পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
বব্ৰুবাহ পৰ্ব্ব


গদা ছন্ন ভৈলন্ত দেখিয়া নৰেশ্বৰ।
পুনৰপি কামদেৱক ভেদি তিনি শৰ॥১৩৮
আৰো এক শৰে বিদাৰিল বক্ষস্থল।
সম্যক দেখিয়া হেন হৰৰ ত্ৰিশূল॥
হেন শৰসব ধৰি অৰ্জ্জুনকুমাৰে।
কামদেৱ বীৰক ভেদিলা দৃঢ়তৰে॥১৩৯
দুয়ো বলে বলত তৰুণ সুকুমাৰ।
দুয়ো বলে যুদ্ধে ঘোৰ, ৰণে অনিৰ্ব্বাৰ॥
দুয়ো ৰূপৱন্ত বলৱন্ত গুণৱন্ত।
দুয়োক দুই ছিদ্ৰ চাই প্ৰৱন্ধে ফুৰন্ত॥১৪০
দুহান্তৰ ভঙ্গ দুই চাহন্ত প্ৰৱন্ধে।
অন্যো অন্যে ছিদ্ৰক চাহন্ত দুই দণ্ডে॥
হেনমতে যুদ্ধত আছন্ত দুয়ো বলী।
অনন্তৰে দুইকো দুই ধৰি আঙ্কোৱালি॥১৪১
গাৱে বল আছে মানে আজোৰেক দিল।
শ্ৰুতি এৰি দুয়ো বীৰ ভূমিত পৰিল॥
দুয়ো মহা ছোট লভিলন্ত একেলগে।
বব্ৰুবাহ নৃপতিৰ উঠিলন্ত আগে॥১৪২
যেন বাজু পাতি মেৰু শিখৰ খসিল।
সেহিমতে দুয়ো বীৰ ভূমিত পৰিল॥
সেহি সময়তে ৰথে চৰিলা নৃপতি।
দেখে কামদেৱ ভৈল মৃতক সঙ্গতি॥১৪৩