সমললৈ যাওক

পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
বব্ৰুবাহ পৰ্ব্ব

বামপাৱে চুইলেক গঙ্গাৰ মাত্ৰ পানী।
কতেক অধৰ্ম্ম ভৈল নিৰ্ণয় নাজানি॥৪৪০
সৰ্ব্বলোকে বোলে এই কেনেনো অজ্ঞান।
দেখিল মাত্ৰকে জল হৰে এতমান॥
হেন শুনি গঙ্গা বাজ ভৈলা তেতিক্ষণ।
কন্যাৰূপ ধৰি সুলক্ষণী সৰ্ব্বক্ষণ॥৪৪১
কোন কাৰ্য্যে আমাক নিন্দিলা বৰবালা।
এবেসে সিজিল কাৰ্য্য হাসিলেক জলা॥
শান্তনুৰ হন্তে যে তোমাৰ সুৰেশ্বৰী।
সাত পুত্ৰ হুয়া যেবে আগে গৈল মৰি॥৪৪২
ভীষ্ম নামে পুত্ৰ তুমি পাইলা সাধি পাৰি।
নাতি হুয়া তাহাঙ্ক অৰ্জ্জুনে থৈলা মাৰি॥
অপুত্ৰক ভৈলা তুমি জগতৰ আই।
এতেকে তোক নিন্দা কৰিতে যুৱাই॥৪৪৩
এতেক বচন শুনি জগতৰ মাৱ।
আৰকত আখি মুখ বিহ্বল স্বভাৱ।
নাতি পিতামহৰ নাহিকে ভেদাভেদ।
হেনতো অৰ্জ্জুনে কৰিলেক বংশচ্ছেদ॥৪৪৪
ছয় মাস অন্তৰত মোহোৰ শপত।
অৰ্জ্জুনৰ মৃত্যু হৌক পুত্ৰৰ হাতত॥
অৰ্জ্জুনৰ মৃত্যু হৈব মই হৈবো বাণ।
এহি শুনি বহ্ণি জালি জনা এৰে প্ৰাণ॥৪২৫