পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
বব্ৰুবাহ পৰ্ব্ব

দেৱাৰ যুদ্ধ যথা ভৈল আতিশয়।
সি কালতো দেখিলো হৰিৰ আছে ভয়॥২৫০
আমাৰ সহিতে যুদ্ধ ভৈল তযু বাপে।
ৰথচক্ৰ পৃথিবী গিলিল ঋষিশাপে॥
তথাপি ৰণক লাগি নাহি ভয় ভীত।
হেন সম বীৰ নাই ক্ষেত্ৰি পৃথিবীত॥২৫১
হেন সব বাণী শুনিলেক ৰাজা কাণে।
নসহে শৰীৰ আতি কোপ অপমানে॥
আকাশৰ পৰা ডেৱ দিলেক দুনাই।
পৰিলেক বৃষকেতু মুণ্ড মাটি খাই॥২৫২
পৃথিবীত ৰহিলা দুইভিতি কৰি ভৰি।
দুয়ো বাহু মেলিয়া জান্তিয়া আছা ধৰি॥
আস্ফলা আস্ফলি কৰে এৰাইতে নপাৰে।
বাঘে যেন হৰিণাক জান্তিয়া যে মাৰে॥২৫৩
খনো কাতি হন্ত খনো হোৱন্ত উবুৰি।
খনোবেলি চিত হোৱে হাতে হাতে ধৰি॥
এৰাইতে নপাৰি কৰে আজোৰা আজুৰি।
হিয়াত তাড়িলা মুণ্ড আতি দৃঢ় কৰি॥২৫৪
কতোবেলি বব্ৰুবাহ হৈ গৈলা অন্তৰ।
ধূলি মাটি জঙ্কাৰি উঠিলা নৃপবৰ॥
দুয়ো বীৰ ৰথত উঠিলা তেতিক্ষণ।
অদভুত শৰবৃষ্টি কৰিলন্ত ঘন॥২৫৫