পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
বব্ৰুবাহ পৰ্ব্ব

যুধিষ্ঠিৰ ৰাজাৰ কনিষ্ঠ ধনঞ্জয়।
কুন্তীৰ উদৰে জন্ম পাব তনয় ॥৩৪১
সুৰাসুৰ নাগে বলে নোৱাৰিলে যাক।
তযু পুত্ৰ বব্ৰুবাহে কাটিলেক তাক॥

অৰ্জ্জুনৰ মৃত্যু-বাৰ্ত্তা শুনি চিত্ৰাঙ্গদা-উলুপীৰ শোক

তাসম্বাৰ বচন শুনিয়া ৰাজমাৱ।
হা হা প্ৰভু বুলিয়া কান্দয় দীৰ্ঘৰাৱ॥৩৪২
মোক এৰি কোন থানে প্ৰাণনাথ গৈলা।
এহি বুলি দুয়ো নাৰী ভূমিত পৰিলা॥
হৰি হৰি কেনমতে মিলিল প্ৰমাদ।
ধৰা ধৰি কন্যাগণ কৰয় বিষাদ॥৩৪৩
কেহো জনী ফুঙ্কে কেহো মাথে দেই পানী।
আদা লোণ কেহো জনী মুখে দেই আনি॥
কতো জনী শীতল চামৰ ঘসে গাৱে।
ধীৰ ধীৰ কৰি বিছে বিছনিৰ বাৱে॥৩৪৪
কেহো জনী মুণ্ডে কেহো জনী পাৱে ধৰি।
কান্দে কন্যাগণ সবে আৰ্ত্তনাদ কৰি॥
উলুপীয়ো কান্দয় হৃদয়ে মুষ্টি হানি।
প্ৰভুক স্মৰণে মোৰ যাউক প্ৰাণ খানি॥ ৩৪৫
মৰণ কালত প্ৰভু আমাক এৰিলা।
হৃদয়ত মুষ্টি হানি ভূমিত পৰিলা॥