পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৵৹

  এই কাব্যৰ বব্ৰুবাহৰ ৰাজগৃহৰ দেৱালয়ত অঁকা চিত্ৰবোৰৰ এইদৰে বৰ্ণনা কৰিছে—

চিত্ৰকৰে প্ৰৱন্ধে লেখিলা বহুকাম।
পৃথিবী প্ৰৱন্ধে ৰাজা নাহিকে উপাম॥
ইন্দ্ৰ প্ৰতিমুখ্যে দেৱগণ সমুদায়।
স্বৰ্গ মৰ্ত্ত্য পাতাল লেখিলা সবে ঠাই॥
জানকী দ্ৰৌপদী মুখ্যে যত দিব্য নাৰী।
চিত্ৰাঙ্গদা উলুপী লেখিলা ভাল কৰি।
গাছ মাছ তৃণ লতা যত সংসাৰত।
সবাকে লেখিয়া আছে চৌপাশে বাৰত।
হস্তী ঘোৰা গণ্ডাৰত লেখি মহিষত।
মনুয্যৰ কান্ধে দোলা চৰি উপৰত।
সিংহ বাঘ মৃগ নাগ বৰাহ ভালুক।
বিড়ালী কটলা ভেড়া বিড়লী জম্বুক॥
আন সব যত জন্তু আছে সংসাৰত।
সবাকে লেখিয়া আছে চৌপাশে বাৰত॥
হংস পাৰ কাক বক আৰো ফেঁচা পক্ষী।
কৈৰা মৈৰা কুকুৰা বটকে আছে লেখি॥
সাৰঙ্গ কুপেতা ভেৰী কুৰুৱা দেৱম’ৰা।
পানীকাক ৰঘুগুৰা মাছৰোকা কনোৱা।
ভদ্ৰকালী কোৱা কোণ্ডা ডাউক তিতিৰী।
ওপেছী শালিকী টুনি কনোৱামুছৰী॥
দেৰচৰাই ধৰচৰাই শগুন টোকোৰা।
বজ্ৰদণ্ড পুণ্ডৰিকা গোবৰখোছৰা॥