সমললৈ যাওক

পৃষ্ঠা:কুঁহি.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫ )


উলাহ উৰুলি শুনি প্ৰকৃতি কুঞ্জত
 নাচে শিশু নানা ঠেওধৰি,
ৰূপত বিভোল হৈ গছে গছে মিলি
 পাতে পাতে বজায় চাপৰি।
অসহ্য কিৰন যদি কোমল হিয়াত
 কেতিয়াবা অসহনি হল,
নিয়ৰ সুবাস ঢালি চন্দ্ৰমুখ কনি
 চেনেহীয়ে মচিথৈ গল।
হঠাৎ এদিন কিনো উঠিল শবদ,
 কঁপি উঠে বিশ্ব চৰাচৰ,
তমোময় ধুমুহাত আকুল সংসাৰ
 থৰহৰি হিয়া জগতৰ।
মনোৰমা প্ৰকৃতিৰ ৰাক্ষসী আচাৰ,
 অকস্মাৎ হল্ ভয়ঙ্কৰ,
নিদাৰুন মুৰ্ত্তি ধৰি কৰি গল্ নাশ্
 নিজে তোলা পুত্ৰ চেনেহৰ।
লৱণু পুতলী দেহা ছিন্ ভিন্‌ হল,
 নেথাকিল চিন্ চাব্ তাৰ,
মন মোহা শৰীৰৰ নেথাকিল একো,
 ধুমুহাত হল ছাৰখাৰ।

⸻:০:⸻