এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( 20 ) লাগেহি মনত যেন বিধাতার স্বষ্ঠিত অকনো নিয়ম নাই । নহলে কিয়না একেটি প্রাণকে চিৰকাল যুৰি ইমান ক্লেশ । নহলে কিয়বা সৰলা অবলা জীনা হীন। আৰু মলিনা বেশ ! প্রীতি উপহাৰ কি দিম, কি আছে সখা দিবলৈ নাই দিয়া বস্তু ইমান বিৰল, দিওঁ বুলি আগুৱাঁও যি পাওঁ বিচাৰি হাত হয় সমুলি অচল । সংসাৰত নাই এনে তোমাৰ আগত, মূল্যবান বোলো যাক মই তোমাৰ হাতত তুলি দিম কিনো সঙ্গে মনে মোৰ অকনো নকয় । কল্পনা আহত গাঁথি চেনেহৰ ফুল দিব পাৰে৷ যদি তুমি লোৱা, অন্তৰৰো অন্তৰৰ আকুল আবেগ দ্বি পাৰে৷ যদি তুমি কোৱা ।