পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভুমিকা

 প্ৰাচীন কামৰূপ ৰাজ্যত চতুৰ্দশ শতিকাত দুৰ্লভনাৰায়ণ নামৰ এজন বিদ্যোৎসাহী ৰজা আছিল। তেওঁৰ দিনতেই চণ্ডীবৰ আদি সাত ঘৰ কায়স্থ ভূঞা আৰু নৰোত্তম আদি সাত ঘৰ ব্ৰাহ্মণ এই দেশলৈ আহিছিল।

 দুৰ্লভনাৰায়ণৰ ৰাজসভাত কেইবাজনো, ডাঙৰ পণ্ডিত আছিল— তাৰ ভিতৰত কবিৰত্ন সৰস্বতী, হেম-সৰস্বতী আৰু হৰিহৰ বিপ্ৰ প্ৰধান।

 কায়স্থ কবি ৰত্নসৰস্বতীয়ে জয়দ্ৰথ বধ, হেমসৰস্বতীয়ে প্ৰহলাদ- চৰিত আৰু হৰিহৰ বিপ্ৰই অশ্বমেধ পৰ্ব লিখে। বক্ৰবাহ পৰ্ব—অশ্বমেধ পৰ্বৰ ভিতৰৰ। বিপ্ৰকবিয়ে এই কাব্যৰ ভিতৰত এইদৰে নিজৰ চিনাকি দিছে :-

জয় জয় নৃপবৰ  দুৰ্লভনাৰায়ণ ৰাজা
 কামাখ্যা গোসানী দেন্ত বৰ।
সপুত্ৰ বান্ধৱে নিতে  সবান্ধৱে মনোনীত
 জীৱস্তোক সহস্ৰ বৎসৰ॥
তাহান ৰাজ্যত যত  সৰ্বজন মনোনীত
 অশ্বমেধ পদমধ্যে সাৰ।
বিপ্ৰ হৰিহৰ কবি  হৰিৰ চৰণ সেৱি
 পদবন্ধে কৰিলো প্ৰচাৰ॥ ২০৯



* প্ৰাচীন কামৰূপ কায়স্থ সমাজৰ ইতিবৃত্ত-২৮ পৃষ্ঠা।