পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
বব্ৰুবাহ পৰ্ব্ব

পাদ্য অৰ্ঘে মান্য কৰি হৰিৰ চৰণে।
দিব্য সিংহাসন আনি দিলা তেতিক্ষণে॥৫৬৫
ভীম ধনঞ্জয় শেষ প্ৰদ্যুম্ন সহিতে।
আনো ৰাজাগণ মানে বসিলা তহিতে॥
সুৱৰ্ণ আসন আনি দিলা ভিন্নে ভিন্নে।
বসিলেক ৰাজাগণ আনন্দিত মনে॥৫৬৬
পাণ্ডৱৰ শেষৰ কৃষ্ণৰ সেনা যত।
দ্বাৰ মেলি দিলা সবে বসিলা ৰাজ্যত॥
বব্ৰুবাহ ৰাজাৰ হেনয় ৰাজ্যখান।
কেন কেন মত তাক নপাইল প্ৰমাণ॥৫৬৭
সমাজত যতলোক আছিলেক মানে।
সবাকো তুষিলা ৰাজা পুষ্প গুৱা-পাণে॥
চন্দন বসন মালা দিলা নৰনাথ।
তথাপি অৰ্জ্জুনে লাজে নোতোলয় মাথ॥৫৬৮
হেন দেখি ৰাজাগণ কেশৱ প্ৰভৃতি।
অৰ্জ্জুনক সাধুৰ্ব্বাদ কৰিলা হৰিষি॥
ধন্য ধনঞ্জয় ধন্য তোমাৰ তনয়।
পুত্ৰৰ বৈভৱ হেন ভৈল আতিশয়॥৫৬৯
পুত্ৰে জিনিলেক ৰণ কেনে কৰা লাজ।
গঙ্গাৰ শাপত মিলিলেক হেন কাজ॥
শাস্ত্ৰৰ বিচাৰ হেন ঋষিৰো বচন।
সমৰত জয় হৌক তোমাৰ নন্দন॥৫৭০