পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
বব্ৰুবাহ পৰ্ব্ব


মাধৱৰ বাণী, শুনি বিনতানন্দন।
সবাকো পিঠিত কৰি লৰিলা তেখন॥
মহাবেগে পক্ষীৰাজ কৰিলা উৰাৱ।
নিমিষেক পাইলা গৈয়া অৰ্জ্জুনৰ ঠাৱ॥৫২৫
মাধৱে দেখিল মণিপুৰৰ প্ৰাৰম্ভ!
এক গৃহ সুৱৰ্ণৰ অযুতেক স্তম্ভ॥
ৰূপে গুণে বিদ্যাধৰী অনেক সুন্দৰী।
অন্ধকাৰ নিশাত প্ৰদীপ আছে ধৰি॥৫২৬
স্বভাৱে সুন্দৰী নাৰী কুণ্ডল শোভন।
পূৰ্ণিমাৰ চন্দ্ৰ যেন প্ৰকাশে বদন॥
আগৰ সুৰভি গন্ধ গাৱে আছে পিন্ধি।
লৱনু পুতলী দেহা মৃণালক নিন্দি॥৫২৭
সবাৰো গাৱত সুৱৰ্ণৰ অলঙ্কাৰ।
তাক দেখি মনত গুণন্ত দামোদৰ॥
অৰ্জ্জুনৰ মুখপদ্ম নাহি সিটো স্থান।
কিবা নাৰীমুখ দেখি গৈল কোন স্থান॥৫২৮

মণিপুৰ-ৰণভূমিত অৰ্জ্জুনৰ মৃতদেহ পাই
শ্ৰীকৃষ্ণ আদিৰ শোক

এতেকতে ভীমসেনে মাধৱে সহিতে।
গৰুড়ৰ নামি চাহি ফুৰন্ত তহিতে।।
ভীমে বোলে অৰ্জ্জুন আছন্ত পৃথিবীত।
তাক দেখি মাধৱৰ চমকিল চিত॥৫২৯