পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
বব্ৰুবাহ পৰ্ব্ব

আগে কত বধ ভৈল যমৰ কৰণ।
তোৰ মুখ দেখিয়া ভৈলোহো পৌশ্ৰিৱণ॥
গণিতাত সাব যুৱনাশ্ব নৰপতি।
তাহাৰ বিৰুদ্ধে পাবে কাহাৰ শকতি ॥২৭২
তাক জিনি ঘোৰাক আনিলি তই বাপ।
আজি কেনে হৃদিত লগালি ঘোৰ তাপ॥
মহা দাতা কৰ্ণ তোৰ আছিলে জনক।
শৰীৰৰ মাংস কাটি দিলন্ত ইন্দ্ৰক॥২৭৩
মোহোৰ নিমিত্তে তোৰ গাৱৰ মাংসক।
কৰিলিহি দান যে শৃগাল শগুণক॥
তোহোৰ মৰণে মোৰ অসুখ মনত।
আজিসে জানিলো অভিমন্যু ভৈল হত॥২৭৪
অসংখ্যাত ৰিপু শিৰ কাটিল উচ্ছাই।
স্বভাৱত সুকুমাৰ অধিকে সুহাই॥
নাল কটা পদ্ম যেন সৰোবৰে ভাসে।
তোৰ যশে দিবাকৰ আজিয়ো প্ৰকাশে॥২৭৫
আজিসে জানিলো সেনা পৰিল সকলে।
এহি বুলি ধনঞ্জয়ে কান্দন্ত বিকলে॥
আপদৰ উপৰতে শোকে পাইল মোক।
হৰি এবিলাত মই হৰুৱাইলো তোক॥২৭৬
দুয়ো অবিহনে কোনে কৰে উপকাৰ।
সূৰ্য্য অবিহনে যেন দিনতে আন্ধাৰ॥