সমললৈ যাওক

পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
বব্ৰুবাহ পৰ্ব্ব

মণি পাইলে মনুষ্যৰ নাহি মৃত্যুভয়।
অমৃতকো হৰি নিব জানিলো নিশ্চয়॥৪৫৬
সুধা মণি বিহনে আমাক কোনে গণে।
নাৰীসবে স্বামী বুলি নমানিব মনে।
আনো নানা নিষেধ বুলিলা ধৃতৰাষ্ট্ৰে।
শুনি শেষৰাজা মাতিলন্ত মনকষ্টে॥৪৫৭
মূৰ্খৰ সহিতে আশা নুহিকে সম্পদ।
দিনে দিনে ধৰ্ম্ম হানি বঢ়াৱে আপদ॥
গুণি চাওঁ কেনে মোৰ হৈব যশৰাশি।
পৃথিবীৰপৰা মোক মণি মাগে আসি॥৪৫৮
হেনতো সবাৰে কথা শুনা সৰ্পলোক।
কৃষ্ণৰ আগত কুন্তীয়ে পাৱে শোক॥
অমৃতৰ হন্ত যদি দেন্ত কৃপাময়।
হেন হৰি আছন্তে মৰিব ধনঞ্জয়॥৪৫৯
এতেকেসে মণিগোট দিবাক উচিত।
পৰ উপকাৰ কৰিবন্ত সমুচিত॥
দধীচি মুনিৰ আমি কথা আছো শুনি।
প্ৰাণ এৰি অস্থিচয় দিলন্ত আপুনি॥৪৬০
পুনৰপি ধৃতৰাষ্ট্ৰে দিলন্ত সিদ্ধান্তে।
আমাৰা এৰিলা আশা জোৱাইক চাহন্তে॥
অনন্তে বোলয় শুনিয়োক পুণ্ডৰীক।
হৰিপদ এৰি মোত মণি মাগে কিক॥৪৬১