পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
বব্ৰুবাহ পৰ্ব্ব

মোক ঢাকি প্ৰথমে যুজিল অনুশাল্ব।
সিয়ো ৰাজা হত ভৈল মোহোৰ কপাল॥
এহি সমৰতে হত ভৈল নীলকেতু।
আউৰ কেনমতে মোৰ জীৱনৰ হেতু॥১৯২
হিড়িম্বীত হন্তে ভৈল ভীমৰ তনয়।
ঘটোৎকচ বুলি বীৰ যাক সম নয়॥
তাহান তনয় মেঘবৰ্ণ ভৈল হত।
আউৰ কেনমতে জয় সাধিবো ৰণত॥১৯৩
সুবেগৰ যুদ্ধ আজি তোমাতে বেকত।
যাৰ শৰে বব্ৰুবাহ মৰে ক্ষণেকত॥
তুমি আমি প্ৰাণ ৰাখি আছে এহি ঠাই।
দুইহান্তৰো প্ৰাণ আজি সুজু সমুদায়॥১৯৪

অৰ্জুনৰ অমঙ্গল দৰ্শন

যুধিষ্ঠিৰ ৰাজা শুনি পাইব বৰ দুখ।
এহিসব বাৰ্ত্তাক পাইবেক কাৰ মুখ॥
এহি কথা মাতে বসি আছয় দুইহন্তে।
আসিল শগুণগোট আকাশৰ হন্তে॥১৯৫
অৰ্জ্জুনৰ কিৰীটিত পৰি দিলা ৰাৱ।
মৃত্যু ভাৱ দেখাই পাচে কৰিলা উৰাৱ।
আৰো বিমঙ্গল দেখাই অৰ্জ্জুনক প্ৰতি।
ৰথৰ উপৰে আসি পৰিল কুপতী॥১৯৬