সমললৈ যাওক

পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বব্ৰুবাহ পৰ্ব্ব

কোন গুণ বুজি তুমি আছাহা আতাই।
সদ বুদ্ধি বোলো শুনা কল্যাণ উপায়॥২৮২
বেশ্যাৰ তনয় মোক প্ৰথমে বুলিলা।
স্বৰূপত মই কোন এবেসে জানিলা॥
বেশ্যাৰ তনয়ে যশ থৈল পৃথিবীত।
ক্ষত্ৰিয়ৰ অৱস্থা দেখিয়ো বিপৰীত॥২৮৩
অনেক প্ৰকাৰ কৰি নিন্দিলা আতাই।
এবে কেন পৰি আছা দান্ত নিকটাই॥
উঠিয়োক সত্বৰে কপট পৰিহৰি।
বৃষকেতু মুণ্ডগোট থৈয়ো ঝাণ্ট কৰি॥২৮৪
এহি মাথাগোট দিয়া পূজিয়ো শঙ্কৰ।
তুষ্ট হুয়া তোমাক দিবেক ইষ্টবৰ॥
পাশুপত্ৰ অস্ত্ৰ শঙ্কৰত লোৱা মাগি।
তেবে জানো কিছু সম হোৱে মোক লাগি॥২৮৫
মৃত্যুবেশ এৰি আবে উঠি ৰণ কৰ।
জন্ম সাফলিয়া যে সম্মুখ ৰণে মৰ॥

অৰ্জ্জুনৰ সৈতে বব্ৰুবাহনৰ যুদ্ধ

এতেকতে চেতন লভিলা ধনঞ্জয়।
শুনন্ত নৃপতি নিন্দা কৰন্তে আছয়॥২৮৬
বৃষকেতু মুণ্ডগোট এক পাশে থৈলা।
জিবাক লাগি পাচে শৰ ধনু লৈলা॥