সমললৈ যাওক

পৃষ্ঠা:কুঁহি.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(( 82 ) একেবাৰে অন্তৰ্ধান অতি অসহনি, একেবাৰে নিৰব নিমাত, অস্থিৰ হিয়াত মোৰ সহিব নোৱাৰো, আহা পিতা লগোৱাঁহি মাত । শুনিলো, শুনিলো মই নেলাগে মাতিব, অছা তুমি বহুত দূৰত, বিশাল ব্রহ্মাণ্ড ভেদি আছে প্রতিধ্বনি, দিলো দুখ জিৰনি কালত । শোক দুখ বিবর্জ্জিত আনন্দ ধামত আছা তুমি নিৰল মনেৰে, পৰিছে মনত চাগে একে। একোবাৰ পৃথিবীত আছিলা কিদৰে । এয়ে মাত্ৰ দুখ মোৰ নোৱাৰিলো যাব, হলা তুমি ইমান আতৰ ! বিশ্রাম কালত গৈ ক্ষুদ্র সুশ্ৰসাৰে পাতলাওঁ তোমাৰ ভাগৰ । গায় যেন একেষাৰি ভাৰতৰ কথা, গাম যেম একেষাৰি পুথি, শুনিম একান্ত মনে অর্থ কোৱা তুমি, কত কথা লম যেন শুধি । যদুবংশ ধ্বংশ শুনি। এদিন তোমাৰ বৈছিল চকুলো দুধাৰি,