এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
সুগন্ধি সুবাস বোৱা মূহ মলয়াত গঢ়িবা আদৰ্শলৈ আপোন স্বভাব । দোৰ্ঘোৰ মেঘত দেখি বিজুলীৰ ৰেখ শিকক তোমাৰ মনে হর্ষ বিষাদত প্রফুল্লিত ফুল দেখি নিজান বনত ফুটক আনন্দ ভাব তাপিত প্ৰাণত । বিশাল প্রকৃতি ৰাজ্য অতি মনোহৰ, বিভৰে সততে শিক্ষা সহস্র ভাবৰ, পাৰা যদি লোৱা তুমি একান্ত মনেৰে লভিরা সর্গীয় সুখ থাকি মৰতত ।
- 0:-
বিধবা ৷ 22 কোন সৌৱা চোৱা উদাস প্রানত চকুৰ পানীৰে নেদেখে বাট, সকলো সুখৰ জালাগুলি দিলে, ফুটিও নুফুটে মুখৰ মাত । হৃদয় বিদাৰি, মসিমূৰ কৰি দীঘল নিশ্বাস সততে পরে, কিবা এটি যেন নাই নাই ভাবে একেটি শোকেই ব্যাকুল কৰে ।