সমললৈ যাওক

পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
বব্ৰুবাহ পৰ্ব্ব


এবে আগবাঢ়ি ৰণ দিয়োক আতাই।
জানিলোহো অজি তুমি পলাইলে নেৰাই॥১৬০
তোমাৰ বচনে কোপ নাহি উপসন্ন।
মাৰিলো বিস্তৰ সেনা কৰি ঘোৰ ৰণ॥
সেহি শৰে মোহ ভৈলা শত্ৰু সেনা যত।
অস্ত্ৰ শস্ত্ৰ এৰি সবে পলাইলা ৰণত॥১৬১
হেন দেখি আদেশিলা বব্ৰুবাহ ৰাজা।
বন্দী কৰি নগৰক নিয়ে যত প্ৰজা॥
জীৱন্ততে গজ বাজী নিয়োক নগৰে।
লৰিতে নপাৰে সিটো থাকোক নগৰে॥১৬২
ৰাজাৰ আদেশ শুনি চেৱটীয়া যত।
চলাৱন্ত প্ৰজাক যুদ্ধত পাই যত॥
জৈমিনি বদতি শুনিয়োক জন্মেজয়।
বাপৰ পুত্ৰৰ যুদ্ধ ভৈল কেন নয়॥১৬৩
বাপক জিনিল যেন লৱ কুশ বীৰে।
জৈমিনি বদতি শুনিয়োক নৰেশ্বৰে॥
অৰ্জ্জুনৰ পুত্ৰৰ তেনয় যুদ্ধ ভৈলা।
যথা তথা কথা মনে কহিবাক লৈলা॥১৬৪

হংসধ্বজৰ সৈতে যুদ্ধ

ৰণ জিনি বব্ৰুবাহ আছে সেহি ঠাই।
হেন দেখি ৰাজা হংসধ্বজ গৈলা ধাই॥