পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
বব্ৰুবাহ পৰ্ব্ব

সেহি থানে যত যত গৈলা কন্যালোক।
পুষ্প ফল ধৰি বোলে জয়ৰাশি হৌক॥
তাত পাচে বব্ৰুবাহ কটকে সহিতে।
অৰ্জ্জুনৰ আগতে পৰিলা দণ্ডৱতে॥৬৪
পুনৰপি বব্ৰুবাহ অৱেকুমাৰ
আপোনাৰ মুণ্ডৰ মেলিলা চুলিটাৰ॥
কেশটাৰ মেলি দুয়ো হাতে লৈলা তুলি।
অৰ্জ্জুনৰ চৰণৰ মলছিলা ধূলি॥৬৫
পুনৰপি বব্ৰুবাহ মণিপুৰেশ্বৰ।
কিছু কিছু কৰি পাচে চাপিলা ওচৰ॥
চৰণত ধৰি হেন বুলিলা বচন।
ক্ষেমিয়োক দোষ পিতৃ হুয়োক প্ৰসন্ন॥৬৬
তীৰ্থযাত্ৰা কালত যৈসানি গৈলা বন।
চিত্ৰাঙ্গদা গৰ্ভত ভৈলোহো উতপন্ন॥
পুত্ৰৱতে শিশুকালে তুলিলা উলুপী।
তোমাৰ ঔৰসে পুত্ৰ জানিবা স্বৰূপি॥৬৭
ৰাজ্যভাৰ ভাণ্ডাৰ যতেক ধন ধান্য।
মান্য কৰি তোমাৰ চৰণে দিলো দান॥
আগে নাজানিয়া মই ধৰিলো তুৰঙ্গ।
হেন জানি পিতৃ মোক নকৰিবা খঙ্গ॥৬৮
আন ইন্দ্ৰ সমান তাহাক নাই ভয়।
হেন জানি পিতৃ মোত হুয়োক সদয়॥