সমললৈ যাওক

পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
বব্ৰুবাহ পৰ্ব্ব

অনন্তৰে সাত শৰে অৰ্জ্জুনকুমাৰ।
অনুশাল্ব বীৰক ভেদিলা দৃঢ়তৰ॥১১১
শৰ হানি বাটতে কাটিলা দৈত্যৰাজে।
শৰহত ভৈলা দেখি বব্ৰুবাহ লাজে॥
কম্পায়া শৰীৰ পাচে মণিপুৰৰাজ।
কোটি এক শৰ বাছি লৈলা মহাৰাজ॥১১২
অতি স্থূলন্তৰ কঙ্কপাখি আছে চাই।
মেৰু ভেদিবাক পাৰে অগনি পৰায়॥
হেন এক কোটি শৰ এৰি দৃঢ়ৰাজ।
সকল শৰীৰ ঢাকি তেজ ভৈল বাজ॥১১৩
দুহানো শৰীৰ ক্ষত ভৈল শবঘাৱে।
ফুলিল পলাশ যেন অধিক সুহাৱে।।
দুয়ো বীৰ তৰুণ অধিকে সুকুমাৰ।
চাৰি শৰে চাৰি ঘোৰা কাটিলা তাহাৰ॥১১৪
অনন্তৰে কাটিলাহা সাৰথিৰো শিৰ।
শৰ হানি ধ্বজ কাটিলন্ত মহাবীৰ।।
সাত আঠ বাণে কাটিলন্ত ধনুখান।
শৰীৰতো ভেদিলন্ত দশপাট বাণ॥১১৫
ৰথত সাৰথি হত হত ভৈল ধনু।
শৰে জৰ্জ্জৰিত ভৈল অনুশাল্ব তনু॥
হেন দেখি মহাকোপে বীৰ অনুশাল্বে।
লৱৰন্তে আন ধনু ধৰি ততকালে॥১১৬