পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বব্ৰুবাহ পৰ্ব্ব


সুবুদ্ধিক সম্বুধিয়া মাতিলা নৃপতি।
ইহাৰ আমাৰ আৰো নাই মিত্ৰৱতি॥৯০
শত্ৰু ভাৱ হৈয়া আমি কৰিবো সমৰ।
হেন জানি আপুনি যুদ্ধক সাজ কৰ॥
কতো কতো কটকে ৰাখোক সিটো হয়।
দেখো আজি কেনমতে নিয়ে ধনঞ্জয়॥৯১
শিশু বৃদ্ধ কন্যাগণ আসি আছে মানে।
দিয়োক বিদায় যাউক নিজ নিজ স্থানে॥
বীৰগণে প্ৰৱন্ধে সাজিয়ো ৰথখান।
যুদ্ধৰ সম্ভাৰ বস্তু থাউক থানে থান॥৯২
পদাতি কটক যত কৰিয়ো নিৰ্ম্মাণ।
যুদ্ধৰ সম্ভাৰ সেনা থাকক থানে থান।
উচ্চৈশ্ৰবা সম হস্তী বাহুতে সহিত।
থাকোক সততে হেন শতকোটি শত॥৯৩
শুক্ল কৃষ্ণ চামৰে মণ্ডিত যাৰ গাৱ।
সুৱৰ্ণ নূপুৰ আনি আছে যাৰ পাৱ॥
সুৱৰ্ণ ৰুদ্ৰাক্ষ মালা যাৰ গলে দিলা॥
উত্তম সেন্দূৰে গণ্ডস্থলক লিপিলা॥৯৪
হেনমতে হস্তী যে অৰ্ব্বুদ তিনি বাণ।
যুদ্ধক প্ৰবন্ধে সবে থৈয়ো থানে থান।
নানাবিধ বাদ্য ভণ্ড যাহাৰ লগত।
শ্বেত পীত পেট নেট যাহাৰ গাৱত॥৯৫