥৬৪
পুনৰপি বব্ৰুবাহ অৱেকুমাৰ
আপোনাৰ মুণ্ডৰ মেলিলা চুলিটাৰ॥
কেশটাৰ মেলি দুয়ো হাতে লৈলা তুলি।
অৰ্জ্জুনৰ চৰণৰ মলছিলা ধূলি॥৬৫
পুনৰপি বব্ৰুবাহ মণিপুৰেশ্বৰ।
কিছু কিছু কৰি পাচে চাপিলা ওচৰ॥
চৰণত ধৰি হেন বুলিলা বচন।
ক্ষেমিয়োক দোষ পিতৃ হুয়োক প্ৰসন্ন॥৬৬
তীৰ্থযাত্ৰা কালত যৈসানি গৈলা বন।
চিত্ৰাঙ্গদা গৰ্ভত ভৈলোহো উতপন্ন॥
পুত্ৰৱতে শিশুকালে তুলিলা উলুপী।
তোমাৰ ঔৰসে পুত্ৰ জানিবা স্বৰূপি॥৬৭
ৰাজ্যভাৰ ভাণ্ডাৰ যতেক ধন ধান্য।
মান্য কৰি তোমাৰ চৰণে দিলো দান॥
আগে নাজানিয়া মই ধৰিলো তুৰঙ্গ।
হেন জানি পিতৃ মোক নকৰিবা খঙ্গ॥৬৮
আন ইন্দ্ৰ সমান তাহাক নাই ভয়।
হেন জানি পিতৃ মোত হুয়োক সদয়॥

[ ৩২ ]

হেন যেবে স্তুতি নতি বুলিলেক ৰাজা
কামদেৱ প্ৰমুক্ষে বোলয় যত প্ৰজা॥৬৯
সবে বোলে পাণ্ডৱৰ সুপ্ৰসন্ন বিধি।
বিনা ৰণে জিনিলেক কাৰ্য্য ভৈল সিদ্ধি॥
যাক লাগি মনে লয় আছিল আমাৰ।
সিয়ো ৰাজা সবে বশ্য ভৈল পাণ্ডৱৰ॥৭০
মান্য কৰি পিতৃ বুলি দিলে ধন ধান্য।
পুত্ৰ বুলি আঙ্ক কেনে নেদে সমিধান।
সাধু সাধু ধনঞ্জয় বীৰ শিৰোমণি।
যাহাৰ শৱদ গুণে ঢাকিল ধৰণী॥৭১
সৰ্ব্বাঙ্গে সুন্দৰ গুণৱন্ত মহামণি।
ইহেন পুত্ৰক নমাতয় কোন গুণি॥

অৰ্জ্জুনৰ তিৰস্কাৰ

জৈমিনি বদতি শুনা ৰাজা জন্মেজয়।
কালে গ্ৰাসিলেক তাক জানিবা নিশ্চয়॥৭২
সি কাৰণে সদবুদ্ধি নাসে অৰ্জ্জুনৰ।
হাসিতে ক্ৰন্দন যেন সেহি পটন্তৰ॥
অৰ্জ্জুনৰ জাঙ্গে ৰাজা ধৰি আছে হাতে।
দূৰ বুলি লাঠি দিলা নৃপতিৰ মাথে॥৭৩
সেহি লাঠি বব্ৰুবাহে থাকিলন্ত সহি।
মাথা চাপৰায় অৰ্জ্জুনৰ পাশে বহি॥

[ ৩৩ ]

অৰ্জ্জুনে বোলয় দূৰ পাপিষ্ঠ দুৰ্জ্জন।
কেনমতে ভৈলি তই মোহোৰ নন্দন॥৭৪
কোনোবা বেশ্যাৰ পুত্ৰ কোনে জানে তোক।
নিচিনি নজানি কোনে বাপ বোল মোক॥
আগেসে মনুষ্যে লৱে ভয়ক্ষয় কৰি।
ছাগ বুলি বাঘৰ লাঞ্জত দেই জৰী॥৭৫
ভয়তে মনুষ্যে নেৰে পাচে নেৰে বাঘে।
তোৰ মোৰ পটন্তৰ ভৈল সেহি ভাগে॥
সমব ভূমিত দুৰণত ৰণ গাৱে।
সকল কটক সাজি আসে সেহি ভাৱে॥৭৬
কি কাৰণে ধন ধান্যে আনি দিলি হয়।
নহয় ক্ষত্ৰিয় জন্ম বেশ্যাৰ তনয়॥
সিসে মোৰ পুত্ৰ অভিমন্যু যাৰ নাম।
সুভদ্ৰাৰ গৰ্ভত তাহান ভৈল জন্ম॥৭৭
হৰিৰ মোহোৰ নৃপতিৰো প্ৰিয়কৰ॥
অল্পকালে অভিমন্যু গৈল যমঘৰ॥
দ্ৰোণ প্ৰতিমুখ্যে কৌৰৱৰ বীৰ যত।
চক্ৰবেহু যাৰ আগে ভৈল তৃণৱৎ॥৭৮
যুধিষ্ঠিৰ ৰাজাক সমৰে ৰক্ষা কৰি।
সিহেন তনয় অল্পকালে গৈল মৰি॥
সিসে সিংহ সম পুত্ৰ আছিল ছৱাল।
তাহাৰ আগত তই অধম ছাগল॥৭৯

[ ৩৪ ]

চিত্ৰাঙ্গদা মাতৃ তোৰ গন্ধৰ্ব্বৰ জী।
স্বৰূপত ভাল মন্দ তই জান কি॥
নটিনী মাৱৰ তোৰ নটৰ আকাৰ।
নটীৰ ছৱালে কি কৰিবি ৰাজ্যভাৰ॥৮০
শৰ ধনু কৱচক পাচ কৰি থৈয়ো।
চান্দি বান্ধি গলত মৃদঙ্গ গোট লৈয়ো॥
যাহাৰ উৎসৱ হোৱে তাকে গৈয়া চায়ো।
নৃত্য গীত কৰিয়া মৃদঙ্গ গোট লৈয়ো॥৮১
বিশেষত নট জাতি জানা কাপে জাপ।
নিচিনি নজানি যাকে তাকে বোল বাপ॥
ছাটক ছোটক তোৰ মাত খানি চাৰ।
হেনমত জনে কি কৰিবি ৰাজ্যভাৰ॥৮২

অৰ্জ্জুনৰ সৈতে যুদ্ধ কৰিবলৈ বব্ৰুবাহনৰ দৃঢ় সঙ্কল্প

জৈমিনি বদতি শুনিয়োক জন্মেজয়।
হেন যেবে নিন্দি মাতিলেক ধনঞ্জয়॥
মহাকোপে নৰনাথে মাতিলন্ত হাসি।
যশৰাশি পাইলো কত পিতৃ বুলি আসি॥৮৩
মহাকোপে আটোপে মাতিলা নৰনাথে।
আৰ কি সহয় লাঠি নমাৰিলা মাথে॥
যতেক বুলিলা মানে সহিবাক পাৰো।
মাৱক নিন্দিলা তুমি ইহাতেসে মৰো॥৮৪

[ ৩৫ ]

ইহাতেসে অধিক পোৱয় মোৰ গাৱ।
মই পুত্ৰ হেতু বেশ্যা জাতি মোৰ মাৱ॥
ধিক ধিক মোৰ জন্ম জীৱন ধিক্কাৰ।
ইয়ো বোলে ৰাজাক কৰিবো প্ৰতিকাৰ॥ ৮৫
ওবা ধনঞ্জয় তুমি বোলাস মুনিষ।
পুনৰপি ঘোৰা পাই কৰিব হৰিষ॥
চোৰৰ হাতত চেঙ্গ সেন্দূৰ নেৰায়॥
আগে দোষ কৰিলে দোষৰ ফল পায়॥৮৬
ছদ্ম কৰি মাৰি আছা ভীষ্ম কৰ্ণ দ্ৰোণ।
তুমি বোলা মোৰ সম বীৰ আছে কোন॥
কল বন মাজে যেন শশা দেই লৰ।
জন্তুত জনাৱে বৃক্ষ ডালিয়ো ডাঙৰ॥৮৭
সেহিমতে কুৰু সেনা মাৰি ভৈল গহ।
মোহোৰ প্ৰহাৰ তই খানিতেক সহ॥
নজানিসে পুনৰপি ঘোৰা আনি দিলো।
যেন কৰ্ম্ম কৰিলো তাহাৰ ফল পালো॥৮৮
হৰিষতে আসি ভৈল অনেক বিষাদ।
হেনতো নজানো তেনমতে অপৰাধ।
তোমাৰ আগতে ঘোৰা ধৰিব সম্প্ৰতি।
মেলায়োক ঘোৰা যাৰ আছয় শকতি॥৮৯
ভয় হন্তে ঘোৰা আনি দিলোহো তোমাক।
মোত দোষ নাই আবে ৰাখা আপোনাক।

[ ৩৬ ]

সুবুদ্ধিক সম্বুধিয়া মাতিলা নৃপতি।
ইহাৰ আমাৰ আৰো নাই মিত্ৰৱতি॥৯০
শত্ৰু ভাৱ হৈয়া আমি কৰিবো সমৰ।
হেন জানি আপুনি যুদ্ধক সাজ কৰ॥
কতো কতো কটকে ৰাখোক সিটো হয়।
দেখো আজি কেনমতে নিয়ে ধনঞ্জয়॥৯১
শিশু বৃদ্ধ কন্যাগণ আসি আছে মানে।
দিয়োক বিদায় যাউক নিজ নিজ স্থানে॥
বীৰগণে প্ৰৱন্ধে সাজিয়ো ৰথখান।
যুদ্ধৰ সম্ভাৰ বস্তু থাউক থানে থান॥৯২
পদাতি কটক যত কৰিয়ো নিৰ্ম্মাণ।
যুদ্ধৰ সম্ভাৰ সেনা থাকক থানে থান।
উচ্চৈশ্ৰবা সম হস্তী বাহুতে সহিত।
থাকোক সততে হেন শতকোটি শত॥৯৩
শুক্ল কৃষ্ণ চামৰে মণ্ডিত যাৰ গাৱ।
সুৱৰ্ণ নূপুৰ আনি আছে যাৰ পাৱ॥
সুৱৰ্ণ ৰুদ্ৰাক্ষ মালা যাৰ গলে দিলা॥
উত্তম সেন্দূৰে গণ্ডস্থলক লিপিলা॥৯৪
হেনমতে হস্তী যে অৰ্ব্বুদ তিনি বাণ।
যুদ্ধক প্ৰবন্ধে সবে থৈয়ো থানে থান।
নানাবিধ বাদ্য ভণ্ড যাহাৰ লগত।
শ্বেত পীত পেট নেট যাহাৰ গাৱত॥৯৫

[ ৩৭ ]

বলৱন্ত ৰূপৱন্ত মত্ত গজ হয়।
তাহাৰ থাকোক পুনু অৰ্ব্বদ দুতয়॥
চতুৰঙ্গ দলে সাজিয়োক সমুদায়।
হাতে হাতে অস্ত্ৰ শস্ত্ৰ ধৰিতে যুৱায়॥৯৬
পাণ্ডৱী দলক আজি দলিবো সকল।
অৰ্জ্জুনে দেখোক আজি মোৰ বাহুবল॥
ৰাজাৰ শুনিয়া হেন প্ৰচণ্ড আদেশ।
জয় জয় শব্দে বাদ্য বজাইলা অশেষ॥৯৭
যৈসানি তৈসানি মৰিবাৰ একেবাৰে।
আজিসে সবাৰো ধাৰ সুজিব ৰাজাৰে॥
চিৰকাল বহুত কৰিলে প্ৰতিপাল।
যাহাৰ সুখত দুখ নাই একোকাল॥৯৮
হেনয় ৰাজাৰ আজি পূৰো মনোৰথ।
জিনিলেয়ো যশ মৰিলেয়ো স্বৰ্গপথ॥
হেন অন্যো অন্যে সেনাসব ভৈলা সাজ।
গজ বাজী পদাতি যুদ্ধক ভৈলা সাজ॥৯৯
চাৰিয়ো দিশৰ প্ৰজা বোলে আসৰিশ।
ওবা ধনঞ্জয় তুমি বোলাস মুনিষ॥
ৰাজাক নিন্দিলি তই কটকটা ঘাৰ।
হেন জানো যম পাত মলছে তোমাৰ॥১০০
মাতৃ সমে ৰাজা এন্তে আছন্ত দুতয়।
জেঠ বহাগৰ যেন আদিত্য জ্বলয়॥

[ ৩৮ ]

সেহিসে মাৱত পাচে পুছিলা নৃপতি।
একৈক ঘোটক উচ্চৈশ্ৰবা সমগতি॥১০১
বহুবিধ অস্ত্ৰক থৈলন্ত উপৰত।
মুকুতাৰ মালা দিলা ঘোৰাব গলত॥
সাঞ্জি মাঞ্জি দৰ্পণ বান্ধিলা কপালৰ।
শিৰত কিৰীটি জ্বলে শুদ্ধ সুৱৰ্ণৰ॥১০২
অনেক ৰতনে ৰত্নকৰে জাতিস্কাৰ।
হেন ৰথে চড়ি চিত্ৰাঙ্গদাৰ কুমাৰ॥
গোবিন্দৰ চৰণত কৰিলা প্ৰণাম।
পিতৃক মাতৃক মনে কৰিলা প্ৰণাম॥১০৩
সমৰত জয় হৌক হেন মনস্কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥১০৪

ঝুনা

জয় হৰি জয় ৰাম।

ঝুমুৰী

নজানি ঘোৰা ধৰিলো।
বৰ দুখ লঘু হৈলো॥
মাৱকো যে ভবসাইলো।
ৰিপুগণ হসুৱাইলো॥১০৫
সিয়ো মান্য সুজিবোহো।
বাহুবল দেখাইবোহো॥

[ ৩৯ ]

বব্ৰুবাহনৰ অনুশাল্বৰ সৈতে যুদ্ধ

পদ

বব্ৰুবাহ বদতি শুনিয়ো ধনঞ্জয়।
মান্য কৰি ধন ধান্য আনি দিলো হয়॥১০৬
তথাপি তোমাৰ নভৈলেক ৰুচিকৰ।
দেখো কেনমতে আজি দিয়াহা সমৰ॥
আন কাম এৰি ডাটি ধৰিয়োক ধনু।
তুমি আমি অন্যে অন্যে বিদাৰিবো তনু॥১০৭
যেহি যাক পায় তাক মাৰিবা সমৰে।
তোমাৰ মৰণে ৰাখিবেক কোন নৰে॥
হেন জান আজি যমপুৰে দিবো ঠাই।
বিলম্ব নকৰি যুদ্ধ দিয়োক আতাই॥১০৮
জৈমিনি বদতি ৰাজা শুনা জন্মেজয়।
যুদ্ধক প্ৰবন্ধে ৰাজা বাপক মাতয়॥
হেন দেখি নৰপতি বীৰ অনুশাল্ব।
বব্ৰুবাহ ৰাজাক ধাইলেক ততকাল॥১০৯
আমি বিদ্যমানে কেনে যুজিবে অৰ্জ্জুন।
সজ্জনৰ প্ৰিয় অতি এহিসে কাৰণ॥
এহি বুলি অনুশাল্ব গৈলা আগবাঢ়ি।
নৱপাট শৰ টোণ হন্তে লৈলা কাঢ়ি॥১১০
নৱপাটে দৃঢ়তৰ ভেদিলা হৃদয়।
বৰ ছোট পাইলা বীৰ অৰ্জ্জুনতনয়॥

[ ৪০ ]

অনন্তৰে সাত শৰে অৰ্জ্জুনকুমাৰ।
অনুশাল্ব বীৰক ভেদিলা দৃঢ়তৰ॥১১১
শৰ হানি বাটতে কাটিলা দৈত্যৰাজে।
শৰহত ভৈলা দেখি বব্ৰুবাহ লাজে॥
কম্পায়া শৰীৰ পাচে মণিপুৰৰাজ।
কোটি এক শৰ বাছি লৈলা মহাৰাজ॥১১২
অতি স্থূলন্তৰ কঙ্কপাখি আছে চাই।
মেৰু ভেদিবাক পাৰে অগনি পৰায়॥
হেন এক কোটি শৰ এৰি দৃঢ়ৰাজ।
সকল শৰীৰ ঢাকি তেজ ভৈল বাজ॥১১৩
দুহানো শৰীৰ ক্ষত ভৈল শবঘাৱে।
ফুলিল পলাশ যেন অধিক সুহাৱে।।
দুয়ো বীৰ তৰুণ অধিকে সুকুমাৰ।
চাৰি শৰে চাৰি ঘোৰা কাটিলা তাহাৰ॥১১৪
অনন্তৰে কাটিলাহা সাৰথিৰো শিৰ।
শৰ হানি ধ্বজ কাটিলন্ত মহাবীৰ।।
সাত আঠ বাণে কাটিলন্ত ধনুখান।
শৰীৰতো ভেদিলন্ত দশপাট বাণ॥১১৫
ৰথত সাৰথি হত হত ভৈল ধনু।
শৰে জৰ্জ্জৰিত ভৈল অনুশাল্ব তনু॥
হেন দেখি মহাকোপে বীৰ অনুশাল্বে।
লৱৰন্তে আন ধনু ধৰি ততকালে॥১১৬

[ ৪১ ]

বব্ৰুবাহ ৰাজাৰ বিচিত্ৰ ৰথখান।
তাক কাটি সাৰথিৰ লৈলন্ত পৰাণ॥
হেন দেখি আন ধনু ধৰি ততকালে।
অনুশাল্ব বীৰে ৰথ কাটিলা সকালে॥১১৭
ভগ্নৰথ ছাৰি মহা ক্ৰোধে দৈত্যনাথে।
ভয়ঙ্কৰ গদাগোট তুলি লৈলা হাতে॥
মাৰো বব্ৰুবাহ আজি সেন্থৰে নেবাস॥
গদাহানি অনুশাল্ব তেজিলা আটাস॥১১৮
সিয়ো গদা কাটিলন্ত অৰ্জ্জুনৰ সুত।
এক কোটি শৰ বাছি লৈলা অদভুত॥
মহাকোপে আটোপে মাৰিলা নৰেশ্বৰ।
অনুশাল্ব বীৰক ভেদিলা দৃঢ়ত্তৰ॥১১৯
সেই কোটি এক শৰে ভৈলন্ত মূৰ্চ্ছিত।
ৰথহন্তে ফুৰি ফুৰি পৰিলা ভূমিত॥
সবে চাহি আছন্ত মৰিল দৈত্যৰাজ।
জীম ভৈলা সবে সেনা পাণ্ডৱী সমাজ॥১২০

প্ৰদ্যুম্নৰ সৈতে যুদ্ধ।

অনুশাল্ব বীৰ পৰিবাৰ হেন দেখি।
ধাইলা কামদেৱ বীৰ খানিকো নাপেখি॥
প্ৰদ্যুম্ন বোলয় আবে খানিতেক ৰহ।
এতিক্ষণে তোহোৰ ভাঙ্গিবে সবে গহ॥১২১

[ ৪২ ]

শশাৰ আগত যেন মূষে কৰে দৰ্প।
সিংহে লাগ পাইলে সবে ভাঙ্গিবেক কৰ্প।
এহি বুলি হৰিসুতে ধৰি দৃঢ়তৰে।
সুৱৰ্ণ পুঙ্খিয়া শৰ ধৰিল সত্বৰে॥১২২
দৃঢ়তৰ সন্ধানে ভেদিলা মহাক্ৰোধে।
হৰিষতে বব্ৰুবাহ লাগি গৈলা যুদ্ধে॥৪
বব্ৰুবাহে মাৰিলেক অযুতেক শৰ।
সকলো শৰীৰ ভেদিলেক প্ৰদ্যুম্নৰ॥১২৩
অযুতেক শৰৰ প্ৰচণ্ড পায়া ছোট।
নলৰে নচৰে যেন মৰা গাছ গোট॥
স্বৰগ পৰাৰ মতে থাকিলেক থিৱ॥
বৰ ছোটে ভাগ্যে যেন নমৰিল জীৱ॥১২৪
হাত ভৰি ফুঙ্কিলে নলৰে সমুদায়।
নাহিকে চেতন যেন মৃতক পৰায়॥
হেন দেখি অধৰ্ম্ম উপেক্ষি নৰেশ্বৰ।
প্ৰদ্যুম্নক লাগি আৰো নকৰিলা শৰ॥১২৫
প্ৰদ্যুম্নক এৰিয়া অন্যক দিলা ধাৰ।
পাণ্ডৱৰ সেনাৰ লাগিল মহামাৰ॥
যাকে লাগি বব্ৰুবাহে মাৰে সমুদায়।
সেহি শৰে মৰে আৰো নথাকে জীয়াই॥ ১২৬
লৱৰি পলায় সেনা নকৰে সমৰ।
যুগান্তৰ যম যেন দেখি লাগে ডৰ॥

[ ৪৩ ]

সিবেলাত ৰাজাক দেখন্তে লাগে ভয়।
প্ৰলয় কালৰ যেন আদিত্য জ্বলয়॥১২৭
কতো বেলি স্বস্থ ভৈলা হৰিৰ কুমাৰ।
দেখন্ত নাহিকে প্ৰজা আছা একেশ্বৰ॥
ধিক ধিক মোহোৰ কুযশ আতি ভৈলা।
এহি বুলি কামদেৱে ধনু শৰ লৈলা॥১২৮
কৰ্ণমানে টানিয়া মাৰিলা শৰচয়।
সেহি শৰে বিমূৰ্চ্ছিত অৰ্জ্জুনতনয়॥
দেখন্ত সি ঠাইত আছে সেনাগণ যত।
প্ৰদ্যুম্নৰ শৰে সবে ভৈল মৃতৱত॥১২৯
প্ৰমত্ত মাতঙ্গ সম যত সেনাগণ।
তাক কামদেৱে হেন কৰিলেক ছন্ন॥
ৰাহুতে মাহুতে আছিলেক উঠি উঠি।
পৰি পৰি মৰে সবে কাম শৰে ফুটি॥১৩০
সবে মহা অতিৰথী সম নাই কেৱ।
হৰি-হৰ যুদ্ধে যেন ধাইলা কামদেৱ॥
সবে মিলি ধাই গৈলা কুৰি শৰ ধৰি।
সবাহাৰে নাম শুনা ভিন্ন ভিন্ন কৰি॥১৩১
যুৱনাশ্ব ৰাজা যিটো ত্ৰিভুৱনে সাৰ।
হংসধ্বজ নৃপতিৰ দুতয় কুমাৰ॥
মেঘবৰ্ণ বীৰ ঘটোৎকচৰ তনয়।
এসম্বাক ৰণে ধাইলা কুৰি শৰ তয়॥ ১৩২

[ ৪৪ ]

সমৰক মনে ধাইলা কুৰিখান ৰথে।
বাণ হানি কুৰি ৰথ কাটিলা বাটতে॥
কতো বেলি চেতন লভিলা হৰিসুত।
দেখন্ত আগতে সেনা পৰিল বহুত॥১৩৩
আৰো কুৰি ৰথ পৰি আছে সেহি ঠাই।
হেন দেখি কামদেৱে ক্ৰোধে গৈলা ধাই॥
পুনৰপি ৰণত প্ৰবেশে মহাবীৰ।
বাহু ডাঙ্গি মাৰিয়া ৰণত ভৈলা থিৰ॥১৩৪
বব্ৰুবাহ ৰাজাক ধৰিলা আঙ্কোৱালি।
আকাশক লাগিয়া মাৰিলা হু হু বুলি॥
পুনৰপি বব্ৰুবাহ ৰাজা মহাকোপে।
কামদেৱ বীৰক যে ধৰিলা আটোপে॥১৩৫
আঙ্কোৱালি ধৰিয়া পেলাইলা মহীতলে।
ধৰণীত ধৰিয়া ঝান্টিলা বাহুবলে॥
কিছু কিছু কৰি স্বস্থ ভৈলা কলেবৰ।
বৰ ছোট লভিলা নগৈল যমপুৰ॥১৩৬
থাক থাক বুলি বীৰে থাকি গৈল তদা।
হৰিসুতে ধৰিলেক ভয়ঙ্কৰ গদা॥
গদাঘাৱে নিপতিৰো তোহোৰ শৰীৰ।
এহি বুলি গদা প্ৰহৰিলা মহাবীৰ॥১৩৭
গদাগোট আসে দেখি অৰ্জ্জুনকুমাৰে।
বাটতে কাটিলা গদা ভল্ল ভিণ্ডি শৰে।

[ ৪৫ ]

গদা ছন্ন ভৈলন্ত দেখিয়া নৰেশ্বৰ।
পুনৰপি কামদেৱক ভেদি তিনি শৰ॥১৩৮
আৰো এক শৰে বিদাৰিল বক্ষস্থল।
সম্যক দেখিয়া হেন হৰৰ ত্ৰিশূল॥
হেন শৰসব ধৰি অৰ্জ্জুনকুমাৰে।
কামদেৱ বীৰক ভেদিলা দৃঢ়তৰে॥১৩৯
দুয়ো বলে বলত তৰুণ সুকুমাৰ।
দুয়ো বলে যুদ্ধে ঘোৰ, ৰণে অনিৰ্ব্বাৰ॥
দুয়ো ৰূপৱন্ত বলৱন্ত গুণৱন্ত।
দুয়োক দুই ছিদ্ৰ চাই প্ৰৱন্ধে ফুৰন্ত॥১৪০
দুহান্তৰ ভঙ্গ দুই চাহন্ত প্ৰৱন্ধে।
অন্যো অন্যে ছিদ্ৰক চাহন্ত দুই দণ্ডে॥
হেনমতে যুদ্ধত আছন্ত দুয়ো বলী।
অনন্তৰে দুইকো দুই ধৰি আঙ্কোৱালি॥১৪১
গাৱে বল আছে মানে আজোৰেক দিল।
শ্ৰুতি এৰি দুয়ো বীৰ ভূমিত পৰিল॥
দুয়ো মহা ছোট লভিলন্ত একেলগে।
বব্ৰুবাহ নৃপতিৰ উঠিলন্ত আগে॥১৪২
যেন বাজু পাতি মেৰু শিখৰ খসিল।
সেহিমতে দুয়ো বীৰ ভূমিত পৰিল॥
সেহি সময়তে ৰথে চৰিলা নৃপতি।
দেখে কামদেৱ ভৈল মৃতক সঙ্গতি॥১৪৩

[ ৪৬ ]

এবে যেবে তাক মাৰো অধম পামৰ।
এহি বুলি পাণ্ডৱী সেনাক দিলা ধাৰ॥
ৰথী ৰথ সাৰথি নৃপতি অদভূত।
আন বীৰগণ তথা মাৰিলা বহুত॥১৪৪
হস্তী বীৰ হয় ৰথ মাৰিলা প্ৰৱন্ধে।
ঢাকিলেক ৰণস্থলী অনেক কৱন্ধে॥
হাত ভৰি কৰ্ণ ভেদি আছে থাৱে থাৱে।
কেৱলে যে মাথা নাহি উচিত স্বভাৱে॥১৪৫
হেনয় কৱন্ধে ঢাকিলেক ৰণস্থলী।
চান্দে বান্ধে মাৰে সবে হাসে খল খালি॥
কৌতূহলে দুয়ো দলে কৰিলা সমৰ।
শৰৰ পীড়াক নগণয় একো নৰ॥১৪৬
ৰতিসঙ্গকালে যে তৰুণী নখঘাৱে।
নকৰে বেদনা যেন অধিকে সুহাৱে॥
বহুবিধ বীৰ মৰি আছে পৃথিবীত।
মৰিলেয়ো খড়্গ চৰ্ম্ম নেৰয় হাতত॥১৪৭
কেহো পৰি আছে ধনু ধৰিয়া হাতত।
মৰন্তেয়ো পৰি আছে বীৰ সেহিমত॥
হস্তীয়ো মাহুত সমে মৰিয়া আছয়।
ঘোৰায়ে ৰাহুতে মৰিলেক এক ঠাই॥১৪
পাণ্ডৱী সেনাত বৰ মিলিল প্ৰমাদ।
ৰণ জিনি বব্ৰুবাহে কৰে শঙ্খনাদ॥

[ ৪৭ ]

বব্ৰুবাহ ৰাজাৰ বিষম হেন শৰ।
কৱচ সহিতে ভেদিলেক কলেৱৰ॥১৪৯
গজ বাজী প্ৰজা ভেদি বিদূৰক চলে।
যহিতে পৰয় তৈতে বহ্লিকুণ্ড জ্বলে।
হেন যেবে কৰ্ম্ম কৰিলেক নৰপতি।
পাণ্ডৱী সেনাক মাৰে একৈক বিংশতি॥১৫০
পাণ্ডুদলে বোলে মিলি সবে কৰা শৰ।
ভেবে বা সঙ্কোচ হোৱে, মণিপুৰেশ্বৰ॥
এহি আলোচনা কৰে সবে বীৰগণ।
অনুশাল্ব দৈত্যপতি ধাইলা তেতিক্ষণ॥১৫১
কামদেৱো ধাইলা পাণ্ডৱৰ সেনাপতি।
যুৱনাশ্ব ৰাজা ধাইলা সপুত্ৰ সহিতি॥
হস্তীস্কন্ধে প্ৰৱন্ধে চৰিলা বৃষকেতু।
হংসধ্বজো লৰি গৈলা সমৰক হেতু॥১৫২
ঘটোৎকচ সুত মেঘবৰ্ণ বলিয়াৰ।
সবে বেঢ়ি বোলে ধৰ ধৰ মাৰ মাৰ॥
তাসম্বাক দেখি ভৈল সঙ্কোচিত কায়।
একল বীৰক লাগি বহুবীৰ ধায়॥ ১৫৩
নৃপে বোলে উচিত কৰিবো এই ঠাই।
পাঞ্চ পাঞ্চ শৰ মাৰি লগাইবোহো ঠাই॥
সেহি থানে ৰাজাগণ মৃতকৰ বেশ।
সোলকিল দশন মুকুত কৰি কেশ॥১৫৪

[ ৪৮ ]

হৃদয়ত হাত দিয়া শৰ ধনু এৰি।
অধোমুখে ৰথত থাকিলা জানুপাৰি।
তথাপিতো কোপ ক্ষেমা নাহিকে ৰাজাৰ।
পুনৰপি শৰচয় কৰিলা প্ৰহাৰ॥১৫৫
সেহি শৰে বিৰথী কৰিলা বীৰগণ।
কাটিলন্ত ধনু ধ্বজ ৰথৰ ভূষণ॥
ভয় হুয়া সবাহাৰে কাম্পয় শৰীৰ।
শৰছোটে সবাহাৰে গাৱে নুহি থিৰ॥১৫৬
তাক বীৰগণে জিজ্ঞাসিয়া কৰে পান।
যজ্ঞ বেলা সুৱৰ্ণক দিলা বাৰ মান॥
সবাহন্তে যুদ্ধ এৰি পলাই বাৰে বাৰে।
লৰিবাক নপাৰিলা পলাইবাকো ডৰে॥১৫৭
কতোহো বিশ্ৰুতি হুয়া সমৰক ধায়।
কতো প্ৰাণ ৰাখি ফুৰে সমৰক যায়॥
পুনৰপি শৰ ধৰি অৰ্জ্জুনৰ সুত।
ডাক দিয়া বোলে অৰে বীৰ আছ কৈত॥১৫৮
তযু সেনা পলায় ৰণে জানিলো বহুত।
যুদ্ধক আশায়ে পলায় আছ অৰে সুত॥
চতুৰঙ্গ দলে সাজি আসিলোহো যত।
বিস্তৰ মাৰিলি সেনা মোহোৰ আগত॥১৫৯
হেলাত সহিলা কোপ নভৈল তোমাৰ।
ক্ষত্ৰিয় জাতিত নুহি হেন ব্যৱহাৰ॥

[ ৪৯ ]

এবে আগবাঢ়ি ৰণ দিয়োক আতাই।
জানিলোহো অজি তুমি পলাইলে নেৰাই॥১৬০
তোমাৰ বচনে কোপ নাহি উপসন্ন।
মাৰিলো বিস্তৰ সেনা কৰি ঘোৰ ৰণ॥
সেহি শৰে মোহ ভৈলা শত্ৰু সেনা যত।
অস্ত্ৰ শস্ত্ৰ এৰি সবে পলাইলা ৰণত॥১৬১
হেন দেখি আদেশিলা বব্ৰুবাহ ৰাজা।
বন্দী কৰি নগৰক নিয়ে যত প্ৰজা॥
জীৱন্ততে গজ বাজী নিয়োক নগৰে।
লৰিতে নপাৰে সিটো থাকোক নগৰে॥১৬২
ৰাজাৰ আদেশ শুনি চেৱটীয়া যত।
চলাৱন্ত প্ৰজাক যুদ্ধত পাই যত॥
জৈমিনি বদতি শুনিয়োক জন্মেজয়।
বাপৰ পুত্ৰৰ যুদ্ধ ভৈল কেন নয়॥১৬৩
বাপক জিনিল যেন লৱ কুশ বীৰে।
জৈমিনি বদতি শুনিয়োক নৰেশ্বৰে॥
অৰ্জ্জুনৰ পুত্ৰৰ তেনয় যুদ্ধ ভৈলা।
যথা তথা কথা মনে কহিবাক লৈলা॥১৬৪

হংসধ্বজৰ সৈতে যুদ্ধ

ৰণ জিনি বব্ৰুবাহ আছে সেহি ঠাই।
হেন দেখি ৰাজা হংসধ্বজ গৈলা ধাই॥

[ ৫০ ]

বব্ৰুবাহ ৰাজাৰ হস্তীৰ ৰথখান।
হংসধ্বজ ৰাজা কাটি কৰি খান খান॥১৬৫
পুনৰপি হংসধ্বজে মাৰি কোটি বাণ।
বব্ৰুবাহ ৰাজাৰ কাটিলা ধনুখান।
পুনু শৰ কৰি বীৰে ভেদিলা হৃদয়।
লালকাল ভৈলা বীৰ অৰ্জ্জুনতনয়॥১৬৬
বব্ৰুবাহ ৰাজা যত মাৰি আসে শৰ।
সকল নিৰ্ম্মল কৰিলেক শৰীৰৰ।
যেন মধুলোভে আসি ফুৰে মধুকৰ।
সেহিমতে হংসধ্বজ নৃপতিৰ শৰ॥১৬৭
আকাশত পক্ষী যেন ফুৰে জাকে জাক।
প্ৰলয়ৰ বহ্লি যেন দেখয় ৰাজাক।
পাঞ্চ অক্ষৌহিণী সেনা মাৰিলা সমৰে।
সামৰাজে পলাই কেহো সমৰক ডৰে॥১৬৮
তেনয় বীৰত্ব কৰিলেক হংসকেতু।
ৰাজাৰ সেনাক বৰ দেখাইলা বীৰতু।
সেই সময়ত তান পৰিল মনত।
দুই পুত্ৰ মৰিলন্ত সেই সমৰত॥১৬৯
পুত্ৰশোকে ঝমক দেখন্ত মহাৰায়।
ঢলে পৰে কৰে দেহা বিহ্বল পৰায়।
হৰি হৰি কি কাৰণে মাৰো সেনাগণ।
দুই পুত্ৰ নষ্ট কৰি কি কৰে জীৱন॥১৭০

[ ৫১ ]

সেহিবেলা ছিদ্ৰ পাইলা অৰ্জ্জুনতনয়।
শৰহানি নৃপতিৰ ভেদিলা হৃদয়।
শোকে দুখে ৰাজা যেন নসহে শৰীৰ।
সবে চাহি আছন্ত পৰিল মহাবীৰ॥১৭১

সুবেগৰ সৈতে যুদ্ধ

হংসধ্বজ নৃপতিক পৰিবাৰ দেখি।
ভঙ্গ দিল। পাণ্ডুসেনা খানিকো নাপেক্ষি॥
সেনা ভঙ্গে খঙ্গিলা সুবেগ মহাবীৰ।
নৃপতিক মাতে কোপে কম্পায়া শৰীৰ॥১৭২
যুৱনাশ্বতনয় সুবেগে বোলে বাক।
খানিতেক থাক তোক পেশো যমলোক॥
এহি বুলি ধনু ধৰি যুৱনাশ্বত।
টোণ হন্তে বাছি শৰ লৈলন্ত বহুত॥১৭৩
নবশৰে দৃঢ়তৰে ভেদিলা হৃদয়।
বৰ দুখ পাইলা বীৰ অৰ্জ্জুনতনয়॥
পুনৰপি তিনি শৰ কৰিলা প্ৰহাৰ।
এক শৰে ধনুখান কাটিলা তাহাৰ॥১৭৪
আউৰ শৰে ধনুৰ কাটিলা সবে সাজ।
ইক্ষুদণ্ড ভাঙ্গিলন্ত যেন গজৰাজ॥
পৰম বৈষ্ণৱ হংসধ্বজ নৰপতি।
আমি বিদ্যমানে তান হেন বিসঙ্গতি॥১৭৫

[ ৫২ ]

কিঞ্চিতেকো মান ক্ষমা নাই সুবেগৰ।
দুনাই মাৰিলন্ত সাত সহস্ৰেক শৰ॥
সিয়ো শৰে ভেদিলেক অৰ্জ্জুনপুত্ৰক।
তেবেসে সুবেগ গৈয়া পশিল কটক ॥১৭৬
নৱশত শুক্লহস্তী দেখিতে শোভন।
যুৱনাশ্বসুতে তাক কৰিলেক ছন্ন॥
শুণ্ড মুণ্ড কাটি সবে দৌল বান্ধি থৈলা।
মাংসে যে শোণিতে ৰণভূমি পঙ্ক ভৈলা॥১৭৭
পদাতিৰ মুণ্ড কাটি পেলাইলা বহুত।
নিয়ন্তে যাহন্তে ভাগৰিল যমদূত॥
ঢাকিলেক পদাতিয়ে ধৰণীমণ্ডল।
কৌতূহলে সৰে যেন পকা তালফল॥১৭৮
ডাকিনী যোগিনী প্ৰেত পিশাচ ভৰয়।
আজুৰি আজুৰি মনুষ্যৰ মাংস খাই॥
সিবেলাত সুবেগৰ সম নাহিকয়।
নিৰ্জ্জন বনত যেন জ্বলে দীপচয়॥১৭৯
সুবেগক প্ৰশংসা কৰয় ঘোৰ দণ্ডে।
মাংস যে শোণিত পান কৰিয়া আনন্দে॥
পুনৰপি সুবেগে জুৰিলা একশৰ।
প্ৰলয়ৰ বহ্ণি যেন দেখি ভয়ঙ্কৰ॥১৮০
থাক বব্ৰুবাহ আজি লৈবোহো পৰাণ।
হংসধ্বজ নৃপতিৰ সুজিবোহো মান॥

[ ৫৩ ]

এহি বুলি শৰপাত প্ৰহাৰিলা ডাটি।
দেখি বব্ৰুবাহ ৰাজা পেসাইলেক কাটি॥১৮১
আদখান পাচে শৰ থাকিলেক পৰি।
আদ আদখান শৰ আসিল উফৰি॥
দেখি বব্ৰুবাহ ৰাজা মাৰি তিনি বাণ।
সিয়ো অদৃথানক কৰি তিনিখান॥১৮২
তাৰ আখান গৈয়া পৰিল গাৱত।
মূৰ্চ্ছা গৈয়া বব্ৰুবাহ পৰিলা ৰথত॥
ৰথমাজে বব্ৰুবাহ থাকি গৈল পৰি।
কৌতূহলে কৰে বীৰ লৱৰা লৱৰি॥১৮৩
সিবলোত সুবেগৰ সম নাহিকয়।
প্ৰলয় কালৰ যেন আদিত্য জ্বলয়॥
কতো বেলি স্বস্থ ভৈল অৰ্জুনতনয়।
কোপ কম্পমানে যেন অগনি জলয়॥১৮৪
থাক আজি সুবেগ বিনাশ কৰো তোক।
আন কোন বীৰে আসি তোক ৰাখিয়োক॥
এহি বুলি শৰপাট ধৰিলেক ডাটি।
সুবেগৰ শিৰগোট পেলাইলেক কাটি॥১৮৫
চম্বুৰণে পৰিল সুবেগ মহামতি।
গিৰ গিৰ শৱদে লৰি বসুমতী॥
চন্দ্ৰ সম মুখগোট দেখিতে শোভন।
সুবেগৰ ৰূপ গুণ আতি বিতোপন॥১৮৬

[ ৫৪ ]

তেবেসে পশিলা ৰাজা পাণ্ডৱী সেনাত।
সহস্ৰ অযুত লক্ষ কৰিলা নিপাত॥
সকলো কটক হত ভৈল ৰণমাজে।
কৰ্ণসুত বৃষকেতু অৰ্জ্জুনত বাজে॥১৮৭
কতো বীৰগণ পৰি আছে মৰি মৰি।
কতো নগৰক লাগি নিলা বন্দী কৰি॥
কামদেৱ আদি কৰি নিলা বন্দী যাক।
উলুপী ঔধষ দিয়া জীয়াইলা সবাক॥১৮৮

যুদ্ধত পৰাজয় দেখি অৰ্জুনৰ চিন্তা

হেন দেখি অৰ্জ্জুনৰ সংশয় মনত৷
মোহোৰ ভিতিৰ সেনা সবে ভৈল হত॥
হংসধ্বজ হত ভৈল ইটো ঘোৰৰণে।
আন বীৰগণ কোনে গণিতাত গণে॥১৮৯
হৰিসুত কামদেৱ বীৰ মহামতি।
সবে মিলি বাছিয়া পাতিলা সেনাপতি॥
সবাৰে আগত তাঙ্ক নিলা বন্দী কৰি।
আক কেনমতে জিনিবোহো হৰি হৰি॥১৯০
যুৱনাশ্ব ৰাজা যিটো পৃথিবীতে সাৰ।
যাহাৰ ঘোটকে যজ্ঞ সিজিল ৰাজাৰ॥
সি হেন নৃপতি সামৰাজে ভৈল হত।
আউৰ কেনমতে জয় সাধিবো ৰণত॥১৯১

[ ৫৫ ]

মোক ঢাকি প্ৰথমে যুজিল অনুশাল্ব।
সিয়ো ৰাজা হত ভৈল মোহোৰ কপাল॥
এহি সমৰতে হত ভৈল নীলকেতু।
আউৰ কেনমতে মোৰ জীৱনৰ হেতু॥১৯২
হিড়িম্বীত হন্তে ভৈল ভীমৰ তনয়।
ঘটোৎকচ বুলি বীৰ যাক সম নয়॥
তাহান তনয় মেঘবৰ্ণ ভৈল হত।
আউৰ কেনমতে জয় সাধিবো ৰণত॥১৯৩
সুবেগৰ যুদ্ধ আজি তোমাতে বেকত।
যাৰ শৰে বব্ৰুবাহ মৰে ক্ষণেকত॥
তুমি আমি প্ৰাণ ৰাখি আছে এহি ঠাই।
দুইহান্তৰো প্ৰাণ আজি সুজু সমুদায়॥১৯৪

অৰ্জুনৰ অমঙ্গল দৰ্শন

যুধিষ্ঠিৰ ৰাজা শুনি পাইব বৰ দুখ।
এহিসব বাৰ্ত্তাক পাইবেক কাৰ মুখ॥
এহি কথা মাতে বসি আছয় দুইহন্তে।
আসিল শগুণগোট আকাশৰ হন্তে॥১৯৫
অৰ্জ্জুনৰ কিৰীটিত পৰি দিলা ৰাৱ।
মৃত্যু ভাৱ দেখাই পাচে কৰিলা উৰাৱ।
আৰো বিমঙ্গল দেখাই অৰ্জ্জুনক প্ৰতি।
ৰথৰ উপৰে আসি পৰিল কুপতী॥১৯৬

[ ৫৬ ]

মুণ্ড নাহি গাণ্ডী গোট আপোনৰ ছায়া।
তাক দেখি অৰ্জ্জুনৰ থিৰ নাহি কায়া॥
সেহিবেলা অৰ্জ্জুনৰ নাহিকে নিমেষ।
মাথা নাহি গাণ্ডীগোট দেখিতে কুবেশ॥১৯৭
অৰ্জ্জুনে জানিলা আজি মৃত্যু হৈবে মোৰ।
বৃষক বোলন্ত বাপু যায়োক সত্বৰ॥
মোহোৰ মৰণে বৰ হৈবেক অকাৰ্য্য।
যজ্ঞ সিদ্ধ হৈব কেনমতে ধৰ্ম্মৰাজ॥১৯৮
তুমি আজি মৰ যদি সমৰ ভূমিত।
শুনি কুন্তী মাৱে শোক কৰিবে বহুত॥
ভাৰত পয়াৰ শুনিয়োক মন কৰি।
সকল সমাজে ডাকি বোলা হৰি হৰি॥১৯৯

যুদ্ধৰ সংবাদ যুধিষ্ঠিৰক জনাবলৈ অৰ্জ্জুনৰ আদেশ

ছবি

অৰ্জ্জুনে বোলয় বাপু শুনিয়োক বৃষকেতু
 মোৰ জীৱনৰ নাই আশ।
ধৰ্ম ভীম দুইহান্তক মাদ্ৰীৰ তনয় যথা
 লৰি যায়ো তাসম্বাৰ পাশ॥
তাসম্বৰ আগে গৈয়া  হেন বাৰ্ত্তা কহিবাহা
 ধনঞ্জয় গৈল পৰলোক।

[ ৫৭ ]

একোৱে প্ৰকাৰে প্ৰাণ ৰক্ষা নপৰয় জানা
 তেবে দূত পঠাই দিলা মোক॥২০০
সংসাৰৰ যত ভোগ সবে ভৈল উপযোগ
 নাৰায়ণ চৰণ প্ৰসাদে।
দেৱাসুৰ মনুষ্যক সবাকো জিনিলো ৰণে
 নপাইলেক খানিকো প্ৰমাদে॥
আজি মোৰ সমৰত নিশ্চয় মৰণ হৈব
 আকলিলো বিমঙ্গল দেখি।
হৰি হৰি দৈৱ বিধি মৰিবাৰ বেলা মই
 নেদেখিলো বাসুদেৱ সখি॥২০১
যুধিষ্ঠিৰ আগে গৈয়া  হেন বাৰ্ত্তা কহিবাহা
 মোক লাগি এৰা অসন্তোষ।
চাৰি ভাই আলোচিয়া বাসুদেৱ সখা কৰি
 যেন যুৱাই তাকে কৰন্তোক॥
তোমাৰ শৰীৰে যেবে  ঘাৱ দুখ বেথা গৈল
 সৰ্ব্বক্ষণে বহে তেজধাৰ।
এবে যেবে ভৈল নষ্ট ঘোৰাৰ নিমিত্তে কষ্ট
 যজ্ঞ কেন সিজিব ৰাজাৰ॥২০২
কুন্তী মাৱৰ চৰণত  প্ৰণাম কৰিয়া আগে
 হেন কথা কহিবাহা বাপ।
পাঞ্চগুটি পুত্ৰ তান একগুটি নষ্ট ভৈল
 মোক লাগি এৰন্তোক তাপ॥

[ ৫৮ ]

গান্ধাৰীৰ শতপুত্ৰ সমৰত মাৰিলোহো
 তেবে কেন ধৰিলন্ত চিত্ত।
তাহান যে চাবি পুত্ৰ ইন্দ্ৰ সম বলিয়াৰ
 মহাবীৰ জগতে বিদিত॥২০৩
মোত গহে ধৰ্ম্মৰাজ  আলোচিলে যত কাজ
 এবে মিছা ভৈল সমুদায়।
শত্ৰুত বীৰত্ব কথা মিত্ৰত অৱস্থা ব্যথা
 তোমাতেসে কহিতে যুৱাই॥
আগে মোৰ হেন চিত্ত যত পাওঁ ধন বিত্ত
 বিপ্ৰক কৰিবো সবে দান।
যজ্ঞ সমাপতি ভৈলে যুধিষ্ঠিৰ নৃপতিক
 অৱভৃথে কৰাইবেক স্নান॥২০৪
বহুবিধ নৃত্য গীত কৰি ৰাজা মনোনীত
 বাদ্য ভণ্ড বজাইব সকল।
হাতে ফুল ফুল ধৰি অনেক সধৱা নাৰী
 আগে পাচে কৰাইব মঙ্গল॥
স্ৰুৱ স্ৰুক বুলি যাক  কনকে ৰচিব তাক
 সুৱৰ্ণে ৰচিব আৰো তেনে।
ব্ৰহ্মচাৰী দণ্ডধাৰী দুখী ভীক্ষী দেশান্তৰী
 সবাকে তুষিব ধন ধানে॥২০৫
ভীমসেনত যে গৈয়া হেন বাৰ্ত্তা কহিবাহা
 এবেসে তাহান মুনিষাই।

[ ৫৯ ]

এদিনাত ধৰ্ম্মৰাজ কৰিলেক যত কাৰ্য্য
 সি কালত আমিও সহায়॥
ইদিনাৰ থানে আৰো  নকৰিবা একো কাৰ্য্য
 যদি হাক নুশুনে আমাৰ।
হস্তীৰ পিচলে পাৱ  সজ্জনৰো বুৰে নাও
 আঙ্ক তুমি জানিবা সবাৰ॥২০৬
দ্ৰৌপদীত প্ৰবন্ধে যে হেন বাৰ্ত্তা কহিবাহা
 মোক লাগি জানো চিন্তা কৰে।
ক্ষত্ৰিয়ৰ বিধৱা যে পৃথিবীত নিমাখিতী
 তেহো কেনমতে চিত্ত ধৰে॥
তাহান যে চাৰি পতি  যেন দ্বিতী সুৰপতি
 অৱশ্যে কৰিব প্ৰতিপাল।
তাতেসে অধিক দুখ  নেদেখিলো প্ৰিয়া মুখ
 অন্তকালে কি মোৰ কপাল॥২০৭
দেৱাসুৰ মনুষ্যক সবাকো জিনিলো ৰণে
 তেবেসে বোলাইলো সব্যসাচী।
হস্তী গুচি মাখি ভৈলা  গো খোজতে তল গৈলো
 কচুত ভাঙ্গিল যেন কাছি॥
ভীষ্ম কৰ্ণ জয়দ্ৰথ বৃহৎসেন গুৰু দ্ৰোণ
 লীলায়ে পেশিলো যমপথ।
কোনোবা পাপৰ ফলে বব্ৰুবাহ নৃপতিত
 সবে চূৰ ভৈল গৰ্ব্ব যত॥২০৮

[ ৬০ ]

জয় জয় নৃপবৰ দুৰ্ল্লভনাৰায়ণ ৰাজা
 কামাখ্যা গোসানী দেন্ত বব।
সপুত্ৰ বান্ধৱে নিতে সবান্ধৱে মনোনীতে
 জীৱন্তোক সহস্ৰ বৎসৰ॥
তাহান ৰাজ্যতে গত সৰ্ব্বজন মনোনীত
 অশ্বমেধ পদমধ্যে সাৰ।
বিপ্ৰ হৰিহৰ কবি হৰিৰ চৰণ সেৱি
 পদবন্ধে কৰিলো প্ৰচাৰ॥২০৯

যুদ্ধ এৰি উভতি যাবলৈ বৃষকেতুৰ অনিচ্ছা

পদ

বৃষকেতু বোলে খুড়া কেনে ভৈলা ভয়।
ত্ৰিভুৱনে খ্যাতিমন্ত বীৰ ধনঞ্জয়॥
যাহাক নাটিলে কৰ্ণ ভীষ্ম গুৰু দ্ৰোণে।
তাহান কি ৰণভঙ্গ পতিয়াব কোনে॥২১০
ময়ো সমৰত যদি মৰো এহি ঠাই।
তথাপি তোমাক এৰি যাইবে নুযুৱাই॥
মৰণক ভয়ে পলাই যাইবো কোন গুণে।
নৃপতিত কথা তুমি কহিয়ো আপুনে॥২১১
জগত প্ৰসিদ্ধ সূৰ্য্য প্ৰচণ্ড প্ৰতাপ।
তাহান তনয় কৰ্ণ হোন্ত মোৰ বাপ।

[ ৬১ ]

বিশেষে ভাতিজা মই পাঞ্চ পাণ্ডৱৰ।
মোৰ ৰণভঙ্গে লাজ আসিব বংশৰ॥২১২
একগুটি ভাৰ্য্যা মোৰ সৰ্ব্বাঙ্গ সুন্দৰী।
যাত্ৰাকালে আমাক বুলিলা হেন কৰি॥
ক্ষত্ৰিয় জাতিৰ যশ ৰণেসে শোভন।
ৰণভঙ্গে পলাইলে নিন্দিবে সৰ্ব্বজন॥২১৩
সত্যভামা ৰুক্মিণী উত্তৰা মোৰ সখী।
সবে মোক হাসিবেক ৰণভঙ্গ দেখি॥
যেনে তেনে ৰণমাজে সাধিয়োক জয়।
বিশেষত তোমাৰ সহায় ধনঞ্জয়॥২১৪
এবে যে তোমাক একেশ্বৰে যাওঁ এৰি।
কোন সতে মোৰ মুখ চাহিব সুন্দৰী॥
খানিতেক খুড়া মোক থাকিয়োক চাই।
সমৰত মোহোৰ দেখিয়ো মুনিষাই॥২১৫
সামৰাজে সাজি আছে মণিপুৰেশ্বৰ।
থাকিয়োক খুড়া তুমি যুজো একেশ্বৰ॥
মিত্ৰৰ নিমিত্তে যদি এৰয় পৰাণ।
তাসম্বাৰ শুনি আছো স্বৰ্গলোকে স্থান॥২১৬
স্বামীদেৱ গুৰুজন মিত্ৰৰ নিমিত্তে।
যিবা জনে উচিত কাৰ্য্যত প্ৰাণ এৰে॥
তাসম্বাৰ স্থান শুনো সপত স্বৰ্গত।
ইসব জানিয়া কেনে পলাইবো ৰণত॥২১৭

[ ৬২ ]

যাৱদেকে খুড়া তুমি থাকিলা কুশলে।
যুধিষ্ঠিৰ কাৰ্যায় মই সাধিবো একলে॥
অশেষ মধুৰ বাণী অৰ্জ্জুনক বুলি।
নমস্কাৰ কৰি লৈলা চৰণৰ ধূলি॥২১৮

বৃষকেতুৰ সৈতে যুদ্ধ

বিচিত্ৰ পতাকা ধ্বজগোট সুৱৰ্ণৰ।
যাত্ৰা কৰি লৰি গৈলা কৰ্ণৰ কুমাৰ॥
সুৱৰ্ণ কৱচ গাৱে পিন্ধিলা সন্নাহ।
ডাক দিয়া বোলে অৰে শুনা বব্ৰুবাহ॥২১৯
পাণ্ডৱৰ বীৰগণ আছিলেক মানে।
মাৰি মাৰি নিলা সবে যমৰ কৰণে॥
কতো বন্দী কৰি নিলা আপোনাৰ পুৰী।
তোক মাৰি তাসম্বাক আনিবো উদ্ধাৰি॥২২০
হেন শুনি বব্ৰুবাহ গৈল আগবাঢ়ি।
বাহ্ৰপাট শৰ টোণহন্তে লৈলা কাঢ়ি॥
কৰ্ণমানে টানিয়া মাৰিলা বীৰবৰ।
বৃষকেতু বীৰৰ ভেদিলা কলেৱৰ॥২২১
হৃদয়ত পৰি শৰ পিঠিত বজাইল।
মূৰ্চ্ছা গৈয়া বৃষকেতু ভূমিত পৰিল॥
বাজ হুয়া সৰ্পগণ পাতালক গৈল।
নৃপতিৰ শৰ আসি সেহিমত ভৈল॥২২২

[ ৬৩ ]

কতোবেলি স্বস্থ ভৈলা কৰ্ণৰ নন্দন।
অৰ্জ্জুনৰ পুত্ৰক দেখিল তেতিক্ষণ॥
তেতিক্ষণে বৃষকেতু কৰ্ণৰ তনয়।
ছয় শৰে নৃপতিৰ ভেদিলা হৃদয়॥২২৩
হৃদয়ত বিন্ধি শৰ মহীত পৰিল।
ৰথত ফুৰন্ত ৰাজা যেহেন বাতুল॥
কতোবেলি স্বস্থ ভৈলা মণিপুৰেশ্বৰ।
তিল সম কৰি ৰথ কাটিলা বীৰৰ॥২২৪
সাৰথিৰে শিৰ কাটিলন্ত তেতিক্ষণ।
জয় জয় শব্দে বাদ্য বজাইলা সঘন॥
পুনৰপি স্বস্থ ভৈলা মণিপুৰেশ্বৰ।
তিল সম কৰি ৰথ কাটিলা বীৰৰ॥২২৫
ৰণজয় ভৈলা দেখি মনে ভৈল টঙ্ক।
গাৱে বল আছে মানে শঙ্খে দিলা ফুঙ্ক॥
কতোবেলি গুণি বোলে কৰ্ণৰ নন্দন।
হৰি হৰি দৈৱ বিধি হেনসে লিখন॥২২৬
থাক বব্ৰুবাহ আজি তোৰ সুজো মান।
এহি বুলি ধৰিলন্ত দিব্য ধনুখান॥
বব্ৰুবাহ ৰাজাৰ কাটিলা ৰথখান।
আৰো শৰে সাৰথিৰ লৈলন্ত পৰাণ॥২২৭
চাৰি শৰে চাৰি ঘোৰ মাৰে বৃষকেতু।
সহস্ৰেক শৰ মাৰি বোলাই বীৰতু॥

[ ৬৪ ]

দেখি নৃপতিৰ কোপে নসহে পৰাণ।
তেতিক্ষণে মাৰিলন্ত অগনিৰ বাণ॥২২৮
বৃষকেতু দেখে অগ্নি আসে জাকে জাকে।
বৰুণৰ বাণ হানি নুমাইলন্ত তাকে॥
বব্ৰুবাহে দেখে মেঘে বৰষয় পানী।
তেতিক্ষণে উৰুৱাইলা বায়ুবাণ হানি॥২২৯
কৰ্ণসুতে দেখে বায়ু বহয়ে আন্দোলে।
হানিল পৰ্ব্বত বাণ নলঘয় কোলে॥
ইন্দ্ৰৰ যমৰ শঙ্কৰৰ কুবেৰৰ।
সূৰ্য্যৰ অস্ত্ৰক দুই হানিল বিস্তৰ ॥২৩০
দেৱ মনুষ্যৰ গন্ধৰ্ব্বৰ শৰ আনি।
প্ৰলয়ৰ বহ্ণি যেন ভৈল দুয়ো প্ৰাণী॥
সেহিবেলা অধিক ভৈলন্ত কৰ্ণসুত।
গজ বাজী প্ৰজা যত মাৰিলা বহুত॥২৩১
যুগান্ত কালৰ যেন ৰুদ্ৰৰূপ ধৰি।
প্ৰজা সংহৰিবে যেন চূৰ্ণাকৃত কৰি॥
আৰো আনি সাত শৰ মাৰিলন্ত ভাল।
বৃষকেতু শৰে ৰাজা ভৈল লালকাল॥২৩২
পৰম মহন্ত বব্ৰুবাহ মহাবল।
হৰি সুমৰণে পীড়া এৰাইলা সকল॥
কতোবেলি স্বস্থ ভৈলা মণিপুৰনাথে।
বাহ্ৰয় অগ্নিৰ শৰ তুলি লৈলা হাতে॥২৩৩

[ ৬৫ ]

শৰপট তুলি পাচে অৰ্জ্জুনতনয়।
কৰ্ণৰ পুত্ৰক প্ৰতি ডাকিয়া বোলয়॥
সহজে সষ্টম হোৱা কৰ্ণৰ কুমাৰ।
পাণ্ডৱসেনাৰ মাজে তোক পাইলো সাৰ॥২৩৪
তইসে মাৰিলি মোৰ কুটুম্ব বহুত।
হেন জানি তোক বেঢ়ি আছে যমদূত॥
বৃত্ৰক বধিল যেনমতে পুৰন্দৰ।
থাক থাক তোক আজি মাৰো সেহি শৰ॥২৩৫
এহি বুলি প্ৰহাৰিলা মণিপুৰনাথ।
বৃষকেতু বীৰৰ যে পৰিল হিয়াত॥
হৃদয়ত পৰি তুলি ধৰি সেহি শৰে।
আকাশত ফুৰাইলন্ত পৰ্ব্বত শিখৰে॥২৩৬
কদাচিতো বৃষকেতু নপৰে ভূমিত।
অস্ত্ৰৰ প্ৰভাৱ কেনে দেখা বিপৰীত॥
শৰে যেহি ভিতি বৃষকেতু লৈয়া যায়।
তলে তলে অৰ্জ্জুনে ফুৰন্ত তাক চাই॥২৩৭
দশোদিশে ফুৰাইলন্ত ছয়দণ্ড মান।
পুনৰপি বৃষক থৈলন্ত সেহি থান॥
কোপ অপমানে লাজে ভয়ে কৰ্ণসুত।
পাঞ্চ পাঞ্চ শৰ আনি যুৰিলা গুণত॥২৩৮
ৰথী ৰথ সাৰথি নৃপতি ধনু ধাৰ্য্য।
আকাশক লাগি উৰুৱাইলা সবে সাজ॥

[ ৬৬ ]

শৰজালে ৰাজাকো নিলন্ত স্বৰ্গপথ।
সূৰ্য্যৰশ্মি লাগিয়া দগধ ভৈলা ৰথ॥২৩৯
বিষ্ণুসেৱা নিমিত্তেসে এৰাইলা নৃপতি।
পৰ্ব্বতে পবিল যেন পক্ষী ফিৰিঙ্গতি॥
বব্ৰুবাহ পৰে বৃষকেতু আছে দেখি।
মাৰিলন্ত তিনি শৰ খানিকো নাপেখি॥২৪০
সেহি শৰে বিন্ধিলেক আলগতে পাই।
সূৰ্য্যৰ পাশক লাগি নিলে উৰুৱাই॥
হেন দেখি হাসি বোলে কৰ্ণৰ দায়াদ।
এবেসে মৰণ তোৰ খণ্ডিল বিষাদ॥২৪১
বিস্তৰ কটক মোৰ মাৰিলি সমৰে।
তাৰ প্ৰতিকাৰ কৰো এহি তিনি শৰে॥
হংসধ্বজ নৃপতিক মাৰিলিহি কোপে।
সম্প্ৰতিকে সুখ পাওঁ তোৰ আজি তাপে॥২৪২
নৰলোকে পাপ পুণ্য কৰয় যতেক।
অবিলম্বে তাৰ ফল পাৱে অল্পতেক॥
এতেক বোলন্তে ৰাজা পাইলন্ত চেতন।
দেখন্ত আগতে আছে কৰ্ণৰ নন্দন॥২৪৩
শৰীৰৰ তিনি শৰ মুচৰি পেলাইলা।
ক্ৰোধ দৃষ্টি কৰিয়া তলক লাগি চাইলা॥
বিদূৰ আকাশে যেন আসিলেক শেন।
মাটিৰ কুপতী লাগি জাম্প দিল যেন॥২৪৪

[ ৬৭ ]

তথাহন্তে বব্ৰুবাহ উৰিয়া আসিলা।
বৃষকেতু বীৰৰ যে মুণ্ডত পৰিলা॥
গুৰুত্বৰ ভাৰ তাৰ সহিতে নাপাৰি।
ভূমিত পৰিলা বৃষকেতু জানু পাৰি॥২৪৫
উপৰত বসি ৰাজা দুয়ো হাতে আটে।
বলৱন্ত নাৰী যেন বেসাৰক বাটে॥
পানীৰ মাছক যেন হাতে আছে ধৰি।
এৰাইবাক লাগি কৰে আজোৰা আজুৰি॥২৪৬
এহিমতে উৰুফাল হৈ গল অন্তৰ।
আপোনাৰ কটকক গৈলা নৃপবৰ॥
তাত পাচে স্বস্থ ভৈলা কৰ্ণৰ তনয়।
পাঞ্চ শবে নৃপতিৰ ভেদিলা হৃদয়॥২৪৭
সেহি পাঞ্চ শৰ পুনৰপি লাগ পাই।
আকাশক লাগি পুনু নিল উৰুৱাই॥
আকাশত ৰাজাক ফুৰাইলন্ত সাত পাক।
কৌতূহলে বৃষকেতু হাসি মাতে তাক॥২৪৮
হাসি হাসি বৃষকেতু বোলে অৰ্জ্জুনক।
বব্ৰুবাহ ৰাজাক যে খুৰা চাহিয়োক॥
মোহোৰ প্ৰহাৰ সহিবাক পাৰে কোন।
ধন্য ধন্য দুয়ো বীৰ বোলন্ত অৰ্জ্জুন॥২৪৯
সাধু সাধু বৃষকেতু বব্ৰুবাহো সাৰ।
অদ্যাপিয়ো পলাইবাৰ মতি নাই আৰ॥

[ ৬৮ ]

দেৱাৰ যুদ্ধ যথা ভৈল আতিশয়।
সি কালতো দেখিলো হৰিৰ আছে ভয়॥২৫০
আমাৰ সহিতে যুদ্ধ ভৈল তযু বাপে।
ৰথচক্ৰ পৃথিবী গিলিল ঋষিশাপে॥
তথাপি ৰণক লাগি নাহি ভয় ভীত।
হেন সম বীৰ নাই ক্ষেত্ৰি পৃথিবীত॥২৫১
হেন সব বাণী শুনিলেক ৰাজা কাণে।
নসহে শৰীৰ আতি কোপ অপমানে॥
আকাশৰ পৰা ডেৱ দিলেক দুনাই।
পৰিলেক বৃষকেতু মুণ্ড মাটি খাই॥২৫২
পৃথিবীত ৰহিলা দুইভিতি কৰি ভৰি।
দুয়ো বাহু মেলিয়া জান্তিয়া আছা ধৰি॥
আস্ফলা আস্ফলি কৰে এৰাইতে নপাৰে।
বাঘে যেন হৰিণাক জান্তিয়া যে মাৰে॥২৫৩
খনো কাতি হন্ত খনো হোৱন্ত উবুৰি।
খনোবেলি চিত হোৱে হাতে হাতে ধৰি॥
এৰাইতে নপাৰি কৰে আজোৰা আজুৰি।
হিয়াত তাড়িলা মুণ্ড আতি দৃঢ় কৰি॥২৫৪
কতোবেলি বব্ৰুবাহ হৈ গৈলা অন্তৰ।
ধূলি মাটি জঙ্কাৰি উঠিলা নৃপবৰ॥
দুয়ো বীৰ ৰথত উঠিলা তেতিক্ষণ।
অদভুত শৰবৃষ্টি কৰিলন্ত ঘন॥২৫৫

[ ৬৯ ]

দুয়ো বীৰ দাৰুণ তৰুণ সুকুমাৰ।
দুয়ো মহাবীৰ কৰ্ণ অৰ্জ্জুনকুমাৰ॥
দুয়ো বলৱন্ত ৰূপৱন্ত তেজৱন্ত।
দুয়ো গুণৱন্ত বীৰ বিক্ৰম কৰন্ত॥২৫৬
খনো খনো আকাশে যুজন্ত একেভাৱে।
খনা পৃথিবীত দুয়ো যুজে একে ঠাৱে॥
খনো খনো দুয়ো বীৰ যাই ধনু ধৰি।
শৰছোটে শৰীৰৰ মাংস যাই ছিৰি॥২৫৭
শৃগাল শগুণ কাক কঙ্ক শেন পক্ষী।
জাম্প দিয়া মাংস খাই পৰিবাৰ দেখি॥
হেনমতে দুয়ো বীৰ যুজে একে থান।
ৰাতি দিনে সৰ্ব্বক্ষণে পাঞ্চ দিন মান॥ ২৫৮
পাঞ্চ দিন অৱসানে অৰ্জ্জুনতনয়।
অসংখ্যাত কৰি বৰষিলা শৰচয়॥
শৰ মাৰি বব্ৰুবাহ মাতে কৌতূহলে।
তোমাৰ সমান বীৰ নাই ববিতলে॥২৫১
ধন্য ধন্য বৃষকেতু কৰ্ণৰ তনয়।
অদ্যাপিয়ো মোহোৰ ৰণক নাই ভয়॥
এবে কৰিয়োক বাপু আমাৰ বচন।
সুমৰিয়ো মাধৱ কেশৱ জনাৰ্দ্দন॥২৬০
মোৰ বাণে তোৰ আজি লৈবোহে পৰাণ।
অন্তকালে তোৰ হৈব স্বৰ্গলোকে স্থান॥

[ ৭০ ]

এহি বুলি ধনুখান ধৰি নৃপবৰ।
প্ৰৱন্ধে মাৰিলা যুৰি অৰ্দ্ধচন্দ্ৰ শৰ॥২৬১
বৃষকেতু দেখে আসে অৰ্ধচন্দ্ৰ বাণ।
দুই বাণ মাৰি কৰিলন্ত তিনি খান॥

বৃষকেতুৰ পতন আৰু অৰ্জ্জুনৰ বিষাদ

শৰভঙ্গ দেখিয়া খঙ্গিলা নৃপবৰ।
সুৱৰ্ণ ৰচিত আনি যুৰিলন্ত শৰ॥ ২৬২
সুৱৰ্ণৰ পখাসবে সুৱৰ্ণৰ কাণ।
হেন শৰ জুৰি ৰাজা কৰিলা সন্ধান॥
শৰ দেখি বৃষকেতু ভৈলা মহাভয়।
এবেসে জানিলো মৃত্যু হৈবেক নিশ্চয়॥২৬৩
মাধৱ গোবিন্দ জনাৰ্দ্দন বাসুদেৱ।
তুমি বিনে আমাৰ যে গতি নাহি কেৱ॥
এতেক বোলন্তে আসি পাইলা নাগ বাণ।
তেতিক্ষণে গাণ্ডী মুণ্ড কৰিলা দুখান॥২৬৪
শৰচোটে মুণ্ডগোট আকাশে উৰিলা।
বব্ৰুবাহ ৰাজাৰ যে হিয়াত পৰিলা॥
ছোট পায় নৃপতি পৰিল ৰথমাজে।
বুৰিল বুৰিল বুলি চেঞ্চাৱে সমাজে॥২৬৫
দুই হাতে মুণ্ডগোট পেলাইলা ৰাজাই।
অৰ্জ্জুনৰ পাৱত পৰিলা সমুদায়॥

[ ৭১ ]

কৃষ্ণ কৃষ্ণ বুলি মুণ্ডে কাঢ়ে দীৰ্ঘবাৱ।
দেখি অৰ্জ্জুনৰ সবে সিহবিলা গাৱ॥২৬৬
হা হা বৃষকেতু বাপ হেনসে বিলাই।
কান্দন্ত অৰ্জ্জুনে হাতে মুণ্ডগোট লই॥
এতিক্ষণে হাসি মাতি আছিলিহি বাপ।
এবে কেনে দিয়া গৈলি হৃদয়ত তাপ॥২৬৭
জ্বলন্ত অগনি গুচি ভৈলি জলধাৰ।
হেন জানি কিয় প্ৰাণ নায়ায় আমাৰ॥
কিৰীটি কুণ্ডল মুণ্ড দেখিতে শোভন।
বব্ৰুবাহ শৰে কেনমতে ভৈলি ছন্ন॥২৬৮
হিয়াত সাবটি মুণ্ডগোট ধৰি আছে।
মুণ্ড নাহি গাণ্ডীগোট হাতে মেলি নাচে॥
কেনমতে সন্তাপ হৃদিত দিবো ঠাই।
যুধিষ্ঠিৰ নৃপতিৰ আৰ কুন্তী আই॥২৬৯
হাতে হাতে সমৰ্পি বুলিলা হেনমতে।
চেৱণ্ডীয়া ছৱালক ৰাখিবা সততে॥
নকুল সহদেৱ নাৰায়ণ ভীমসেন।
হাতে হাতে সমৰ্পিয়া বুলিলা বচন॥২৭০
বাপ মৰা ছৱা দিলো তোমাৰ হাতত।
পুত্ৰৱতে পালিবাহা সমৰ ভূমিত॥
আবে কেন কথা কহিবোহো তাসম্বাত।
বৈৰৰ মুণ্ডত যেন পৰিল নিৰ্ঘাত॥৩৭১

[ ৭২ ]

আগে কত বধ ভৈল যমৰ কৰণ।
তোৰ মুখ দেখিয়া ভৈলোহো পৌশ্ৰিৱণ॥
গণিতাত সাব যুৱনাশ্ব নৰপতি।
তাহাৰ বিৰুদ্ধে পাবে কাহাৰ শকতি ॥২৭২
তাক জিনি ঘোৰাক আনিলি তই বাপ।
আজি কেনে হৃদিত লগালি ঘোৰ তাপ॥
মহা দাতা কৰ্ণ তোৰ আছিলে জনক।
শৰীৰৰ মাংস কাটি দিলন্ত ইন্দ্ৰক॥২৭৩
মোহোৰ নিমিত্তে তোৰ গাৱৰ মাংসক।
কৰিলিহি দান যে শৃগাল শগুণক॥
তোহোৰ মৰণে মোৰ অসুখ মনত।
আজিসে জানিলো অভিমন্যু ভৈল হত॥২৭৪
অসংখ্যাত ৰিপু শিৰ কাটিল উচ্ছাই।
স্বভাৱত সুকুমাৰ অধিকে সুহাই॥
নাল কটা পদ্ম যেন সৰোবৰে ভাসে।
তোৰ যশে দিবাকৰ আজিয়ো প্ৰকাশে॥২৭৫
আজিসে জানিলো সেনা পৰিল সকলে।
এহি বুলি ধনঞ্জয়ে কান্দন্ত বিকলে॥
আপদৰ উপৰতে শোকে পাইল মোক।
হৰি এবিলাত মই হৰুৱাইলো তোক॥২৭৬
দুয়ো অবিহনে কোনে কৰে উপকাৰ।
সূৰ্য্য অবিহনে যেন দিনতে আন্ধাৰ॥

[ ৭৩ ]

দীপ নাহি গৃহ যেন দেখি তমোময়।
দেৱ নাহি দৌল যেন কিছু নশোভয়॥২৭৭
পূজা নাহি ভেটী যেন নকৰে শোভন।
তই অবিহনে মোৰ কি কৰে জীৱন॥
কোথা বা গৈলেক হৰি প্ৰভু জনাৰ্দ্দন।
আপদত মোহোক নকৰা পৰিত্ৰাণ॥২৭৮
সুমৰণে নাসা যেবে জানিলোহো হৰি।
ইটো দুখ সন্তাপ সহিবো কেন কৰি॥
কি কৰি বুৰাইলো মৰাইলোহো কৰ্ণসুত।
মোক লাগি কৈক গৈলা যম যমদূত॥২৭৯

অৰ্জ্জুনৰ বিষাদ দেখি বব্ৰুবাহনৰ তিৰস্কাৰ আৰু যুদ্ধলৈ আহ্বান

দুইহাতে মুণ্ডগোট হৃদয়ত লই।
নিঢালে অৰ্জ্জুন পৰিলন্ত মূৰ্চ্ছা গই॥
অৰ্জ্জুন পৰিলা যেবে অচেতন ভাৱে।
বব্ৰুবাহ ৰাজা চাপিলেক সেই ঠাৱে॥২৮০
আথেবেথে বব্ৰুবাহ চাপিলন্ত পাশ।
হৰিষ বিষাদে ৰাজা তেজিল নিশ্বাস॥
ধনুৰে ঘোকোটা মাৰি জগাইলা নৃপতি।
হাসি হাসি অৰ্জ্জুনক কৰন্ত বিগুটি॥২৮১
কৌৰৱত যতেক আছিল ভাৰি ভুৰি।
মোহোৰ হাতত আজি সবে ভৈল চূৰি॥

[ ৭৪ ]

কোন গুণ বুজি তুমি আছাহা আতাই।
সদ বুদ্ধি বোলো শুনা কল্যাণ উপায়॥২৮২
বেশ্যাৰ তনয় মোক প্ৰথমে বুলিলা।
স্বৰূপত মই কোন এবেসে জানিলা॥
বেশ্যাৰ তনয়ে যশ থৈল পৃথিবীত।
ক্ষত্ৰিয়ৰ অৱস্থা দেখিয়ো বিপৰীত॥২৮৩
অনেক প্ৰকাৰ কৰি নিন্দিলা আতাই।
এবে কেন পৰি আছা দান্ত নিকটাই॥
উঠিয়োক সত্বৰে কপট পৰিহৰি।
বৃষকেতু মুণ্ডগোট থৈয়ো ঝাণ্ট কৰি॥২৮৪
এহি মাথাগোট দিয়া পূজিয়ো শঙ্কৰ।
তুষ্ট হুয়া তোমাক দিবেক ইষ্টবৰ॥
পাশুপত্ৰ অস্ত্ৰ শঙ্কৰত লোৱা মাগি।
তেবে জানো কিছু সম হোৱে মোক লাগি॥২৮৫
মৃত্যুবেশ এৰি আবে উঠি ৰণ কৰ।
জন্ম সাফলিয়া যে সম্মুখ ৰণে মৰ॥

অৰ্জ্জুনৰ সৈতে বব্ৰুবাহনৰ যুদ্ধ

এতেকতে চেতন লভিলা ধনঞ্জয়।
শুনন্ত নৃপতি নিন্দা কৰন্তে আছয়॥২৮৬
বৃষকেতু মুণ্ডগোট এক পাশে থৈলা।
জিবাক লাগি পাচে শৰ ধনু লৈলা॥

[ ৭৫ ]

অৰ্জ্জুনে বোলয় অৰে সেন্থৰে নেৰাস।
শৰ হানি তোক আজি পেশো যমপাশ॥২৮৭
আগেসে মাৰিলি মিত্ৰ কুটুম্ব বান্ধৱ।
তাৰ প্ৰতিকাৰ কৰো পাইবি পৰাভৱ॥
কতো বন্দী কৰি নিলি আপোনাৰ পুৰী।
তোক মাৰি তাসম্বাক অনিবো উদ্ধাৰি ॥২৮৮
নীচক আশয় দিয়া পাইলো তাৰ ফল।
বৃষকেতু মাৰিলিহি জীৱন , নিস্ফল॥
যেনে তেনে বীৰ মাৰি তোৰ ভৈল গহ।
মোৰ সমৰক আজি খানিতেক সহ॥২৮৯
পৰ্ব্বতক ভেদিবাক পাৰে মোৰ শৰে।
মই হুনু ভঙ্গ ধৰো টিঙ্গৰাক ডৰে॥
এহি বুলি শৰচয় কৰিলা প্ৰহাৰ।
বাৰিষাৰ মেঘ যেন বৰিষয় ধাৰ॥২৯০
সেহি শৰে ফুটি সেনা মাৰিলা বহুত।
কৌতূহলে শঙ্খনাদ কৰে কুন্তীসুত॥
বব্ৰুবাহ ৰাজাকো মাৰিলা বহু শৰে।
শৰছোটে নৰনাথে চেতন নকৰে॥২৯১
হেন দেখি পুনৰপি কৰি শঙ্খনাদ।
দশোদিশ পূৰিলেক মেঘৰ সম্বাদ॥
হস্তী ঘোৰা অশেষ সাৰথি ৰথী ৰথ।
শৰ হানি অৰ্জ্জুনে পেশিলা যমপথ॥২৯২

[ ৭৬ ]

অৰ্জ্জুনৰ শৰচয় কতো গাৱে পৰি।
পলাই কতো সেনাগণ পশিলা নগৰী॥
তাসম্বাক দেখি চিত্ৰাঙ্গদা ভৈল শ্ৰান্ত।
উলুপী ঔষধ দিয়া সবাকো জীয়ান্ত॥২৯৩
চাহে নগৰীয়া লোক দেখি শৰময়।
গৃহৰ নোলাই কেহো মৰণক ভয়॥
শুকান তৃণক যেন পচোৱা বতাসে।
অনেক দূৰক নিয়া ফুৰাৱে আকাশে॥২৯৪
বব্ৰুবাহ ৰাজাৰ সেনাৰ সেহি থানে।
আকাশত ফুৰাৱয় অৰ্জ্জুনৰ বাণে॥
অৰ্জ্জুনৰ শৰৰ পখাৰ বাৱ লাগি।
যুদ্ধ এৰি পলাই সেনা দশোদিশে ভাগি ॥২৯৫
প্ৰলয়ৰ বহ্নি যেন দহয় প্ৰজাক।
শৰ হানি অৰ্জ্জুনেয়ো দহয় সেনাক॥
যি দিশৰপৰা আসে অৰ্জ্জুনৰ শৰ।
হেট মুণ্ডে পলাই প্ৰজা মৰিবাৰ ডৰ॥২৯৬
যুগান্তৰ যম যেন দেখি অৰ্জ্জুনক।
মহাভয়ে পলাই সবে ৰাজাৰ কটক॥
পুনৰপি ধনঞ্জয়ে দিব্য ধনু ধৰি।
বব্ৰুবাহ ৰাজাক তাড়িলা দৃঢ় কৰি॥২৯৭
সিংহনাদ কৰিলা দেখন্তে ভয়ঙ্কৰ।
ৰণভঙ্গ কৰিলা দেখন্তে লাগে ডৰ॥

[ ৭৭ ]

টোণ হন্তে আনন্তে যে যোৰন্তে তাড়ন্তে।
আকলিবে নোৱাৰন্ত গাৱত পৰন্তে॥২৯৮
সিবেলাত অৰ্জ্জুনক দেখি লাগে ভয়।
দশোদিশ আকাশ দেখন্তে তমোময়॥
মণিপুৰ নগৰৰ যত নৰ-নাৰী।
গৃহৰ নোলাই কোহো মৰিবাক ডৰি॥২৯৯
যিবা জনে নজানি গৃহৰ বাজ হুই।
শৰ পৰি গাৱৰ কাপোৰে লাগে জুই॥
চক্ষু মুদি বাজক কতো পলাই যাই।
অধিকে জ্বলয় বহ্ণি কিছু নুনুমায়॥৩০০
আজোৰা আজুৰি কৰি পেলাৱে কাপোৰ।
উলঙ্গতে কতোজনী পশে অভ্যন্তৰ॥
হেন দেখি মহাকোপে ৰাজা বব্ৰুবাহ।
যুদ্ধক প্ৰৱন্ধে ৰাজা পিন্ধিলা সন্নাহ॥৩০১
চাৰি শৰে চাৰি ঘোৰা মাৰি অৰ্জ্জুনৰ।
সাৰথিক দুনাই ভেদিলা নিৰন্তৰ॥
পুনৰপি এক শৰ মাৰি সেহি থান।
তেখনে কাটিলা অৰ্জ্জুনৰ ৰথখান॥৩০২
সাত শৰে অৰ্জ্জুনক ভেদি সমুদাই।
উপহাস অৰ্জ্জুনক বুলিলা ৰাজাই॥
ওবা ধনঞ্জয় তুমি মোৰ বোল কৰা।
আপদ বেলাত গুৰু দ্ৰোণক সুমৰা॥৩০৩

[ ৭৮ ]

গুৰুক স্মৰণে কিছু সদ্‌বুদ্ধি হোক।
পাসৰিবা অস্তাসব মনত পৰোক॥
সুমৰিয়ো ইন্দ্ৰক তোমাৰ হন্ত বাপ।
উপকাৰ কৰন্তোক হৰন্তোক তাপ ॥৩০৪
ঘিবা অস্ত্ৰ-শস্ত্ৰসব শিখিলা স্বৰ্গত।
সিয়ো অস্ত্ৰ শস্ত্ৰ আসি পৰোক মনত॥
আৰো এক কথা মোৰ পৰিল মনত।
আজি কেনে বাসুদেৱ নাহিকে লগত॥৩০৫
যি থানত তুমি সুমৰণ কৰা হৰি।
সি থানক আসে হৰি অতি শীঘ্ৰ কৰি॥
কৃষ্ণ নাসিবাৰ কথা কহওঁ প্ৰস্তুত।
অকস্মাৎ মাৱক নিন্দিলা কুন্তীসুত॥৩০৬
সিকাৰণে পাতকী অধৰ্ম্মী তুমি ভৈলা।
প্ৰিয় সখি বাসুদেৱে তোমাক এৰিলা॥
মহাশান্তি পতিব্ৰতা চিত্ৰাঙ্গদা আই।
মোহোৰ আগত তাঙ্ক নিন্দিলা আতাই॥৩০৭
ধৰ্ম্মপথ ছাৰিলাহা মৰিলা আপুনি।
ভালবেসে ভাল মন্দৰেসে মন্দবাণী॥
সুবুদ্ধি নাপালি তই এবে মুণ্ড খালি।
কৃষ্ণ হেন দেৱক স্মৰিবে পাসৰিলি॥৩০৮
জীৱন্তাৰ মৰন্তাৰ গতি নাৰায়ণ।
উপাসিয়ো ক্ষণেক সুমৰ জনাৰ্দ্দন॥

[ ৭৯ ]

এবে যেন জানস মৰিয়ো এৰো শৰ।
থাকিবেক যশ তোৰ চন্দ্ৰ দিবাকৰ॥৩০৯
ধনু এৰি খানিতেক থাকো বাট চাই।
দেখায়োক তোহোৰ যতেক মুনিষাই॥
খানিতেক থিৰ আজি হুয়োক ৰণত।
মই হেন দোষ এৰে দেৱতাসবত॥৩১০

বব্ৰুবাহনৰ শৰত অৰ্জ্জুনৰ শিৰচ্ছেদ

হেনয় বিস্তৰ নিন্দা শুনি ধনঞ্জয়।
কোপ অপমানে গাৱ সকল কম্পয়॥
সুৱৰ্ণ ৰচিত শৰ যুৰিলা ধনুত।
হাসি হাসি প্ৰহাৰিলা ৰাজাৰ গাৱত॥৩১১
তথাপিতো বিমুখ নকৰে বব্ৰুবাহ।
আতিৰঙ্গে যুদ্ধ কৰে পৰম উৎসাহ॥
ৰথতে আছন্ত বব্ৰুবাহ নৰেশ্বৰ।
অৰ্জ্জুনৰ শৰে পীড়া কৰয় বিস্তৰ॥৩১২
দশোদিশে নৃপতি ঢাকিলা সমুদায়৷
বিস্ময়ে অৰ্জ্জুন ভৈলা বিহ্বল পৰায়॥
ধনু এৰি মহাকোপে মণিপুৰেশ্বৰ৷
গৰুড়মুখীয়া শৰ হানিলা বিস্তৰ॥৩১৩
যত যত শৰমানে অৰ্জ্জুনে মাৰন্ত।
শৰ হানি বব্ৰুবাহ বাটতে কাটন্ত॥

[ ৮০ ]

কতো শৰ মাৰে কতো বাটতে কাটন্ত।
মাৰন্তে যুৰন্তে ধনঞ্জয় ভৈলা শ্ৰান্ত॥৩১৪
কেনমতে কোন শৰ মাৰিতে যুৱাই।
সিসব অৰ্জ্জুনে পাসৰিলা সমুদায়॥
গঙ্গা গোসানীয়ে শাপ দিলন্ত পূৰ্ব্বত৷
অৰ্জ্জুনৰ মৃত্যু হৌক পুত্ৰৰ হাতত॥৩১৫
সেই গঙ্গা শাপৰ সময় আসি ভৈলা।
বব্ৰুবাহ ৰাজা অৰ্দ্ধচন্দ্ৰ শৰ লৈলা॥
জাজ্জ্বল্য সমান বাহ্ৰ বহ্ণি যেন সম।
প্ৰজা সংহাৰিতে যেন আসি ভৈলা যম॥৩১৬
ইন্দ্ৰ প্ৰতিমুখ্যে দেৱগণ সমুদায়।
শৰ দেখি কাম্পে সবে স্থিৰ নুহি কায়॥
পিতৃলোক কাম্পয়ে যতেক গ্ৰহগণ।
স্বৰ্গলোকো কাম্পে দেখি অৰ্জ্জুন মৰণ॥৩১৭
সকলো পৰ্ব্বত কাম্পে শিখৰে নগৰে।
খৰ বায়ু বহে ঘনে ঘনে বজ্ৰ পৰে॥
মেঘসবে বৰিষে ৰুধিব অসংখ্যাত।
ভয় হুয়া বসুমতী মেলি দিলা ফাট॥৩১৮
নদী নদ সাগৰ পৰ্ব্বত জল স্থল।
অৰ্জ্জুনৰ মৃত্যু দেখি কৰে টলবল॥
গঙ্গাৰ শাপক কেহো বাধিতে নপাৰি।
তবধে ৰহিলা সিটো থোস মোস কৰি॥৩১৯

[ ৮১ ]

অৰ্জ্জুনে দেখন্ত যুৰি আসে ৰাজ শৰ।
প্ৰলয়ৰ বহি যেন দেখি ভয়ঙ্কৰ॥
খুৰতো অধিক তীক্ষ্ন অৰ্ধচন্দ্ৰ বাণ।
তাক দেখি অৰ্জ্জুনৰ অন্তৰীক্ষ প্ৰাণ॥৩২০
অনেক প্ৰকাৰে শৰ বন্ধন নগৈলা॥
অৰ্জ্জুনৰ মৃত্যুৰ সময় আসি ভৈলা॥
হেন দেখি অৰ্জ্জুনেয়ো গুণয় মনত।
নেদেখিলো বাসুদেৱ আপদ কালত ॥৩২১
শয়নে ভোজনে স্নানে সপোনে প্ৰসঙ্গে।
শিশু ধৰি তুমি আমি বেঢ়ি একসঙ্গে॥
কোনবা অধৰ্ম্ম ফলে তাঙ্ক হৰুৱাইলো।
অন্ত নাহি যত ভোগ একেলগে কৈলো॥ ৩২২
এক চিত্তমনে মই হৰিক ধিয়াওঁ।
জানো কোনোমতে অপৰাধক এৰাওঁ॥
কতেক জন্মৰ মোৰ আছিল অভাগ্য।
মৰন্তে নপাইলো বন্ধু মাধৱক লাগ॥৩২৩
মাধৱ গোবিন্দ বুলি চেঞ্চান্ত অৰ্জ্জুনে।
অৰ্দ্ধচন্দ্ৰ বাণ ৰাজা যুৰিলন্ত গুণে॥
কৰ্ণমানে ধনু টানি মাৰিলেক ডাটি।
অৰ্জ্জুনৰ শিৰগোট পেলাইলেক কাটি ॥৩২৪
কমল নয়ন চাৰু দৰ্শনৰ পান্তি।
দেখিতে শোভয় যেন চন্দ্ৰমাৰ কান্তি॥

[ ৮২ ]

নাল আকুঞ্চিত কেশ কিৰীটি সহিত।
হেন মুণ্ড অৰ্জ্জুনৰ লোটয় ভূমিত॥৩২৫
যেন মেৰু শৃঙ্গ আসি লোটয় ভূমিত।
আকাশৰ চন্দ্ৰ যেনমতে পৃথিবীত॥
অনেক ৰত্নৰ মালা মুণ্ডত আছয়।
হেন মুণ্ড অৰ্জ্জুনৰ ভূমিত লোটয়॥৩২৬
ফাল্গুন মাসৰ তিথি শুক্লা ত্ৰয়োদশী।
দিবা ভাগ থাকন্তে উদয় হোৱে আসি॥
উত্তৰফাল্গুনী নক্ষত্ৰ মঙ্গলবাৰে।
অৰ্জ্জুনক কাটিলন্ত মণিপুৰেশ্বৰে॥৩২৭
পাচেসে পৰিল গাণ্ডি গিৰিসিত কবি।
গিৰ গিৰ শৱদে লৰিলা বসুন্ধৰী॥
বৃষকেতু অৰ্জ্জুন পৰিল একেলগে।
জল স্থল পৃথিবী লৰিলা সাতো স্বৰ্গ॥৩২৮
ভূমিত পৰিলা বৃষকেতু ধনঞ্জয়।
হেন দেখি প্ৰজা ভৈল আকুল হৃদয়॥
হাহাকাৰ শৱদ শুনিলা চতুৰ্ভিতি।
দুগোটা ভাস্কৰ যেন লোটয় ভূমিত॥৩২৯

বব্ৰুবাহৰ জয়ত নগৰত আনন্দ প্ৰকাশ

ৰণ জিনি বব্ৰুবাহ নৃপতি প্ৰচণ্ড।
থানে থানে আসে সবে বায়া বাদ্য ভণ্ড ॥

[ ৮৩ ]

নৃত্য গীত বাদ্য ভণ্ড বজাইলা বহুত।
নগৰক লাগি পাঞ্চি দিলা চাৰি দূত॥৩৩০
বিলম্ব নকৰি চলিয়োক দূতচয়।
নগৰত কহিবি মোহোৰ ৰণজয়॥
মোহোৰ ৰাজ্যত আছে যত নৰ নাৰী।
ৰঙ্গ ঢঙ্গ কৰন্তোক এদিনাতো কৰি॥৩৩১
বব্ৰুবাহ ৰাজাৰ কটক আছে যত।
সবে বোলে উপজিলো সমৰ ভূমিত॥
আমাসাৰ নৃপতি বিজয় ভৈলা বুলি।
থানে থানে নাচে প্ৰজা দণ্ড ছত্ৰ তুলি।৩৩২
নটে ভাটে তুতি বাণী ৰটয় অশেষ।
সন্ত সাধু বব্ৰুবাহ নৃপতি বিশেষ॥
অৰ্জ্জুনৰ সম ধনুৰ্দ্ধৰ নাহি কেৱ।
তাহাঙ্কো সমৰে কাটিলন্ত নৰদেৱ॥৩৩৩
ৰঙ্গ ঢঙ্গ ৰাজা যত কৰাইলা অপাৰ।
সমদলে আনন্দে নগৰে পয়োসাৰ॥
ৰাজা আসিবাৰ শুনি নগৰীয়া জন।
পদূলি পদূলি সবে লিপিলা চন্দন॥৩৩৪
ফল ফুল জল ৰত্নে ঘটে থৈলা পাতি।
থানে থানে থৈলা তৈতে তৈলে ভৰি বাতি॥
থানে থানে কল ৰুইলা পদূলি পদূলি।
থানে থানে কন্যাগণে পাৰয় উৰুলি॥৩৩৫

[ ৮৪ ]

কেহো কেহো নাচে কেহো কেহো গীত গাই।
যুৱতী তৰুণীগণ আছে ঠাই ঠাই॥
কেহো কন্যাগণে আগবাঢ়িবাক যায়।
ক্ষীণমধ্য দেহা যেন বতাসে হালয়॥৩৩৬
কতো জনী ধৰি যায় কুঙ্কুমক হাতে।
কতো জনী দধি ঘৃত ধৰি যায় মাথে॥
অনেক সুন্দৰী মত গজৰ গমনী।
স্বৰ্গ অপেস্বৰা সব আসিল যে হেনি॥৩৩৭
আতিশয় ৰূপ গুণ যৌৱন সম্পূৰ্ণ।
দৰশনে কামাতুৰ হোৱে মুনিগণ॥
অন্তেষপুৰত হেন শুনি গলাৰাৱ।
মণিপুৰনাথে আসি ভৈল ৰণজয়॥৩৩৮
চিত্ৰাঙ্গদা উলুপীও নথাকিলা ৰই।
আগবঢ়াইবাক গৈলা কন্যাগণ লই॥
নগৰৰ কন্যাগণ লাগ পাইলা আসি।
চিত্ৰাঙ্গদা চাই পাচে তুলিলেক হাসি॥৩৩৯
সাম্ফল মনুষ্য তুমি উপজাইলা আই।
যাৰ সম ভাগ্যৱতী ত্ৰিভুৱনে নাই॥
কোন থানে আসি হৰ-গৌৰী আৰাধিলা।
কোন কৰ্ম্মফলে বব্ৰুবাহ পুত্ৰ পাইলা॥৩৪০
এতেকে প্ৰশংসা কৰে জগতৰ নৰে।
যেন কৃষ্ণ অৱতাৰ দৈৱকীৰ ঘৰে॥

[ ৮৫ ]

যুধিষ্ঠিৰ ৰাজাৰ কনিষ্ঠ ধনঞ্জয়।
কুন্তীৰ উদৰে জন্ম পাব তনয় ॥৩৪১
সুৰাসুৰ নাগে বলে নোৱাৰিলে যাক।
তযু পুত্ৰ বব্ৰুবাহে কাটিলেক তাক॥

অৰ্জ্জুনৰ মৃত্যু-বাৰ্ত্তা শুনি চিত্ৰাঙ্গদা-উলুপীৰ শোক

তাসম্বাৰ বচন শুনিয়া ৰাজমাৱ।
হা হা প্ৰভু বুলিয়া কান্দয় দীৰ্ঘৰাৱ॥৩৪২
মোক এৰি কোন থানে প্ৰাণনাথ গৈলা।
এহি বুলি দুয়ো নাৰী ভূমিত পৰিলা॥
হৰি হৰি কেনমতে মিলিল প্ৰমাদ।
ধৰা ধৰি কন্যাগণ কৰয় বিষাদ॥৩৪৩
কেহো জনী ফুঙ্কে কেহো মাথে দেই পানী।
আদা লোণ কেহো জনী মুখে দেই আনি॥
কতো জনী শীতল চামৰ ঘসে গাৱে।
ধীৰ ধীৰ কৰি বিছে বিছনিৰ বাৱে॥৩৪৪
কেহো জনী মুণ্ডে কেহো জনী পাৱে ধৰি।
কান্দে কন্যাগণ সবে আৰ্ত্তনাদ কৰি॥
উলুপীয়ো কান্দয় হৃদয়ে মুষ্টি হানি।
প্ৰভুক স্মৰণে মোৰ যাউক প্ৰাণ খানি॥ ৩৪৫
মৰণ কালত প্ৰভু আমাক এৰিলা।
হৃদয়ত মুষ্টি হানি ভূমিত পৰিলা॥

[ ৮৬ ]

উলুপীয়ে চিত্ৰাঙ্গদা থাকিলেক পৰি।
ৰাজাৰ আগক শীঘ্ৰে দাসী গৈলা লৰি॥৩৪৬
কৰযোৰ কৰি দাসী নমিলেক মাথ।
শুনিয়োক বাৰ্ত্তা কহো মণিপুৰনাথ॥
তুমি ৰণ জিনিবাৰ আসিলোহো শুনি।
আগবাঢ়িবাক আসে অনেক তৰুণী॥৩৪৭
দুই মাৱ তোমাৰ আসিল একে সঙ্গে।
পুত্ৰ ৰণজয় শুনি কৰি মহাৰঙ্গে॥
হাহি মাতি পথত আসিলা দুয়ো আই।
শৰীৰতো দেখো একো ব্যাধি পীড়া নাই॥৩৪৮
অৰ্জ্জুনক মাৰি ৰণ জিনিবাৰ শুনি।
মূৰ্চ্ছা গৈয়া ভূমিত পৰিলা দুয়ো প্ৰাণী॥
দাসীৰ মুখৰ হেন শুনিলন্ত বাণী।
ৰথ এৰি নৃপতি লৱৰ দিলা টানি॥৩৪৯

বব্ৰুবাহনৰ মাতৃদ্বয়ক সান্ত্বনা দান

কান্দন্ত নৃপতি গই মলচিয়া লুই।
দেখন্ত ভূমিতে পৰি আছে মাৱ দুই॥
কৰ্ণৰ কুণ্ডল ছিণ্ডি আছে ঠাই ঠাই।
ছিণ্ডিলেক সাতসৰি দেখিলে ৰাজাই॥৩৫০
আথে বেথে আঙ্কোৱালি ধৰিলন্ত গই।
আখি মুখ মছিলন্ত হাতে পানী লই॥

[ ৮৭ ]

উঠা উঠা আই বুলি মলচিলা লো।
ৰণ জিনি আইলো মই একগুটি পো॥৩৫১
বিনয় কোমল বাণী মাতিলা ৰাজাই।
হৰিষ কালত বিষাদক নুযুৱাই॥
শুনা দুই মাৱ হৰিষৰ কেন হেতু।
যুধিষ্ঠিৰে কৰিলেক অশ্বমেধ কেতু॥৩৫২
সেই ঘোৰা ৰক্ষক অৰ্জ্জুন ধনুৰ্দ্ধৰ।
সামৰাজে পশিলেক আমাৰ নগৰ॥
কামদেৱ আছিলা সেনাৰ অধিপতি।
কৰ্ণসুত বৃষকেতু আদি তাৰ নাতি ॥৩৫৩
ঘোৰাক ধৰিলো অৰ্জ্জুনক ৰণ দিলো।
সম্মুখ সমৰে মাৰ সবাকো জিনিলো॥
বৃষকেতু বোলে যাক কৰ্ণৰ তনয়।
তাহাৰ যুদ্ধত বৰ মিলিল সংশয়॥৩৫৪
বৃষকেতু বীৰৰ দাৰুণ শৰঘাৱে।
অদ্যাপিয়ো বেদনা নসহে মোৰ গাৱে॥
দিনে ৰাতি পঞ্চ দিন কৰিলে সমৰ।
যেনে তেনে তাক পঠাইলোহো যমঘৰ॥৩৫৫
একেশ্বৰে তাহাক পেশিলো ৰণমাজে।
হেন জানি বিষাদ কৰাহা কোন কাজে॥
উঠা উঠা আই তুমি পিন্ধা অলঙ্কাৰ।
তোমাৰ বিষাদে দুখ নখণ্ডে আমাৰ॥৩৫৬

[ ৮৮ ]

চিত্ৰাঙ্গদাৰ বব্ৰুবাহনক তিৰস্কাৰ

চিত্ৰাঙ্গদা বোলন্ত পাপিষ্ঠ দুৰাচাৰ।
বোলস নিৰ্লজ্জ ভাবে পিন্ধা অলঙ্কাৰ॥
অৰ্জ্জুনক মাৰিলি মোহোৰ হোৱে স্বামী।
অলঙ্কাৰে কি কৰে বিধৱা ভৈলো আমি॥৩৫৭
কুন্তীৰ তনয় ধৰ্ম্মৰাজাৰ কনিষ্ঠ।
নাৰায়ণ দেৱৰ পৰম প্ৰিয় ইষ্ট॥
আমাসাৰ স্বামী যে তোহোৰ হন্ত বাপ।
হেন অৰ্জুনক মাৰি কৰিলিহি পাপ॥৩৫৮

চিত্ৰাঙ্গদা আৰু উলুপীৰ স্বামীৰ মৃত্যু-পৰীক্ষা

এহি বুলি নিন্দিলে পুত্ৰক চিত্ৰাঙ্গদা।
আন অলঙ্কাৰ ছিণ্ডি পেলাইলেক তদা॥
অৰ্জ্জুন পাশক লাগি কৰিলা গমন।
হেন দেখি উলুপীয়ে বুলিলা বচন॥৩৫৯
পাসৰিলা বাই তুমি পূৰ্ব্বৰ কাহিনী।
স্বামী এৰি যাহন্তে বুলিলা হেন বাণী॥
আমি সবে বুলিলো স্বামীৰ পাৱে ধৰি।
ভাল মন্দ তোমাৰ জানিবো কেন কৰি॥৩৬০
পুনৰপি স্বামী হেন বুলিলা উত্তৰ।
তেবেসে জানিবা মৃত্যু হৈবেক আমাৰ॥

[ ৮৯ ]

ডালিম্বৰ পাঞ্চ পুষ্প থৈবা একথান।
যদি পুষ্প ভস্ম হোৱে বিনা অগ্নিদান॥৩৬১
আসিয়োক বাই যে বাৰীক লাগি যাওঁ।
জীৱন মৰণ স্বামী জিজ্ঞাসিয়া চাওঁ॥
উলুপীৰ বচনে দুইহানো গৈলা বাৰী।
চাহিলা মঙ্গল পুষ্প পাঞ্চগোটা পাৰি॥৩৬২
বিনা অগ্নিদানে পাঞ্চ পুষ্প ভৈলা চাই।
ঘোৰ ৰাৱে কান্দে দুই দুইহান্তক চাই॥
এবেসে জানিলো যে প্ৰভুৰ মৃত্যু ভৈলা।
এহি বুলি হাতে সূতা আমডালি লৈলা॥৩৬৩
চুলি মেলি কান্দি কান্দি দুয়ো নাৰী যায়।
পাচত নৃপতি যান্ত উলটি নাচায়॥
আন নৰ-নাৰী কান্দি কান্দি যান্ত পাচে।
অৰ্জ্জুনৰ শৱ যি থানত পৰি আছে॥৩৬৪
অৰ্জ্জুনৰ গাণ্ডি মুণ্ড দেখে আছে পৰি।
প্ৰাণনাথ বুলিয়া কান্দয় লুটি পাৰি॥
কোন দোষ দেখি প্ৰভু নামাতা আমাক।
লগতে আমাকো নিয়া বুলি পাৰে ডাক॥৩৬৫
তোমাৰ চৰণে প্ৰভু বৰ লাগো আমি।
জন্মে জন্মে আমাৰ তুমিসে হৈবা স্বামী ॥
ভাৰ্য্যা নোবোলাহা প্ৰভু পুত্ৰৰ কাৰণে।
দাসী হুয়া থাকিবোহো তোমাৰ চৰণে॥৩৬৬

[ ৯০ ]

এৰিয়া কপট প্ৰভু উঠিয়ো সত্বৰে।
কুৰুগণে গৰু নেই বিৰাট নগৰে।॥
চাপ শৰ ধৰি গৰু পালটায়া ঝান্টে।
তেবেসে তোমাক মান্য কৰিল বিৰাটে॥ ৩৬৭
দ্ৰোণৰ নিমিত্তে দ্ৰুপদক দিলা ধাৰ।
তেবেসে বিপুল যশ ৰহিল তোমাৰ॥
আন বীৰগণক সবাকে পাচ কৰা।
গুৰুৰ নিমিত্তে দ্ৰুপদক খেদি ধৰা॥৩৬৮
দ্ৰৌপদী নিমিত্তে ধাইলা অনেক নৃপতি।
মৎস্যচক্ৰ ভেদিবাক নভৈল শকতি॥
চক্ৰ ভেদি দ্ৰৌপদীক আনিলাহা তুমি।
সপত্নী বিৰোধ কিছু নকৰিলো আমি ॥৩৬৯
খাণ্ডৱক দহিবাক আসিলন্ত অগ্নি।
আমাক টঙ্কিয়া তাক নমাতাহা কেনি॥
অগ্নিৰ সহায় প্ৰভু হুয়োক সত্বৰ।
খাণ্ডৱৰ উপৰে শৰৰ সাজা ঘৰ॥৩৭০
বাৰাহ আসয় কোপে পৃথিবীক ভেদি।
কিৰাট স্বৰূপে তোমাসাক যান্ত খেদি॥
বাবাহ নিমিত্তে তুমি তুষি শঙ্কৰক।
তুষ্ট হুয়া পাশুপত্ৰ দিলেক তোমাক॥৩৭১
এবে যদি মুঠা প্ৰভু জানিলো এৰিলা।
পাপিষ্ঠীক লাগি কিনো নিদাৰুণ ভৈলা॥

[ ৯১ ]

তোমাৰ সদৃশ বীৰ আন নাহি জানি।
পুত্ৰক ৰাখন্তে তুমি মৰিলা আপুনি॥৩৭২
এহি বুলি চিত্ৰাঙ্গদা থাকিলন্ত বই।
অৰ্জ্জুনৰ মুণ্ডগোট হাতে তুলি লই॥
হিয়াত সাবটি মুণ্ড কালে হুমহুমি।
এহি মুখে চুম্বন কৰিয়া আছা তুমি॥৩৭৩
কৰ্ণৰ পুত্ৰৰ মুণ্ড সেহি থানে আছে।
তাক চিত্ৰাঙ্গদা তুলি লইলন্ত পাচে॥
পিতৃবধ ভৈল বাপু নভৈল সজ্ঞান।
কিসক আসিয়া বাপু হৰুৱাইলি প্ৰাণ॥৩৭৪
তোক দেখি অধিকে দহয় মোৰ গাৱ।
কেনে প্ৰাণ ধৰিবন্ত তোৰ নিজ মাৱ॥
কতেক অধৰ্ম্ম বাপু কৰিলি পূৰ্ব্বত।
সিংহ হুয়া মৃত্যু ভৈলি মৃগৰ হাতত॥৩৭৫
পুত্ৰক সম্বোধি পাচে বুলিলা বচন।
শুনা বাপু বব্ৰুবাহ মোৰ নিবেদন॥
উলুপীৰ মোহোৰ সত্বৰে মাথা কাট।
তেবেসে তোহোক লোকে নুবুলিব নাট॥৩৭৬
হেন শুনি পশুৰামে বাপৰ বচন।
বেণুকাৰ মাথা কাটিলন্ত কম্পমান॥
তুমি পুনু বাপৰ মাৱৰ মাথা কাট।
ৰামতো অধিক কৰি পৃথিবীক ঝান্ট॥৩৭৭

[ ৯২ ]

যেবে লাজে নকাটহ শুন মোৰ বোল।
কাষ্ঠ একঠাই কৰি অগ্নিকুণ্ড জাল॥
স্বামীৰ শৱক তোল তাহাৰ উপৰ।
স্বামীসঙ্গে পৰি মৰো বহ্নি জালি পোৰ॥৩৭৮
বৃষকেতু মৰণে অধৰ্ম্ম ভৈল গুৰু।
মাগন্তাজনক যেন দেই কল্পতৰু॥
তাক মাৰি আশা ভঙ্গ কবিলি যেহেন।
এহি কথা হোৱে নোহে গুণি চায়ো মনে॥৩৭৯.
আৰো হেন আশা মোৰ আছিল মনত।
হস্তিনাপুৰক যাইবো যজ্ঞ সময়ত॥
স্বামীসঙ্গে বঙ্গে বঞ্চিবোহো সেহি ঠাই।
চিৰকাল প্ৰৱন্ধে দেখিবো শাশু আই॥৩৮০
দেখিবোহে কৃষ্ণক স্বামীৰ হোন্ত সখি।
জন্ম সাম্ফলিবো ধৰ্ম্ম নৃপতিক দেখি॥
শান্তি নাৰী দ্ৰৌপদীক দেখিবো তহিত।
সত্যভামা দেখিবোহো ৰুক্মিণী সহিত॥৩৮১
উষা উত্তৰাক গৈয়া তহিতে দেখিবো।
নানা বস্ত্ৰ অলঙ্কাৰ গাৱে গাৱে দিবো॥
সিসব সহিতে চাই ফুৰিববাহে ৰঙ্গ।
তোহোৰ কাৰণে সবে আশা ভৈল ভঙ্গ॥৩৮২
শুনিছো কাঙ্কৰী যত তোলে দুষ্ট ছাৱ।
তাৰ বাপ জীৱকে কেৱলে খাই মাৱ॥

[ ৯৩ ]

তই বাপু দুই হানো মাৱৰ মাথা খালি।
কাঙ্কৰীত কৰিয়া অধিক যশ পাইলি॥৩৮৩

বব্ৰুবাহনৰ সকৰুণ ভাৱে মাতৃৰ আগত পিতৃ-বধৰ কাৰণ বৰ্ণনা

ভূমিত পৰিয়া ৰাজা কান্দি কান্দি আছে।
মাৱক সম্বোধি হেন মাতিলন্ত পাচে॥
যতেক বুলিলা মানে নুহিকয় বোল।
পিতৃবধী বুলি কেহো নচাপিব কোল ॥৩৮৪
মোৰ ৰাজ্যে ঘোৰা আসি পশিল তাহান।
নজানি বুলিলো মই ঘোৰা ধৰি আন॥
ঘোৰাৰ কপালে পত্ৰ চাইলোহো আপুনি।
সুবুদ্ধিত সুধিলোহো সংশয় কাহিনী॥৩৮৫
সুবুদ্ধিয়ে ভাল মন্দ বুলিলা জানিয়া।
মান্ত কৰি বাপৰ চৰণে দিয়ো নিয়া॥
হেন জানি ধনে ধান্যে ঘোৰা আনি দিলো।
অশেষ মিনতি বাণী বাপক বুলিলো ॥৩৮৬
বাপৰ চৰণ মই ধৰি আছো হাতে।
গালি পাৰি লাঠি মোৰ মাৰিলেক মাথে॥
বাপৰ নিন্দাত মোৰ প্ৰাণ গৈলা লাজে।
অশেষ নিন্দিল মোক নৃপতি সমাজে॥৩৮৭
তোমাক যতেক নিন্দা বুলিলে তহিতে।
মোৰ মুখে ভাল নুহি তাহাক কহিতে॥

[ ৯৪ ]

নিন্দা বিকৰ্থনা তেবে সহিতে নপাৰো।
তেবে বোলো আক আজি যুদ্ধ কৰি মাৰো॥৩৮৮
হেনমতে পিতৃক মাৰিলো ৰণসাজে।
সজ্জনে দুৰ্জ্জনে নিন্দা কৰয় সমাজে॥
লভিলো দাৰুণ তাপ ললাটে সন্তাপ।
কেনমতে এৰাইবোহো পিতৃবধ পাপ॥৩৮৯
হেনতে আছয় তীৰ্থ দেখিতে বিচিত্ৰ।
পিতৃবধী পাপিষ্ঠক কৰিবে পৱিত্ৰ॥
হেন নাহি তপ ধৰ্ম্ম যজ্ঞ ব্ৰত দান।
তাক নাহি এৰাইবাক পাৰে কোন থান॥৩৯০
বিশেষত বৈষ্ণৱ অৰ্জ্জুন মোৰ বাপ।
তাহাঙ্ক মাৰিয়া কৰিলোহো ঘোৰ পাপ॥
সামান্য জনক মাৰি এৰণ নাযায়।
তাৰ ফলে দুখ শোক দিবে যমৰায়॥ ৩৯১
মহা মহা পাপ মই কৰি আছো যত৷
মাধৱক সুমৰণে সবে হৌক হত॥
বৈষ্ণৱ প্ৰাণীক যিটো অধৰ্ম্মে মাৰিলো।
কৃষ্ণক স্মৰণে সবে পাপক এৰাইলো॥৩৯২
অৰ্জ্জুনৰ মৃত্যু শুনি জগতৰ বাপে।
মোক ধাৰে যুদ্ধ দিব সখিৰ সন্তাপে॥
আছোক যুজিবো মুখ চাহিবাক ডবো।
নুহিবা আসন্তে হৰি অগ্নি জালি মৰো॥ ৩৯৩

[ ৯৫ ]

উলুপীক চাই ৰাজা কান্দে হুমাহুমি।
ওপজাওঁতে কিসক নামাৰিলাহা তুমি॥
সতিনীৰ পুত্ৰ বুলি নকৰিলা কষ্ট।
তেবেকি হৈবেক এতমান মন কষ্ট॥৩৯৪
অনেক নৃপতিৰ সুন্দৰী যত নাৰী।
তাসম্বাক বিধৱা কৰিলো স্বামী মাৰি॥
আগে পুনু বিধৱা কৰিলো দুয়ো আই।
এহি বুলি মন দুখ কৰিলা বাজাই॥৩৯৫
সেৱকসবক চাই আদেশিলা ৰাজা।
দাৰু একঠাই কৰি অগ্নিকুণ্ড সাজা॥
নসহে শৰীৰ পিতৃবধৰ সন্তাপে।
জালি দিয়া অগ্নি মই পুৰি মৰো জাপে॥৩৯৬
মৰিবাক লাগি সাজ ভৈলা নৃপবৰ।
দেখি চিত্ৰাঙ্গদা বোলে নমৰ নমৰ॥
একোমতে প্ৰভু জীৱাইবে নাহি পাৰো।
তেবেসে অগনি জালি আমিসব মৰো ॥৩৯৭,

উলুপীৰ পাতালত থকা সঞ্জীৱনী মণিৰ সম্ভেদ দান

উলুপী বোলয় শুনা চিত্ৰাঙ্গদা বাই।
স্বামীক জীৱাইবাৰ জানোহো উপায়॥
পাতালপুৰত আছে সঞ্জীৱনী মণি।
বৰ বৰ সৰ্পগণে ৰাখয় আপুনি॥৩৯৮

[ ৯৬ ]

তক্ষক কুলিশ কক্ক টক আসৰিক্ষ।
ধৃতৰাষ্ট্ৰ, পুণ্ডৰীক আৰো যে শতাক্ষ॥
আনো নাগগণে সবে আছে মণি ৰাখি।
যাইবাক পাৰয় কাৰ বাপৰ শকতি॥৩৯৯
কাহাৰ শতেক ফণা কাৰো দুইশত।
কাৰো তিনি কাৰো চাৰি কাৰো পাঞ্চশত॥
কাৰো ছয় কাবো সাত শতেকৰ লেখা।
কাৰো আঠ কাৰো নৱ শতেকৰ দেখা॥৪০০
সসাগৰা পৃথিবী সকলো চৰাচৰ।
অপ্ৰয়াসে ধৰি আছে ফণাৰ উপৰ॥
সৰ্পৰাজা অনন্ত মণি বাখয় আপুনি।
তাহাঙ্ক বিৰুদ্ধে মণি আনিবেক কোনি ॥৪৩১
যাহাৰ শৰীৰে হৰি শয়ন কৰন্ত।
হেন শেষৰাজা মণি আপুনি ৰাখন্ত॥
নেদেখো উপায় মণি আনিবাৰ থান।
হা হা প্ৰাণনাথ হৰুৱাইলো আবে প্ৰাণ॥৪০২
উলুপী বোলন্ত বাপ শুনা নৰপতি।
এক কথা বোলো মই দিয়া অনুমতি॥
যাৱে জীৱে কুন্তী শাশু নেদেখয় মোক।
বেশ্যা নাৰী স্বামী সঙ্গে ঝাণ্টে পুৰিয়োক॥৪০৩
চিত্ৰাঙ্গদা বাইকো পুৰিয়োক ঝান্ট কৰি।
শাহু মুখ আমি দেখিবোহো কেন কৰি॥

[ ৯৭ ]

পুত্ৰ ভাৰ্য্যা ভৈলে কেহো ভুঞ্জে সুখ ভোগ।
স্বামী নভৈলেসে জানা মৰণৰ যোগ॥৪০৪
গৰুড়ৰ সৰ্পৰ বিৰোধ কোন কাল।
গৰুড়ৰ ভয়ে সৰ্প পলায় পাতাল॥
অনেক প্ৰকাৰে সাগৰত বৰ মাগি।
মণিগোট পাইলা মৰা জীৱাইবাক লাগি॥৪০৫
সেই মণিগোটক প্ৰৱন্ধে ৰাখে সৰ্পে।
কোন প্ৰাণী আছে মণি আনিবেক দৰ্পে॥
বুদ্ধি এক পাইলো মই সপোনৰ ইচ্ছা।
মৰণৰ সাৰ জীৱনৰ সবে মিছা॥৪০৬

সঞ্জীৱনী মণি আনিবলৈ বব্ৰুবাহনৰ প্ৰতিজ্ঞা

বব্ৰুবাহে বোলে মাৱ এৰিয়ো সন্তাপ।
যদি মণি পাইলে জীৱয় মোৰ বাপ॥
জিনিবো পাতালপুৰ আনিবোহো মণি।
বাপৰ শৱক তোৰা ৰাখিয়ো আপুনি॥৪০৭
যদিবা মণিক নেদি দেই ঘোৰ বণ।
মোহোৰ শৰক সহিবাক পাৰে কোন॥
কৰ্ণৰ পুত্ৰত কৰি নুহিকয় চাৰ।
মোক জিনিবেক সৰ্পৰ বা কোন ঘৰ॥৪ ০৮
যিটো বাপে হবক জিনিল ঘোৰ ৰণে।
যাত ৰণ হাৰিলন্ত সুৰাসুৰগণে ॥

[ ৯৮ ]

ৰণ কৰি মাৰিবোহো যত বৰ সাপ।
মণি আনি পাচেসে জীয়াইবো মোৰ বাপ॥৪০৯
বৃষকেতু বীৰক জীয়াইবো তাত পৰে।
সবাকো জীয়াইবো সমৰত যত মৰে॥
আন বীৰগণে তাত ৰাখি থাকা শৱ।
দেখিয়ো সমৰ আজি কৰো পৰাভৱ॥৪১০
বিষাদতে উলুপীয়ে তুলিলেক হাস।
বাতুলৰ বোলে সবে কতেক লপস॥
এক এক বীৰ আছে বিপুল শকতি।
তাকো জিনিবাক চাস কিনো মন্দমতি॥ ৪১১
পৰম মহন্ত শেষৰাজা মহাসৰ্প।
নেদেখি নুশুনি বেটা তাক কৰ দৰ্প॥
ভাল মন্দ নুবুজিয়া পূৰ্ব্বাপৰ কায।
এহিমতে বাপেৰক মাৰিলি নিলাজ॥৪১২
বব্ৰুবাহে বোলে মাৱ থিৰ কৰা মন।
মিছা হেন নুবুলিবা মোহোৰ বচন॥
যদি হৰি হৰে ৰক্ষা কৰয় আপুনি।
তথাপি সাপক জিনি আনিবোহো মণি॥৪১৩
ইন্দ্ৰ যম কুবেৰ বৰুণ সুৰ নৰ।
সাপক ৰাখিয়া যদি কৰয় সমৰ॥
তাসম্বাৰ যুদ্ধক মোহোৰ নাই ভয়।
সাপক জিনিয়া মণি আনিবো নিশ্চয়॥৪১৪

[ ৯৯ ]

উলুপী বোলয় বেটা কতেক লপস।
কুঠাৰে নকটে নখে বিদাৰিবে চাস॥
উপায়ক দেওঁ মই নকৰিবি ক্লেশ।
শুন মণি আনিবাৰ দেওঁ উপদেশ॥৪১৫
যৈসানি পিতৃয়ে অৰ্জ্জুনক দিলা দান।
সখা কৰি পুণ্ডৰীক দিলে বিদ্যমান॥
তেহো পুণ্ডৰীক বুদ্ধিমন্ত অদভুত।
তাহাক সুধিবে লাগি পঠাই দিয়া দূত॥৪১৬

উলুপীৰ আদেশত সঞ্জীৱনী মণি আনিবলৈ পুণ্ডৰীক নাগৰ
পাতালপুৰলৈ গমন

এহি বুলি পুণ্ডৰীক মাতিলা সাদৰি।
তুমিসে মোহোৰ সখি তুমি প্ৰিয়কাৰী॥
তোমাকে সহায় কৰি পিতৃ দিলা মোক।
তুষ্ট হুয়া পিতৃপাশে ঝান্টে চলিয়োক॥৪১৭
কহিয়ো সময় বুজি হৰিষৰ বেলা।
তেবেসে সিজিব কাৰ্য্য নকৰিবা হেলা॥
যেনমতে বব্ৰুবাহে মাৰিলে স্বামীক।
সকলো জানাহা তুমি কি কহিবো ধিক॥৪১৮
যেনমতে বাপে যে তোমাক দেই মণি।
সেহি কথা পুণ্ডৰীক কহিবা আপুনি॥

[ ১০০ ]

কৰ্ণৰ কুণ্ডল গলে হাৰ সাতসৰি।
বাপৰ আগত দিবা কৃতাঞ্জলি কৰি॥৪১৯
যেবে বাপে মণি দেই তেবে পাওঁ স্বামী।
নুহি তেবে অলঙ্কাৰে কি কৰিবো আমি।
কল্যাণে পথত যাহা পুণ্ডৰীক বাপ।
অৰ্জ্জুন জীলেসে গুচে দাৰুণ সন্তাপ॥৪২০
পুণ্ডৰীকে বোলে মাৱ তোমাতে মেলাওঁ।
পাতালপুৰক মণি আনিবাক যাওঁ।
সৰ্পে বোলে ভালে জানো মণিক নেদয়।
অৰ্জ্জুনৰ শৱ কিবা গেলি পচি যায়॥৪২১
অৰ্জ্জুনৰ শৰীৰত যাওঁ খোট হানি।
মোৰ বিষ লাগি শৱ নুহিবে গেলানি।
হেৰ মই লৰিলো তোমাৰ প্ৰিয়সখা।
তুমিসবে প্ৰৱন্ধে অহিতে শৱ ৰাখা॥৪২২
বব্ৰুবাহে বোলে সৰ্প শুনা মোৰ বাণী।
বৃষকেতু শৰীৰতো যায়ো খোট হানি।
এহিসে লগাইল মোক সমৰত ভয়।
মোক মনে ভৈল বৃষকেতু ধনঞ্জয়॥৪২৩

পুণ্ডৰীকৰ নাগৰাজ অনন্তৰ ওচৰত সঞ্জীৱনী মণি প্ৰাৰ্থনা

ৰাজাৰ বচনে সৰ্পে দুইতো লগাই বিষ।
পশিলা পাতালপুৰ পৰম হৰিষ॥

[ ১০১ ]

দেখিলা পাতালপুৰ পৰম ৰঞ্জিত।
অযুতেক যোজন দেখন্তে বিপৰীত॥৪২৪
সাতখান পাতাল দেখিলা ভাৱে ভাৱে।
থানে থানে নানা কন্যাগণে গীত গাৱে॥
নানাবিধ পুষ্প ফল দেখিয়া সাক্ষাৎ।
যেই মনোনীত খোজে সেই পাৱে তত॥৪২৫
ভোগৱতী জলে পুষ্পে সুগন্ধিত কৰি।
দেখিলা অমৃতময় কুণ্ডে আছে ভৰি॥
শেষৰাজা মন্দিৰত প্ৰবেশিলা পাচে।
দেখন্ত সহস্ৰ ফণা দীপ্তি কৰি আছে॥৪২৬
সিংহাসনে বসি শেষৰাজা মহাসুখে।
বাসুদেৱ নাম জপে সহস্ৰেক মুখে॥
তক্ষক সক্ষাক কৰ্ক্কটক আদি কৰি।
বৰ বৰ সৰ্পগণে আছে সেৱা কৰি॥৪২৭
সেহিবেলা আগবাঢ়ি কৰিলা প্ৰণাম।
তোমাৰ সেৱক মই পুণ্ডৰীক নাম॥
দূত কৰি পঠাই দিছে দুহিতা তোমাৰ।
হুই নুই চাহিয়োক পূৰ্ব্ব অলঙ্কাৰ॥৪২৮
দিয়োক অভয় কথা কহো সমুদায়।
পাণ্ডুপুত্ৰ ধনঞ্জয় তোমাৰ জমাই॥
সমৰত হত ভৈল উলুপীৰ স্বামী।
এতেকে তোমাৰ পাশে আসি আছো আমি॥৪২৯

[ ১০২ ]

অনন্তে বোলয় কি কহিলি অৰে তৰে।
মোৰ জমাই অৰ্জ্জুনক মাৰিব সমৰে॥
হৰি যে সহায় তাৰ সমৰ ভূমিত।
কোনে কেনমতে মাৰে সবে বিপৰীত॥৪৩০
তেহে কহো যুদ্ধ কৰি তুষিলে শঙ্কৰ।
দয়া কৰি শঙ্কৰে দিলেক ইষ্টবৰ॥
অজয় পুৰুষ তেহো হৈবে ঘোৰ ৰণে।
সিয়ো বৰ মিছা ভৈল জমাইৰ মৰণে॥৪৩১
সেহি বেলা বাসুদেৱ নাহিকে লগত।
সিকাৰণে ধনঞ্জয় পৰিল ৰণত॥
তাহান সমান বীৰ নাহিকয় ৰাজ্যে।
কোনে মাৰিবেক হৰি শঙ্কৰত বাজে॥৪৩২
কোন কাৰ্য্যে পঠাইল তোমাক মোৰ জীউ।
গুচোক সংশয় মোৰ আবে কৈয়ো তয়॥
পুণ্ডৰীকে বোলে প্ৰভু শুনিয়ো সকলে।
কুৰু পাণ্ডৱৰ যুদ্ধ ভৈল মহীতলে॥৪৩৩
ভীষ্ম গুৰু দ্ৰোণ বিদুৰথ আদি কৰি।
সবাকে পাণ্ডৱে মাৰিলন্ত ৰণ কৰি॥
গোত্ৰহত্যা পাণ্ডৱৰ পাতকক ভয়।
অশ্বমেধ যজ্ঞ হেতু এৰি দিলা হয়॥৪৩৪
সেহি ঘোৰা ৰক্ষক অৰ্জ্জুন ধনুৰ্দ্ধৰ।
ঘোৰা পাই ধৰিলন্ত মণিপুৰেশ্বৰ॥

[ ১০৩ ]

পুত্ৰৰ হাতত অৰ্জ্জুনৰ মৃত্যুৰ কাৰণ বৰ্ণনা

যি কালত অৰ্জ্জুনে নীলক গৈলা ধাই।
জনা নামে পটেশ্বৰী তাহাতে আছয়॥৪৩৫
নীলে বোলে পাণ্ডৱত লৈবোহো শৰণ।
জনা বোলে আমি সমদলে কৰো ৰণ॥
জনাৰ বচনে ৰাজা পঠাইল কটক।
সাজি পাৰি পঠাইলন্ত অশেষ পুত্ৰক॥৪৩৬
সবাকো অৰ্জ্জুনে মাৰিলন্ত ঘোৰ ৰণে।
পাচে আসি যুদ্ধে নীলে পশিল শৰণে॥
ৰোষ কৰি জনা গৈল ভায়েকৰ ঠাই।
নীলকেতু বোলে কিয় অসিলিহি আই॥৪৩৭
পুত্ৰ মাৰি মোহোৰ স্বামীক নিলে ধৰি
তুমি অৰ্জ্জুনক মাৰা ঘোৰ ৰণ কৰি॥
উল্লুকে বোলয় তুমি থাকা এহিক্ষণ।
বিনা ছলে অৰ্জ্জুনক কোনে কৰে ৰণ॥৪৩৮
হেন শুনি জনা দেৱী নাথাকিল ৰই।
দোষ কৰি চলি গৈলা মুখক নাচাই॥
গঙ্গাৰ তীৰত গৈয়া উপসন্ন হৈলা।
পাৰ হৈবে মনে গৈয়া নাৱত উঠিলা॥৪৩৯
নাৱে পানী লাগি কিছু তিতিলেক ভৰি।
ডেৱ দিয়া উঠি গৈলা আতি শীঘ্ৰ কৰি

[ ১০৪ ]

বামপাৱে চুইলেক গঙ্গাৰ মাত্ৰ পানী।
কতেক অধৰ্ম্ম ভৈল নিৰ্ণয় নাজানি॥৪৪০
সৰ্ব্বলোকে বোলে এই কেনেনো অজ্ঞান।
দেখিল মাত্ৰকে জল হৰে এতমান॥
হেন শুনি গঙ্গা বাজ ভৈলা তেতিক্ষণ।
কন্যাৰূপ ধৰি সুলক্ষণী সৰ্ব্বক্ষণ॥৪৪১
কোন কাৰ্য্যে আমাক নিন্দিলা বৰবালা।
এবেসে সিজিল কাৰ্য্য হাসিলেক জলা॥
শান্তনুৰ হন্তে যে তোমাৰ সুৰেশ্বৰী।
সাত পুত্ৰ হুয়া যেবে আগে গৈল মৰি॥৪৪২
ভীষ্ম নামে পুত্ৰ তুমি পাইলা সাধি পাৰি।
নাতি হুয়া তাহাঙ্ক অৰ্জ্জুনে থৈলা মাৰি॥
অপুত্ৰক ভৈলা তুমি জগতৰ আই।
এতেকে তোক নিন্দা কৰিতে যুৱাই॥৪৪৩
এতেক বচন শুনি জগতৰ মাৱ।
আৰকত আখি মুখ বিহ্বল স্বভাৱ।
নাতি পিতামহৰ নাহিকে ভেদাভেদ।
হেনতো অৰ্জ্জুনে কৰিলেক বংশচ্ছেদ॥৪৪৪
ছয় মাস অন্তৰত মোহোৰ শপত।
অৰ্জ্জুনৰ মৃত্যু হৌক পুত্ৰৰ হাতত॥
অৰ্জ্জুনৰ মৃত্যু হৈব মই হৈবো বাণ।
এহি শুনি বহ্ণি জালি জনা এৰে প্ৰাণ॥৪২৫

[ ১০৫ ]

বব্ৰুবাহ ৰাজাৰ যে পশিলা টোণত।
সেহি বাণে অৰ্জ্জুন পৰিল সমৰত॥
ঘোৰাৰ নিমিত্তে বাপে পোৱে ভৈল যুদ্ধ।
গঙ্গাৰ শপত পুত্ৰে ছেদিলেক স্কন্ধ॥৪৪৬
তেহে আবে অৰ্জ্জুনক জীয়াইবাক লাগি।
মৃত্যু সঞ্জীৱনী মণি পঠাই দিল মাগি॥
বিশেষত জমাই আৰো প্ৰাণদাতা ধৰ্ম্ম।
বিস্তৰ লোকত তেবে গুচিবেক মৰ্ম্ম॥৪৪৭
অৰ্জ্জুনক জীয়াইলে কৃষ্ণৰ হৈব ৰঙ্গ।
উলুপীৰো বিধৱা লক্ষণ হৈব ভঙ্গ॥
বব্ৰুবাহ ৰাজাৰ সিজিব মনোনীত।
মৰা জীয়াইবাৰ যশ ৰৈব পৃথিবীত॥৪৪৮
সজ্জন জনৰ ধৰ্ম্ম পৰ উপকাৰ।
হেন জানি পঠাইলন্ত পাশক তোমাৰ॥

সঞ্জীৱনী মণি দিবলৈ নাগসকলৰ লগত অনন্তৰ
আলোচনা আৰু ধৃতৰাষ্ট্ৰ নাগৰ বাধা

হেন শুনি সৰ্পৰাজা মাতিলন্ত গুণি।
মৰ্ম্ম কৰি মাতিলা জোৱাইৰ মৃত্যু শুনি॥৪৪৯
দিবো সঞ্জীৱনী মণি শুনা পুণ্ডৰীক।
জোৱাইৰ মৰণে মোৰ জীবে লাগে কিক॥
শুনা সৰ্পলোকসব বচন আমাৰ।
কি কৰিবো মণি কি কৰিবো ৰাজ্যভাৰ॥৪৫ ০

[ ১০৬ ]

মোৰ সঞ্জীৱনী মণি থাকি কৰে কিক।
জমাই নিজীলে বিধৱা হোৱে জীক॥
জগতৰ হিতাৰ্থে স্ৰজিল ইটো মণি।
বৈষ্ণৱ জনক লাগি পঠাইবে আপুনি॥৪৫১
শুনি বাসুদেৱে মোক বুলিবন্ত কি।
তোৰ লোকে কি বেলা পঠাওঁ মণি দি॥
অনন্তৰ বচন শুনিয়া সৰ্পগণ।
হেট মাথা কৰিয়া নিশ্বাস কাঢ়ে ঘন॥৪৫২
তাসম্বাৰ মাজে আছে ধৃতৰাষ্ট্ৰ নাগ॥
উঠি মাতিলন্ত অনন্তৰ হুয়া আগ।
শুনা সৰ্পৰাজা প্ৰভু বচন আমাৰ।
দাতা প্ৰাণী ভৈলেসে দিবাক নাই ধাৰ॥৪৫৩
এবে মনুষ্যক লাগি নিদিবাহা মণি।
বিশেষত পিতৃবধী অধৰ্ম্মক জানি॥
তোমাৰেসে হিত পক্ষে বোলো সবে বুদ্ধি।
অধৰ্ম্মী জনৰ একো নাকলে ঔষধি॥৪৫৪
ইটো মণি ৰহিবেক মনুষ্যত যাই।
পাতালক লাগি ইটো নাসিব দুনাই॥
মাৰ্কণ্ডেয় শপত গৰুড় পক্ষীবৰ।
একো কালে নপশন্ত পাতাল ভিতৰ॥৪৫৫
সি কাৰণে মণি বাখি আছয় পাতালে।
মনুষ্যত মণি পাইলে নিবে সেহি তালে॥

[ ১০৭ ]

মণি পাইলে মনুষ্যৰ নাহি মৃত্যুভয়।
অমৃতকো হৰি নিব জানিলো নিশ্চয়॥৪৫৬
সুধা মণি বিহনে আমাক কোনে গণে।
নাৰীসবে স্বামী বুলি নমানিব মনে।
আনো নানা নিষেধ বুলিলা ধৃতৰাষ্ট্ৰে।
শুনি শেষৰাজা মাতিলন্ত মনকষ্টে॥৪৫৭
মূৰ্খৰ সহিতে আশা নুহিকে সম্পদ।
দিনে দিনে ধৰ্ম্ম হানি বঢ়াৱে আপদ॥
গুণি চাওঁ কেনে মোৰ হৈব যশৰাশি।
পৃথিবীৰপৰা মোক মণি মাগে আসি॥৪৫৮
হেনতো সবাৰে কথা শুনা সৰ্পলোক।
কৃষ্ণৰ আগত কুন্তীয়ে পাৱে শোক॥
অমৃতৰ হন্ত যদি দেন্ত কৃপাময়।
হেন হৰি আছন্তে মৰিব ধনঞ্জয়॥৪৫৯
এতেকেসে মণিগোট দিবাক উচিত।
পৰ উপকাৰ কৰিবন্ত সমুচিত॥
দধীচি মুনিৰ আমি কথা আছো শুনি।
প্ৰাণ এৰি অস্থিচয় দিলন্ত আপুনি॥৪৬০
পুনৰপি ধৃতৰাষ্ট্ৰে দিলন্ত সিদ্ধান্তে।
আমাৰা এৰিলা আশা জোৱাইক চাহন্তে॥
অনন্তে বোলয় শুনিয়োক পুণ্ডৰীক।
হৰিপদ এৰি মোত মণি মাগে কিক॥৪৬১

[ ১০৮ ]

সেহি মণি দেন্তে মোক বাধে জ্ঞাতিলোক।
নাতিত জনাইবা যেন যুৱাই কৰন্তোক॥
ৰাজাৰ বচনে পুণ্ডৰীক গৈলা লৰি।
যি থানত অৰ্জ্জুনৰ শৱ আছে পৰি॥৪৬২
বব্ৰুবাহ ৰাজা আছে কটক সহিতে।
দুয়ো নাৰী শৱ ৰাখি আছয় তহিতে॥
আশাবন্ধ কৰি মনে আছয় মণিত।
পুণ্ডৰীকে কৈলা মণি নিদিয়ে নিশ্চিত॥৪৬৩
হাঁ হাঁ প্ৰাণনাথ বুলি কান্দে দুয়ো নাৰী।
এবেসে জানিলো প্ৰভু জীয়াইতে নাপাৰি॥
পুণ্ডৰীক বোলে প্ৰভু শুনা মোৰ বাক।
শেষৰাজা মণি দিবে চাহিল আমাক॥৪৬৪
সবে জ্ঞাতিগণে নিষেধিলে বহুভাগে।
নপাইলো মণিক তুমি কৰা যেহি লাগে॥

সঞ্জীৱনী মণি নাপাই নাগৰসৈতে বব্ৰুবাহনৰ যুদ্ধ

সৰ্পৰ বচন শুনি বব্ৰুবাহ ৰাজা।
তেতিক্ষণে আদেশ কৰিলা বহু প্ৰজা॥৪৬৫
কতো সেনাগণে ৰাখি থাকোক শৱক।
কতো সেনাগণ লই যাওঁ পাতালক॥
কোপ অপমানত চক্ষুৰ পৰে লুই।
জাকে জাকে নিকলয় অগ্নি বাজ হুই॥ ৪৬৬

[ ১০৯ ]

মহাকোপে নৰনাথে সবাতো সোধন্ত।
কোন থানে আছে সৰ্প কৰিবোহো অন্ত॥
কুলিশ বাসুকী সৰ্প মাৰিবো তহিত।
মণিক আনিবো আৰো আনিবো অমৃত॥৪৬৭
মোৰ বাপ ধনঞ্জয় আছয় মৰিয়া।
সাপে কি থাকিব ভালে মণিক নিদিয়া॥
কৃষ্ণৰ সেৱক ধৰ্ম্মৰাজাৰ অনুজ।
তাহাঙ্ক জীয়ান্তে মোৰ পৰাক্ৰম বুজ॥৪৬৮
সূতা হেন কৰিবোহো বৰ বৰ সাপ।
মণি আনি তেবেসে জীয়াইবো মোৰ বাপ॥
সবাহাঙ্কে জীয়াইবো যতেক আছে মৰি।
ত্ৰৈলোক্যৰ যত সাপ তাক থৈবো মাৰি॥৪৬৯
অনন্তক লাগি যদি যুজন্ত শঙ্কৰ।
ইষ্টদেৱ বুলি তাঙ্ক কৰিবো কাতৰ॥
তথাপিতো শিৱে যদি নছাৰয় যুজ।
তাহাকো জিনিবো মোৰ পৰাক্ৰম বুজ॥৪৭•
এহি বুলি বাপৰ শৱক ৰক্ষা থই।
পাতালপুৰৰ বাট ভেন্টিলেক গই॥
ঢাক ঢোল মৃদঙ্গ কৰয় কোলাহল।
উসমিস লাগি গৈল সকলে পাতাল॥৪৭১
অনন্ত ৰাজাৰ বাট ভেন্টিলেক আছে।
ধৃতৰাষ্ট্ৰ মন্ত্ৰীক মাতিলা ৰাজা পাচে॥

[ ১১০ ]

তোহোৰ নিমিত্তে দুষ্ট প্ৰাণ হৰুৱাইলো।
মান্য কৰি মণি মই দিবাক চাহিলো॥ ৪৭২
ধৃতৰাষ্ট্ৰ অন্ধ হুনু মনুষ্য লোকত।
কুবুদ্ধিৰ ফলে তাৰ শতপুত্ৰ হত॥
তোহোৰ বুদ্ধিৰ ফলে ভৈলো সৰ্ব্বনাশ।
এবে কেনে দুষ্ট তই যুদ্ধক নযাস॥৪৭৩
পৰম বৈষ্ণৱ বব্ৰুবাহ নৰপতি।
তাক যুজিবাক চাস কিনো মন্দমতি॥
সঞ্জীৱনী মণি দিতে তই দিলি হাক।
সবে সৈন্য লই তই চল যুজিবাক॥৪৭৪
অনন্তৰ আদেশ শুনিয়া সৰ্পৰ্গণ।
যুদ্ধক প্ৰৱন্ধে চলি গৈলা তেতিক্ষণ॥
তক্ষক প্ৰভৃতি সৰ্পগণ ভৈলা বাজ।
চতুৰঙ্গ দলে পাতালৰ ভৈলা বাজ॥৪৭৫
দীৰ্ঘৰূপ ধৰিলা সকলে সেনাগণ।
নানাবিধ অলঙ্কাৰ কৰি আভৰণ॥
হস্তী ঘোৰা অশেষ পদাতি ভৈলা আগ।
কতোক্ষণে নৃপতিক আসি পাইলা লাগ॥৪৭৬
মনুষ্যৰ কটক দেখিয়া সৰ্পৰাজ।
পঞ্চ প্ৰহৰৰ পথ বেঢ়ি ভৈলা বাজ॥
দুখান সাগৰ যেন ভৈল এক ঠাই।
সৰ্প মনুষ্যৰ ভাৱ তবধ পৰায়॥৪৭৭

[ ১১১ ]

সৰ্পৰ মুখৰ বিষ বহে জাকে জাকে।
বিষজালে পুৰি মাৰে সমস্ত সেনাকে॥
গদা মুদগৰ যাঠী অশেষ তোমৰে।
হাতে হাতে কৰে ৰণ যাইবাক নপাৰে॥৪৭৮
ব্ৰহ্মা আদি কৰিয়া যতেক দেৱগণ।
কৌতূহলে আসিলা যুদ্ধ চাহিবাক মন॥
বব্ৰুবাহে জিনন্তোক বোলে কতো ভাগে।
কেহো কেহো বোলে ৰণ জিনিবেক নাগে॥৪৭৯
হেন যেবে ঘোৰ যুদ্ধ ভৈল দুয়োদলে।
ধৃতৰাষ্ট্ৰ নাগে পাচে মাতে কৌতূহলে॥
সৰ্পক বোলন্ত তোৰা থাকি কৰ কিস।
খোট মাৰি মনুষ্যক লগায়োক বিষ॥৪৮
মন্ত্ৰীৰ বচনে সবে নাথাকিল ৰই।
ৰাজাৰ সেনাত বিষ লগাইলেক গই॥
ধৃতৰাষ্ট্ৰ নাগে খোট মাৰিলা বিস্তৰ।
সবে মাৰি নষ্ট কৈলা একৈক হাজাৰ॥৪৮১
দেখি বব্ৰুবাহ জ্বলি গৈলা অতিবেক।
শৰ হানি সৰ্প সেনা মাৰিলা অনেক।
পুনৰপি নৃপবৰে হানি তিনি বাণ॥
ধৃতৰাষ্ট্ৰ মন্ত্ৰীৰ কাটিলা ৰথখান॥৪৮২
পাচে বব্ৰুবাহে মন্ত্ৰ পঢ়ি ধূলা জাৰি।
ডোঙ্গা ডুঙ্গি কৰে সৰ্প যাইবাক নাপাৰি॥

[ ১১২ ]

শৰ হানি ফণা মণি কাটিলা বিস্তৰ।
যেন তাৰাগণ খসি পৰিল স্বৰ্গৰ॥৪৮৩
সবে সাজ হুয়া সৰ্পসেনা যুজ দিলা॥
মণিপুৰ নৃপতিৰ চৌপাশে বেঢ়িলা।
ফোকাৰন্তে বিষবহ্নি এবে সৰ্পপ্ৰজা।
বিষ লাগি প্ৰজা মৰে দেখিলন্ত ৰাজা॥৪৮৪
হেন দেখি পাচে ৰাজা নসহে পৰাণ।
তেতিক্ষণে মাৰিলন্ত ময়ূৰৰ বাণ॥
সেহি শৰে সৰ্পসেনা ধৰি ধৰি খাই।
কতোসে ধৰিতে পাৰে বিস্তৰ পলায়॥৪৮৫
ৰাজা দেখে পলাই যায় বৰ বৰ সাপ।
খেদয় ময়ূৰে তাক নপাৱয় লাগ॥
মন্ত্ৰ পঢ়ি শৰ ধৰি ধনুত যুৰিলা।
সৰ্পৰ উপৰে মধুবাণ বৰষিলা॥৪৮৬
গাৱে মধু লাগি সৰ্প যাইবাক নপাৰে।
তেবেসে ময়ূৰে তাক খোট মাৰি ধৰে॥
বহুতৰ সৰ্পসেনা ময়ূৰ তাকৰ।
তেতিক্ষণে মাৰিলেক পিম্পৰাৰ শৰ॥৪৮৭
ময়ূৰে খোটয় পিম্পৰাই লাগ পাই।
ছাল থই মাংস খায় ভিতৰে সোমাই॥
ভিতৰে ভিতৰে খুলি নেই কতো দূৰ।
সাহ কঢ়া ফাক যেন তেতেলী টেঙ্গাৰ॥৪৮৮

[ ১১৩ ]

দেখয় পিম্পৰাসবে খাইবাক নপাৰে।
আধা মৰা সৰ্পসবে লোটালুটি পাৰে॥।
নকুলৰ বাণক হানিলা সেহি তালে।
দেখি ৰণভঙ্গে সৰ্পে পশিলা পাতালে॥৪৮৯

যুদ্ধত নাগসকলৰ পৰাজয় আৰু সঞ্জীৱনী মণিদান

ৰণভঙ্গে পলাইল সকলে সৰ্পগণ।
অনন্ত ৰাজাত গৈয়া পশিলা শৰণ॥
মাংস যে শোণিত নাই আছে মাত্ৰ ছাল।
অনন্তে বোলয় প্ৰজা ভৈল লালকাল॥৪৯০
হাসি হাসি উপহাস্য বোলয় অনন্তে।
এবে কেনে পলাইলেক ৰণভূমি হন্তে॥
মই মণি দিবে চাইলো সবে দিলি হাক।
বিনা ৰণ জিনি নুযুৱাই পলাইবাক॥৪৯১
পূৰ্ব্বতে বুলিলো তাক যুজিতে নাপাৰি।
তথাপিতো তুমিসবে গৈলা কাছি পাৰি॥
এবে কেনে পলাই যাস বৰ বৰ সাপ।
আনো মনুষ্যকো লাগি ভাঙ্গিলেক কাপ॥৪৯২
যাতো নতুব ব্ৰুবাহে হেন বুদ্ধি কৰে।
বাট ভেটি অগ্নি জ্বালি ধোঁৱা দিয়া মাৰে॥
যাৱে নতু পাতালপুৰক লৱে কাঢ়ি।
তাৱে গৈয়া শৰণ পশিয়ো আগবাঢ়ি॥৪৯৩

[ ১১৪ ]

এহি বুলি অনন্তে পাঞ্চিলা সেনাগণ।
মৃত্যু সঞ্জীৱনী মণি লৈলা তেতিক্ষণ॥
দণ্ড ছত্ৰ লৈয়োক শতেক ৰাজবালা।
নৃপতিক লাগিয়া লৈয়োক ৰত্নমালা॥৪৯৪
অনেক বাখৰে খছি দুগোটা কুণ্ডল।
হেনবা নৃপতি দেখি হৱে কৌতূহল॥
আনো সব দুৰ্ল্লভ যতেক মনুষ্যৰ।
সিয়ো সব বাছি লোৱা ৰাজমন্দিৰৰ॥৪৯৫
কল্পতৰু কামধেনু সঞ্জীৱনী মণি।
হৰি লাগ পাইলে ইহাক কোনে গণি॥
হৰিৰ আগত ইহা কিবা কোনে গণে।
বিস্তৰ অন্তৰ ছাগলৰ দুগ্ধ যেনে॥৪৯৬
আজিসে সাম্ফল মোৰ হৈবেক জীৱন।
গৰুড়ৰ স্কন্ধত হৰি পাইবো দৰশন॥
অৱশ্যেকে আসিবন্ত অৰ্জ্জুন নিদানে।
বব্ৰুবাহ ৰাজাকো দেখিবো সেহি স্থানে॥৪৯৭
এহি বুলি মণি লৈয়া গৈলা সৰ্পৰাজ।
বহু ধন লৈয়া পাতালৰ ভৈলা বাজ॥
বব্ৰুবাহ ৰাজাক যে পাইলা দৰিশন।
নাতি বুলি স্নেহত দিলন্ত বহু ধন॥৪৯৮
পূৰ্ব্বতে মণিক মই দিবাক চাহিলো।
জ্ঞাতিৰ বাধাত মণি দিবে নপাৰিলো॥

[ ১১৫ ]

যতেক বাধিল মানে তাৰ ফল পাইল।
কতো কতো জীলে কতো প্ৰাণ হৰুৱাইল॥৪৯৯
অনন্তে বোলয় দোষ ক্ষমা কৰা নাতি।
বিশেষত চঞ্চল আমাৰ সৰ্প জাতি॥
দুইখান জিহ্বা আৰো বহুতৰ শিৰ।
কোনো কালে আমাৰ বচন নুহি স্থিৰ॥৫ ০০
হেন শুনি ৰাজাৰ হৰিষ ভৈলা মন।
অনন্তক আশ্বাসিলা মধুৰ বচন॥
আসা তুমি আমি মনুষ্যক লাগি যাওঁ।
সঞ্জীৱনী মণি লৈয়া বাপক জীয়াওঁ॥৫০১
এহি বুলি অনন্তে সহিতে গৈলা লৰি।
অৰ্জ্জুনৰ শৱ যি থানত আছে পৰি॥
এহিমতে কথা মাতে পথে যান্ত দুই।
সৰ্প মনুষ্যৰ সেনা একঠাই হুই॥৫০২

ধৃতৰাষ্ট্ৰ নাগৰ পুত্ৰদ্বয়ৰ লগত আলোচনা

পাতালৰ ধৃতৰাষ্ট্ৰ কুবুদ্ধি নাগৰ।
অধোমুখে চিন্তা কৰি আছয় বিস্তৰ॥
দুন্মুহ কুবুদ্ধি তাৰ দুই পুত্ৰ আছে।
অসন্তোষে ধৃতৰাষ্ট্ৰে মাতিলন্ত পাচে॥৫০৩
শুনা দুই পুত্ৰ যি কাৰণে কৰো চিন্তা।
মনুষ্য লোকত মোৰ ধৃতৰাষ্ট্ৰ মিতা॥

[ ১১৬ ]

তাৰ শত পুত্ৰক মাৰিলে কুন্তীসুত।
সি কাৰণে পাণ্ডৱ বিৰোধ অদভুত॥৫ ০৪
শতপুত্ৰ মাৰিলেক অন্ধক মিতাৰ।
মিত্ৰৱতি গুণ কিছু নভৈল আমাৰ॥
কতো কালে বিধি আসি ভৈলেক প্ৰসন্ন।
বাপে পোৱে যুদ্ধ কৰি মাৰিলে অৰ্জ্জুন॥৫০৫
সিটো অৰ্জ্জুনক আৱে জীৱাইবে প্ৰৱন্ধে।
সঞ্জীৱনী মণিক নিলেক ঘোৰ যুদ্ধে॥
একোমতে নপাৰিলো মণি ৰাখিবাক।
এবেসে জানিলো অৰ্জ্জুনক জীয়াইবেক॥৫০৬
অৰ্জ্জুন জীলেসে জয় হৈবে ধৰ্ম্মৰাজ।
নপাৰিলো কৰিবে মিত্ৰৰ কিছু কাজ॥
হতবুদ্ধি ভৈলো কাৰ্য্য সাধিবে নপাৰি।
তুমিসবে চাহা কাৰ্য্য কি কৰিতে পাৰি॥৫০৭
আজি যদি ভাগ্যতেসে অৰ্জ্জুন জীৱন্ত।
যুধিষ্ঠিৰ ৰাজা ৰাজসূয় কৰিবন্ত॥
পৃথিবীত যশৰাশি হৈব পাণ্ডৱৰ।
বৈৰীপক্ষ বাঢ়ে দেখি সন্তাপ মনৰ॥৫০৮
কুবুদ্ধি বোলন্ত বাপ এৰিয়োক মৰ্ম্ম।
আমি ভাল থাকতে কি নিসিজিবে কৰ্ম্ম॥
অৰ্জ্জুনক জীয়াইবাক নপাৰিব জানি।
দেখিয়োক কেনমত পাতোহো বিঘিনি॥৫০৯

[ ১১৭ ]

যাহাৰ গৃহত খানিতেক থাকো আমি।
নাহিকে কল্যাণ সিটো ভৈল অধোগামী॥
হেন মই থাকন্তে কিসক অসন্তোষ।
যায়োক অনন্ত পাশে হুয়োক সন্তোষ॥৫১০
গাণ্ডি মুণ্ড পাইলেসে জীয়াইবে পাৰে মণি।
মায়া কৰি মুণ্ড চুৰ কৰিবো আপুনি॥
কেনমতে জীয়াইবে আমাৰ চায়ো ৰঙ্গ।
আজি পাণ্ডৱৰ যে আশাক কৰো ভঙ্গ॥৫১১

ধৃতৰাষ্ট্ৰ-পুত্ৰ কুবুদ্ধিৰ অৰ্জ্জুনৰ মুণ্ড অপহৰণ

তেখনে কুবুদ্ধি চলি গৈলা ভ্ৰাতৃ এৰে।
মুণ্ড পৰি আছে যি থানত অৰ্জ্জুনৰে॥
সবে চাহি থাকন্তে মুণ্ডক হৰি নিলা।
বকদণ্ড ঋষিৰ আশ্ৰমে নিয়া থৈলা॥৫১২
চিত্ৰাঙ্গদা উলুপী নেদেখি স্বামী মাথ।
হা স্বামী বুলি শোকে ঢাকুৰয় মাথ॥
কোনেনো নিলেক চন্দ্ৰ সমান বদন।
এহি বুলি দুয়ো নাৰী কৰন্ত ক্ৰন্দন॥৫১৩
খনো উঠে খনো পৰি পৃথিবীত কান্দে।
খনো অৰ্জ্জুনক যে গলত ধৰি বান্ধে॥
খনো দীৰ্ঘৰাৱ বান্ধি কান্দে দুয়ো নাৰী।
ছাৰখাৰ ভৈলন্ত মাটিত লুটি পাৰি॥৫১৪

[ ১১৮ ]

দুয়োজন মাৱৰ যে যত সেৱকিনী।
উৰ্ম্মি কৰি কান্দে আকাশত লাগে চানি॥
অনন্ত সহিতে সঞ্জীৱনী মণি লই।
ৰণস্থলী সমীপ নৃপতি পাইলা গই॥৫১৫
কোলাহল শুনি ৰাজা মনে নুহি স্থিৰ।
কোনেনো নিলেক বাপ অৰ্জ্জুনৰ শিৰ॥
থানে থানে খুজি লুৰি ফুৰে সব প্ৰজা।
মণি লৈয়া আসি পাচে দেখিলেক ৰাজা॥৫১৬
কোনেনো নিলেক বুলি কান্দে ঠাৱ ঠাৱ।
দেখন্ত ভূমিত পৰি আছে দুয়ো মাৱ॥
গাণ্ডি আছে মুণ্ড গোট নাহিকে তহিত।
চাহিয়া থাকিলা সবে অসন্তোষ চিত্ত॥৫১৭
শোকানলে কাহাৰো মুখত নাহি মাত।
হেন নাহি কেহো কাক দিবেক সিদ্ধান্ত॥

কুন্তীৰ অমঙ্গল স্বপ্নদৰ্শন আৰু শ্ৰীকৃষ্ণৰ আগত প্ৰকাশ

জৈমিনি বদতি শুনিয়োক জন্মেজয়।
যেহি দিনা সমৰে পৰিল ধনঞ্জয়॥৫১৮
সেহি দিনা কুন্তী দেৱী দেখিলা সপোন।
চমকি উঠিয়া হেন বুলিলা বচন॥
শুনা বাপু ধৰ্ম্মৰাজা শুনা জনাৰ্দ্দন।
এখনে অদ্ভুত মই দেখিলো সপোন॥৫১৯

[ ১১৯ ]

অৰ্জ্জুনৰ সমৰ দেখিলো হেন থান।
স্বৰূপত জানো পুত্ৰ নিজীৱয় প্ৰাণ॥
গাৱে মুণ্ডে তৈল ঘসি ওৰ ফুল পিন্ধি।
গোবৰে লিপিত দেহা চন্দনক নিন্দি॥৫২০
মহিষ পিঠিত উঠি দক্ষিণক যায়।
অনুমানে জানো ভালে নিজীয়ে পুতাই॥
দিন হন্তে হিয়া পোৰে আৰো স্বপ্ন দেখি।
জানিবা মাধৱ নাশে তোৰ প্ৰাণসখি॥৫২১
সুভদ্ৰাৰ অলঙ্কাৰ নিজে খসি পৰে।
নিজীয়ে অৰ্জ্জুন বাপু হেন মনে ধৰে॥

শ্ৰীকৃষ্ণৰ ভীম, কুন্তী, দৈৱকী আৰু যশোদাক
লগত লৈ অৰ্জ্জুনৰ অন্বেষণ

কুন্তীৰ বচন হেন শুনি নাৰায়ণ।
গৰুড়ক তেতিক্ষণে কৰিলা স্মৰণ॥৫২২
সুমৰণে গৰুড়ৰ হৃদি কম্পি গৈলা।
কৃষ্ণৰ আগত আসি উপস্থিত ভৈলা॥
মাধৱে বোলন্ত পক্ষীৰাজ বেগৱন্ত।
মোৰ সখি ধনঞ্জয় যি ঠাইত আছন্ত॥৫২৩
তহিকে লাগিয়া ঝাণ্টে নিয়োক আমাক।
নকুল সহদেৱ দুয়ো ৰাখিয়ো ৰাজাক॥
মোৰ দুই মাৱ আৰো কুন্তী বৃকোদৰ।
সবাকো পিঠিত তুলি লৈয়োক সত্বৰ॥৫২৪

[ ১২০ ]

মাধৱৰ বাণী, শুনি বিনতানন্দন।
সবাকো পিঠিত কৰি লৰিলা তেখন॥
মহাবেগে পক্ষীৰাজ কৰিলা উৰাৱ।
নিমিষেক পাইলা গৈয়া অৰ্জ্জুনৰ ঠাৱ॥৫২৫
মাধৱে দেখিল মণিপুৰৰ প্ৰাৰম্ভ!
এক গৃহ সুৱৰ্ণৰ অযুতেক স্তম্ভ॥
ৰূপে গুণে বিদ্যাধৰী অনেক সুন্দৰী।
অন্ধকাৰ নিশাত প্ৰদীপ আছে ধৰি॥৫২৬
স্বভাৱে সুন্দৰী নাৰী কুণ্ডল শোভন।
পূৰ্ণিমাৰ চন্দ্ৰ যেন প্ৰকাশে বদন॥
আগৰ সুৰভি গন্ধ গাৱে আছে পিন্ধি।
লৱনু পুতলী দেহা মৃণালক নিন্দি॥৫২৭
সবাৰো গাৱত সুৱৰ্ণৰ অলঙ্কাৰ।
তাক দেখি মনত গুণন্ত দামোদৰ॥
অৰ্জ্জুনৰ মুখপদ্ম নাহি সিটো স্থান।
কিবা নাৰীমুখ দেখি গৈল কোন স্থান॥৫২৮

মণিপুৰ-ৰণভূমিত অৰ্জ্জুনৰ মৃতদেহ পাই
শ্ৰীকৃষ্ণ আদিৰ শোক

এতেকতে ভীমসেনে মাধৱে সহিতে।
গৰুড়ৰ নামি চাহি ফুৰন্ত তহিতে।।
ভীমে বোলে অৰ্জ্জুন আছন্ত পৃথিবীত।
তাক দেখি মাধৱৰ চমকিল চিত॥৫২৯

[ ১২১ ]

মাধৱে বেলন্ত উঠা উঠা প্ৰাণসখি।
আমি আসি ভৈলো হেৰা তোমাক নেদেখি॥
তোমাৰ জননী কুন্তী আৰু ভীমসেন।
উঠি কেনে নামাতা আছস মৰা যেন॥৫৩০
পাশ চাপি দেখিলন্ত অৰ্জ্জুনৰ মৃত্যুক।
কোনে কৰিলেক হেন সখি অৰ্জ্জুনক॥
হেন শুনি ভীমসেন মাতিলা দুনাই।
তোমাৰ কি ভৈল পুছিবাৰো ঠাই নাই॥৫৩১
ভীমসেন বচন শুনিয়া মনে শোক।
কোনে কৰিলেক হেন দৰশিয়ো মোক॥
তোমাৰ প্ৰসাদে অৰ্জ্জুনৰ পাইলো হেতু।
এহি হয় নয় কৰ্ণসুত বৃষকেতু॥৫৩২
তোমাৰ সন্তাপে কুন্তী আছয় অহিত।
কোনে মাৰিলেক হেন সমৰ ভূমিত॥
সুৰাসুৰ নৰে যাক নুহিকয় সম।
আজি তোক কেনমতে ধৰিলেক যম॥৫৩৩
এতেকতে বব্ৰুবাহে লভিলা চেতন।
দেখন্ত পুৰুষ দুই আতি বিতোপন॥

কামদেৱৰ দ্বাৰা কুন্তী-ভীম আদিৰ লগত বব্ৰুবাহনৰ পৰিচয়

বন্দীৰূপে কামদেৱ সেহি থানে আছে।
ৰাজাক বিশেষ কৰি চিনাইলন্ত পাচে॥৫৩৪

[ ১২২ ]

চিত্ৰাঙ্গদা উলুপীয়ো চেতন লভিলা।
সচকিত ভাৱে দুয়ো কুন্তীক দেখিলা॥
তাসম্বাকো কামদেৱে চিনাইলা দুনাই।
সম্বন্ধত যাক যিবা বুলিতে যুৱাই॥৫৩৫
বব্ৰুবাহে বোলন্ত শুনিয়ো জ্যেষ্ঠ তাত।
দুষ্ট পুত্ৰ বাপৰ যে চিন্তিলো অনিষ্ট॥
মই যে পাপিষ্ঠে সেনা মাৰিলো বহুত।
মই নিদাৰুণে মাৰিলোহো কৰ্ণসুত॥৫৩৬
মইসে পাপিষ্ঠে সেনা মাৰিলোহো ৰণে।
সি কাৰণে হিয়া মোৰ ভাঙ্গিয়ো চৰণে॥
মোহোৰ অভাগ্য কেনে চাহিয়ো আপুনি।
বাপক জীয়াইবে মনে আনিলোহো মণি॥৫৩৭
অনন্ত সহিতে আছো জীয়াইবাক ৰঙ্গ।
কোনে হৰি নিলে মুণ্ড ভৈলো আশাভঙ্গ॥

শ্ৰীকৃষ্ণক প্ৰণাম কৰি বব্ৰুবাহনৰ প্ৰাৰ্থনা

মাধৱক দেখি পাচে কৰিলা প্ৰণাম।
পিতৃবধী পাপী বব্ৰুবাহ মোৰ নাম॥৫৩৮
তোমাৰ চৰণে মোক কৰিয়োক দয়া।
চক্ৰ হানি কাটা মোক স্বস্থ হৌক কায়া॥
ৰাহুৰ শিৰক প্ৰভু কাটিলা যিমত।
মোহোৰ গলকো কাটিয়োক সেহিমত॥৫৩৯

[ ১২৩ ]

তযু সুদৰ্শন চক্ৰে ছেদা মোৰ গল।
তেবেসে পাতকৰাশি হৈবেক সফল॥
ইষ্ট বন্ধুজন যাৰ নাই মাৱ বাপ।
সিয়ে যদি কৰয় দুৰ্ঘোৰ হেন পাপ॥৫৪০
তোমাৰ স্মৰণে পাপ সকলো এৰায়।
মই পুনু প্ৰত্যেকে তোমাক আছো পায়
ইহাত অধিক মই সন্তাপতে মৰো।
প্ৰিয়সখি তোমাৰ বৈষ্ণৱ জন মাৰো॥৫৪১
তাহাঙ্কে মাৰিলো মই স্বৰূপে সকল।
অসুৰত ক্ষেপি যেন হৰৰ ত্ৰিশূল।
ইহাতে অধিক মোৰ কিবা আছে শোক।
পিতামহী কুন্তী আসি নমাতয় মোক॥৫৪২
দুই মাৱে নমস্কাৰ কৰিলা চৰণে।
মৰা জীৱা নুবুলিবা মোহোৰ কাৰণে॥
অনন্তৰে পুনু নাগৰাজাৰ জীয়াৰী।
শাশু বুলি কুন্তীক নমিলা জানু পাৰি॥৫৪৩
বিষমুখী মোহোক চাহিবে লাগে কিক।
শাপি ভস্ম কৰা তেবে এৰাওঁ স্বামীশোক॥
উলুপীৰ বচন শুনিয়া সবে নাৰী।
অৰ্জ্জুনক লাগিয়া কান্দয় লুটি পাৰি॥৫৪৪
কুন্তীয়ো ভূমিত পৰি কান্দিলা বহুত।
মোক এৰি কৈক লাগি গৈলা প্ৰাণপুত্ৰ॥

[ ১২৪ ]

অৰ্জুনক জীয়াবৰ কাৰণে শ্ৰীকৃষ্ণৰ ওচৰত
নাগৰাজ অনন্তৰ অনুৰোধ

এতেকতে শেষৰাজা পাতালৰ নাথ।
আগবাঢ়ি মাধৱৰ পাৱে থৈলা মাথ॥৫৪৫
ত্ৰিজগতনাথ তুমি অৰ্জ্জুনৰ সখি।
ইটো দুখ সন্তাপ কিমতে আছা দেখি॥
ধৰ্ম্ম নৃপতিৰ আশা আছিলেক যাত।
সবে আশা বন্ধ হৈল অৰ্জ্জুন বধত॥৫৪৬
গুচায়ো সবাহাৰে শোকৰ যে শাল।
মণি ধৰি অৰ্জ্জুনক জীয়ায়ো সকাল॥
যত যত ধৰ্ম্মৰ ডাঙ্গৰ বুলি লেখি।
এতিক্ষণে বিনাশ তোমাৰ প্ৰাণসখি॥৫৪৭
ইটো কোন বিস্ময় জীয়াইবা অৰ্জ্জুনক।
মই জানো মনে তুমি চাহিছা কৌতুক॥
আনিলো অমৃত মৃত্যু সঞ্জীৱনী মণি।
আজি অৰ্জ্জুনক নিজীয়াইবো কোন গুণি॥৫ ৪৮-
তোমাৰ আগত ইসবক সোধে কুন।
সৰ্ব্বভাৱে পাণ্ডৱক ৰাখিছা আপুনি।
অৰ্জ্জুনক লাগি কুন্তী কান্দন্ত ব্যাকুলে।
সবাৰে নেত্ৰক ঢালিলেক শোকজালে॥৫৪৯
হেন বেলা অৰ্জ্জুনৰ মুণ্ড ভৈল চুৰি।
একোস্থানে বিচাৰি নপাইলা খুজি লুৰি॥

[ ১২৫ ]

শ্ৰীকৃষ্ণৰ শাপত ধৃতৰাষ্ট্ৰ নাগৰ পুত্ৰদ্বয়ৰ মৃত্যু আৰু
অৰ্জ্জুনৰ হৃতমুণ্ড প্ৰাপ্তি

হেন জানি যেন যুৱাই কৰিয়ো মাধৱ।
তোমাৰেসে প্ৰতিপাল সকল পাণ্ডৱ॥৫৫০
তোমাতেসে গহে যজ্ঞ আৰম্ভিলা ৰাজা।
সমাপতি নভৈলে হাসিবে সবে প্ৰজা॥
তুমিসে স্ৰজন্তা প্ৰভু তুমিসে পালন্তা।
তুমিসে বিধাতা জগতকে সংহাৰন্তা॥৫৫১
স্ৰজন্তা পালন্তা তুমি বিনে নাহি আন।
হেন জানি অৰ্জ্জুনক দিয়া প্ৰাণদান॥
শেষৰ বচনে তুষ্ট ভৈলা নাৰায়ণ।
সবাকো বুলিল হাসি স্বৰূপ বচন॥৫৫২
যেবে ব্ৰহ্মচৰ্য্য ব্ৰত ধৰি আছে যেনে।
অৰ্জ্জুন সখিৰ মুণ্ড আসোক এখনে॥
যিজন পাপিষ্ঠে মুণ্ড নিলে চুৰি কৰি।
মোৰ শাপে সিয়ো এতিক্ষণে যাউক মৰি॥৫৫৩
হৃদয় সন্তাপে শাপ দিলন্ত শ্ৰীহৰি।
দুন্মুহ কুবুদ্ধি তেতিক্ষণে গৈল মৰি॥
অৰ্জ্জুনৰ মুণ্ড আসি ভৈল সেহিক্ষণে।
আছে মুণ্ড বুলিয়া চেঞ্চাৱে সৰ্ব্বজনে॥৫৪৪
হৰাইবাৰ মুণ্ড গোট তেতিক্ষণে দেখি।
মাধৱে বোলন্ত আবে পাইলো প্ৰাণসখি।

[ ১২৬ ]

শেষৰ হাতৰ সঞ্জীৱনী মণি লই।
অৰ্জ্জুনৰ পাশে কৃষ্ণ চাপিলন্ত গই॥৫৫৫

সঞ্জীৱনী মণিৰ স্পৰ্শত বৃষকেতু, অৰ্জ্জুন আৰু
আন আন বীৰসকলৰ জীৱনলাভ

হৰিৰ প্ৰসাদে সঞ্জীৱনী মণি লই।
ধনঞ্জয় সখিক যে জীয়ায়োক গই॥
অনন্তে বোলন্তে শুনা জীয়াইবাব হেতু।
প্ৰথমে জীয়াইবা কৰ্ণসুত বৃষকেতু॥৫৫৬
পাচে অৰ্জ্জুনক জীয়াইবাহা মণি ধৰি।
হৃদয়ত মণিগোট দিলন্ত শ্ৰীহৰি॥
মণি পাইয়া উঠিয়া বসিলা কৰ্ণসুত।
কৃষ্ণ কৃষ্ণ বুলি মুণ্ডে চেঞ্চাৱে বহুত॥৫৫৭
থাক বব্ৰুবাহ আজি কৈক লাগি যাস।
হেন শুনি মাধৱে যে তুলিলন্ত হাস॥
মাধৱক দেখি পাচে নমিলেক মাথে।
দোষ ক্ষেমি তুষ্ট হোৱা জগতৰ নাথে॥৫৫৮
কৰ্ণসুত বৃষকেতু উঠিলন্ত যেবে।
অৰ্জ্জুনৰো হিয়ে হৰি মণি দিলা তেবে।
মণি পাই ধনঞ্জয় উঠিলন্ত বসি।
দেখি সৰ্ব্বজনৰ যে মনত হৰিষি॥৫৫৯
শেষৰাজা ভীমসেন আৰু বনমালী।
সবেয়ো ধৰিলা অৰ্জ্জুনক আঙ্কোৱালি।

[ ১২৭ ]

তিনিজনে আশ্বাসিলা মধুৰ বচনে।
সবাৰো কল্পনা সিদ্ধ তোমাৰ জীৱনে॥৫৬০
অৰ্জ্জুন জীলেক যেবে হৰিৰ প্ৰসাদে।
দেৱলোকে আকাশে কৰিলা শঙ্খনাদে॥
দেৱলোক আকাশত মনে মহাতুষ্টি।
অৰ্জ্জুনৰ শিৰত কৰিলা পুষ্পবৃষ্টি॥৫৬১
অৰ্জ্জুনৰ সেনা যত আছিলেক মৰি।
মণি ধৰি সবাহাঙ্কো জীয়াইলা শ্ৰীহৰি॥
চেতন লভিলা সবে পাৰ কটক।
প্ৰাণদাতা পিতৃ বুলি মানিলা কৃষ্ণক॥৫৬২
স্বস্থ হুয়া ধনঞ্জয় মাধৱক দেখি।
প্ৰণামি বোলয় বাৰ্ত্তা কুশল কি সখি॥
কুন্তীক দেখিলা দৈৱকী যে যশোদাক।
প্ৰণামিয়া লাজে নোৱাৰিলা মাতিবাক॥৫৬৩
কৰ্ণসুতে নমস্কাৰ কৰিলা কুন্তীক।
কৃষ্ণক ভীমক দৈৱকীক যশোদাক॥
অৰ্জ্জুনক প্ৰণামিয়া কৰ্ণৰ দায়াদ।
হৰিৰ প্ৰসাদে সবে এৰাইলা আপদ॥৫৬৪

বব্ৰুবাহনৰ শ্ৰীকৃষ্ণ আদি সকলোকে ৰাজধানীলৈ নি সৎকাৰ
আৰু সকলোৰে ওচৰত ক্ষমাভিক্ষা

বব্ৰুবাহে সবাকো সাদৰে মান্য কৰি।
নিজ বাসৰক লাগি নিলাহা সাদৰি॥

[ ১২৮ ]

পাদ্য অৰ্ঘে মান্য কৰি হৰিৰ চৰণে।
দিব্য সিংহাসন আনি দিলা তেতিক্ষণে॥৫৬৫
ভীম ধনঞ্জয় শেষ প্ৰদ্যুম্ন সহিতে।
আনো ৰাজাগণ মানে বসিলা তহিতে॥
সুৱৰ্ণ আসন আনি দিলা ভিন্নে ভিন্নে।
বসিলেক ৰাজাগণ আনন্দিত মনে॥৫৬৬
পাণ্ডৱৰ শেষৰ কৃষ্ণৰ সেনা যত।
দ্বাৰ মেলি দিলা সবে বসিলা ৰাজ্যত॥
বব্ৰুবাহ ৰাজাৰ হেনয় ৰাজ্যখান।
কেন কেন মত তাক নপাইল প্ৰমাণ॥৫৬৭
সমাজত যতলোক আছিলেক মানে।
সবাকো তুষিলা ৰাজা পুষ্প গুৱা-পাণে॥
চন্দন বসন মালা দিলা নৰনাথ।
তথাপি অৰ্জ্জুনে লাজে নোতোলয় মাথ॥৫৬৮
হেন দেখি ৰাজাগণ কেশৱ প্ৰভৃতি।
অৰ্জ্জুনক সাধুৰ্ব্বাদ কৰিলা হৰিষি॥
ধন্য ধনঞ্জয় ধন্য তোমাৰ তনয়।
পুত্ৰৰ বৈভৱ হেন ভৈল আতিশয়॥৫৬৯
পুত্ৰে জিনিলেক ৰণ কেনে কৰা লাজ।
গঙ্গাৰ শাপত মিলিলেক হেন কাজ॥
শাস্ত্ৰৰ বিচাৰ হেন ঋষিৰো বচন।
সমৰত জয় হৌক তোমাৰ নন্দন॥৫৭০

[ ১২৯ ]

আৰো জানো মন কষ্ট নকৰিবা নাথ।
তুমি অবিহনে যত কুটুম্ব অনাথ॥
চিত্ৰাঙ্গদা উলুপীয়ে মাতিলা সাদৰে।
লজ্জা এৰি তযু পুত্ৰ মাতিয়ো সাদৰে॥৫৭১
অনন্তে কৃষ্ণক চাই মাতিলা দুনাই।
পাণ্ডৱক প্ৰবোধিবে তোমাৰ যুৱাই॥
ভীমসেনে মাতিলেক মাধৱক চাই।
লাজে নমাতিয়া আছে বাপ-পো দুই॥৫৭২
বিশেষত বব্ৰুবাহে পিতৃবধ কৰি।
লাজে মাথা নোতোলয় অধোমুখ কৰি॥
পিতৃবধ পাতকক মনে বৰ দেখি।
প্ৰাণত্যাগ কৰিবাৰ অভিপ্ৰায় দেখি॥৫৭৩

পিতৃবধ হেতু কষ্টব্ৰত ধৰি প্ৰাণত্যাগ কৰিবলৈ বব্ৰুবাহনৰ
ইচ্ছা প্ৰকাশ

এতেকতে আগবাঢ়ি মণিপুৰনাথে।
কৃষ্ণ অৰ্জ্জুনৰ পাৱে নমিলন্ত মাথে॥
কৃতাঞ্জলি কৰি পাচে বুলিলা বচন।
হেমবন্ত পৰ্ব্বত যাইবাৰ কৰো মন॥৫৭৪
হেমৱন্ত পৰ্ব্বতত খেৰ সন্নিধানে।
কায়কষ্ট কৰি প্ৰাণ এৰো সেহিথানে॥
তেবেসে পাতক ছাৰিবেক মোৰ গাৱে।
নাহি সুখ শান্তি মোৰ প্ৰাণ থাকে যাৱে॥৫৭৫

[ ১৩০ ]

বিশেষত গুৰু পিতৃ কৃষ্ণত ভকত।
আৰে অধৰ্ম্মৰ কাৰ্য্য ভৈল উপগত॥
হেন পিতৃবধী পাপ কৰিলোহো ঘোৰ।
মৰণত পৰে আৰ আন নাই মোৰ॥৫৭৬
ভীমসেন বোলে শুনা বব্ৰুবাহ বাপ।
বাপক মাৰিলা বুলি নকৰ সন্তাপ॥
তেবেসে পাতক লাগি মৰিবাক ভয়।
যেবে লগে থাকন্ত দৈৱকীতনয়॥
ভীষ্ম পিতামহ গুৰু দ্ৰোণ কৰ্ণ ভাই।
আমিয়ে মাৰিলো গুৰু-গৌৰৱ নাচাই॥
ভাই-ভতিজাক আমি মাৰিলো বিপুল।
আছিলেক ইষ্ট-মিত্ৰ বান্ধৱ-মাতুল॥৫৭৮
সবাকো মাৰিলো পাপ ভৈল গুৰুতৰ।
হৰিপদ সুমৰণে শুদ্ধ কলেৱৰ॥
তুমি পুনু বাপক দিলাহি প্ৰাণদান।
নাহি কিছু পাপভয় হৰি সুমৰণ॥৫৭৯
পিতৃবধ কৰি নকৰিবা মনে শোক।
এবে ধৰ্ম্ম নৃপতিৰ ঘোৰা মেলিয়োক॥
সবে ৰাখিয়োক ধৰ্ম্মৰাজাৰ ঘোৰাক।
যেন অপ্ৰয়াসে পাৰে যজ্ঞ কৰিবাক॥৫৮০
তুমি কোন পাপ কৰিলাহা অদভুত।
যেহি পুনু বাঞ্চে প্ৰাণী পাপত যুগুত॥

[ ১৩১ ]

সিয়ো যদি হৰিক স্মৰয় শুদ্ধমনে।
সকলো পাতক হৰে তাঙ্ক দৰশনে॥৫৮১
হৰি হেন বাণী যাৰ জিহ্বাত ৰহয়।
কি কৰিতে পাৰে তাক মহাপাপচয়॥
তুমি পুনু বৈষ্ণৱ কৃষ্ণক আছা দেখি।
তোমাৰেসে পাপ কোনে গণিতাত লেখি॥৫৮২

যজ্ঞৰ ঘোৰা মেলি দি যজ্ঞৰ কাম সমাধা কবিবলৈ
শ্ৰীকৃষ্ণৰ আদেশ

জৈমিনি বদতি শুনিয়োক জন্মেজয়।
আশ্বাসি মধুৰ বোলে দৈৱকীতনয়॥
প্ৰিয়বাণী সবাৰো খণ্ডিলা মন-দুখ।
হৰিষ বদনে অন্যোঅন্যে চাহে মুখ॥৫৮৩
অনেক দেশৰ বাদ্য ভণ্ড যত মান।
নৃত্য-গীত যত মান কৰে থানে থান॥
মান্য যশ যত মান ভৈল সবে প্ৰজা।
বোলে সবে ধন্য ধন্য মণিপুৰ ৰাজা॥৫৮৪
কুন্তীয়ো আছিলা তৈতে দিন পাঞ্চ ছয়।
অব্যাহতে পুত্ৰ নাতি বোহাৰীক চায়॥
কুন্তীয়ে বোলন্ত কিনো নাতি অদভুত।
ধন্য বব্ৰুবাহ ধন্য ধন্য মোৰ পুত্ৰ॥৬৮৫
পুত্ৰ সমন্বিতে বাসে আছিলেক বসি।
অৰ্জ্জুনক চাহি কৃষ্ণে তুলিলন্ত হাসি॥

[ ১৩২ ]

দেখিয়ো বিভৱ কেনে পুত্ৰৰ তোমাৰ।
পাঞ্চ দিন আয়ু ৰৈল সকলে প্ৰজাৰ॥৫৮৬
আউৰ যত দিন আছে আছিলে ৰাজ্যত।
অপ্ৰয়াসে আয়ু ৰৈল অচিন্ত্য মহত॥
আমি সবো আছো জানো সুখ-ভোগ খাই।
সি ঠাইত বিপৰীত চিন্তা কৰে ধৰ্মৰায়॥৫৮৭
যজ্ঞৰ কাৰ্য্যত ভৈল ঠাৱৰৰ আউল।
ৰাজাৰ পাশক ভীম যায়োক সকাল॥
মাৱ দুই যাউক কুন্তীৰ সাথী হুই।
চিত্ৰাঙ্গদা উলুপীয়ো চলি যাউক দুই॥৫৮৮
ইঠাইত লোকৰ থাকিবাৰ নাহি কায।
তথা গৈয়া সাজোক যজ্ঞৰ যত সাজ॥
আমি সবো ইঠাইত থাকিবে নাহি কাৰ্য্য।
ঘোৰা মেলি দিয়োক মোক ৰাজ্যে ৰাজ্য॥৫৮৯
তুমি আমি বব্ৰুবাহ কাম বৃষকেতু।
সবেয়ো ফুৰিবো ঘোৰা ৰাখিবাৰ হেতু॥
হংসধ্বজ নৃপতি যতেক ৰাজাগণ।
আমাৰ লগত সবে কৰোক গমন॥৫৯০

কুন্তী-ভীম আদিৰ ওচৰত
বব্ৰুবাহনৰ ক্ষমা ভিক্ষা

কেশৱৰ বাণী শুনি অৰ্জ্জুনৰ সুত।
কুন্তীক সাদৰে দান দিলন্ত বহুত॥

[ ১৩৩ ]

পিতামহী বুলি মাথে নমিলন্ত পাৱে।
দুখ যেন নপাৱন্ত মোৰ দুই মাৱে॥৫৯১
ৰাজাৰ সম্মানে তুষ্ট ভৈল কুন্তী সতী।
নাতিক সম্বোধি হেন বুলিলন্ত মাতি॥
হাতে ধৰি বোলে বাপু উঠি হোৱা থিয়।
মোৰ আশীৰ্ব্বাদে তোৰ হৌক চিৰঞ্জীৱ॥৫৯২
ভীমকো সাদৰে দান দিলা নৰনাথে।
প্ৰণামিয়া ধূলি লৈলা চৰণৰ মাথে॥
অশেষ মধুৰ বাণী বুলিলা ৰাজাই।
শিশু বুলি যত দোষ ক্ষেমিয়ো জেঠাই॥৫৯৩
ভীমসেন বদতি শুনিয়ো ভ্ৰাতৃসুত।
তোমাৰ বচন মোৰ কৰিবে যুগুত॥
কিন্তু মোৰ মনে খেদ কিঞ্চিতেকো নাই।
যজ্ঞ কৰিবাৰ কাৰ্য্য চিন্তিয়ো উপায়॥৫৯৪
এহি বুলি ভীমসেনে থাকিলা তহিত।
যশোদায়ে গৈলা কুন্তী দৈৱকী সহিত।
পুত্ৰক অনেক শিক্ষা দিলা ভালমতে।
উলুপী চিত্ৰাঙ্গদা গৈল কুন্তীৰ লগতে॥৫৯৫

বব্ৰুবাহনৰ অনন্ত নাগক কৃতজ্ঞতা জ্ঞাপন আৰু
নাগসকলৰ সৈতে অনন্তৰ পাতাললৈ গমন

তাৰাক সম্বৰি পাচে পঠাইলা নৃপতি।
মাতামহ শেষ গৈয়া নমিলা সম্প্ৰতি।

[ ১৩৪ ]

তোমাৰ প্ৰসাদে পাপ এৰাইলোহো ঘোৰ।
তোমাৰ সমান কুটুম্বিতা নাই মোৰ॥৫৯৬
মণিসমে ধন ৰত্ন শেষক দিল আনি।
অশেষ বুলিলা তাঙ্ক সুমধুৰ বাণী॥
তোমাৰেসে দয়া মোত আছে সৰ্ব্বকাল।
দিলন্ত মেলানি চলি যায়োক সকাল॥৫৯৭
কৃষ্ণক প্ৰণামি হেন বুলিলন্ত বাণী।
চলিলো পাতালপুৰ তোমত মেলানি॥
অনন্তে বোলয় পাৰ্থ থাকিয়ো আপুনি।
পৃথিবীত থাকিবোহো আমি কোন গুণি॥৫৯৮
এহি বুলি অনন্তে পাতালে গৈলা লৰি।
সৰ্পসবো পাতালে পশিলা ডৰডৰি॥

বব্ৰুবাহনক লগত লৈ শ্ৰীকৃষ্ণ আদি বীৰসকলৰ হস্তিনালৈ প্ৰস্থান

শ্ৰীকৃষ্ণ বদতি বিলম্বত নাই কাৰ্য্য।
ঘোৰাক উপেক্ষি চাহি আছে ধৰ্মৰাজ॥৫৯৯
চলিয়োক বীৰগণ মেলিয়োক হয়।
ঘোৰাৰ ৰক্ষক মই আৰু ধনঞ্জয়
কেশৱ প্ৰভৃতি যত বীৰগণ আছে।
চপকৰে লৰিলন্ত বীৰ পাচে পাচে॥৬০০
বব্ৰুবাহ ৰাজাক লগত লৈলা সাজি।
ভাল ভাল কটক অসংখ্য গজ বাজী॥

[ ১৩৫ ]

মণিপুৰ হন্তে সেনাগণ বাজ ভৈলা।
শ্ৰাৱণৰ মেঘে যেন গৰ্জ্জিবাকি লৈলা॥৬০১
অনেক কটক সেনা লগে সাজি যায়।
নসহে পৃথিবী কম্পি কম্পি লৰি যায়॥
জৈমিনি বদতি শুনিয়োক নৃপবৰ।
কহিলো সমৰ বব্ৰুবাহ-অৰ্জ্জুনৰ॥৬০২
পিতা-পুত্ৰে যুদ্ধে মৃত্যু জিনিলা যিমতে।
প্ৰস্তুতে কহিলো মই তোমাৰ আগতে॥
ইটো কথা একেচিত্তে শুনে যিটো জন।
সকলো পাতক তাৰ হোৱয় মোচন॥৬০৩
ধন পুত্ৰ জয় হোৱে যাৱে জীৱে মানে।
মৰিলেয়ো স্বৰ্গ পাৱে দেৱৰ বিমানে॥
অৰ্জ্জুন পুত্ৰৰ যুদ্ধ যিমতে মিলিল।
জন্মেজয় নৃপতিত সাৱশেষে কৈলা॥৬০৪
তাক পদবন্ধে আৱে হৰিহৰে ভণে।
মনোৰথ সিদ্ধি হোৱে ইহাক শ্ৰৱণে॥
সংসাৰ সাগৰে তৰিবাৰ কৰা কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥৬০৫

—:অন্ত:—

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )