পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বব্ৰুবাহ পৰ্ব্ব

পণ্ডিতে বোলয় শুনিয়োক সৰ্ব্বজন।
যুধিষ্ঠিৰ মহাৰাজা পাণ্ডুৰ নন্দন॥৩৫
অশ্বমেধ যজ্ঞহেতু মেলি দিলা হয়।
ঘোৰা লগে ৰক্ষা দিলা ভ্ৰাতৃ ধনঞ্জয়॥
যাহাৰ শকতি আছে ঘোৰাক ধৰোক।
নুহি সামৰাজে আসি যজ্ঞত বৰোক॥৩৬
পত্ৰ শুনি ৰাজাৰ অশেষ মন কষ্ট।
এবেসে জানিলো সামৰাজে ভৈলো নষ্ট॥
যুধিষ্ঠিৰ ৰাজা মোৰ হন্ত জ্যেষ্ঠ পিতৃ।
তাহান যজ্ঞত মই কৰিলো বিগুতি॥৩৭
পূৰ্ব্বাপৰ নাজানিয়া ঘোৰা ধৰি আনি।
আপোনাৰ যজ্ঞ নষ্ট কৰিলো আপুনি॥
দেৱৰ পিতৃৰ আশা খণ্ডাইলো সবাৰ।
হেন কি অধৰ্ম্মী ৰাজা আছে মোত পৰ॥৩৮
চিত্ৰাঙ্গদা মাৱে মোত কহিলা বুজাই।
পাণ্ডুৰ তনয় পিতৃ হন্ত ধনঞ্জয়॥
যেনমতে মোৰ পিতৃ হন্ত ধনঞ্জয়।
সিসব কথাত মোত কহিলা বুজাই॥৩৯
কন্যাকালে আছে মাতৃ পিতৃৰ ভৱনে।
নৃত্য গীত কৰি থাকে সবে কন্যাগণে॥
একদিনা গীত গান্তে তাল ভৈল ভঙ্গ।
হেন দেখি বাপৰ মনত বৰ খঙ্গ॥৪০