পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৷৵৹

পিতৃলোক কাম্পয়ে যতেক গ্ৰহগণ।
স্বৰ্গলোকো কাম্পে দেখি অৰ্জ্জুন মৰণ॥
সকলো পৰ্ব্বত কাম্পে শিখৰে নগৰে।
খৰ বায়ু বহে ঘনে ঘনে বজ্ৰ পৰে॥
ঘেমসবে বৰিষে ৰুধিৰ অসংখ্যাত।
ভয় হুয়া বসুমতী মেলি দিলা ফাট॥
নদ নদী সাগৰ পৰ্ব্বত জল স্থল।
অৰ্জ্জুনৰ মৃত্যু দেখি কৰে টলবল॥ ৩১৬-৩১৯

বব্ৰুবাহৰ কৃষ্ণত শৰণ :-

মাধৱক দেখি পাচে কৰিলা প্ৰণাম।
পিতৃবধী পাপী বব্ৰুবাহ মোৰ নাম॥
তোমাৰ চৰণে মোক কৰিয়োক দায়া।
চক্ৰ হানি কাটা মোক স্বস্থ হৌক কায়া॥
ৰাহুৰ শিৰক প্ৰভু কাটিলা যিমত।
মোহোৰ গলকো কাটিয়োক সেহিমত॥
তযু সুদৰ্শন চক্ৰে ছেদা মোৰ গল।
তেবেসে পাতকৰাশি হৈবেক সফল॥
ইষ্ট বন্ধু জন যাৰ নাই মাৱ বাপ।
সিয়ো যদি কৰয় দুৰ্ঘোৰ হেন পাপ॥ ৫৩৮-৫৪০

 কাব্যখনিৰ ওপৰত উল্লেখ কৰা কথাখিনি মাত্ৰ তুলি দিয়া হল। কাব্য-পিপাসুসকলে এই প্ৰাচীন কাব্যখনি পাঠ কৰিলে সন্তোষ পাম।

নলবাৰী,
১৭ ডিচেম্বৰ, ১৯৫৭
নিবেদক⸺
শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱা