সমললৈ যাওক

পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
বব্ৰুবাহ পৰ্ব্ব

নাল আকুঞ্চিত কেশ কিৰীটি সহিত।
হেন মুণ্ড অৰ্জ্জুনৰ লোটয় ভূমিত॥৩২৫
যেন মেৰু শৃঙ্গ আসি লোটয় ভূমিত।
আকাশৰ চন্দ্ৰ যেনমতে পৃথিবীত॥
অনেক ৰত্নৰ মালা মুণ্ডত আছয়।
হেন মুণ্ড অৰ্জ্জুনৰ ভূমিত লোটয়॥৩২৬
ফাল্গুন মাসৰ তিথি শুক্লা ত্ৰয়োদশী।
দিবা ভাগ থাকন্তে উদয় হোৱে আসি॥
উত্তৰফাল্গুনী নক্ষত্ৰ মঙ্গলবাৰে।
অৰ্জ্জুনক কাটিলন্ত মণিপুৰেশ্বৰে॥৩২৭
পাচেসে পৰিল গাণ্ডি গিৰিসিত কবি।
গিৰ গিৰ শৱদে লৰিলা বসুন্ধৰী॥
বৃষকেতু অৰ্জ্জুন পৰিল একেলগে।
জল স্থল পৃথিবী লৰিলা সাতো স্বৰ্গ॥৩২৮
ভূমিত পৰিলা বৃষকেতু ধনঞ্জয়।
হেন দেখি প্ৰজা ভৈল আকুল হৃদয়॥
হাহাকাৰ শৱদ শুনিলা চতুৰ্ভিতি।
দুগোটা ভাস্কৰ যেন লোটয় ভূমিত॥৩২৯

বব্ৰুবাহৰ জয়ত নগৰত আনন্দ প্ৰকাশ

ৰণ জিনি বব্ৰুবাহ নৃপতি প্ৰচণ্ড।
থানে থানে আসে সবে বায়া বাদ্য ভণ্ড ॥