সমললৈ যাওক

পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
বব্ৰুবাহ পৰ্ব্ব

সিবেলাত ৰাজাক দেখন্তে লাগে ভয়।
প্ৰলয় কালৰ যেন আদিত্য জ্বলয়॥১২৭
কতো বেলি স্বস্থ ভৈলা হৰিৰ কুমাৰ।
দেখন্ত নাহিকে প্ৰজা আছা একেশ্বৰ॥
ধিক ধিক মোহোৰ কুযশ আতি ভৈলা।
এহি বুলি কামদেৱে ধনু শৰ লৈলা॥১২৮
কৰ্ণমানে টানিয়া মাৰিলা শৰচয়।
সেহি শৰে বিমূৰ্চ্ছিত অৰ্জ্জুনতনয়॥
দেখন্ত সি ঠাইত আছে সেনাগণ যত।
প্ৰদ্যুম্নৰ শৰে সবে ভৈল মৃতৱত॥১২৯
প্ৰমত্ত মাতঙ্গ সম যত সেনাগণ।
তাক কামদেৱে হেন কৰিলেক ছন্ন॥
ৰাহুতে মাহুতে আছিলেক উঠি উঠি।
পৰি পৰি মৰে সবে কাম শৰে ফুটি॥১৩০
সবে মহা অতিৰথী সম নাই কেৱ।
হৰি-হৰ যুদ্ধে যেন ধাইলা কামদেৱ॥
সবে মিলি ধাই গৈলা কুৰি শৰ ধৰি।
সবাহাৰে নাম শুনা ভিন্ন ভিন্ন কৰি॥১৩১
যুৱনাশ্ব ৰাজা যিটো ত্ৰিভুৱনে সাৰ।
হংসধ্বজ নৃপতিৰ দুতয় কুমাৰ॥
মেঘবৰ্ণ বীৰ ঘটোৎকচৰ তনয়।
এসম্বাক ৰণে ধাইলা কুৰি শৰ তয়॥ ১৩২