সমললৈ যাওক

পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
59
বব্ৰুবাহ পৰ্ব্ব

অৰ্জ্জুনে বোলয় অৰে সেন্থৰে নেৰাস।
শৰ হানি তোক আজি পেশো যমপাশ॥২৮৭
আগেসে মাৰিলি মিত্ৰ কুটুম্ব বান্ধৱ।
তাৰ প্ৰতিকাৰ কৰো পাইবি পৰাভৱ॥
কতো বন্দী কৰি নিলি আপোনাৰ পুৰী।
তোক মাৰি তাসম্বাক অনিবো উদ্ধাৰি ॥২৮৮
নীচক আশয় দিয়া পাইলো তাৰ ফল।
বৃষকেতু মাৰিলিহি জীৱন , নিস্ফল॥
যেনে তেনে বীৰ মাৰি তোৰ ভৈল গহ।
মোৰ সমৰক আজি খানিতেক সহ॥২৮৯
পৰ্ব্বতক ভেদিবাক পাৰে মোৰ শৰে।
মই হুনু ভঙ্গ ধৰো টিঙ্গৰাক ডৰে॥
এহি বুলি শৰচয় কৰিলা প্ৰহাৰ।
বাৰিষাৰ মেঘ যেন বৰিষয় ধাৰ॥২৯০
সেহি শৰে ফুটি সেনা মাৰিলা বহুত।
কৌতূহলে শঙ্খনাদ কৰে কুন্তীসুত॥
বব্ৰুবাহ ৰাজাকো মাৰিলা বহু শৰে।
শৰছোটে নৰনাথে চেতন নকৰে॥২৯১
হেন দেখি পুনৰপি কৰি শঙ্খনাদ।
দশোদিশ পূৰিলেক মেঘৰ সম্বাদ॥
হস্তী ঘোৰা অশেষ সাৰথি ৰথী ৰথ।
শৰ হানি অৰ্জ্জুনে পেশিলা যমপথ॥২৯২