সমললৈ যাওক

পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বব্ৰুবাহ পৰ্ব্ব


আছোক বাজাৰ কথা শুনা সুবুদ্ধিৰ।
গহীন গম্ভীৰ ধীৰ গুণব মন্দিৰ॥
পৰম প্ৰভাৱ কথা জগততে সহে।
যথাবৃত কথাহবে নৃপতিত কহে॥১৫
তাৰ যেবে কটকে তোমাৰ ধৰে হয়।
মেলাইবেক লাগি তেবে হৈবেক সংশয়॥
দাৰুণ দুৰ্ব্বাৰ বীৰগোট ভয়ঙ্কৰ।
আমি কেনমতে তাক কৰিবো সমৰ॥১৬
হেন জানি আপুনি থাকিয়ো সাৱধানে।
চল ৰূপে কটক থৈয়োক থানে থানে॥
আপোনাক ৰাখিয়া দূতত পুছা কথা।
আৰো শুনা বিপৰীত যেন ভৈলা তথা॥১৭
হেন কথা মাতে যেবে আছন্ত অৰ্জ্জুন।
উপৰত বেঢ়ি বেঢ়ি বনাৱে শগুণ॥
অৰ্জ্জুনৰ মৃত্যু হেন দেখিয়া নিশ্চয়।
বিপৰীত দেখি সৰ্ব্বজনে ভৈল ভয়॥১৮

বব্ৰুবাহনৰ আদেশত যজ্ঞৰ ঘোৰা আৱদ্ধ

জৈমিনি বদতি শুনিয়োক জন্মেজয়।
মণিপুৰ নগৰত প্ৰবেশিলা হয়॥
বব্ৰুবাহ ৰাজা আছে সিংহাসনে বসি।
লৱৰন্তে কোটোৱালে জনাইলন্ত আসি॥ ১৯