কুঁহি
কুঁহি
শ্ৰীলক্ষেশ্বৰ শৰ্ম্মা বৰুৱা বি, এ,
শিক্ষক, যোৰহাট গভর্ণমেণ্ট হাইস্কুল
টীয়ক – যোৰহাট ।
মূল্য ॥৽ অনা
কুঁহি
ৰচোতা আৰু প্ৰকাশক।
শ্ৰীটুনিৰাম শৰ্ম্মা বৰুৱা দ্বাৰা ছাপা হ’ল।
১৯২০ সন।
মূল্য॥৽ অনা।
পাতনি।
⸺:0:⸺
কুঁহি লিখকৰ প্ৰথম উদ্যম। এতেকে কুঁহিৰ ভাল বেয়া সকলো গুণগ্ৰাহী পাঠক সকলৰ হাতত। অনুগ্ৰহ কৰি এবাৰ চকু ফুৰাই চালে লিখকৰ উদ্যম সাৰ্থক হৈছে বুলি ভাবিব পাৰিম। শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত শৰৎ চন্দ্ৰ গোস্বামী দেৱে কিতাপ খনি এবাৰ চকুফুৰাই দি উৎসাহ দিয়াত তেখেতৰ ওচৰত অশেষ কৃতজ্ঞ থাকিলোঁ।
⸻:0:⸻
লিখক
অশেষ স্নেহৰ অতি ক্ষুদ্র প্রতিদান স্বৰূপে
এই নিকৃষ্ট কুঁহি পাতটি
ৰায় বাহাদূৰ, পূজণীয়
শ্ৰীযুত ৰাধানাথ ফুকন দেৱৰ চৰণত
আন্তৰিক ভক্তিৰে সৈতে
সমৰ্পণ কৰিলোঁ।
⸻
লিখক
বিষয়⦂— | পৃষ্ঠা | বিষয়ঃ— | পৃষ্ঠা | ||
১ | বাসন্তী কুঁহি | ১ | ১৫ | আই | ২৭ |
২ | তুমি মোৰ | ২ | ১৬ | স্বপ্নৰ বাতৰি | ৩০ |
৩ | দুটি ভাব | ৪ | ১৭ | প্ৰকৃত্তি | ৩৩ |
৪ | বনবাসী | ৬ | ১৮ | জিৰনি | ৩৯ |
৫ | স্মৃতি | ৮ | ১৯ | তাহানিৰ পিতা | ৪১ |
৬ | আবাহন | ১০ | ২০ | ধৰ্ম্ম | ৪৫ |
৭ | লক্ষ্য | ১৩ | ২১ | প্ৰাকৃত্তিক শিক্ষা | ৪৬ |
৮ | লুকালুকি | ১৪ | ২২ | বিধবা | ৪৮ |
৯ | তত্ব | ১৬ | ২৩ | প্ৰীতি উপহাৰ | ৫০ |
১০ | অসাৰ কামনা | ১৯ | ২৪ | সমাচাৰ | ৫১ |
১১ | আবেগ | ২১ | ২৫ | অন্তৰ্ধ্যান অদ্ভুত | |
১২ | প্ৰবিত্ৰ প্ৰনয় | ২৪ | শিশুটি | ৫৩ | |
১৩ | তেঁও | ২৫ | ২৬ | কাল | ৫৪ |
১৪ | প্ৰিয়লৈ | ২৫ | ২৭ | প্ৰকৃত শাস্তি | ৫৬ |
——:0:——
বাসন্তী কুঁহি।
১
শিশিৰৰ অন্তহলে বসন্তই দেখা দিলে
জগতে যেতিয়৷ ধৰে মধুৰ আকৃতি,
প্ৰকৃতিৰ চেঁচা গাত জিলিকিলে কুঁহিপাত
নলভে চকুৱে জানে৷ অপূৰ্ব তৃপিতি।
হব পাৰে বসন্তৰ মন প্ৰাণ মুগ্ধকৰ
নানাবিধ ফুলে গঢ়া ননোহৰমনোহৰ হিয়া,
ভোমোৰাৰ গুণগুণ, কুলিৰ কোমল সুৰ
হবপাৰে জীৱনৰ সুখৰ অমিয়া।
সেউজীয়া আসনত গোলাপৰ হাঁহিটিয়ে
নিবপাৰে মন প্ৰাণ নিলগতে হৰি,
মলয়াত বৈ যোৱা মালতীৰ মৃদুগোন্ধে
কবপাৰে পথিকক সুখৰ বাতৰি।
সৌন্দৰ্য্য জগৎ যুৰি আশে পাশে শাৰী শাৰী
আছে কত বসন্তৰ লক্ষ সহচৰ,
কুঁহিৰ কোমল হিয়া কেৱলে চিনাকি দিয়া
আপোন লাজুকী ৰূপে পৰৰ ৰূপৰ।
তুমি মোৰ।
সাংসাৰিক জাৰনিত
শান্তিৰ নিজৰা তুমি,
নিৰাশ্ৰয় জীৱনত
আশাৰ আশ্ৰয় ভূমি,
হৃদয় বিলত তুমি
ৰূপহ পদুম ফুল,
চিন্তা ৰূপ সাগৰত
বিপদৰ তুমি কুল;
কল্পনা বীণাৰ তুমি
একেটি শুৱলা সুৰ,⸺
ৰিণিকি ৰিণিকি দেখা
লক্ষ্যৰূপ কহিণুৰ।
দুখে চেপা জীৱনত
সুখৰ টিপনি বোৰ।
তুমিয়েই অধীনৰ;
তুমি মোৰ তুমি মোৰ।
মৌভৰা বসন্তৰ
তুমিয়েই সুখ গীত;
মানস কুঞ্জৰ কুলি,
হবা তুমি মন চিত।
আধাফুলা ভাৰখিনি
তোমাৰ বিকাশ পাই,
জীৱনৰ আশালতা
তুলি ধৰে জিলিকাই।
ইচ্ছাৰূপ বিমানত,
জীৱন যুদ্ধত ঘোৰ,
সাৰথি সুধীৰ, নাথ,
তুমি মোৰ তুমি মোৰ।
বাঢ়ো আগ মাজে মাজে
কাষ চাপোঁ চাপোঁ বুলি,
সংসাৰ ধুমুহা আহি
দিয়েহি চকুত ধুলি।
কানিমুনি লাগি কত
খেপিয়াওঁ আন্ধাৰত,
ঘোৰ ব্যবধান মাথোঁ
থিয় দেখোঁ সমুখত।
নোৱাৰোঁ চাপিব কাষ,
থাকা তুমি নিলগতে,
হিয়াত বিকাশ মোৰ
দিবা মাথো যতে ততে।
মুকলি বতৰ পাই
জীৱনৰ ক্ষুদ্ৰতৰী,
সংসাৰ সমুদ্ৰ মাজে
উটিব দুনাই ধৰি,
অভগন হকা বাধা
অতিক্ৰম কৰি কৰি,
পাবগৈ জীৱনৰ
আশাৰ সঁফুৰা ফেৰি।
পৰিব পৰিব তাতে
সংসাৰ ভাৱনাওৰ,
শেষ লক্ষ্য হবা তাতে;
তুমি মোৰ তুমি মোৰ।
⸻:০:⸻
দুটি ভাব
৩
আলসুৱা প্ৰকৃতিৰ কোমল কোলাত
জনমিল ফুল শিশু এটি,
অমৃত কনিকাপাই লৱনু দেহাত
নিতে ধৰে নতুনজেউতি।
মৃদুমলয়াৰ হাত পৰি শৰীৰত
অপৰূপ মন মোহাকায়,
পোহৰে পিন্ধায় তাতে ৰূপ অপৰূপ্
প্ৰকৃতিৰ অনুমতি পাই।
উলাহ উৰুলি শুনি প্ৰকৃতি কুঞ্জত
নাচে শিশু নানা ঠেওধৰি,
ৰূপত বিভোল হৈ গছে গছে মিলি
পাতে পাতে বজায় চাপৰি।
অসহ্য কিৰন যদি কোমল হিয়াত
কেতিয়াবা অসহনি হল,
নিয়ৰ সুবাস ঢালি চন্দ্ৰমুখ কনি
চেনেহীয়ে মচিথৈ গল।
হঠাৎ এদিন কিনো উঠিল শবদ,
কঁপি উঠে বিশ্ব চৰাচৰ,
তমোময় ধুমুহাত আকুল সংসাৰ
থৰহৰি হিয়া জগতৰ।
মনোৰমা প্ৰকৃতিৰ ৰাক্ষসী আচাৰ,
অকস্মাৎ হল্ ভয়ঙ্কৰ,
নিদাৰুন মুৰ্ত্তি ধৰি কৰি গল্ নাশ্
নিজে তোলা পুত্ৰ চেনেহৰ।
লৱণু পুতলী দেহা ছিন্ ভিন্ হল,
নেথাকিল চিন্ চাব্ তাৰ,
মন মোহা শৰীৰৰ নেথাকিল একো,
ধুমুহাত হল ছাৰখাৰ।
⸻:০:⸻
বনবাসী।
৪
নিৰ্জম বনৰ মাজ দিব্য প্ৰান্তৰত
থাকোঁ মই অকলে নিৰলে,
বনচৰ লগৰীয়া পশু বিহঁঙ্গম
পাওঁ সুখ ওচৰ চাপিলে।
সংসাৰৰ সুখ দুখ বহুত আঁতৰ
নাহে মোত আশ্ৰয় বিচাৰি,
মায়ামোহ ধেমালিৰ নেলাগে একোকে
আছে মোৰ কল্পনা লগৰী।
দিনৰ দিনটো ঘুৰি মাগিলে মেলানি
পাওঁ ভাল বেলিটিক চাই,
দেবকন্যা সকলোৱে বিবিধ সাজেৰে
সন্ধিয়াক যেতিয়া সজায়।
চাওঁ মই নিজৰাত পহুপোৱালিটি
ঘুৰি ফুৰা পানীৰ আশাৰে,
জিলিকা গছৰ আগ সান্ধ্য কিৰনত
শোভে যেবে খদ্যোৎ মালাৰে।
চাওঁ আৰু আকাশৰ নক্ষত্ৰ পুঞ্জত
জগতৰ অমিয়া মাধুৰী,
নীল আকাশৰ গাত উৰি উৰি ফুৰা
লক্ষ্য ভ্ৰষ্ট বিহঙ্গৰ শাৰী
ধীৰ মলয়াত শুনো প্ৰকৃতি কুঞ্জত
গছে গছে উলাহ চাপৰি,
সুৰম্য কান যুৰি নাচি হাঁহি থাকা,
চাঁও মই ফুলৰপাপৰি।
সেউজীয়া আসনত পদুম কলিটি
প্ৰনয়ত পৰে হালি জুলি,
চাও একেৰাহে আহি চোৰ মলয়ায়
ফুৰিলেহি সুৰভি বুতলি।
তমোময় ধুমুহাত চুৰমাৰ হোৱা
শোক পাও কুঁহিটি দেখিলে,
ধাৰাষাৰ বৰষাত সহিব নোৱাৰোঁ
ফুলপাহী মূচ্ কচ্ গলে।
প্ৰকৃতি ৰাজত্য শুনি মঙ্গল আৰতি
কল্পনাত উটিযাঁও মই,
প্ৰিয়ম্বদা তটিনীৰ কুলু কুলু মাত
শুনো মই একে থিৰে ৰৈ।
সুৱঁৰিলে কোলাহল জন সমাজৰ
ধুন পেচ ৰোল উলাহৰ,
নিফুট হাঁহিটি উঠে মন মনে মোৰ,
প্ৰজা মই প্ৰকৃতি ৰাজ্যৰ।
আপুনি ঈশ্বৰ মই, আপুনি সেবক,
সঙ্গী মোৰ বনৰ সন্তান,
পৰৰ সুখতে সুখী, দুখত কাতৰ,
নাই মোৰ হিংসা অভিমান।
⸻:০:⸻
স্মৃতি
৫
ৰিনিকি ৰিনিকি দেখি আশাৰ প্ৰতিমা
হিয়া উঠে সজাগৰ হৈ,
ধিমিকি ধিমিকি জলে কল্পনা প্ৰদীপ
মনচিত বিয়াকুল কৈ।
কোনোবা দেশৰ পৰা উটিবুৰি অহা,
কোনোবা কালৰ কথালৈ,
হিয়াৰ মাজেদি বয় সুখ দুখ ভৰা,
অচিন এসুঁতি সৰুনৈ।
অতীত গৌৰব স্মৃতি থিতলয় আছি
হৃদয়ৰ পদুম পাতত,
ভাবৰ অনন্ত সোঁত তলবল কৈ
নাচি বাগি আহে বতাহত।
অতীজৰ কথাবোৰে মাৰেহি ভুমুকি
আহি যেন হিয়া খুন্দিৱাই
নিৰুৎসাহে ঢকা দেখি হৃদয় আকাশ
যাব খোজে উলটি দুনাই।
স্মৃতিৰ পদুম পাহী থান বান হৈ
উটি আহে সোতৰ বুকুত;
আলাই আখানি দেহি পাহি পাহি হোৱা
দেখো যেন কল্পনা চকুত।
পুৰনি বীণাৰ সুৰ নেবাজে হিয়াত
মন প্ৰাণ উল্লাসিত কৰি,
উৎসাহ মলয়ে কিয় নধৰেহি তান,
সাহ বল নিদিয়ে উজাৰি?
নেলাগে আথানি হব স্মৃতিৰ পদুম,
প্ৰিয়তম অচিৰে ওলাব,
হেঙ্গুলীয়া বোলসানি মুখত তোমাৰ,
তোমাৰেই জেউতি চৰাব।
হালি জালি আসনত নাচি বাগি তুমি
মলয়াক কটকী পাচিবা,
আপোন প্ৰতিভালৈ দশোদিশ যুৰি
ৰেহৰূপ প্ৰচাৰ কৰিবা।
নেলাগে নিমাতী হব আশাবীণ খনি,
বাজি উঠা দুনাই এবাৰ,
আৰ্য্য সকলৰ হাতে বাজিলা যিদৰে
মুগ্ধ কৰি গোটেই সংসাৰ।
জয় বীণা পাণি নাম উচ্ছাৰণ কৰি,
নিৰাশাক আশা দেখুৱাই,
মৃত্যু সঞ্জীবনী সেই মহামন্ত্ৰ গাই
মৃত প্ৰাণ জগোৱা দুনাই।
আশাৰ প্ৰতিমা হেৰা লাজমুৱা হৈ
নুলুকাবা দুৰণি হাবিত,
তোমাক পূজিম বুলি অজলা প্ৰজাই
ৰুইছেহি ফুল, ফুলনিত।
অমিয়া ৰূপৰ সেই অমিয়া কৰুনা
নিলগৰে পৰা ঢালিদিয়া,
মঙ্গল মলয় ছাটি ৰিব্ ৰিব্ কৰে
শেবকৰ শিৰত বলোঁৱা।
⸻:০:⸻
আবাহন।
৬
১
আহাঁ আজি নৃপবৰ লোঁৱাহি তোমাৰ
অশেষ গৌৰবান্বিত বিজয় কিৰীটি,
লোঁৱাহি পুনৰ সেই দিল্লি নগৰীত
দিল্লীশ্বৰ নাম আৰু সৰল ভকতি।
২
আঁহাহে ভাৰতেশ্বৰী চিৰ বাঞ্চিতৰ
শান্ত হক সন্তানৰ অসহনি দুখ,
প্ৰাচীন কালৰে সেই স্থিৰ সৌন্দৰ্য্যৰ
লভাহি আনন্দ দেখি নগৰৰ মুখ।
৩
পৰিছে মনত আজি তাহানিৰে কথা
ৰাজসূয় পাণ্ডবৰ অক্ষয় কীৰিতি,
পৰিছে মনত সেই ভীম অৰ্জ্জুনৰ
দুৰ্দ্দন্ত প্ৰতাপ আৰু অতুল শকতি
৪
সসাগৰা পৃথিবীৰ ৰাজধানী বুলি
উৰুৱালে কীৰ্ত্তিধ্বজা দিল্লি নগৰীৰ,
উদয় গিৰিৰে পৰা অস্ত গিৰিলকে
শাসিলে নৃপতি যত ভাৰত ভূমিৰ।
৫
এই আসনতে বহি ৰাজা যুধিষ্ঠিৰে,
অমৰ, কিন্নৰ দত্ত ৰাজ ভকতিৰ
সামৰিলে উপহাৰ নিজ চৰণত,
শিৰোমণি মালা আৰু যত নৃপতিৰ
৬
সন্তান বৎসলা দেবী দ্ৰৌপদী ৰাণীৰ
অক্ষয় স্নেহৰ ভাগ লভি সকলোৱে,
ক্লান্তি, শোক শেষ কৰি মনৰ হৰিষে
মাগিছিলে অনুমতি বিদায় আগয়ে।
৭
আকৌ এদিন হাঁয় এই নগৰতে
পৰাক্ৰমী মগলৰ বিজয় নিশান,
শান্তিময় মলয়াত কঁপি ঘনে ঘনে
নাচিছিল শুনি যেন ৰাজ গুন গান।
৮
বিশৃঙ্খলা ডাৱৰৰ দুদিনীয়া ছাত
পৰিছিল কলা মাথো মুখ নগৰৰ,
আকৌ তেনেতে পৰি জিলিঙ্গনি এটি
স্বৰ্গীয় ৰহন ঢালি দিলে পশ্চিমৰ।
৯
তাৰেপৰা কতকাল ৰাজ অদৰ্শন,
লাগিছিলে ভাৰতৰ বেজাৰ আমনি,
কিবাভাগ্য আজি আই আকৌ তোমাৰ
মিলিল হঠাতে আহি মুকুতৰ মনি।
১০
চিৰ অন্তৰ্হিত সেই অপ্সৰীৰ দল
পুনৰ জুৰিলে আহি তোমাৰ আকাশ,
স্বৰ্ণ কমণ্ডলু লৈ সপ্তৰ্ষি মণ্ডলে
পুনৰ কৰেহি আই তোমাক আস্বাস্।
১১
ধৰা ধৰা নৃপবৰ গৌৰব কিৰীটি,
ভাৰতৰ ৰাজ লক্ষ্মী ভক্তি উপহাৰ,
শান্তিময় সুখময় দীৰ্ঘজীবী কৰি,
পুৰক ঈশ্বৰে যেন বাঞ্চা তোমাসাৰ।
⸻:০:⸻
লক্ষ্য।
৭
অশ্ৰান্ত প্ৰনয় গীত উঠে তটিনীৰ
শেষ লক্ষ্য সাগৰ বিচাৰি,
অলঙ্ঘ্য কৰ্ত্তব্য পালি ঘুৰে গ্ৰহ তাৰা
নিজ নিজ বৃত্ত অনুসৰি।
সহস্ৰ হৃদয় যুৰি একেখনি বীণ
লয় মান একেটি ঝংকাৰ,
আত্মোৎকৰ্ষ জীবনৰ একেটি লক্ষ্যত
উঠেগৈ প্ৰতিধ্বনি তাৰ।
২
গিৰি বন প্ৰান্তৰৰ একেটি উদ্দেশ্য,
প্ৰাকৃতিক নিয়ম পালন,
বিজ্ঞান দৰ্শন আদি বেদ বেদান্তই
বিতৰিছে জ্ঞানৰ কিৰন।
অক্ষুন্ন প্ৰনয় ৰাশি অবাৰিত গতি
অনুপৰ মানুৰো হিয়াত,
শেষ লক্ষ্য সকলোৰে নিৰ্ম্মল প্ৰেমৰ
বিশ্ব ব্যাপী পবিত্ৰ আত্মাত।
উন্নতি পথত আছে সকলোটি ৰৈ,
হাতে হাতে ধ্বজা আপোনাৰ,
এক দৃষ্টি সকলোৰে তদ্ গদ্ ভাব,
এমুখীয়া আকাঙ্ক্ষা হিয়াৰ।
সকলো লক্ষ্যৰ লক্ষ্য অভিন্ন সমষ্টি,
চিৰন্তন দিব্য মনোহৰ;
"লক্ষ্য”, সেয়ে অভিলাষ আকাঙ্খ্যাৰ নমি
একমাত্ৰ বিশ্ব জগতৰ
⸻:০:⸻
লুকা লুকি।
৮
খন্তেকীয়া জীৱনৰ যুগমীয়া নাম
থৈ গল কতজনে সংসাৰ ফলিত,
এপাহ দুপাহকৈ কেইবা পাহিও
ৰৈ গল্ বছা ফুল্ স্মৃতি চানেকীত।
নোৱাৰি সামৰি থৈ জীবনৰ লীলা
দিলে জাপ সকলোটি মৰন সুতিত,
হেফোলনি আন্দোলনি নোৱাৰি সহিব
উফৰিল দেহাকল কানৰ জুটিত।
জ্ঞানৰ পোহৰলৈ প্ৰান বায়ু উৰি
মাৰগল মহাপ্ৰান বায়ুৰ কোলাত,
কৰুন বিননি আহি মায়াদোল ছিঙ্গি
কন্দুৱালে সকলোকে মৰণ খোলাত।
হোৱা হল যোৱা গল চিনচাব নাই,
স্মৃতিৰ অগনি কুৰা আছে মাথো শেষ,
জীবন মৰণ দুয়ো লুকা লুকি খেলি
ইটিক বিচাৰি সিটি ফুৰিছে অশেষ।
জীবনৰো এটি দুটি অতীৎ কাহিনী
পাৰ হয় লাহে লাহে স্মৃতিৰ পটত,
কালি আছে আজি নাই সকলোটি হায়,
লুকা লুকি খেলি মাথো ফুৰে অবিৰত।
মেঘৰ কোলাতে থাকি চঞ্চলা বিজুলী
কন্দুৱাই খন্তেকতে মেঘক দুনাই,
সন্ধিয়াৰ আগে আগে দূৰ আকাশত
নাচে তৰা পথিকৰ নয়ন জুৰাই।
মৰুময় জীবনতো শান্তিৰ নিজৰা
চকুৰ পলক মাথো গৰা ভাঙ্গিঁ যায়,
ধৰো ধৰো বোলোতেই ভগা ছিগা সুৰ
নিৰাশ ৰাগিনী উঠি দিয়ে কন্দুৱাই।
সংসাৰী সপোন গাই অবোধ মানব
দেখিও নেদেখা হঁও মায়াৰ কুঁৱলি,
লুকালুকি জীবনৰ খেলিছে৷ ধেমালি
নোৱাৰি ছিঙ্গিব এই মোহৰ শিকলি।
⸻:০:⸻
তত্ত্ব
৯
আত্মোৎকৰ্ষ সাধি যদি পাব খোজা তুমি
শিৰ্ষ স্থান পুণ্য মৰতত,
বাহ্যিক ৰূপত আৰু আপোন পাহৰি
নুফুৰিবা মায়া জগতত।
পেলোৱা নিজৰ নিতে মনৰ পোহৰ
আন্তৰিক লুকুৱা ৰূপত;
ভেদি অন্ধকাৰ ৰাশি হোৱা নিতে পাৰ
মোহ জাল মায়া বিকাৰত।
প্ৰকৃত মৰম যদি যাচি চাব খোজা
মুখ চাই কাকো নেযাচিবা,
আত্মাৰ সমান ভাবি অন্তৰ আত্মাত
চেনেহৰ সৌৰভ ঢালিবা।
আছা এক আনহৈ চিনাকি নিদিবা,
নাঢ়াকিবা কৃত্ৰিম মুখাৰে,
আত্ম প্ৰবঞ্চনাৰূপ মহাপাতকৰ
সাৰাহাত অতি যতনেৰে।
হৃদয় দাপোন খুলি প্ৰতি নিমিষতে
স্তৰে স্তৰে দোষ গুণ চাবা,
পৰিলে পাপৰ ছাব মচি ততালিকে
জগতৰ চকুত ধৰিবা।
খন্তেকীয়া দুখ শোকে আবৰিলে মন
পাহৰিবা ক্ষনস্থায়ী বুলি,
অকলশৰীয়া চাবা এই জীৱনৰ
লক্ষ্য আছে নহয় ধেমালি।
লগা ভগা সংসাৰৰ সকলো পাহৰি
লোঁৱা চিন্তা এবাৰ নিজৰ,
নিৰলে কৰ্ত্তব্য তুমি লাগিব সাধিব
নিবিচাৰি সহায় আনৰ।
পাখিৰ তলত তুমি নুলুকাবা আৰু.
নাথাকিবা আও জনি লৈ,
বীৰবেশে সোমোৱাহি সবৰ ক্ষেত্ৰত
পতিভাৰ চিন থবলৈ।
জলোৱা যুক্তিৰ জোঁৰ জ্ঞান অগনিৰে,
ধৰাতাক স্বাধীন মনেৰে,
ভুল ভ্ৰান্ত বিশ্বাশৰ মিচা বিভীষিকা
ভস্ম কৰা আপোন তেজেৰে।
পালে লগ কৰ্ম্মবীৰ বাটত তোমাৰ
চাপৰাবা মুৰ সাদৰেৰে,
মুৰ্ত্তিমান ধৰ্ম্ম যদি পোৱা কাৰো লগ
চাবা অতি ভকতি চকুৰে।
বাহিৰে সুৱনী দেখি মুখৰ মিঠাত
নুফুটাবা ভাল বেয়া মত,
আন্তৰিক বিকাশৰ পোৱানে আভাষ
চাবা কাৰ্য্য মুখৰ গঢ়ত।
ধৰ্ম্ম বুলি মানা যাক বুজা মৰ্ম্মতাৰ,
বাহ্যিকত নহবা ব্যাকুল,
কিয়নো কৰিছা কাম কিবা তাৰ শেষ,
ভাবি চাবা ইকুল সিকুল।
শুৱনি ফুলৰ পাহি পৰিলে চকুত
নুভুলিবা ৰূপ সৌৰভত,
অদৃশ্য ভাবেৰে আছে তত্ত্ব যিটি তাত
আকি লবা মানস পটত।
প্ৰাকৃতিক চিত্ৰ দেখি চকুৰ তৃপ্তিত
নাথাকিবা তদ্গদ্ হৈ,
আন্তৰিক মৰ্ম্ম তাৰ বিচাৰি সোমাবা
পাৰা যদি তত্ত্ব লবলৈ।
দেখিও নেদেখাহৈ অজলাৰ দৰে
নাথাকিবা অসীম বিশ্বত;
সাৰ অৰ্থ বিচাৰিবা সকলোতে তুমি
দিব্য দৃষ্টি জ্ঞানৰ বলত।
⸻:০:⸻
অসাৰ কামনা।
১০
অসাৰ কামনা কৰি মনে মনে
কত জন হায় মিচাতে ঘুৰে,
ভবিষ্য সুখৰ ছবি আঁকি আঁকি
কত জানে হাঁয় মিছাতে মৰে।
নেভাবে অলিক মানব জীবন,
নেভাবে অসাৰ সুখৰ ছায়া,
মিছা মৰিচীকা লয় কত আকিঁ,
নুবুজি দৈবৰ কুটিল মায়া।
বিদেশত থকা স্বামিৰ আশাত
কত বেশ ভুষা আহিব বুলি,
নুবুজে কন্যায় সেই সময়তে
দহিছে স্বামিক চিতাত তুলি।
কতনা হেপাহে লয়লাস্ কৰি
বান্ধে চুলি তাৰি যতন কৰি,
ফোট ৰেঘা লয় হৰিষ মনেৰে
আহে বুলি স্বামি অচিৰে ঘূৰি।
নভাবিলে দেহি যাব বেশ ভুষা
মচিব লাগিব পুনৰ ফোট,
সৰল, নিৰ্ম্মল, অপুৰ্ণ মনত
অচিৰে বলিব শোকৰ সোঁত।
অতি যতনেৰে নিজে দুখ ভুগি
কৰিলে ডাঙ্গৰ পুত্ৰক তুলি,
কত যাগ যজ্ঞ কৰিলে পিতৃয়ে
হ'ম সুখী দেখি সন্তান বুলি।
নেভাবিলে দেহি এবাৰো মনত
আশাত অপাৰ বিঘিনি আছে,
আলাসৰ লাৰু হব বুলি বিহ
কালৰ কুটিল গতিত পাছে।
উজ্জ্বল আকাঙ্খা আঁকি হৃদয়ত
কত পৰিশ্ৰম যতন কৰি,
নোৱাৰিলে দেহি থাকিব পুত্ৰয়
নিচিঙ্গি পিতাৰ প্ৰণয় জৰি।
মায়াৰ ওৰনী ভেদিব নোৱাৰি
আৰু কত জনে বঢ়ায় ভৰি,
নেজানে শেষত উঠে হিয়া ভেদি
কৰুণ ৰাগিনী আকুল কৰি।
⸻:০:⸻
আবেগ।
১১
কিয়নো আত্মাৰ এনে অথিৰ অবিৰ,
সুৱঁৰি কি তাহানিৰে পাহৰণি কথা?
উঠেকিয় মৰ্ম্ম ভেদি সকৰুণ সুৰ,
আছে কিনো অতীতৰ লগত মমতা!
জন্মৰ সিপাৰে কিবা কৰিছিলো কাম,
বান্ধিছিলে প্ৰণয়েৰে কিম্বা কোনো জনে,
নোৱাৰি চিঙ্গিব সেই প্ৰণয়ৰ দোল,
আজিও নিৰ্ম্মল স্নেহ বিচাৰে পৰাণে?
মৃত্যুৰ আগতে পৰা প্ৰণয় চুমাটি,
সুৱঁৰি কি অসহন মৃত্যুৰ পাছত!
জিলিকি পুনৰ কিম্বা ৰেখ প্ৰণয়ৰ
উজলায় পুৰ্ব্বস্মৃতি মানসপটত?
বিষাদ কাহিনী তোলা হৃদয় তলিৰ। -
তপত চেনেহ যেন মুকুতাৰ মালা,
দুধাৰি চকুলো বলে কিবা অৰ্থতাৰ ?
অবশ অন্তৰ কিয় ভাবি জলা কলা।
নতু কাৰো বেজাৰৰ তপত নিশ্বাস,
পৰিছিল একালত মোৰ উদ্দেশেৰে
অভিশাশ গ্ৰস্ত হৈ অবশ মনত,
নোৱাৰো ধৰিব স্মৃতি ইহ জনমৰে!
লৰালিৰে কথা৷ কিম্বা আকৌ উভতি,
উঠিছে পুনৰ আহি স্মৃতিৰ পথত,
সুঁৱৰি কোমল মন নুবুজা কালৰে,
পমিছে হৃদয় কিম্বা তাৰে বেজাৰত!
নিলগৰ পৰা পিতা আহিলে উলটি,
লৰমাৰি ধৰা সুখ পদূলিমূৰত,
মাতৃৰ সোনাই মাত, ভনীৰ সঁথাৰ,
নাই যেন নাই আৰু এই জনমত।
হিয়াৰ মাজেদি কিম্বা পাৰ হৈ গল
নোৱাৰো, কেতিয়া কব এছাটি পোহৰ,
লাহে লাহে মাৰগৈ দূৰ দূৰনিত
নুমালে সুখৰ আশা চিৰ জীবনৰ।
মৰম ফুলৰ চাকি উদ্দেশে কি কাৰো
দিম বুলি ভাবিছিলো যতনেৰে লৈ,
নেচালে উভতি তেও, নেমাতিলে একো,
বেজাৰতে কিম্বা মোক গল এৰিথৈ!
যাচিছিলোঁ নতু কাকো প্ৰেম পাৰিজাত?
আকুল ব্যাকুল ভাব উযাৰি হিয়াৰ,
নুবুজিলে কিন্তু তেওঁ ধাৰ প্ৰণয়ৰ,
আকাৰ ইঙ্গিত, আৰু কথাৰ চিয়াৰ।
মোহিনী আশাৰ পাই আশৈ ইঙ্গিত,
উঠিছিলোঁ পৰ্ববতত ফুল তোলোঁ বুলি,
পিছলিল ভৰি যেন, নৰল খোপনি,
নিৰাশ সুতিত পৰি পালোঁগৈ তলি।
ৰাজ্যেশ্বৰ কিম্বা মোৰ অন্তেষ পুৰত
অকস্মাতে ৰাজলক্ষ্মী ছাঁয়া মায়া হল
মনেৰে সজোৱা মোৰ আশা ফুলনিত
শুকাই লেৰেলি ফুল সৰি পমি গল।
আঁতৰিব খুজি কিম্বা সংসাৰৰ পৰা
চাই ললোঁ শেষবাৰ মুখ সংসাৰৰ,
নাযাবা নাযাবা বুলি আঁকোৱালি ধৰি
সংসাৰ পুনৰ আহি চাপেহি কাষৰ।
অবুজ আবেগ কিনো এৰাধৰা নাই,
জীবনতে মৃত্যুময় ছাঁয়াৰ ঢাকনী,
হৃদয় তন্ত্ৰীৰ যত ভগাচিগা তাঁৰ,
ঘনে উঠে পৰে তাত বিষাদ ৰাগিণী।
⸻:০:⸻
পবিত্ৰ প্ৰণয়।
১২
হাব, ভাব, লাবণ্যৰ মোহিনী ছবিটি
নীচ স্বাৰ্থ পৰভাব দূৰতে পলায়,
মৃত্যুৰো অবাধ্য যাৰ গতি অবিৰাম |
সুখ দুঃখ জীবনৰ তুচ্ছ কৰি যায়,
হৃদয় মৰুত যাৰ শান্তি ধাৰা পৰি
বিষাদতো হৰষৰ বাঢ়ে অভিলাষ,
মনৰো অগম্য যাৰ আদৰ্শ স্বৰূপ,
চলন ফুৰণ মাথো কাৰ্য্যত প্ৰকাশ,
এবেলি প্ৰাণত যাৰ পৰিলে পোহৰ
কঠিন অন্তৰো পুনু গলি পমি যায়,
বহুদূৰ বহুদূৰ বিৰাগ নৈৰাশ,
অনন্ত আশাৰ ৰাশি পুনৰ খেলায়।
নাই যাতযাৰ ক্ষণ স্থায়ী সুল প্ৰলোভন,
নাই যাৰ উৰি ফুৰা স্বভাব স্নেহত,
আত্মায় আত্মায় মাথো মিলন বান্ধনি,
পবিত্ৰ প্ৰণয় সেয়ে এই জগতত।
⸻:০:⸻
তেওঁ।
১৩
দেখাত নাছিল তেও স্বভাব সুন্দৰী,
বহুত সুন্দৰী আছে অতুল ৰূপৰ,
নেদেখিলো লাবণ্যৰ অমিয় বিকাশ
যিবা পৰিমিত হাঁহি নোলাল মুখৰ।
দেখিলে৷ তেতিয়া সেই চকুৰ পোহৰ,
প্ৰেমৰ নিজৰা তেও দীপ্তি বসন্তৰ।
লাজুকী এতিয়া কিন্তু থিৰ চকু যুৰি
নিদিয়ে উত্তৰ আৰু মোৰ চকুলৈ,
নাই এৰা চাবলৈ তথাপিতো মই
চকুত জিলিকি থকা প্ৰেম জ্যোতিলৈ।
খঙ্গেৰে চালেও তেঁও ভাল দেখো বৰ,
বহু সুন্দৰীৰ হাহি নেচাপে কাষৰ।
⸻:০:⸻
প্ৰিয়লৈ।
১৪
কিয় তুমি নিফুট নিমাত?
তোমাৰ চেনেহ সখা
অপাৰ আঁহেৰে গঁঠা
কাঠ কিবা কুঁহি ঠাল নোৱাৰো বুজিব,
বিচ্ছেদ বতাহে তাৰ
বল্ কৰি চুৰ্ মাৰ্
তাহানিৰো প্ৰীতিভাৱ পাৰে মোহাৰিব।
জানিলা হেতেন সখি
অন্তৰৰ ভাব ভাশি
আজিও তোমাতে বন্ধা অতিযনেৰে,
অকিঞ্চিৎ বাসনায়
সন্যাসী বেশেৰে হায়
আজিও নিদিব পৰা একো নিবিচাৰে।
কোৱা সখি, লাগেনে থাকিব
সৰল কোমল হিয়া
তাহানি সাবতি লোৱা
সহস্ৰ কোমল ভাব তোমাৰ আমাৰ?
মনোৰম ভাব এৰি
অঠানত মৰি পৰি
গোলাপ পাহিৰ দৰে হৈ চাৰখাৰ?
আজিও আজিও সখা
তোমাৰ হিয়াতে গঁঠা
আছে যত অসম্পূৰ্ণ হৃদয়ৰ তাঁৰ,
বিচ্ছেত বতাহে হায়
আঙ্গুলী বুলাই যায়
সঘনে কঁপনি তুলি অবস হিয়াৰ।
⸻:০:⸻
আই।
১৫
সামৰা তোমাৰ আই মায়াৰ আঁচল
চাঁও মই তোমাক এবাৰ,
মৰমৰ আঁৰলৈ কতনো লুকুৱা
দিয়া ছল এবেলি সেৱাৰ।
নেদেখোঁ তোমাৰ আই প্ৰকৃত স্বৰূপ
মৰমত থাকিলে লুকাই,
নিলগত তুলি অনা ভক্তি ফুল পাহি
ওচৰত জঁয় পৰি যায়।
চকুমুদি চালে দেখা সাদৰী প্ৰতিমা
দিঠকত কেনিবা আতঁৰে,
চকুমুদি থাকোতেই দিমনে অঞ্জলি
হিয়াভৰা ভক্তি হেঁপাহেৰে।
নিলগত ভাবো কত ইবাৰ নিশ্চয়
দেখুৱাম কত হাবিয়াস,
হৃদয় তলিৰ পৰা দেখুৱাম নিতে
নিজে তোলা হিয়াৰ আভাস।
কি অদ্ভুত মায়া আই নুবুজিলো একো
পালেগৈয়ে তোমাৰ ওচৰ
শুনিলে অমৃত মাত পাহৰো সকলো
কঁও কথা দুখ ভাগৰৰ।
পৰিছে মনত আই তাহানিযে তুমি
কাতি কৰি এলাহ টোপনি
পুৱতি নিশাতে উঠি খুৱাই পিন্ধাই
পঢ়িবলৈ সাজুকৰা আনি।
বন্ধুসকলৰ মাত পৰিলে কানত
ছাতি বেত দিয়াহি গোটাই,
কপালত দিয়া ফোঁত ভৰি গোৰোৱাৰ
চেলেঙ্গৰ গাঁঠি অৰিৱাই।
মূৰসুঙ্গি ৰাখা মোৰ বিপদ আপদ
ইষ্ট নাম কত তুমি লোৱা,
পদূলি নেপাঁও মানে ভালে নিবলৈ
লগৰীয়া সকলক কোঁৱা।
আঁহোমানে ঘুৰি মই নোৱাৰা সহিব
থাকা তুমি চাতিফুটি কৰি,
পালেহি দুনাই হঁও আলাসৰ লাৰু
দাঙ্গি আনি ধুউ ৱাহি ভৰি।
ৰন্ধাবঢ়া কামতুমি কৰোতে তাহানি
টোপনিয়ে ধৰে যদি মোক,
কোঁৱা তুমি সাদৰেৰে নুশুবা সোনাই
শুলে তুমি কত কৰা শোক।
অসুখত পৰি তুমি আছিলা এবেলি
মোক তুমি কাষত বিচাৰা।
কেতেৰা মাতেৰে কত গুছি যাঁও আই
তেওঁ তুমি মোৰ নাম নেৰা।
শুনা যদি মোৰ যশ উত্ৰাৱল হোৱা
আনন্দত নেপোৱ৷ আহৰি,
পৰিলে বেয়াৰ চাত কানত তোমাৰ
বেজাৰত যোৱা পমি সৰি।
তাহানিযে কৈছিলা তেজীমলা সাধু
তাহানিযে গাইছিলা নাম,
তেতিয়াই ফুলি পৰা সুখৰ তৰাটি
তেতিয়াই হল পৰিণাম,
চেনেহত পমো পমো চকু দুটি আই
পাতিছিলা সদায় ৰখীয়া,
সুৱৰি আজিও উঠে কিয় মোৰ আই
হৃদয়ত বা মৰলীয়া।
প্ৰথম জ্ঞানৰ ফোঁত দিলা যিটি আই
জিলিকিলে বহুত এতিয়া,
তুমি বোৱা পুলিটিৰে ঠাল পাত ধৰি
হল আজি ফুল দেখনীয়া।
জগতত এনে আৰু কত আছে আই
বৈ থকা চেনেহ মলয়া,
মুখৰ মাতত আৰু কত সৰে আই
টোপা টোপে সাদৰ অমিয়া।
সৰল নিস্বাৰ্থ তুমি স্নেহৰ নিজৰা,
সন্তানক ৰাখিছা উটাই,
তোমাৰ পূজাৰ বিধি নেপালো বিচাৰি,
জানা যদি কোঁৱা মোক আই।
⸻:০:⸻
স্বপ্নৰ বাতৰি।
১৬
গভীৰ তন্দ্ৰাত জগত নিমাত
কোন তেঁও অকলৈ।
হিমাদ্ৰি শিখৰ শিতানত বহি
চালে ঘুৰি তললৈ।
স্নেহত বিহ্বল চকু চল চল
মুখত আশ্বাশ বাণী,
অপূৰ্বব জেউতি অমৰ প্ৰকৃতি
সাক্ষাৎ দেবী গোঁসাণী।
( ৩১)
হিয়াৰ আভাস মুখত বিকাশ
হাতত অভয় বালা,
“হোঁৱা লোঁৱ৷” বুলি দিলে হাত তুলি
অমৰ বাঞ্চিত মালা,
অমত বৰষা শুনিসেই ভাষা
স্তব্ধ হল হিমাচল;
নিলগতে যেন দক্ষিন সাগৰো
নিৰলে নিমাত হল।
উভতিল শুনি ভবিষ্যৎ বানী
পৰ্ব্বত জীয়াৰী নৈ,
মলয় সঞ্চাৰী বিহঙ্গৰ দলো
শুনি গল ৰৈ ৰৈ।
দেবী শৰীৰ ৰেখা পোহৰৰ
বিজুলী সঞ্চাৰে পৰি
উজলালে ধৰা আকাশৰ তৰা
সৰীৎ সাগৰ গিৰি।
সহস্ৰ হিয়াৰ সস্নলনী তাঁৰ
সহানু ভুতিৰ সুৰ
শূন্যৰ কোলাত উঠি অকস্মাৎ
মাৰ গল জুৰ জুৰ।
অতীৎ জগায় ভবিষ্য সজায়
বাজিল আশাৰ ৰেনু,
জিলমিল কৰি জগত আবৰি
উৰিল ৰূপহী ৰেনু।
সুখৰ সফুৰা অমিয়া বাতৰা
পালেগৈ অজান দেশ,
উলাহ কিৰিলি মঙ্গল উৰুলি
গালে সুখ সমাবেশ।
এজন দুজন হল বহু জন
ললে আঠু অগবাঢ়িআগবাঢ়ি
নিজ উদ্যমৰ মালা গৌৰৱৰ
পিন্ধিলে যতন কৰি।
গায় গল কোনে ঘনে ঘনে ঘনে
“জয় জয় দেবী জয়,
তোমাৰ তেজত আজি অকালত
অজ্ঞানে বিদায় লয়।”
ধোকা ভেজা এৰি আগন্তুক শাৰী
দেবীৰ চৰণতুলি
প্ৰতিশ্ৰুত হল নিজৰ মঙ্গল
সাধিম সাধিম বুলি।
ভবিষ্য মেঘত ডাৱৰৰ ৰেখ
অকস্মাৎ গলউৰি,
জ্ঞানৰ বিজয় দুন্দুভিৰ নাদ
উঠিল আকাশ যুৰি।
দিঠক সপোন বুজিব নোৱাৰি
ভ্ৰান্তিৰ নপৰে ওৰ,
অভাগী দেশৰ শুনাহি সপোন
সমুহ সন্তান মোৰ।
⸻:০:⸻
প্ৰকৃতি।
১৭
আতঁৰিছে ধাৰাসাৰ নিশাৰ আন্ধাৰ ছাটি
পুৱাৰ মুখত আকি আলসুৱা ভাব এটি।
অজান দেশৰ পৰা কুলিয়ে দিলেহি জান,
সাম্য এৰি হবলৈ কৰ্ত্তব্যত আগুৱান।
এবাৰ চকুত পৰে এবাৰ নপৰা হয়,
গছৰ শাৰীৰ পৰা ফেচাই বাতৰি কয়।
দীঘল উৰুলি পাৰি জগৎ বলীয়া কৰি,
“পোউঠ জী- উঠ” মাতে কত থেও ধৰি
বিৰহী পক্ষিয়ে যেন পাবলৈ সমিধান,
কেতেকী কেতেকী মাতে বিয়াকুল কৰে প্ৰাণ
সখিঔ বুলি মাতে নিমাতী সখিটি হায়,
উদাসীন মাতে মাথো সংসাৰীক কন্দুৱাই।
সেউজীয়া আভৰণ গালত প্ৰেমাশ্ৰু ভৰা,
একেথিৰে গোলাপীয়ে লেখিছে পুৱাৰ তৰা
বিশ্বৰ হাঁহিৰ গাত মিলাই নিজৰ হাঁহি,
আকৌ শুনিছে যেন নুশুনা সুৰৰ বাঁহী।
নীলাম্বৰা প্ৰকৃতিৰ আদৰ সাদৰ ঠেলি
পূবেদি ওলাব খোজে জগতৰ প্ৰাণ বেলি।
বিৰহত বুকু শুদা স্বধৰ্ম্মৰ অনুৰোধ,
দিব খোজে সংসাৰিক কৰ্ত্তব্যৰ সাৰ বোধ।
গছপাত বননিত বেজাৰ উপচি বলা,
প্ৰকৃতিৰ অশ্ৰু জলে গাঁঠিছে মুকুতাৰামালা।
শেকতশোকত আৰক্ত বেলি পোহৰ কাঁচলি তুলি
মচিদিলে প্ৰকৃতিৰ আলসুৱা গালখনি।
অফুট ভাষাৰে যেন মৰমে মৰমে গঁঠা,
সাদৰি সম্বোধি কলে নিজ উদ্দেশ্যৰ কথা।
“তোমাৰ অতুলৰূপ জগতৰ চকু ভৰি,
দিবলৈ সাজুহলোঁ কৰ্ত্তব্যৰ পাচ ধৰি।
হৃদয় উপচিপৰে উত্ৰাৱল মনপ্ৰাণ,
সাদৰী উষাই কৰে প্ৰকৃতিক সমিধান।
দেৱাঙ্গ বসন লৈ প্ৰাণ ভৰি হাঁহি হাঁহি,
সজাও সখীটি বুলি আঁকোৱালি ধৰে আহি।
অপূৰ্ব্ব মিলনে মোহি সংসাৰীৰ মন প্ৰাণ,
উদয় গিৰিত যেন হল দুয়ো অধিস্থান।
আন্ধাৰে পোহৰে কৰি মৰমৰ চুমাচুমি,
কৈ গল সংসাৰিক প্ৰণয় কেনেনো বুলি।
ইষ্টনাম মুখেমুখে নিস্তব্ধতা ভেদকৰি,
সুসুপ্ত কানত আহি পৰিছেহি জৰি জৰি।
ব্ৰাহ্মমূহুৰ্ত্তৰ হল মন্ত্ৰ পূজা সমাপন,
কাৰ্য্যতৎ-পৰতা ভাবে দিলে আহি দৰিশন।
নীল আকাশৰ গাত তৰাৰ চাকিৰ দৰে
সেউজীয়া পঠাৰৰ বুকুত জিলিকি পৰে।
অসংখ্য নিলাজী ফুল লাজত ৰাঙ্গলী হৈ
বিশ্ব নিয়ন্তাৰ ষশযশ গায় যেন ৰৈ ৰৈ
জগতৰ প্ৰাণ ৰক্ষা ব্ৰত উপাসনা কৰি
কৃষক কৰ্ত্তব্য ভোলা দুখ মুখ পৰিহৰি।
অন্তৰৰ উদাৰতা মুখৰ গঢ়ত আঁকি।
জগতৰ হিত চিন্তি দিয়ে যেন হিয়া বাকি,
সাত্ত্বিকৰ কপালত ৰাজসিক ফোঁত যেনে,
উদ্যম সামৰি লৈ সাম্য তাও হল তেনে।
২
অন্তহল প্ৰভাতৰ প্ৰাকৃতিক লীলা খেলা,
মাৰিলে ভুমুকি আহি ভৰদুপৰিয়া বেলা।
মাৰগল্ মাথোঁ এতি ক্ষুদ্ৰ ঢৌ অনন্তৰ,
বিয়পি সূৰ্য্যৰ তেজে ললে দিগ দিগন্তৰ।
প্ৰখৰ ৰ'দৰ তাপ লগত লিগীৰা লৈ
ভৰ আকাশৰ সীমা সূৰ্য্যদেবে পালেগৈ।
বিষম তাপত যেন ভস্ম হয় বসুন্ধৰা,
নিজৰ তাপত বেলি নিজেই পৰিছে ধৰা।
নিয়তী নিমাতী হল জীনগল কাঁহপৰি,
লক্ষ্য পানীপিয়া উৰে পানী পিঁউ পিঁউ কৰি।
এঠেং পাখিত লৈ এঠেং ডালত লৈ
চৰাই ধ্যানত মগ্ন চকুমুদি আছে ৰৈ।
হিংসকৰ দুষ্টভাবে মনত ললেহি ঠাই,
চক্মক্ কৰি মাথোঁ চকু এটি মেলিচায়।
অচল বতাহ যেন সমুলি লাগিল থিৰ,
নাই কতো লচৰ গছলতা বনণীৰ।
নিৰাশ ৰাগিণী ধৰি ছালত কপৌ পৰি
অসাৰ সংসাৰ বুলি দিয়ে ৰুন্ মনমাৰি।
বেলিমুৱা কুকুৰৰ বিলাপ বিলৈ শুনি
ইনাই বিনাই কান্দে আকাশী চিলনী জনী।
চেনেহ গাঁঠিৰ দোল হিয়াই হিয়াই আতি
সিচেহি ফুলত পাণী মিলি বাই ভণী দুটি,
চতিয়াই একোবাৰ ৰ'দৰ উদ্দেশে আৰু
কিজানি দুৰন্ত ৰ'দ নোহোৱা কৰিব পাৰোঁ।
সোঁআধি বয়সত আগ পাছ লক্ষ কৰি
ভৰ আকাশত যেন বেলিয়ে মেলিলে ভৰি।
৩
প্ৰকৃতিৰ শৰীৰত সাজৰ সলনি দেখি
অদৃশ্য বেগেৰে কোনে আকাশত দিলে লেখি।
সন্ধিয়া সন্ধিয়া বুলি অবুজ আখৰ শাৰী,
ঢাকিলে আকৌ কেনে ৰহণ এছাটি মাৰি।
প্ৰথম তৰাৰ ফোঁট এবাৰ জিলিকি পৰে,
আকৌ এবাৰ যেন কোনোবাই ঢাকি ধৰে।
চকাহ দোৰোল খুলি আকাশেদি ছাঁটি মাৰি
ঢাকিদিয়ে ডাঙ্গিদিয়ে কোনোবাই ঘুৰি ঘুৰি
পশ্চিম সাগৰ হ'ল ৰঙ্গত হিয়া উতলা,
সন্তান আহিছে বুলি পাতিলে পঠালি কোলা।
ঘৰমুৱা হোম্বেলনি ৰখিয়াৰ পেঁপা শুনি
সন্ধিয়া আহিল বুলি কৰে লোকে কনাকনি।
দিনটীয়া ভগনৰ কৰ্ত্তব্য সমাধা কৰি
আকাশি বাটেদি উৰে নীলা বগলিৰ শাৰী।
পৰিল দবাত কোব উঠিল শঙ্খৰ ৰোল,
পানী তোলা ঢুলিয়াৰ কৰবাত বাজে ঢোল।
গধুলি গোপাল যত ফুলে জক্ মক্, কৰি,
ৰজনী গন্ধাৰ গোন্ধে মন প্ৰাণ নিয়ে হৰি।
উঠিল ঢোপৰ খেল, সাঁঠৰ ভাঙ্গনিধুম,
মৰামৰি লৰালৰি লৰাই পাতিলে জুম।
পশ্চিমত মাৰ যোৱা সোনোৱালি ৰেখকিটি
পূব আকাশৰ ফালে আকৌ পৰে উভতি।
তেনেতে জোনায়ে আহি মাৰিলে মিচিকা হাঁহি,
ওৱাকৰ জুৰমাত কানত পৰিল আহি।
চন্দ্ৰৰ কলঙ্ক দেখি আকৌ প্ৰশ্নৰ মেল,
মৃগ পহু তুলসীৰ আকৌ জেখেল খেল।
৪
জোনাবায় চাবলৈ আয়ে নেমাতিলে মোক,
নেযাও নেখাও বুলি লাবণ্যই কৰে শোক।
৪
আঁতৰিল সন্ধিয়াৰ জগত মোহিণী পট্,
এলাহে ভাগৰে মিলি হৰিলে জীবৰতত্।
জীবৰ জীৱন হাঁয় নশ্বৰ শৰীৰ এৰি,
অনন্ত আত্মাত যেন মিলিল দুনাই ঘুৰি।
চেতনা বিহীন হৈ অচেতনে পৰিগল,
অখিল সংসাৰ যেন সমুলি নিমাত হ'ল।
চিন্তা নাই খেদ নাই নাই আৰু মোৰ মোৰ,
নাই ঘৰ নাই জল সকলো পৰিলওৰ।
এক সৰ্ব্বশূন্য ভাব অকলসৰীয়া হৈ
চেতনা চেতনা বুলি আকাশত মাতেগৈ।
প্ৰকৃতি দেবীয়ে কিবা শুনি শুনি একোবাৰ
খহায় নিজৰ যেন বেশ ভুষা অলঙ্কাৰ।
খন্তেক নিমাতী ভাবে নিদ্ৰাৰ আশ্ৰয় কৰি
লব খোজে দিনটীয়া ভাগৰ জিৰনি ফেৰি।
বাজিল এনেতে দেহি পুৱঁতি নিশাৰ বাঁহি,
ফুটিল প্ৰকৃতি মুখে আকৌ মিচিকা হাঁহি।
কাৰ্য্যত তৎপৰ ভাব আকৌ আহিল ঘুৰি,
আকৌ উঠিল সুৰ জগত বলীয়া কৰি।
⸻:০:⸻
জিৰনি।
১৮
জিৰনি জিৰনি বুলি ব্যাকুল সংসাৰ,
কত আছে প্ৰকৃত জিনি
যেনি চোঁৱা সকলোতে জিৰনিৰ শেষ
অশান্তিৰ চিৰ উদগনি।
অসীম জগত যাক থিৰ যেন দেখি
বোলা তুমি জিৰনি আধাৰ
কলীয়া ভোমোৰাহৈ পদুম সূৰ্য্যৰ
চৌপাশে কৰিছে বিহাৰ।
অপাৰ নক্ষত্ৰ পুঞ্জ আকাশৰ গাত
নাই তাৰো অকনো জিৰণি,
ইটিক মাজতলৈ ঘুৰিছে সিটিয়ে
পৰস্পৰ কৰি টনাটনি।
চকুৰ আগত তুমি থিৰ দেখা যাক
পৃথিবীৰ গতিত অস্থিৰ,
কাৰ্য্যত বিভোল বিশ্ব ঘুৰিছে সততে,
অবিৰাম অথিৰ অবিৰ।
চকুমন উভয়তে সততে জিলিকে
লাগি থকা কামৰ ছবিটি,
জিৰণিৰ কেন্দ্ৰ কত নেপোৱা বিছাৰি
যেনি চোঁৱা অবাচিত গতি।
ক্ষুদ্ৰ এটি ফুল সৰি শব্দ এটি হল,
তাতে তাৰ নপৰিল শেষ,
বিশাল ব্ৰহ্মাণ্ড ভেদি উঠিল কঁপনি
শকতিৰ কিম্বা আন বেশ।
সমান্য কাৰ্য্যতো নাই প্ৰকৃত বিৰাম,
ফলতাৰ নাই থকা ৰৈ,
শব্দ হক শক্তি হক নতুবা পোহৰ
চলি আছে ৰূপান্তৰ হৈ।
পশ্চিমত মাৰগল বেলিৰ পোহৰ
তাতে তাৰ অন্ত পৰা নাই,
বঢ়ালে চন্দ্ৰৰ গাৰ শীতল কিৰণ,
শাঁত কৰি জগত দুনাই।
একেছাটি বৰষুণে নানা ৰূপ ধৰি
নানা ভাব কৰিছে প্ৰচাৰ,
জিৰনি বিচৰা হলে সূৰ্য্যৰ তাপতে
সকলোটি হয় চাৰ খাৰ।
মনৰ অনন্ত সোত বলিব লাগিছে
নাই তাৰ কতো সামৰণি,
সুখ বেজাৰৰ ঢৌ সততে উঠিছে
শেষ কৰি মনৰ জিৰণি।
যোগীয়ে বিচাৰে যাক সংযত মনেৰে
চকুমুদি হিয়াৰ মাজত
(৪১)
মনৰ জিৰনি নাই নেপোৱা বিচাৰি
মায়া আৰু মোহৰ বলত।
অনন্ত বিশ্বৰ ছবি আঁকোৱালি লৈ
কত ফুৰে জিৰনি বিচাৰি,
আদি অন্ত একো তাৰ উৱাদিহ নাই
অন্ধকাৰে ৰাখিছে আবৰি।
⸻:0:⸻
তাহানিৰ পিতা
১৯
অতীত স্মৃতিয়ে মোক কৰে বিয়াকুল,
আঁহা পিতা মাতাহি এবাৰ,
তাহানি লগোৱা কত শত অপৰাধ
ক্ষমা কৰা পুত্ৰক তোমাৰ।
জানিলো হেতেন যদি একেবাৰে তুমি
এৰি যাবা চিৰকাল লৈ।
আৰাধ্য দেৱতা মোৰ পূজিলো হেতেন
যতনেৰে ফুল তুলি লৈ।
কি দোষত একেবাৰে নিৰুত্তৰ হলা
কি দোষত এৰি গলা মোক,
বিপদত আশ্বাষেৰে কোনে আজি মোৰ
শান্ত কৰি পাতলাব শোক?
( ৪২ )
একেবাৰে অন্তৰ্ধ্যান অতি অসহনি,
একেবাৰে নিৰব নিমাত,
অস্থিৰ হিয়াত মোৰ সহিব নোৱাৰো,
আঁহা পিতা লগোৱাঁহি মাত।
শুনিলো, শুনিলো মই নেলাগে মাতিব,
অছাআছা তুমি বহুত দূৰত,
বিশাল ব্ৰহ্মাণ্ড ভেদি আহে প্ৰতিধ্বনি,
দিলো দুখ জিৰনি কালত।
শোক দুখ বিবৰ্জ্জিত আনন্দ ধামত
আছা তুমি নিৰল মনেৰে,
পৰিছে মনত চাগে একো একোবাৰ
পৃথিবীত আছিলা কিদৰে।
এয়ে মাত্ৰ দুখ মোৰ নোৱাৰিলো যাব,
হলা তুমি ইমান আতৰ!
বিশ্ৰাম কালত গৈ ক্ষুদ্ৰ সুশ্ৰসাৰে
পাতলাওঁ তোমাৰ ভাগৰ।
গায় যেন একেষাৰি ভাৰতৰ কথা,
গাম যেমযেন একেষাৰি পুথি,
শুনিম একান্ত মনে অৰ্থ কোৱা তুমি,
কত কথা লম যেন শুধি।
যদুবংশ ধ্বংশ শুনি এদিন তোমাৰ
বৈছিল চকুলো দুধাৰি,
(৪৩)
বোৱাই সহস্ৰ ধাৰে স্মৃতিয়ে এতিয়া
মন মোৰ বিয়াকুল কৰি।
তাহানিৰ আমগছ, কোঁৱাছো এবাৰ
জানা যদি পিতাৰ বাতৰি,
তোমাৰ তলতে মই উলাহ মনেৰে
ফুৰিছিলো পিতৃ লগ ধৰি।
উলাহৰ ৰোল শুনি তোমাৰ কুঞ্জত,
দেখি শত অতিথি তোমাৰ,
মানস মোহিনী বীণ কানে কাণে মোৰ
বাজিছিল নব বাৰিষাৰ।
স্বৰগ মৰত ভেদি উলাহ সঙ্গীত
উঠিছিল দিগন্ত কঁপাই,
সুখত বিভোল মোৰ আলসুৱা মন
হৰিষত নিজে মোহ যায়।
তোমাৰ সভাত পিতা নাই আজি আৰু
তাহানিৰ ধৰ্ম্ম আলোচনা,
নুশুনো এসাৰো আজি পুৰানৰ কথা,
নাই একো সজ বিবেচনা।
ৰীতি নীতি সংসাৰৰ লৰিল বহুত,
নাই আৰু সৰলতা ভাব,
কোমল স্বভাব বোৰে কঠুৱা আকাৰে
প্ৰকাশিছে উদ্বেগ অভাব।
( 88 )
তোমাৰ বুলনী ঘৰে কৰুন মুৰ্ত্তিৰে
আছে আজি শোক চিনলৈ,
নেপায় আসন তাত সাধু মহন্তই,
নাই কোনো পুথী গাবলৈ।
বহুল বাহিৰ ঢৰা কেৱলে উৰুঙ্গা,
নাই চিন সাধু সন্যাসীৰ,
ঘৰশুৱা বিষয়াৰ নাই সমাগম,
শোভা নাই জিলিকা ছবিৰ।
তোমাত আশ্ৰয় লোৱা অসংখ্য প্ৰজায়
ভুলক্ৰমে তোমাক বিচাৰি,
পাহৰি উলতি যায় নিৰানন্দ মনে
আগলৈ নিপিচলে ভৰি।
মুৰ্ত্তিমতী শোকে তাত কৰিছে বিৰাজ,
বাহিৰত নিৰানন্দ ময়,
তোমাৰ যত্নত হোৱা জুতি ফুল জুপি
শোকতেই আছে পৰি জয়।
তোমাৰ আসন পিতা তোমাৰ ববীয়া
একোতেই লেশ্ তেজ নাই,
তোমাৰ আৰাধ্য যিবা ফুলৰ দেবতা
তেওঁ যেন নিৰানন্দ ময়।
পামনে তোমাক দেখা কোনোবা কালত,
শুনিমনে একেষাৰি কথা?
( 8৫ )
পৰম আৰাধ্য মোৰ কুলৰ দেৱতা
তুমি বিনে আন্ধাৰ সৰ্ব্বথা।
জনমে জনমে যেন চিৰকাল ঘূৰি
তোমাৰ আশ্ৰয় দাসে পাওঁ,
তোমাকে আদৰ্শ লৈ তোমাকে বিচাৰি
তুমি থাকা দেশলৈ যাওঁ।
⸻:0:⸻
ধৰ্ম্ম।
২০
পোহৰাই নিতে যিবা কলুষিত চিত,
হৃদয় উবাৰি উঠে ভাবময় গীত,
যাৰ প্ৰভাবত বয় শাস্তিৰ নিজৰা,
সততে সজাগ মন অমৃতেৰে ভৰা,
দিব্য প্ৰফুল্লিত মুখ বিৰাজে মনত,
অপাৰ অপুৰ্ব্ব শক্তি ক্ষুদ্ৰ শৰীৰত,
আকাঙ্খ্যাৰ ঢৌৱে যাৰ নেচাপে কাষৰ,
অহঙ্কাৰ অভিমান বহুত আঁতৰ।
পৰৰ দুখত বলে চকুলো দুধাবি,
জগৎ প্ৰিয় ভাবে থয় হৃদয় আবৰি,
মনত নিৰ্ভয় নিতে হৃদয়ত জ্ঞান,
ধৰ্ম্মসেয়ে জগতৰ চিৰকাল প্ৰাণ।
⸻:0:⸻
প্ৰাকৃতিক শিক্ষা।
২১
দিব্য জ্ঞান লভি যদি পাব খোজা তুমি,
নিৰ্ম্মল আনন্দ ময় মনৰ পোহৰ,
প্ৰকৃতি ৰাজ্যত নিতে ফুৰা সযতনে,
আছে তাত অবিৰাম শিক্ষা মনোহৰ।
কৰ্ত্তব্য-পালন ব্ৰত পালিব খুজিলে
জগতৰ প্ৰাণ বেলি আদৰ্শ তোমাৰ,
যদিও সামান্য দেখি সামান্য চকুত,
অপাৰ কৰ্ত্তব্য জ্ঞান কৰিছে প্ৰচাৰ।
ইৰ্ষা ক্ৰোধ হিংসা যদি ঘিন কৰা তুমি
ছিংসকৰ অত্যাচাৰ চোৱা একোবাৰ,
ভীষন প্ৰাণীক কেৱে নকৰে আদৰ,
সত্ত্ব ভাব মূলমন্ত্ৰ এই জগতৰ।
সৌন্দৰ্য্যৰ ছবি আছে প্ৰফুল্ল ফুলত
প্ৰকাশিছে ঐশ্বৰিক ৰূপ নিৰন্তৰ,
অমিয়া হাঁহিৰে যেন হাঁহি চিৰ কাল
বিলায় অমৃত ময় শান্তি হৃদয়ৰ।
বসন্তৰ বিয়াকুল উলাহৰ ধ্বনি
পৰেহি যেতিয়া আহি নিৰল কালত,
স্বৰ্গীয় আনন্দ ভাব উপজি মনৰ
হৰিনিয়ে দুখ ৰাশি উদ্বিগ্ন প্ৰাণত।
বহল বিলনী যুৰি পদুমৰ শাৰী
নাচি হাঁহি হৰিৰ্ষত থাকে কতদিন,
কিন্তু, সময় অতীৎ হলে পুনৰ শুকাই
জনায় অন্তিম কাল হৈ প্ৰভাহীন।
চিৰস্থায়ী জগতত কোনো এটি নাই,
ময়মত অহঙ্কাৰ ধাৰনা ভুলৰ,
মিচা মোৰ মোৰ বুলি আন্ধাৰ মনত
উঠিছে নিতৌ ভাব নানা প্ৰকাৰৰ।
অপাৰ ব্ৰহ্মাণ্ড ভেদি দৃষ্টি কল্পনাৰ
নিতে যদি দিব পৰা সুথিৰ মনেৰে,
অন্তৰৰ পাপ তাপ লুকাব সমুলি,
ভৰিব তোমাৰ মন স্বৰ্গীয় প্ৰেমেৰে।
মাতৃৰ স্নেহত লবা আদৰ্শ স্নেহৰ
পিতৃৰ যত্নত পাবা যতনৰ শেষ
শিশুৰ হৰিষে দিব মনত হৰিষ
তিৰোতাৰ স্বাৰ্থ ত্যাগে নিব চিন্তা ক্লেশ।
আকাশি স্বৰগ চোৱা পৰ্ব্বত দেখিলে
শিকিব পাৰিবা তাত উচ্চতা মনৰ
গম্ভীৰ গাজনী শুনি বাৰিষা মেঘৰ
শিকিব পাৰিবা কথা গহীন ভাবৰ।
সুনিৰ্ম্মলা নিজৰাৰ কোমল বুকুত
মিলাবা সততে নিজা হৃদয়ৰ ভাব
সুগন্ধি সুবাস বোৱা মূদু মলয়াত
গঢ়িবা আদৰ্শলৈ আপোন স্বভাব।
দোৰ্ঘোৰ মেঘত দেখি বিজুলীৰ ৰেখ
শিকক তোমাৰ মনে হৰ্ষ বিষাদত
প্ৰফুল্লিত ফুল দেখি নিজান বনত
ফুটক আনন্দ ভাব তাপিত প্ৰাণত।
বিশাল প্ৰকৃতি ৰাজ্য অতি মনোহৰ,
বিতৰে সততে শিক্ষা সহস্ৰ ভাবৰ,
পাৰা যদি লোৱা তুমি একান্ত মনেৰে
লভিবা সৰ্গীয় সুখ থাকি মৰতত।
⸻:0:⸻
বিধবা।
22
কোন সৌৱা চোঁৱা উদাস প্ৰানত
চকুৰ পানীৰে নেদেখে বাট,
সকলো সুখৰ জালাঞ্জলি দিলে,
ফুটিও নুফুটে মুখৰ মাত।
হৃদয় বিদাৰি, মসিমূৰ কৰি
দীঘল নিশ্বাস সততে পৰে,
কিবা এটি যেন নাই নাই ভাবে
একোটি শোকেই ব্যাকুল কৰে।
চকুত জিলিকে নিৰাশাৰ ছবি,
দীঘল দুখৰ জীৱন দেখি
আজি গলে দুখ, কাহানি আতঁৰে
নাপাই একোকে মনত লেখি।
নাই আজি আৰু এনে কোনো জন
কয় যাক সুখ দুখৰ কথা,
নাই কোনে মচে চকুলো দুধাৰি
কোনে পাতলায় হিয়াৰ ব্যথা।
শূন্য শূন্য ভাবে দহিছে হৃদয়,
একোতেই যেন একোটি নাই,
পৃথিবিত এনে নাই মনোৰম
যাৰ সৌন্দৰ্য্যত হৰিষ পাই।
কুসুমত নাই কোমলতা ভাব,
সৌন্দৰ্য্যত নাই অকনো প্ৰাণ,
সাদৰত নাই সাদৰি উত্তৰ,
সমাজত নাই অকনো মান।
মিচাতে অবলা ভাবি জলাকলা
কেতিয়া পৰিব জীবন শেষ
দীঘলীয়া আয়ু নিচিগে নুটুটে,
ভুগিব লাগিব অশেষ ক্লেশ।
উদাস প্ৰাণেৰে শূন্য জগতত
বিষাদ মুৰ্ত্তিটি দেখিলে হায়,
লাগেহি মনত যেন বিধাতাৰ
সৃষ্ঠিত অকনো নিয়ম নাই।
নহলে কিয়বা একেটি প্ৰাণৰে
চিৰকাল যুৰি ইমান ক্লেশ।
নহলে কিয়বা সৰলা অবলা
দীনা হীনা আৰু মলিনা বেশ!
⸻:0:⸻
প্ৰীতি উপহাৰ
২৩
কি দিম, কি আছে সখা দিবলৈ নাই
দিয়া বস্তু ইমান বিৰল,
দিওঁ বুলি আগুৱাঁও যি পাওঁ বিচাৰি
হাত হয় সমুলি অচল।
সংসাৰত নাই এনে তোমাৰ আগত,
মূল্যবান বোলো যাক মই
তোমাৰ হাতত তুলি দিম কিনো সতে
মনে মোৰ অকনো নকয়।
কল্পনা আহত গাঁথি চেনেহৰ ফুল
দিব পাৰো যদি তুমি লোৱা,
অন্তৰৰো অন্তৰৰ আকুল আবেগ
দিব পাৰো যদি তুমি কোৱা।
নিয়ৰত তিতি থকা গোলাপ পাহীৰ
সৌন্দৰ্য্য সুবাস কনি আনি,
মালতীৰ মনোৰম মধুৰিমা সানি
দিবলৈ তাতো দেখো হানি।
দিব পাৰো মাথো মোৰ অটুট বাসনা
তোমাকে কেৱল ভাল পোৱা,
তোমাৰ হাঁহিত ফুটা প্ৰানৰ হাঁহিটি
বিষাদত বিষাদ অমিয়া।
⸻:0:⸻
সমাচাৰ।
২৪
বৈগল সমাচাৰ সভ্য জগতত
উঠিছে নতুন এটি ঢৌ
কোনে কয় দীপ্তিময় জ্ঞান পোহৰত
চকু কান লৰাবৰ নৌ!
গৰজিছে আতৰত জ্ঞানৰ সাগৰ,
চৌদিশে প্ৰতিধ্বনি তাৰ
উঠিছে নামিছে তাত সহস্ৰ লহৰি,
আদি অন্ত নাই একোষাৰ।
নাৱৰীয়া কতজনে সুথিৰ দৃষ্টিৰে,
দিনে দিনে তুলিছে মানিক,
তুমিকি নিৰবে ৰবা, মুখলৈ চাই,
ভাবি এই জীবন অলিক?
এৰা এৰা অলিকতা চকু মেলি চোৱাঁ
নাই আৰু চকুমুদা দিন,
জ্ঞানৰ পোহৰ নিতে জিলিকি উঠিছে
অতীতক কৰি প্ৰভা হীন।
এৰিদিয়া নাওখনি উটক আকৌ,
তুলি আনা নতুন ৰতন,
আহে চোঁৱা ব্যোমজান বায়ুপথ ভেদি
উঠা তাত নোহোৱা পতন।
ইপাৰে সিপাৰে চোঁৱা মহা সাগৰৰ
পৰে ৰশ্মি কেনে মনোহৰ!
লোৱাঁ শীঘ্ৰে লোৱাঁ তাত ঢৌ পোহৰৰ
মেলা মন নহবা কাতৰ।
জ্ঞানৰ পদুম পাহী তুলি আনি দিয়া,
আছো আমি তোমাৰ আশাতে,
নোৱাৰো নেযাও বুলি পাচ পৰি পৰি
নাথাকিবা ভয়ত মিচাতে।
তুমি কি নোহোৱা সেই আৰ্য্যৰ সন্তান
জ্ঞান দাতা নৰ জগতৰ
নাইকি তোমাৰ সেই অতুল্য প্ৰভাব,
যি তেজত মুগ্ধ দেব নৰ!
আছে শক্তি আগ বাঢ়া
বহুকাল শুনা একেথিৰে
নাই আজি নাই আৰু জিৰনিৰ ৱেলা,
শোৱা নাই আজি কোনো বীৰে।
⸻0⸻
অন্তৰ্ধান্ অদ্ভুত শিশুটি!
(২৫)
কৰপৰা আহিছিলা অদ্ভুদ শিশুটি
ক'ত হলা অদৃশ্য পূনৰ৷
কিবা প্ৰয়োজন তাকো একোকে নকলা
নুফুটালা ভাব হৃদয়ৰ৷
শূন্যে শূন্যে আহিছিলা মিলিলা শূণ্যত,
এখন্তেক মাথো প্ৰকাশিলা,
মনৰ গোপন কথা মনতে সামৰি
কিয় তুমি নিৰুত্তৰ হলা৷
কিম্বা ভুল ক্ৰমে আহি, স্বগীয় অতিথি।
দুখীয়াৰ পঁজাত নামিলা,
আত্ম ভ্ৰম বুজি পাছে, লাজ বেজাৰত
খন্তেকতে অন্তৰ্ধ্যান হলা?
পোহৰালা দুখীয়াৰ সামান্য পঁজাটি,
পোহৰালা দুখীয়াৰ মন,
এয়েহে বেজাৰ মাথো, চিৰকাললৈ
নোৱাৰিলো কৰিব যতন।
শূন্যৰ কোলাত প্ৰান মিলিব যেতিয়া
দেখাহব পুনৰ্ব্বাৰ তাত,
জনোৱা তেতিয়া যেন মনৰ কথাটি,
লগোৱা তেতিয়া যেন মাত।
⸻:০:⸻
কাল
২৬
ক'ত হল আদি, ক'ত হব শেষ
কতদুৰ যুৰি তোমাৰ ঠাই,
তোমাৰ অদ্ভুত জনম কাহিনি
পৃথিবীত কোনো কওঁতা নাই!
জনমিল্ কত, জনমিব কত!
তোমাৰ গৰ্ভত কতৰ লয়;
দিগন্ত কঁপাই, উঠিলে এদিন
আৰ্য্যৰ কীৰ্ত্তি জগত্ ময়
গ্ৰীচ, ৰোম্ আদি বীৰ দেশ্ চয়
জ্বলিলে এদিন তোমাৰ গাত,
সভ্যতা সোপান অতিক্ৰম কৰি
গভীৰ গৰ্জ্জনে লগালে মাত।
( ৫৫ )
লোপ পালে পুনু তোমাৰ গৰ্ভতে
তোলপাৰ যত বীৰৰ মাত,
কতকাল যুৰি পৃথিবী আবৰি
বীৰত্ব তেজৰ পৰিল সাত।
দেখিলা এদিন বীৰত্ব প্ৰভাব,
শুনিলা এদিন বেদৰ গান,
ললিত ঝঙ্কাৰে শ্যাম হুঙ্কাৰে
বঢ়ালে এদিন তোমাৰ মান।
তোমাৰ দেহতে জ্বলিল পুনৰ
সুদুৰ দেশৰ বিজ্ঞান চয়,
আজিও যাৰ অবাৰিত গতি
পৃথিবী বিয়পি বেগেৰে বয়।
সমৰ্পিলে প্ৰান কত মহৰ্ষিয়ে
প্ৰকাশি ত্যাগৰ গৰিমা যশ,
কত বৈজ্ঞানিকে উছৰ্গিলে প্ৰাণ
যাৰ যশ শুনি পৃথিবী বশ।
তোমাৰ আশ্ৰিত অন্ধ বিশ্বাৰৰ
দুৰ্গত এদিন লাগিল জুই,
সেই দিন ধৰি তুমুল যুজত
নাই পৰা তুমি থাকিব শুই।
দিনে, দিনে কত জিলিকি উঠিছে
নতুন পোহৰ, নতুন জ্ঞান,
বাঢ়িছে, বাঢ়িব যুগৰ লগতে
আমাৰো দীপ্তি আমাৰো মান।
নাই আৰু ভয়, নহয় লুপ্ত
ওলাল নাম জগত যুৰি,
জলিব নিয়তে সত্যৰ পোহৰ
সপোন মুখেৰে অখিল ভৰি
⸻:০:⸻
প্ৰকৃত শান্তি।
২৭
যাৰ আশ্ৰয়ত, মনৰ মাজত
বিশ্ব ব্ৰহ্মাণ্ড জ্বলে,
দিব্য দৰ্শনৰ, অতুল জ্যোতিত
জ্ঞানৰ মলয়া বলে
বাসনাৰ ঢৌ শোকৰ অগনি,
হৰিষৰ উদগণি,
মায়াৰ কুঁৱলি, পলায় দূৰতে
অকাল প্ৰলয় গণি।
সেয়েই শান্তি মনৰ ভ্ৰান্তি
পলায় আগত যাৰ,
জগতৰ মহা কৈল্যান সাধক,
সকলো সুখৰ সাৰ।
⸻:০:⸻
এই লেখা বৰ্তমান পাবলিক ডমেইনৰ আওতালৈ আহিছে বুলি অনুমান কৰা হৈছে কাৰণ ইয়াৰ উৎসস্থল ভাৰত আৰু ভাৰতীয় কপিৰাইট আইন, ১৯৫৭ অনুসৰি লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ পাৰ হ’লে কপিৰাইট উকলি যায়। অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।
বি:দ্ৰ: এই লেখা/ৰচনা/গ্ৰন্থৰ লেখকৰ মৃত্যুবৰ্ষ কোনো তথ্যসূত্ৰৰ দ্বাৰা প্ৰতিষ্ঠিত নহয়। ভৱিষ্যতে কোনো তথ্যসূত্ৰৰ দ্বাৰা লেখকৰ মৃত্যুবৰ্ষ সংক্ৰান্তীয় তথ্য প্ৰকাশ হ’লে এই লেখকৰ ৰচনাৰ প্ৰকৃত কপিৰাইট অৱস্থা পৰীক্ষা কৰা সম্ভৱ হ’ব। নতুন তথ্য অনুসৰি এই গ্ৰন্থৰ কপিৰাইট অৱস্থা ভবিষ্যতে বিচাৰ কৰি সেই অনুযায়ী ব্যৱস্থা লোৱা হ’ব।