সমললৈ যাওক

পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
বব্ৰুবাহ পৰ্ব্ব

যিবা কিছু কিছু খুজি লুৰি পাইলা
 ৰামে যেন লঙ্কা যান্ত।
গজ বাজী প্ৰজা ভালমতে সাজা
 কাষতে নুশুনি মাত॥
সৰ্ব্বাঙ্গে সুন্দৰ মণিপুৰেশ্বৰ
 আৰো অলঙ্কাৰাধিক।
যত গুণচয় সকলে আছয়
 উপমা কহিবো কিক ॥৫৭
যেন শিশুমুখে কৃত্য বাণী শুনি
 মনত মিলে উৎসুক।
নানা ৰসে কৃত্য মুখে লৱে আনি
 স্বাদে মধু বুলি যাক॥
যদি গঙ্গা পানী  ঘাটে তুলি আনি
 তাকে বুলি গঙ্গাজল।
ভাৰতৰ কথা পদ নিবন্ধিলো
 জন্মৰ হৌক সাফল॥৫৮