এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
দিঠক সপোন ( 80 ) ভ্ৰান্তিৰ নপৰে ওৰ, বুজিব নোৱাৰি অভাগী দেশৰ শুনাহি সপোন সমুহ সন্তান মোৰ । -: 0: প্রকৃতি । আতঁৰিছে ধাৰাসাৰ নিশাৰ আন্ধাৰ ছাটি পুৱাৰ মুখত আকি আলসুৱা ভাব এটি। অজান দেশৰ পৰা কুলিয়ে দিলেহি জান, সাম্য এৰি হবলৈ কৰ্ত্তব্যত আগুৱান । এবাৰ চকুত পৰে এবাৰ নপৰা হয়, গছৰ শাৰীৰ পৰা ফেচাই ৰাতৰি কয় । দীঘল উকলি পাৰি জগৎ বলীয়া কৰি, “পোউঠ জী- উঠ” মাতে কত থেও ধৰি বিৰহী পক্ষিয়ে যেন পাবলৈ সমিধান, কেতেকী কেতেকী মাতে বিয়াকুল কৰে প্ৰাণ সখিঔ বুলি মাতে নিমাতী সখিটি হায়, উদাসীন মাতে মাথো সংসাৰীক কন্দুৱাই । সেউজীয়া আভৰণ গালত প্রেমাশ্ৰু ভৰা, একেথিৰে গোলাপীয়ে লেখিছে পুৱাৰ তৰা