পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
বব্ৰুবাহ পৰ্ব্ব

অৰ্জ্জুনৰ শৰচয় কতো গাৱে পৰি।
পলাই কতো সেনাগণ পশিলা নগৰী॥
তাসম্বাক দেখি চিত্ৰাঙ্গদা ভৈল শ্ৰান্ত।
উলুপী ঔষধ দিয়া সবাকো জীয়ান্ত॥২৯৩
চাহে নগৰীয়া লোক দেখি শৰময়।
গৃহৰ নোলাই কেহো মৰণক ভয়॥
শুকান তৃণক যেন পচোৱা বতাসে।
অনেক দূৰক নিয়া ফুৰাৱে আকাশে॥২৯৪
বব্ৰুবাহ ৰাজাৰ সেনাৰ সেহি থানে।
আকাশত ফুৰাৱয় অৰ্জ্জুনৰ বাণে॥
অৰ্জ্জুনৰ শৰৰ পখাৰ বাৱ লাগি।
যুদ্ধ এৰি পলাই সেনা দশোদিশে ভাগি ॥২৯৫
প্ৰলয়ৰ বহ্নি যেন দহয় প্ৰজাক।
শৰ হানি অৰ্জ্জুনেয়ো দহয় সেনাক॥
যি দিশৰপৰা আসে অৰ্জ্জুনৰ শৰ।
হেট মুণ্ডে পলাই প্ৰজা মৰিবাৰ ডৰ॥২৯৬
যুগান্তৰ যম যেন দেখি অৰ্জ্জুনক।
মহাভয়ে পলাই সবে ৰাজাৰ কটক॥
পুনৰপি ধনঞ্জয়ে দিব্য ধনু ধৰি।
বব্ৰুবাহ ৰাজাক তাড়িলা দৃঢ় কৰি॥২৯৭
সিংহনাদ কৰিলা দেখন্তে ভয়ঙ্কৰ।
ৰণভঙ্গ কৰিলা দেখন্তে লাগে ডৰ॥