পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বব্ৰুবাহ পৰ্ব্ব

যেবে স্বৰূপত মই তোৰ হওঁ বাপ।
আজি তোক দিওঁ নিদাৰুণ চণ্ড শাপ॥
নিৰ্জ্জান গহন বন বুলিয়া যাহাক।
গৰু হুয়া পাপিষ্ঠী তহিতে পৰি থাক॥৪১
বাপৰ শুনিয়া হেন নৈৰাশ বচন।
অশেষ মিনতি কৰি কৰিলা ক্ৰন্দন॥
স্বভাৱে চঞ্চলা নাৰী আৰু শিশুমতি।
হেন কি শাপক মোক দিবাক যুগুতি॥৪২
পূৰ্ব্বকালে কত মই কৰিলোহো পাপ।
সিকাৰণে পিতৃ হুই দিলা ঘোৰ শাপ॥
এৰাইবাক শক্তি নাহি কৰিয়োক ক্ষমা।
নুহি মোক দিয়া তেবে শাপৰ যে সীমা॥৪৩
কতোবেলি গুণি পাচে মাতিলেক বাপে।
গদ গদ কৰি পাচে হৃদয় সন্তাপে॥
খঙ্গ নামে চণ্ডালক সহিতে নাপাৰি।
জীৱক শাপিলো মই কিনে মন্দকাৰী॥৪৪
একোকালে অন্যথা নুহিকে মোৰ বাক।
নিৰ্জ্জন গহন বনে গৰু হুয়া থাক॥
তীৰ্থযাত্ৰাকালে অৰ্জ্জুনক লাগ পাইবি।
পূৰ্ব্বৰ স্বৰূপ হুয়া শাপক এৰাইবি॥৪৫
সেহি অনুক্ৰমে অৰ্জ্জুনক লাগ পাইলা।
পূৰ্ব্বৰ স্বৰূপ হুয়া শাপক এৰাইলা॥