পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
বব্ৰুবাহ পৰ্ব্ব

বিশেষে ভাতিজা মই পাঞ্চ পাণ্ডৱৰ।
মোৰ ৰণভঙ্গে লাজ আসিব বংশৰ॥২১২
একগুটি ভাৰ্য্যা মোৰ সৰ্ব্বাঙ্গ সুন্দৰী।
যাত্ৰাকালে আমাক বুলিলা হেন কৰি॥
ক্ষত্ৰিয় জাতিৰ যশ ৰণেসে শোভন।
ৰণভঙ্গে পলাইলে নিন্দিবে সৰ্ব্বজন॥২১৩
সত্যভামা ৰুক্মিণী উত্তৰা মোৰ সখী।
সবে মোক হাসিবেক ৰণভঙ্গ দেখি॥
যেনে তেনে ৰণমাজে সাধিয়োক জয়।
বিশেষত তোমাৰ সহায় ধনঞ্জয়॥২১৪
এবে যে তোমাক একেশ্বৰে যাওঁ এৰি।
কোন সতে মোৰ মুখ চাহিব সুন্দৰী॥
খানিতেক খুড়া মোক থাকিয়োক চাই।
সমৰত মোহোৰ দেখিয়ো মুনিষাই॥২১৫
সামৰাজে সাজি আছে মণিপুৰেশ্বৰ।
থাকিয়োক খুড়া তুমি যুজো একেশ্বৰ॥
মিত্ৰৰ নিমিত্তে যদি এৰয় পৰাণ।
তাসম্বাৰ শুনি আছো স্বৰ্গলোকে স্থান॥২১৬
স্বামীদেৱ গুৰুজন মিত্ৰৰ নিমিত্তে।
যিবা জনে উচিত কাৰ্য্যত প্ৰাণ এৰে॥
তাসম্বাৰ স্থান শুনো সপত স্বৰ্গত।
ইসব জানিয়া কেনে পলাইবো ৰণত॥২১৭