সমললৈ যাওক

পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
বব্ৰুবাহ পৰ্ব্ব

সেহি মণি দেন্তে মোক বাধে জ্ঞাতিলোক।
নাতিত জনাইবা যেন যুৱাই কৰন্তোক॥
ৰাজাৰ বচনে পুণ্ডৰীক গৈলা লৰি।
যি থানত অৰ্জ্জুনৰ শৱ আছে পৰি॥৪৬২
বব্ৰুবাহ ৰাজা আছে কটক সহিতে।
দুয়ো নাৰী শৱ ৰাখি আছয় তহিতে॥
আশাবন্ধ কৰি মনে আছয় মণিত।
পুণ্ডৰীকে কৈলা মণি নিদিয়ে নিশ্চিত॥৪৬৩
হাঁ হাঁ প্ৰাণনাথ বুলি কান্দে দুয়ো নাৰী।
এবেসে জানিলো প্ৰভু জীয়াইতে নাপাৰি॥
পুণ্ডৰীক বোলে প্ৰভু শুনা মোৰ বাক।
শেষৰাজা মণি দিবে চাহিল আমাক॥৪৬৪
সবে জ্ঞাতিগণে নিষেধিলে বহুভাগে।
নপাইলো মণিক তুমি কৰা যেহি লাগে॥

সঞ্জীৱনী মণি নাপাই নাগৰসৈতে বব্ৰুবাহনৰ যুদ্ধ

সৰ্পৰ বচন শুনি বব্ৰুবাহ ৰাজা।
তেতিক্ষণে আদেশ কৰিলা বহু প্ৰজা॥৪৬৫
কতো সেনাগণে ৰাখি থাকোক শৱক।
কতো সেনাগণ লই যাওঁ পাতালক॥
কোপ অপমানত চক্ষুৰ পৰে লুই।
জাকে জাকে নিকলয় অগ্নি বাজ হুই॥ ৪৬৬