সমললৈ যাওক

পৃষ্ঠা:কুঁহি.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৭ )


প্ৰথম তৰাৰ ফোঁট এবাৰ জিলিকি পৰে,
আকৌ এবাৰ যেন কোনোবাই ঢাকি ধৰে।
চকাহ দোৰোল খুলি আকাশেদি ছাঁটি মাৰি
ঢাকিদিয়ে ডাঙ্গিদিয়ে কোনোবাই ঘুৰি ঘুৰি
পশ্চিম সাগৰ হ'ল ৰঙ্গত হিয়া উতলা,
সন্তান আহিছে বুলি পাতিলে পঠালি কোলা।
ঘৰমুৱা হোম্বেলনি ৰখিয়াৰ পেঁপা শুনি
সন্ধিয়া আহিল বুলি কৰে লোকে কনাকনি।
দিনটীয়া ভগনৰ কৰ্ত্তব্য সমাধা কৰি
আকাশি বাটেদি উৰে নীলা বগলিৰ শাৰী।
পৰিল দবাত কোব উঠিল শঙ্খৰ ৰোল,
পানী তোলা ঢুলিয়াৰ কৰবাত বাজে ঢোল।
গধুলি গোপাল যত ফুলে জক্ মক্, কৰি,
ৰজনী গন্ধাৰ গোন্ধে মন প্ৰাণ নিয়ে হৰি।
উঠিল ঢোপৰ খেল, সাঁঠৰ ভাঙ্গনিধুম,
মৰামৰি লৰালৰি লৰাই পাতিলে জুম।
পশ্চিমত মাৰ যোৱা সোনোৱালি ৰেখকিটি
পূব আকাশৰ ফালে আকৌ পৰে উভতি।
তেনেতে জোনায়ে আহি মাৰিলে মিচিকা হাঁহি,
ওৱাকৰ জুৰমাত কানত পৰিল আহি।
চন্দ্ৰৰ কলঙ্ক দেখি আকৌ প্ৰশ্নৰ মেল,
মৃগ পহু তুলসীৰ আকৌ জেখেল খেল।