এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪২ )
একেবাৰে অন্তৰ্ধ্যান অতি অসহনি,
একেবাৰে নিৰব নিমাত,
অস্থিৰ হিয়াত মোৰ সহিব নোৱাৰো,
আঁহা পিতা লগোৱাঁহি মাত।
শুনিলো, শুনিলো মই নেলাগে মাতিব,
অছাআছা তুমি বহুত দূৰত,
বিশাল ব্ৰহ্মাণ্ড ভেদি আহে প্ৰতিধ্বনি,
দিলো দুখ জিৰনি কালত।
শোক দুখ বিবৰ্জ্জিত আনন্দ ধামত
আছা তুমি নিৰল মনেৰে,
পৰিছে মনত চাগে একো একোবাৰ
পৃথিবীত আছিলা কিদৰে।
এয়ে মাত্ৰ দুখ মোৰ নোৱাৰিলো যাব,
হলা তুমি ইমান আতৰ!
বিশ্ৰাম কালত গৈ ক্ষুদ্ৰ সুশ্ৰসাৰে
পাতলাওঁ তোমাৰ ভাগৰ।
গায় যেন একেষাৰি ভাৰতৰ কথা,
গাম যেমযেন একেষাৰি পুথি,
শুনিম একান্ত মনে অৰ্থ কোৱা তুমি,
কত কথা লম যেন শুধি।
যদুবংশ ধ্বংশ শুনি এদিন তোমাৰ
বৈছিল চকুলো দুধাৰি,